জয়মতী কুঁৱৰীৰ মালিতা চতুৰ্থ খণ্ড

জয়মতীৰ ক্ৰন্দন
মাদুৰী চহৰত ডাঙৰ হৈ আছিলো 
লাই থেপেনা বৰগোঁহাইৰ জী,
গদাপাণি কোঁৱৰে নিয়ে টিংখালৈ
চকলং বিয়াকৈ দি ৷
এঘাৰজনী মাহী আই চন্দ্ৰদাৰু আইতা
মোৰে জন্মদাত্ৰী আই,
মৰিবৰ সময়ত দৰশন নেপালো
মোৰ মান অভাগী নাই ৷
গংগাপ্ৰভা, অৰুণমতী, অভয়মতী, লাইমতী
ৰংমলা চেনেহৰ মাহী,
জনা, সৰুমলা, চন্দ্ৰিকা, কমলা
অমৰাৱতী মোহিনী হাঁহি ৷
সবাতোকৈ মোৰ নুমলীয়া মাহী
অলকা সুন্দৰী আই,
বিপদৰ সময়ত কাকো নেদেখিলো
বিধিয়ে বঞ্চিলে হায় ৷
তেৰ বাই-ভনী মৰম বেথাৰে
ঘৰ আছিলো শুৱনি কৰি,
বিজয়মতী জয়মতী, জয়প্ৰভা, জয়কান্তি
জয়তৰা আৰু জয়েশ্বৰী ৷
জনপ্ৰভা, জয়দা, অঞ্জনা, ৰত্নপ্ৰভা
চেংমতী ধুনীয়া জনী,
হীৰামতী, শুক্লমতী কাকো নেদেখিলো
মৰণে ধৰিছে টানি ৷
হৰিনাথ, পৰমানন্দ, আনন্দ, সুনন্দ
চেংকং, নুমলীয়া নাম,
নিৰ্ভৰ, নদৰাম, নৰনাথ গোঁহাইদেউ
ৰুপে গুণে অনুপম ৷
দুৰ্গেশ্বৰ, তুষেশ্বৰ, জয়ৰাম, ধনীৰাম
মালভোগ, গোবিন্দৰাম,
কমলা, কৰুণা, ভদ্ৰনাথ , ৰাধানাথ
সাক্ষাতে যেনিবা ৰাম ৷
সৰুধন, বুধন, ৰদাও, ৰামধন
জয়ৰাম চেনেহৰ ভাই,
ছঅঁৰা ককাই-ভাই দৰিশন নেপালো
মোৰ মান অভাগী নাই ৷
মেন বৰগোঁহাই দেউতাৰ ককায়েক
চেনেহুৱা নিচাদেউ মোৰ,
ধৰা প্ৰভা নামাৰে এপাদেউ আছিলে
ওঁঠত তামোলৰ বোল ৷
লাই-লেছাইক লগত লৈ শাশুআইৰ লগতে
আছিলো আনন্দ কৰি,
ল'ৰাৰজাৰ হুকুমত মোক শাস্তি কৰে
ছঁঅৰা চাউদাঙে ধৰি ৷
( ল'ৰাৰজাৰ অত্যাচাৰত নিৰুপায় হৈ সতী জয়মতীৰ ঈশ্বৰত দেহ অৰ্পণ)
হেঃ লেংদন কুলৰ পুথাদেউ
তুমি দেখি আছা সাক্ষী,
প্ৰৱাসত ফুৰিছে স্বামী গদাপাণি
সততে ফুৰিবা ৰাখি ৷
হে, চন্দ্ৰ দেৱ দেৱতা প্ৰধান
তুমি দেখি আছা সাক্ষী,
মোৰ দুই পুত্ৰ লাই লেছাই কোঁৱৰক
সততে থাকিবা ৰাখি ৷
চ্যাও নুৰূ চ্যাও কা ঐ ৷ ৩৷৷
ফা তু চিং ফ্ৰং হুম, ফা লাই বেত ,ফা পিন বেত
ফা ফুৰা ত্ৰা আলম চিকিয়া ৰাণি পান বই
মউ চ্যাও নুৰূ চ্যাও কা ঐ ৷৷
চ্যাও ফা ফেত , খাম খাম বন খাম খাম
তু মুউ তু তে লুক ৰে ফা চাং দাম৷৷
চং চাও জা নাং ম্যুং কেপ চন খাম,
চং চাও জা ম্যুং কে চন বুং ৷৷
পি পায় নাং লাই দাই, খন পাই নং লাই চম,
বন খাম খাম তু তে ৷৷
চ্যাও নুৰু চ্যাও কা ঐ ৷৷
পু খাও খাম, ছয় কুম জা খাও খাম ছয় খেন ৷৷
পু দাং ৰি জা দাং ৰি, পু তা লাক জা তা
লাক পু ঐ পু আ জাক জা মন ৷৷
চ্যাও নুৰু চ্যাও কা ঐ ৷৷
আই লেংদিন ফু কুৰু,
বাও লেং দি ফু বাএ ৷৷
হেও হেত ফি
চ্যাও নুৰু চ্যাও কা ঐ ৷৷
চ্যাও ফুৰা ত্ৰা ফু ৰা তা ৰা আ লং চি কিয়া
ৰাণি পান বই মউ চ্যাও কা ঐ ৷৷
হে, ত্ৰিজগতৰ হৰ্তা কৰ্তা বিধাতা, সৰ্ব ব্যাপক, সৰ্বত্ৰ জ্ঞানক যাৰ বলে বিশ্বজগত সঞ্চাৰন হৈছে, সেই ফুৰা লুঙক প্ৰণাম কৰোঁ ৷ ফুৰালুঙ প্ৰভো তুমি আত্মাৰুপে সৰ্বাৰো আত্মাত আছা ৷ সকলোকে চলাইছা সৃষ্টি , স্থিতি লয় প্ৰলয় আদি তোমাৰ ইচ্ছাত ঘটে, তোমাতেই বিশ্বজগত লীন হয় ৷ তুমি ফুৰা, মোক সংসাৰৰ দুখ ক্ষমি তোমাৰ নিৰ্বাণ মুক্তি দিয়া যাতে এই গুণময় অবিশ্বাসী জগতত জনম আৰু মৰণ নহয় ৷ এই বুলি প্ৰাৰ্থনা কৰি জয়মতী কুঁৱৰীয়ে দেহ ত্যাগ কৰে ৷
নিজৰ বিপদলৈ কটাক্ষ নকৰি
দেশৰ কুশল চিন্তি,
সতী জয়মতী নিজ দেহা এৰি
গ'ল বৈকুণ্ঠপুৰী ৷