ইতিহাসৰ নীলা খামৰ চিঠি ✍স্মৃতিৰেখা বৰুৱা

( আজি চ'ত মাহৰ তেৰ তাৰিখ , সতী জয়মতীৰ মৃত্যুৰ তিথি । সেয়েহে জয়মতীক সোঁৱৰি মোৰ এই অভিযোগৰ চিঠিখন আপোনালোকৰ বাবে পঠালো .....)
মৰমৰ বঙহৰদেউ ....
আজি বহু শতিকাৰ পাছত তোমালৈ মই পুনৰ লিখিলো । আজি তোমালৈ মই কিছুমান অভিযোগ লিখিবলৈ মন গ'ল । তুমি মোক হয়তো ভাবিৱা মই অভিমানী ,অহংকাৰী নহলে স্বাৰ্থপৰ । যি বুলিয়েই ভাবা ভাবিব পাৰা , মোৰ আজি অলপো আক্ষেপ নাই । তোমালোকক মানে ৰজা সকলক সকলক সকলোৱে উদাৰ বুলিয়েই জানে । তোমালোক এখন বহল অন্তৰৰ অধিকাৰী । তোমালোকৰ আছে দূৰদৰ্শিতাৰ গুণ আৰু আছে আনক ক্ষমা কৰি দিব পৰা এখন হৃদয় । তোমালোক প্ৰজাৰ সুখ দুখ নিৰীক্ষণ কৰি এখন ৰাজ্য সুচাৰুৰুপে চলাই নিব পৰা গুণৰ অধিকাৰী ।
কিন্তু .....
তোমালোক বাৰু সূক্ষ্ম অনুভূতিপ্ৰৱণ বা সংবেদনশীল নহয় নেকি ??? নহলেনো মোৰ প্ৰতি মানে এগৰাকী নাৰীৰ প্ৰতি কিয় এনে অবিচাৰ ??
তোমাৰো আছিল নেকি নাৰীৰ প্ৰতি অৱহেলা ? নে নাৰী সকল মাত্ৰ ত্যাগৰ বাবেই জন্ম ??
প্ৰকৃততে মোক এগৰাকী দূৰদৃষ্টিসম্পন্না , ৰাজনীতিজ্ঞা , প্ৰকৃত দেশপ্ৰেমিকা বুলি ভাবিবলৈ স্থল আছিল । মোৰ ত্যাগৰ বিনিময়ত আহোম ৰাজতন্ত্ৰৰ ভেঁটি পুনৰ সুদৃঢ় হৈছিল বুলি মই দাবী কৰিব পাৰোঁ । মইয়ে ৰাজদ্ৰোহৰ বলি হোৱা প্ৰথম নাৰী । কিনো মোৰ ইমান অপৰাধ আছিল ? যাৰ বাবে মোক নানা অত্যাচাৰ দি দি হত্যা কৰা হ'ল ??
তুমিও মোক দিলা জানো মোৰ মৰমৰ , মোৰ প্ৰেমৰ স্বীকৃতি ??
ইতিহাসে আগৰ দিনত নাৰী সকলৰ মৃত্যুক বিশেষ অসাধাৰণ ঘটনা বুলি বিবেচনা কৰা নাছিল , সেয়েহে হয়তো মোৰ মৃত্যু ও ইতিহাসৰ পাতত উল্লেখ নাই ।
কিয় ?
কিয় ??
মোৰ সেই ত্যাগ যদি কৰ্তব্য বুলি ভাবা তেন্তে তোমাৰো মোৰ প্ৰতি তিলমানো কৰ্তব্য নাছিল নেকি ??
কিয় মোৰ এই চৈধ্য দিন নিৰ্যাতন সহি হোৱা মৃত্যুক কিয় অনুপ্ৰেৰণা লভিব পৰাকৈ স্বীকৃতি দিয়া নাই ?
সিংহাসনত উঠাৰ পাছত তোমাৰ মুখত মোৰ নাম এবাৰলৈ উচ্চাৰণ নহ'ল কিয় ??
ইয়াৰ বিপৰীতে তুমি কিন্তু ৰহদৈ , ভাদৈ আৰু আঘোণী কুৱঁৰীৰ নাম এটি এটি স্মৃতি চিহ্নৰে জিলিকিয়াই ৰাখিলা । মোৰ তেওঁলোকৰ প্ৰতি ঈৰ্ষা হোৱা নাই , কিন্তু মই নুবুজিলো যে মোৰ সমস্ত উজাৰি দিও কিয় তোমাৰ অন্তৰৰ স্থান দখল কৰিব নোৱাৰিলো । মোৰ কি অভাৱ আছিল ? এনে কিছুমান প্ৰশ্নইহে মোৰ বিবেকক বাৰে বাৰে আমনি কৰিছে । মোৰ শৰীৰৰ ওপৰেৰে পাৰ হৈ যোৱা চৈধ্য দিনৰ অত্যাচাৰে তোমাৰ হৃদয়ত এচিকুটো প্ৰভাৱ পেলাব নোৱাৰিলে নে ? তোমাৰ অন্তৰে এবাৰো দাবী নকৰিলেনে মোক তোমাৰ মানসপটত জীয়াই ৰাখিবলৈ ? মোক যুগমীয়া কৰি জীয়াই ৰাখিবলৈ নোৱাৰিলানে এটি ক্ষুদ্ৰ স্মৃতি চিহ্ন মোৰ বাবে সাজিবলৈ ?
কিয় এই অৱহেলা ??
মোৰ এই আত্ম বলিদানৰ মূল্য নাছিল নেকি ?
মোৰ সন্দিহান হৈছে মোৰ আত্ম বলিদানে স্বীকৃতি পালেনে ???
ক'তা আজিও মোক লৈ অসমবাসী সজাগ নহয় !! আজি মই আক্ষেপেৰে কৈছোঁ
আহোম ৰজা চাওলুং চুকাফা আৰু আহোম সেনাপতি লাচিত বৰফুকন আদিক লৈ যিদৰে অসমবাসী সজাগ , মোক লৈ বা নাৰী সকলক লৈ সেই সজাগতা পৰিলক্ষিত হোৱা নেদেখিলো । আজি তেওঁলোকক লৈ যিদৰে উৎসৱ , দিৱস আদি পালন কৰাত অসমবাসী সচেতন ,
মই যেন তাৰ পৰা বহু দূৰৈত ......!!!!
মই আজি উপেক্ষিতা নেকি ???
আজি কিমানে জানে মোক মানে জয়মতীক ...????
মই বিচাৰিছিলো ....
মোৰ শোণিতৰ
এটি এটি কণা
বৈ যাওঁক
প্ৰতি গৰাকী নাৰীৰ
শিৰাই উপশিৰাই...
জাগি উঠক
অন্যায় বিৰুদ্ধে
দুৰ্বাৰ সাহস ...
হৃদয়ত ন-কৈ
গজালি মেলক
স্বদেশ প্ৰেমৰ ....
ইতিত
তোমাৰ জয়া