আকাশী ✍ নাং চেং নিভা গগৈ, লক্ষীমপুৰ

আকাশীয়ে শ্বাৱাৰৰ তলত ৰৈ শীতল পানীত নিজৰ ভাগৰুৱা দেহাটো তিয়াই দিলে । উসঃ কি প্ৰশান্তি ! এই গৰমত বজাৰলৈ যোৱাটোও যে কঠিন । গা ধুই বহল দাপোনৰ সন্মুখত বহি পৰিল তাই, ৪৯ ৰ উদ্ধৃত যদিও যেন মুখাবৰণত প্ৰকৃতিৰ সেউজীয়াবোৰ আঁতৰি যোৱা নায় । দুটা ল'ৰাৰ মাতৃ হৈও যে আজি মনটো ২৫ বছৰীয়া এগৰাকী গাভৰু হৈ আছে । মসৃন গাল দুখনত ডাঠ প্ৰসাধনেৰে বোলাই পেলালে । আকাশীৰ কলেজীয়া দিনবোৰলৈ মনত পৰিল ,মনত পৰিল কৃষ্ণচুড়া সেই নিদিষ্ট গছ জোপাৰ তলত বন্ধু বান্ধৱীৰহঁতে আড্ডা দিয়াৰ দিনবোৰলৈ । তাৰ মাজতে আমন জিমনকৈ থকা ল'ৰাটোয়ে এদিন আচৰিত কৰি কৈ পেলাইছিল আকাশী মোৰ সৈতে বিয়া হ'বানে ?
তাই গুৰুত্ব নিদিয়া ল'ৰাটো এদিন আকাশীৰ মনত জোন হৈ পোহৰ বিলালে ৷ দুখীয়া ঘৰৰ সহজ সৰল পংকজ বৰুৱাক তাই মনেৰে স্বামী ৰূপে পাব বিচাৰিলে ৷ কিন্তু কৌটি পতি দেউতাকৰ আদেশত তাই গঢ়ি উঠা প্ৰেমক গৰকি ধনী ব্যৱসায়ী অনুজলৈ বিয়া হ'বলৈ বাধ্য হ'ল ৷ সময়ৰ লগে লগে সকলো বোৰ সলনি হোৱাৰ দৰে তাইও পংকজক পাহৰিলে যদিও কোনো এক মূহূৰ্তে আকাশীৰ বুকুৰ নিৰ্ভিত কোনত নিতাল মাৰি শুই থকা পংকজৰ স্মৃতিৰে আগুৰি ধৰে, ঠিক আজিৰ দিনটোৰ দৰেই ৷
এটি ৰোমান্তিক গীত হঠাৎ বাজি উঠিল ,মবাইলৰ ৰিংটনটোয়ে আকাশীক বাস্তৱলৈ ঘূৰাই আনিলে ।
: হেল্ল'
: হেল্ল ,আকাশী বৰুৱাক বিছাৰিছো ।(এক পুৰুষৰ কণ্ঠ)
: হয় কওকচোন ?
: আপোনাৰ ল'ৰা দুটা গুৱাহাটীত থাকে নেকি বাৰু ?
উৎকণ্ঠাৰে তাই ক'লে— হয় থাকে কিন্তু আপুনি ??
: মই থানাৰ পৰা কৈছোঁ ৷ আপোনাৰ পুত্ৰ দ্বয়ে সুৰাৰ ৰাগীত এগৰাকী নাবালিকাক ধর্ষণ কৰা চেষ্টা চলাই ,বর্তমান দুয়ো থানাত আছে আৰু ...
আকাশীৰ হাতৰ পৰা মবাইলটো পৰি গ'ল । গিৰিয়েকৰ মৃত্যৰ পিছত এই দহ বছৰ আকাশীয়ে কেনেকৈ ল'ৰা দুটাক অভাৱ পূৰণ কৰিছে তাইৰ বাহিৰে আনে অনুভৱ কৰিব নোৱাৰে ৷ মৰি মৰি জীয়াই আছে মাত্ৰ পুত্ৰৰ ভৱিষ্যতৰ সপোন ৰচি ৷ কিন্তু, এয়াটো তাইৰ সপোনত কেতিয়াও কল্পনা কৰা নাছিল ৷৷
তাই থানাত গৈ উপস্থিত হ'লগৈ , আকাশীয়ে থানাৰ অ'চিৰ সৈতে আলোচনা কৰিব মৰ্মে আগবাঢ়োতেই তাই দেখিলে সেইজন আন কোনো নহয় পংকজ
বৰুৱা । তাই দেখি আচৰিত হ'ল কলেজৰ কৃষ্ণচুড়াৰ তলত আমন জিমনকৈ ৰৈ থকা ল'ৰাটোৰ আৰু এইজন পংকজ বৰুৱাৰ মাজত কিমান পাৰ্থক্য । যিজনে আকাশীক এদিন বিয়াৰ প্ৰস্তাৱ দিছিল ,আজি তেওঁক আগতেই পুত্ৰৰ নিৰ্লজ কাণ্ডৰ বাবে থিয় হ'ব লগা হ'ল ৷ তাই দেখিলে, পংকজৰ চকুহাল যে এতিয়াও নিৰ্মল, যি চকুহালত তাই ডুবি পৰিছিল, প্ৰেম নামৰ নৈ খনত ৷ তাই আৰু স্থিৰে থাকিব নোৱাৰি থানাৰ পৰা ধীৰে ধীৰে ওলাই আহিল ৷ তেতিয়া সূৰ্যটো পাতৰ আঁৰত লুকাই পৰিছিল ৷৷