ওমফা পূজা ✍ নাং আশাময়ী গগৈ , বৰহাট, চৰাইদেউ

টাই আহোমসকলৰ প্ৰচলিত পূজাসমূহৰ ভিতৰ ওম-ফা পূজা হ'ল এক অতি গুৰুত্বপূৰ্ণ পূজা। ওম-ফা পূজা পোন প্ৰথমে চে-ৰায়-দয়ত(চৰাইদেউত) চাওল্যুং চ্যু-কা-ফাই ১২৩৫খৃঃত অনুষ্ঠিত কৰিছিল আৰু তেতিয়াৰ পৰাই এই পূজা আজি পৰ্যন্ত আহোমসকলে পালন কৰি আহিছে। নিয়ম অনুসৰি প্ৰায় ১২ বছৰৰ অন্তৰে অন্তৰে এই পূজা অনুষ্ঠিত কৰা হয়। সেই হেতুকে ২০১৬ চনত এই পূজা লাকুৱাৰ ৰঙাগড় আমলখি দেওশালত অনুষ্ঠিত কৰাৰ যো জা কৰা হৈছে।
ওম-ফা শব্দৰ অৰ্থ হৈছে ওম- উছৰ্গা কৰা, ফা বা ফ্ৰা- দেৱতা অৰ্থাৎ লেংডন প্ৰমুখ্যে স্বৰ্গৰ দেৱতাসকলৰ প্ৰতি বিশ্বাসেৰে পয় আগৱঢ়োৱাকে বুজায়।
ওম-ফা পূজাত তিনিধৰণৰ দেৱতাক পূজা কৰা হয়। অৰ্থাৎ তিনিখন থানত তিনিগৰাকী দেৱতাক পূজা দিয়া হয়। তাৰোপৰি আহোম বিশ্বাসীয়ে দেৱতাসকলক উপৰি হিন্দু শাল অৰ্থাৎ হিন্দু পূজামণ্ডপত হিন্দুৰ দেৱ-দেৱীসকলক পূজা দিয়া থান ও আছে।
আহোম দেৱ-দেৱীসকল আৰু এই দেৱ-দেৱীসকলৰ উদ্দেশ্য আগবঢ়োৱা উপচাৰ সমূহ হলঃ-
খাওখামঃ
খাওখাম হৈছে জলাধিপতি। খাওখাম বিশেষকৈ ওমফা, ছাইফা, খনমিঙ, লখিমী পূজা, ৰাজহুৱা মে-ডাম-মে-ফীত আদিত পূজা কৰা হয়। পূজাৰ বাবে আগবঢ়োৱা নৈবেদ্যসমূহ হ'ল - তিনিযোৰ আগলি কলপাতত প্ৰতিযোৰতে তুলসীপাতেৰে এখনকৈ তামোল দিযে। তাৰপাছত আকৌ তিনিভাগ কৰি দিয়া আদা আৰু নিমখ মিঠাতেল মিহলোৱা আৰৈ চাউলৰ প্ৰসাদ, তিনিটা হাঁহ কণী, এখন মিঠাতেলৰ চাকি, তিনি আখি পকা কল, তিনিটা লুক লাওৰ থুলা আগবঢ়াই।
আই লেং দিনঃ
আই লেং দিন হ'ল সমস্ত পৃথিৱীৰে অধিকাৰী। ইয়াত কলপটুৱাৰে এটা এটুপীয়া মটঘৰ(বগা হ্-ফক্) সাজি তাৰ ভিতৰত তিনিযোৰ আগলি কলপাত পাৰি তিনিকোণীয়া নেজ লগা উহুৱা ভাত বা টোপোলা ভাত ৰাখে। চিং কৰা ফুলেৰে বন্ধা কুপ কৰা তামোল, তিনিটা লুক লাওৰ থুলা, চাকি এখন, কুকুৰা কণী, কেঁচা কল, পকা কল, আখৈ, মিথৈ, কুঁহিয়াৰ, নটা কুকুৰা, এজনী চেউৰী গাহৰি আদিবেৰ বেদীৰ সন্মুখৰ মাটিত আগলতি কলপাত পাৰি এচাকৈ দিয়া হয় ৷
জান ছাই হুং—
জান ছাই হুং দেৱগুৰুৰ গুৰু। চাৰি খুটাৰে এখন চাং পতা মটঘৰৰ ভিতৰত এখন ফুলৰ ওপৰত দুখন চিলিঙি দিয়ে। দুযোৰ আগলি কলপাত আহোমভগীয়াকৈ দিয়ে। দুখন চিং কৰা ফুলৰ কুপ কৰা তামোল, এগছি চাকি, এটা চুপতাও, উখুৱা খাওখেম, কেঁচা কল, পকা কল, কুঁহিয়াৰ, আখৈ, কেঁচা মিঠা দৈ দুভাগত দিযে। দুটা লুকলাও থুলা, এজনী চেউৰী গাহৰি, দুটা উহুৱা কুকুৰা কণী দিয়ে। আসন গ্ৰহণ কৰি খাবৰ বাবে আহ্বান জনোৱা টাই মন্ত্ৰ মতা হয়।
ফা-নূ-ৰূ লেংডনঃ
কিছু ওখকৈ খুটাৰ ওপৰত চাংঘৰ সাজি হ-লুঙত জখলা সজাই দিয়া হয়। হ-লুঙৰ কাষতে সোঁফালে সজোৱা ঢোলৰ এভাগ নৈবেদ্য আওহতীয়াকৈ দিয়ে। হ-লুঙৰ তলত ফা নু ৰূ লেংডনৰ বাহন চাঙ ফৗক্ ( বগা হাতী) এটা কল মধুনাৰে সাজি দি ইয়াৰ কাষতে বৰ দেউৰীলৈ এখন মেহেঙাত বৰদেউৰী সাজপাৰ, আ-অলংকাৰৰ, মতা গামখাৰু আঙঠি, মণি আৰু কেৰু কলপটুৱাৰে বনাই সজাই থয়। লগতে চোলা চুৰীয়া দিয়ে ইয়াৰ হু-চুঙ দিয়া বোলে। হ-লুঙেৰে ভিতৰত এখন মেহেঙাত তিনিখন বাঁহৰ ছিলিঙি পাৰি দি নৈবেদ্যসমূহ তিনিযোৰ কলপাতত তিনিভাগে সজায়। লেংডনৰ কাৰণে নটা বগা কুকুৰা, নটা সিদ্ধ কুকুৰা কণী, এজনী বগা চেউৰী গাহৰী, বঙা বৰণীয়া এজনী নিখুঁট চেউৰী গৰু আগবঢ়োৱা হয়। নতুন চোলা আৰু চুৰীয়া পিন্ধি বৰদেউৰী বা মলঙেক ব্ৰজ কুঠাৰেৰে গৰুজনীক মূৰত মাৰিয়াই মাৰে। কুঠাৰৰ পৰিৱৰ্তে মধুৰি আমৰ শকত ডাল ও মৰাত ব্যৱহাৰ কৰিব পাৰে। গৰুজনী মৰাৰ পিছত ডিঙিৰ তলত পিনে কাটি তেজ সংগ্ৰহ কৰি সেইখিনি বাঁহৰ চুঙাত উতলোৱা হয়। সিজোৱা তেজখিনি ডুখৰ ডুখৰকৈ খৰিকাত দি লেংডনৰ প্ৰত্যেক ভাগত দিয়ে। প্ৰত্যেক ভাগ বা পাঙত দিওতে গৰুজনীৰ মাংসত আদা, মিঠাতেল, নিয়ম মিহলি কৰি দিয়ে। এইদৰে বাকী পশু-পক্ষীবোৰো মাৰি ভাগত দিয়ে। ইয়াৰপিছত মলুঙক হু-লুঙৰ সন্মুখত বাঁহেৰে সজা ওখ আখনত বহিবলৈ দিয়ে। তাতে মলুঙে ভৱিষ্যৎবাণী বা বাতৰি কয়।
চিত-লাম্–চামঃ
চিত লাম্ চাম্ হ'ল সাত লক্ষ ব্ৰজ বিজুলী অধিকাৰী। ৬ টা খুটাৰ এখন চাং দুকোঠালীয়াকৈ সাজে। চাঙৰ ওপৰত এখন এচলীয়া চালি সাজি কলপটুৱাৰ চাউনী কৰি চাংখনৰ ওপৰত কলপটুৱা বৈ দিয়ে। চাংখনৰ বাঁওহাতৰ ভাগটোত এখন মেহেঙা পাতে। সাতখন চিলিঙি আৰু সাতযোৰ ফুলৰ কুপ কৰা তামোল, সাতটা মাক মু বৌ প্লু থু ৰূ। তিনিটা চুপটাও, সাতটা লুকলাওৰ থুলা, এগছী চাকি, সাতটা উখুৱা কুকুৰা কণী, চৈধ্যজনী কুকুৰা, এজনী ক’লীয়া গাহৰী বাকী অন্যান্য দ্ৰব্যসমূহ সজাই লৈ আসন গ্ৰহণ কৰিবলৈ তাই ভাষাৰ মন্ত্ৰৰে আহ্বান জনায়।
মুট-কুম-টাইকুম্ঃ
মুট-কুম-টাইকুম্ হ'ল চন্দ্ৰ আৰু সূৰ্য দেৱতাৰ অধিকাৰী। চিত্ লাম চামৰ কাষতে একেখন চাঙৰ আনটো কোঠাত এখন দুখন চিলিঙি দি দুযোৰ কলপাত পাৰি দিয়া হয়। এটা চুপটাও, তিনিডলীয়া টাঙ কাক্ এডাল, দুখন তামোল, দুটা মাক মু বৌ এখন চাকি, দুটা লাওৰ থুলা, চাৰিজনী কুকুৰা, চাৰিটা উখুৱা কণী আৰু বাকী দ্ৰব্যসমূহ দি আহ্বান জনায়।
জাছিংফাঃ
কাকিকৰী জ্ঞান তথা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী জাচিংফা। ফুনত তিনিযোৰ আগলি কলপাত, ফুনৰ ওপৰত তিনিডলীয়া এটা টাঙ্ কাক, তিনিটা মাক্ মু বৌ প্লু, চিংকৰা ফুলৰ তিনিখন কুপ কৰা তামোল, তিনিতা লাওৰ থুলা, টো চুপটাও, এটা বাঙ, এখন তামোল, এভাগ প্ৰসাদ, নটা কুকুৰা, নটা উখুৱা কণী দিযে আৰু টোমত নটা কুকুৰা বেলেগে দিয়ে। বাকী নৈবদ্য সমূহ সজাই দি তাই মন্ত্ৰফাঁকি গোৱা হয়।
চাও ফী ডাম্ঃ
ফুন এখনৰ ওপৰত এযোৰ কলপাত চিংকৰা ফুলৰ কুপ কৰা দুখন তামোল, দুটা লাওৰ থুলা, আদা, নিমখ, মিঠাতেল মিহলোৱা আৰৈ চাউলৰ দুভাগ প্ৰসাদ, দুটা কুকুৰা কণী, দুজনী কুকুৰা, আখৈ, কেচা মিঠৈ, পকাকল, কুঁহিয়াৰ, এডাল তিনিডলীয়া টাঙকাক, দুটা মাক মু কুপ বৌ প্লু থু ৰূ আৰু তলত আওহতীয়া এভাগত এটা কণী, চিংকৰা ফুলৰ এখন তামোল, এভাগ প্ৰসাদ দি তাই ভাষাৰে মন্ত্ৰ গাই নৈবেদ্য সমূহ আগবঢ়োৱা হয়।
ৰা-খিন্ বা খিনঃ
ৰা-খিনক মাটিত এটা পাঙত তিনিযোৰ আগলি কলপাত ওপৰত তিনিফেৰেঙনীয়া টাঙ্ কাক্ এ়ডাল দি এটা চুপ তাও, তিনিখন চিংকৰা ফুলৰ তামোল, তিনিভাগ চাউলৰ প্ৰসাদ, তিনিতা উখুৱা কণী আৰু বেদীৰ পিছফালে জালিপাত গুজি দিয়ে। তিনিটা লুকলাওৰ থুলা, তিনিটা মাক মু বৌ প্লু আৰু তিনিটা কলা কুকুৰা পোৱলী আৰু বাকী উপচাৰসমূহ দিয়া হয়। এওক আকস্মিকতা বা আকস্মিক দুৰ্ঘটনা আদিৰ অধিপতি বুলি কোৱা হয়।
বাখিনক মাটিত দুযোৰ আগলি কলপাত পাৰি দুভাগ দিয়ে। দুডলীয়া এডাল টাঙ্ কাক, দুটা মাক মু বৌ প্লু, চিংকৰা ফুলৰ তামোল, দুটা লাওৰ থুলা, দুভাগ প্ৰসাদ, এখন চাকি, এটা চুপতাও, এটা কুকুৰা কণী, দুটা ক’লা কুকুৰা পোৱালী দি মন্ত্ৰ এফাঁকি গায়।
ৰাখিন্ আৰু বাখিনৰ ক্ষেত্ৰত যিসকল লোক অপ্ৰাকৃতিকভাৱে আবিয়ৈ হৈ থাকি বা ল’ৰালিতে অথবা জন্ম হৈয়েই মৃত্যু হৈছে, যাক পয় পাতল দিবৰ বাবে সতি-সন্ততি নাই সেইসকলে অন্যান্য ডামৰ দৰে গৃহডামৰ পৰা উন্নতি হৈ প্ৰকৃত পিতৃ পিতামহৰ স্থান পাইছে, যাক স্থানটো লগ নিদি পৃথকে ৰখা হৈছে।
দ্বিতীয়খন শাল হৈছে হিন্দুশাল। ইয়াত হিন্দু দেৱ-দেৱী পয় আগবঢ়োৱা হয়।
সৰস্বতীঃ
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক পাঙ্ দিওঁতে মাটিত কলপাত পাৰি লোৱা হয়। টাই আহোমৰ জ্ঞানবিদ্যা আধিষ্ঠাত্ৰী দেৱতা হিচাপ জাচিংফাক টাই মন্ত্ৰৰে প্ৰাৰ্থনা জনোৱাৰ দৰে হিন্দু শালৰ বিদ্যা, সত্ত্বাৰ দেৱী গৰাকীকো অসমীয়া ভাষাত প্ৰাৰ্থনা জনায়।
মহাদেউঃ
মাটিত কলপটুৱাৰে সজা এটুপীয়া মটঘৰৰ ভিতৰত দুটা ভাগ কৰি দুটা পাঙত চাৰিখন কলপাত পাৰি তাৰ ওপৰত দুটা তামোল পাণ, কেঁচা পিঠা, দুখন তামোল তুলসী ফুলৰ সৈতে দিয়া হয়। পকাকল, লিমখ আৰু গুটি জালুক, বলিৰ থুলা দুটাত দিয়াৰ লগতে মটঘৰৰ ওপৰত এগছি চাকি, এযোৰ পাৰ, এয়োৰ কুকুৰা এযোৰ হাঁহ, এটা বগা ছাগলী, এটা মাটিৰ চৰু ঘটত আৰু তুলসী ফুল দিয়া হয়।
গোঁসানী(ফী মে থাও)ঃ
কলপটুৱাৰে সজা এটা সৰু মটঘৰৰ বেদিত তিনিযোৰ কলপাত পাতি তাত তামোল-পাণ, কেঁচা পিঠা, পকাকল, তুলসী, চিংকৰা ফুলেৰে মেৰিওৱা তামোল, টংলতি দিয়া হয়। আকৌ তিনিটা হাঁহ, এযোৰ পাৰ, বলি দিয়া চাৰিটা কুকুৰা, গুটি জালুক, নিমখ, এহাল বগা ছগলী, চাকি এগছি, এটি মাটিৰ চৰু, কাণ আৰু শিঙেৰে সমান এটা বগা ম’হ বলি দিবলৈ লাং মৰা হয়। এজন দেউৰী কলপটুৱাৰে তৈয়াৰী আসনত বহে।
বৰ বাউলীঃ
বৰ বাউলীক পাং দিবৰ বাবে তিনিখন বেদী প্ৰস্তত কৰা হয়্ প্ৰতিখন বেদীতে গোটা তামোল-পাণ, কেচাঁ কল, তুলসী আৰু টংলতি, কেঁচা পিঠা, কটা তামোল আগবঢ়োৱা হয়। তিনিটা কুকুৰা আগবঢোৱা হয়। লগতে বলিৰ বাবে ডোং, নিমখ, গুটি জালুক, তিনিটা কুকুৰা, এগছি চাকি, এটা মাটি চৰু, এযোৰ পাৰ আৰু তিনিটা হাঁহ দিয়া হয়। পুৰোহিত বহাৰ বাবে কল মধুনাৰে আসন এখন সজা হয়। মাটিৰ ঘট এটিত পানী আৰু ফুলেৰে সৈতে এটা চংলটিডাল ৰখা হয়।
সৰু বাউলীঃ
সৰু বাউলী পয়ৰ কাৰণে মটঘৰ সাজি তিনিটা ভাগত তিনিটা গোটা তামোল পাণ, কেচাঁকল আৰু চাৰি এগছি দিয়ে। বলিৰ কাৰণে এটা ছাগলী, এযোৰ পাৰ, তিনিটা হাঁহ, তিনিটা কুকুৰা আৰু এটা মাটিৰ চৰু, তিনিটা মাটিৰ টেকেলীৰ লগতে দেউৰীৰ বাবে কলমধূনাৰে নিৰ্মিত এখন আসন সজোৱা হয়।
খোতৰঃ
কলপটুৱাৰে বাঁওহাত ভগা অৱস্থাত এটা খেতৰ মূৰ্তি সজা হয়। মূৰ্তিটোৰ দুয়োকাষে দুডাল ষাঠি ৰখা হয়। গাত হালধীয়া কাপোৰ পিন্ধাই হাতত বাঁহী বীণ দিয়ে। মূৰ্তি সন্মূখত দুখনি আগলি কলপাত পাতি তাত পকাকল, পিঠা, কটা তামোল আৰু গোটা তামোল পাণ আগবঢ়ায। লগতে এহাল কুকুৰা ও আগবঢোৱা হয়।
আই ন ভনীঃ
আই ন ভনীক পাং দিবৰ কাৰণে কলপটুৱাৰ নাও তিনিখন সাজি সেই নাৱত পাখিযুক্ত নাৰীমূৰ্তি আৰু বঠা ৰখা হয়। প্ৰতিখন নাৱতে নটা কোঠালি আৰু তাত প্ৰত্যেকতে এযোৰ কেনটং পাতত এখন পাং, পকাকল, এখনকৈ তামোল, কেঁচা পিঠা আদি নৈবদ্য নাৱৰ মাজত গোলাকাৰ ছৈ দিয়া ঘৰত আগবঢ়োৱা হয়। প্ৰতিখন নাৱতে একোখনকৈ তেলৰ চাকি জ্বলোৱা হয়। ন-গৰাকী বাই ভনী বুজোৱা এই দেৱীসকলক ৰেকৰেকী, চেকচেকী, কোৱা খাটী, চিলা খাটী, আকাশী, চৌৰাঙ্গবী, ঔৰঙি, গোধী, গোৰালী নাৱৰ টিঙত উভতি নাচন্তি বুলি কোৱা হয়।
সাতঘৰীয়াঃ
এই পয়ৰ বাবে মাটিৰ বেদীত পাং সজা হয়। পাঙত দুটা গোটা তামোল-পাণ, এটা বলিৰ জোৎ, দুখন কটা তামোল, কেঁচা পিঠা আৰু পকাকল আগবঢ়োৱা হয়।
পাচঁঘৰীয়াঃ
ওপৰৰ সাতঘৰীয়াৰ দৰেই পাঁচঘৰীয়া শেল কোঁৱৰ, মালকোঁৱৰ, গৰীয়া ৰজা, মৰিয়া ৰজা, ধোবা ধবুনীৰ বাবেও আগবঢ়োৱা হয়।
দংদঙীয়াঃ
কলগছৰ ভাঁহি আৰু দোনাৰে এটা মূৰ্তি সাজি তাৰ কাষত ন ডাল কাড় দি মূৰ্তিটোৰ চাৰিওফালে আগলি কলপাত ন যোৰ পাৰি প্ৰতিভাগতে পকাকল, কেঁচা কল, কটা তামোল, ন টা কুকুৰা, গোটা তামোল আগবঢ়োৱা হয়। বলি বিধান আগবঢ়াবৰ বাবে ন টা কলদোনা, ন টা কুকুৰা, এটা মাটিৰ চৰু, টংলতি, তুলসী পাত দিয়া হয়। মূৰ্তিটোৰ মূৰত বগা আৰু ৰঙাফুল দিয়া হয়। মুগা বৰণৰ এটা টঙালী মূৰীয়া ছাগলী, এহাল হাঁহ, এজোৰ পাৰ চৰাই দিয়া হয়। টোকেলা দোনাটোত এটা কুকুৰা ৰখা হয়। দহগছি তেলৰ চাকি জ্বলোৱা হয়।
জলকোষৰ অপেশ্বৰীঃ
মাটিত ন যোৰ কলপাত ঘূৰণীয়াকৈ পাৰি দিয়া হয়। ন প্ৰকাৰৰ কলৰ নটা-আখি আনি আগবঢ়োৱা হয়। ফুল আৰু টংলতিৰ লগত কেঁচা পিঠা আৰু ন টা থোক তামোল দিয়া দুখন তেলৰ চাকি দিয়া হয়। বলি-বিধান ৰখাৰ বাবে দুটা কল দোনা ৰখা হয়। টেকেলাৰ বাবে আন এটা দোনা। দোনা কেইটাৰ ওচৰত চাৰিডাল বাঁহৰ কাঠি থোৱা হয়। এই কাঠিকেইটাৰ ওপৰত মূৰত ছাটিৰ দৰে সূতা বন্ধা হয়। তাৰ পিছত ক’লা বগা আৰু ৰঙা সূতাৰে লাইন, টানি সন্মূখৰ ফালে একোটাকৈ মুকলি বাট ৰাখি আকাশত ৰামধেনু ওলোৱাৰ ইঙ্গিত সূচক ‘মঙ্গল পতা’ অনুষ্ঠান সম্পন্ন হয়।
লাংকুৰিঃ
কলগছ ডাঁহি আৰু দোনাৰে এটা মূৰ্তি সাজি মূৰত ত্ৰিশূল দৰে তিনিটা জোঙা থকা সজুঁলি এটা স্থাপন কৰি জোঙাকেইটা কৌপাতেৰে মেৰিয়াই বন্ধা হয়। কৌপাতেৰে মেৰিয়াই তিনিটা তামোল গোটে গোটে দিয়া হয়। পকা কল, কেঁচাৰ পিঠা তিনিটা, সান্দৰগুৰি, ভজাপিঠা, মিঠাতেল, বেতগাজ আৰু আদা আগবঢ়োৱা হয়। তিনিটা কুকুৰা আগবঢ়ায় কলগছৰ দোনা তিনিটা জালুক, নিমখ আৰু চাউলৰ পৰা প্ৰস্তত কৰা দেশীয় সুৰা আগবঢ়োৱা হয়। এজনী ক’লা ৰঙৰ গাহৰি পোৱালিও উৎসৰ্গা কৰা হয়।
নাঙ-চি-চাও(কলিমতী) :
মাটিত কৌপাতেৰে পাং সাজি পাঙত দুখন কটা তামোল, গোটা তামোল পাণ, এজনী কলী কুকুৰা আগবঢ়োৱা হয়। অন্যান্য সামগ্ৰীসমূহ লাংকুৰিলৈ আগবঢ়োৱা সামগ্ৰীৰ দৰেই।
প-ফী-চু বৰ চামানঃ
গছজোপাৰ তলত কাঠেৰে এখন সৰু চাং সজা হয়। চাংখনত সাতজাপ কৌপাত পৰা হয়। চাংখনৰ খুটা কেইটা কৌপাতেৰে সাত খাপকৈ বান্ধি দিয়া হয় আৰু পাতজাপৰ ওপৰত সাত়াডাল আওক গুজি দিয়া হয়। সাতখন তামোল, সাতটা গোটা তামোল আৰু পাণ, সাতজনী মাইকী কুকুৰা, সাতজনী মাইকী গাহৰী, এটা ৰঙা কুকুৰা আৰু চাউলৰ পৰা প্ৰস্তত কৰা লুক লাও লাগিব। বাঁহৰ আগেৰে তৈয়াৰী এখন ধনু, সেই ধনুত লগাবলৈ বেতৰ গুণ, দুই বাঁহৰ চুঙাৰে সজা ঢোল তাৰ এটাত ছাগলী আৰু আনটোত বাকী নৈবেদ্যসমূস ভৰাই কৌপাতেৰে বান্ধি ধনুত বন্ধা হয়। অনুষ্ঠানৰ শেষৰ ফালে নাচি থকা অৱস্থাতে দেউৰীজনে ধনুখনত বান্ধি ৰখা কুকুৰা এটা কাটি চাংখনৰ চাৰি খুটাত ওলোমাই দিয়া হয়।
লিখা চামানঃ
লিখা চামানলৈ পাং আগবঢ়াওতে গছৰ তলত চাৰি খুটাৰ চাং এখন সাজি চাঙৰ ওপৰত তিনিজাপ কৌপাত পৰা হয়। আও বাও দিয়া হয়। তিনিটা কুকুৰা আৰু বাকী সকলো বৰ চামানক দিয়াৰ দৰে হয়। কিন্ত ইয়াৰ বৰধনু আৰু কুকুৰা নিদি আওহতীয়া এভাগ ফী গাতিয়ালঃ প্ৰথম চাং পতা হয়। কৌপাতৰ দুটা তৰপ তাৰ ওপতৰ পাৰি দিয়া হয়। দুখন কটা তামোল আৰু পাণ দিয়া হয়। দুটা পাত্ৰত উপাচাৰবোৰ বৰ চামানক দিয়া উপাচাৰৰ দৰেই।
চান পালিক হু পালিকঃ
মাটিত এখন পাত পাৰি তাতে এখন কটা তামোল আৰু গোটা তামোল আৰু পাণ আগবঢ়োৱা হয়। কুকুৰা এটা টুকুৰা-টুকুৰকৈ কাটি পছলাৰ লগত ৰন্ধা হয় আৰু ভাতৰ লগত আগবঢ়োৱা হয়।
ভূতঃ
ভূতক পয়ৰ পাং দিবলৈ হ’লে মাটিত এযোৰ পাত পাৰি কেঁচাকল, এটা কলপটুৱাৰ থুলা, কেঁচা পিঠা, নিমখ জালুক আৰু এটা কুকুৰা আগবঢ়োৱা হয়। কুকুৰাটো পছলাৰ লগত ৰান্ধি আৰু কটা তামোল, এটা নকটা তামোল পাণসহ দিয়া হয়।
বাঘ-বাঘিনীঃ
মাটিত পাত পাৰি কেঁচা কল, কেঁচা থুৰীয়া তামোল আৰু গোটা তামোল আগবঢ়োৱা হয়। জালুক নিমখ আৰু পিঠাও দিয়া হয়।
এই আটাইবোৰ প্ৰস্ততি সম্পূৰ্ণ হোৱাৰ অন্তত পূজাৰ আগদিনা পুৰোহিতসকল আহি দেওশালত উপস্থিত হয়। পুৰোহিতসকলে কঠোৰ নীতি-নিয়ম পালন কৰি তিনিদিন অনাহৰে নিঃসংগ হৈ থাকিব লাগে। পূজাৰ দিনা খুব পুৱাতে ঢুলীয়াই ‘কং লু’ অৰ্থাৎ পৱিত্ৰ ঢোল বজাই অনুষ্ঠান আৰম্ভ হোৱা বুলি ঘোষণা কৰে। পুৰোহিতসকলে তেলৰ চাকি ধূপ জ্বলাই উঠি খট্লকত(খুটাত) বালিৰ বাবে বান্ধি থোৱা পশু পক্ষীবোৰ মোকলাই প্ৰথমে বিশাল বন্তি স্তম্ভৰ ওচৰলৈ যি তাৰ পৰা বলিদানৰ বাবে নিজ নিজ বেদীৰ ওচৰলৈ লৈ যায়।
সকলোৰে মঙ্গলাৰ্থে অপায় অমঙ্গল, মহামাৰী অদিৰ পৰা পৰিত্ৰাণ পাবৰ অৰ্থে মহান এই দেৱ-দেৱী সকলক পূজা দিয়া হয়।
এনেদৰেই ওমফা বা স্বৰ্গদেউ পূজা সম্পন্ন হয়।
বিঃদ্ৰঃ- প্ৰৱন্ধটি যুগুত কৰোতে বিভিন্ন কিতাপ আলোচনী আৰু প্ৰৱন্ধৰ সহায় লোৱা হৈছে। লগতে ৰঙাগড়া আমলখি দেওশালৰ চাও কমল ৰাজকোঁৱৰ দেৱৰ সাহায়ত বহু কথা জনা গৈছে।