ডফলা গড়ৰ আঁত বিচাৰি ✍ চাও সঞ্জীৱ গগৈ, উত্তৰলক্ষীমপুৰ

ভৰলী নৈৰ পূবৰ পৰা উত্তৰলক্ষীমপুৰ সিপাৰলৈকে আহোম ৰাজত্বকালত নিৰ্মাণ কৰা ডফলা গড় নামে এটা গড় আছে ৷ বহুতে এই গড়টোক ৰাজগড় বুলিও কয় ৷ এই গড়টো ভৰলী নদীৰ পৰা ঠায়ে ঠায়ে উত্তৰলক্ষীমপুৰ লৈকে দেখা যায় ৷ এই গড়টোকে তেজপুৰ আৰু উত্তৰলক্ষীমপুৰৰ সীমা বুলি জনা যায় ৷ ডফলা পৰ্বত এই গড়ৰ পৰা যথেষ্ট দুৰত ৷ এই গড় আৰু ডফলা পৰ্বতৰ মাজত অটব্য হাবিৰে ভৰা ৷
এই অঞ্চলত কোনো ঐতিহাসিক সমল নাথাকিলেও ডফলা পৰ্বতৰ দক্ষিণত থকা অসংখ্য সৰু ডাঙৰ পুখুৰীয়ে প্ৰমাণ কৰে যে আহোম ৰাজত্বকালত দক্ষিণৰ পৰা ঘন জনবসতি আছিল ৷ আহোম ৰাজত্বকালত ডফলাসকলক বিনা অনুমতিত এই গড় পাৰ হবলৈ দিয়া নাছিল ৷ আহোম ৰাজ্যৰ উত্তৰ সীমা এই গড়েই আছিল বুলি সঠিককৈ কোৱাটো টান যদিও এইটো নিশ্চিত যে এই গড়লৈকে আহোমৰ শাসন চলিছিল ৷
স্বৰ্গদেৱ প্ৰতাপ সিংহই ১৪০৩ ৰ পৰা ৪১ ৰ ভিতৰত এই গড় বন্ধাইছিল ৷ ডফলা আৰু মিচিমি সকলৰ উপ্ৰদ্ৰৱৰ পৰা উত্তৰ পাৰক ৰক্ষা কৰিবলৈ ডফলা গড় বন্ধাই গৰুমুৰীয়ালৈকে এঘৰক বিষয়া পাতি ডফলা দুৱাৰ পাতি মাটি, বিল, বহতা, কটকী দি বছৰি পালসেৱা নিবন্ধ কৰিছিল ৷ কিন্তু ইমান এটা উল্লেখযোগ্য গড় হোৱা স্বত্বেও এই ডফলা গড় বৰ্তমান বহুতৰে বাবে অচিনাকী ৷ বুৰঞ্জী নথকা হ'লে এই গড়ৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন ৷ গতিকে হেৰাই যাব ধৰা আমাৰ এই ঐতিহাসিক সম্পদ সমূহৰ সংৰক্ষণ তথা প্ৰচাৰৰ ক্ষেত্ৰত সকলো আগবাঢ়ি অহাটো নিতান্তই প্ৰয়োজনীয় ৷