দুৱাৰ ✍ চাও ৰুপজ্যোতি চাংমাই, শিৱসাগৰ

বিশ্বাস আছিল বাবেইতো
নিতৌ খোলা ৰাখিছিলো
দুৱাৰখন. . !
জ্বলন্ত চিগাৰেটত
উৰি যোৱা পুৰণি সপোনবোৰ,
বুকুত নিজানে নিতৌ
বাজি থকা কৰুণ
বাঁহীটোৰ দৰেই
উচপিচাইছিল নষ্ট
নিশাৰ সুৰ ।
এটিয়াতো কোনো নাই. . .
সেয়ে খোলা ৰাখিছিলো
দুৱাৰখন,
জনাতো নাছিলো
তেঁওৰ বাবে খুলি থোৱা দুৱাৰেদি
জীৱনৰ শেষ আলহী জনকো
তেওৱে মাতি আনিব...!!!