আহোম যুগৰ মুদ্ৰাত সমন্বয়ৰ ইতিহাস ✍ ইন্দ্ৰ গগৈ

আহোম যুগ মানে অসম বুৰঞ্জীৰ ছশ বছৰৰ দীঘলীয়া সময়ছোৱা। ত্ৰয়োদশ শতিকাৰ তৃতীয় দশকৰ পৰা ঊনবিংশ শতিকাৰ চতুৰ্থ দশকলৈকে নিৰবিচ্ছিন্নভাৱে আহোমসকলৰ শাসনত থাকি অসমে সন্মুখীন হোৱা উন্নয়ন, জয়-পৰাজয়, ঘাত-প্ৰতিঘাত, সন্ধি-বিগ্ৰহ, মিত্ৰতা-শত্ৰুতা, বিনিময়-সংগ্ৰহ আদিৰ বৰ্ণিল ইতিহাসৰ সুদীৰ্ঘ পৰিক্ৰমা। এই যুগটো অসমীয়া সংস্কৃতিৰ বাবে এটা লেখত ল’বলগীয়া যুগ বুলি ধৰা হয়। তাই আহোমসকলে সৌমাৰখণ্ডত প্ৰবেশ কৰাৰ পাছত চুতীয়া, বৰাহী, কছাৰী, মৰাণ, ভূঞা আদি বিভিন্ন জনগোষ্ঠীৰ দখলত খণ্ড-বিখণ্ড হৈ থকা লুইতৰ দুয়োপাৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যসমূহক একত্ৰিত কৰি ‘অসম’ নামৰ এখন ৰাজ্যৰ পাতনি মেলিলে আৰু এই অঞ্চলবোৰত বসবাস কৰি থকা বাৰেবৰণীয়া জাতি-জনগোষ্ঠীসমূহক মিলাই ‘অসমীয়া’ নামৰ এটা নতুন জাতিৰ জন্ম দিলে। তেনেদৰেই আহোম যুগতে গঢ় লোৱা ‘অসম’ দেশ আৰু অসমীয়া জাতি মানেই এক সমন্বয়ৰ জাতি আৰু অসমীয়া সংস্কৃতি মানেই এক সমন্বয়ৰ সংস্কৃতি বুলি সকলোৱেই স্বীকাৰ কৰি লৈছে।
বুৰঞ্জীসমূহৰ তথ্যৰ ভিত্তিত জানিব পাৰি যে আহোম যুগৰ শাসন প্ৰণালী যথেষ্ট কটকটীয়া আছিল আৰু সেইদৰে অৰ্থনীতিও সম্পূৰ্ণ আত্মনিৰ্ভৰশীল আছিল। কৃষি অৰ্থনীতিৰ ভেটিৰ পৰিচালিত দেশখনত মূলতঃবিনিময় প্ৰথাৰে সা-সামগ্ৰীৰ আদান-প্ৰদান চলিছিল।স্বৰ্গদেউ চুহুংমুঙ দিহিঙীয়া ৰজাৰ দিনলৈকে এনে ব্যৱস্থাৰেই দেশখন চলিছিল বুলি অনুমান হয়। কিয়নো স্বৰ্গদেউ চুহুংমুঙ দিহিঙীয়া ৰজাৰ দিনৰ পৰাহে মুদ্ৰা প্ৰচলনৰ নীতিৰ সম্ভেদ পোৱা গৈছে। আহোম ৰজাৰ মুদ্ৰা আছিল আঠচুকীয়া। হৰকান্ত বৰুৱা সদৰামীনৰ মতে যোগিনীতন্ত্ৰৰ এটা শ্লোকত আঠচুকীয়া মোহৰৰ কথা উল্লেখ থকাৰ ভিত্তিতেই আহোম ৰজাই মৰোৱা মোহৰ আঠচুকীয়া আকৃতিৰ কৰিছিল বুলি কৈছে, যদিও ডঃ লীলা গগৈয়ে কেইবাখনো সাঁচিপতীয়া বুৰঞ্জীৰ উল্লেখ কৰি কৈছে যে- কছাৰী, বৰাহী, চুতীয়া, কমতা, ভূঞা, পাতিলজহুা,আধেৰসেন্দুৰী আৰু চুঙী(মৰাণ)এই আঠখন ৰাজ অধিকাৰ কৰা চিনস্বৰূপে আহোম ৰজাই আঠচুকীয়া মোহৰ মৰাইছিল।আহোম ৰজাই শিঙৰী ঘৰত উঠি ৰাজ্যাভিষেক পতাৰ চিনস্বৰূপে মুদ্ৰা তৈয়াৰ কৰাৰ নিয়ম প্ৰচলন কৰিছিল।দিহিঙীয়া ৰজাৰ দিনৰ পৰা (১৪৯৭-১৫৩৯)স্বৰ্গদেউ দিনলৈকে কেৱল ৰাজ্যভিষেকৰ চিনস্বৰূপে মুদ্ৰা তৈয়াৰ কৰা হৈছিল।কিন্ত স্বৰ্গদেউ ৰুদ্ৰ সিংহই (১৬৯৬-১৭১৪) টকা শালপাতি সোণৰ মোহৰ আৰু ৰূপৰ টকা, আধলি আৰু সিকি নিয়মীয়াকৈ তৈয়াৰ কৰিছিল। আনহাতে স্বৰ্গদেউ শিৱসিংহই(১৭১৪-১৭৪৪) এনে মুদ্ৰা উপৰি আদমহা আৰু ছৰতীয়া মুদ্ৰা তৈয়াৰ কৰি প্ৰচলন কৰিছিল আৰু গৌৰীনাথ সিংহই(১৭৮০-১৭৯৫)তিনিৰতীয়া মুদ্ৰা সৃষ্টি কৰিছিল।স্বৰ্গদেউ শিৱসিংহ মহাৰজাই সোণৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল।ইয়াৰ আগতে দিহিঙীয়া ৰজা আৰু স্বৰ্গদেউ উদয়াদিত্যৰ দিনত (১৬৭০-১৬৭২)আৰু ৰুদ্ৰসিংহৰ নামত সোণৰ মোহৰ প্ৰচলনৰ প্ৰমান পোৱা গৈছে।
প্ৰথম অৱস্থাত আহোম ৰজাৰ মুদ্ৰা আহোম লিপিৰে, তাৰ পাছত দেৱানগিৰি লিপিৰে আৰু পিছলৈ অসমীয়া লিপিৰে মুদ্ৰা মাৰিছিল। মুদ্ৰাত শক, ৰজাৰ নাম আৰু ৰজাৰ ইষ্ট দেৱতাৰ নাম মৰোৱা হৈছিল। দিহিঙীয়া ৰজাই মৰা মুদ্ৰাত ইষ্ট দেৱতা হিচাপে(ফুৰা)তা-ৰাৰ নাম অৰ্থাৎ ইশ্বৰৰ নাম মুদ্ৰিত হৈছিল। বাকীবোৰ ৰজাই শিৱ, ৰাম, হৰ-গৌৰী আদিৰ নামত উছৰ্গা কৰিছিল। তাৰ ভিতৰত শিৱৰ নামত মৰা মুদ্ৰা সংখ্যাই সৰহ। মুদ্ৰাবোৰৰ বাহিৰেও সমান ওজনৰ সোণ-ৰূপৰ মূল্যও একে আছিল। এনেকুৱা সোণ ৰূপবোৰ বাটুল গুটিৰ নিচিনাকৈ ঘুৰণীয়া কৰি ব্যৱহাৰ কৰা হৈছিল। আহোম ৰজাৰ টকা শালৰ মূল অধ্যক্ষ আছিল সোণাদাৰ বৰুৱা। আহোম যুগৰ মুদ্ৰাই অসমৰ বুৰঞ্জী, ধৰ্ম-সংস্কৃতি সমন্বয় আদিৰো পৰিচয় বহন কৰিছিল। গেইটৰ বুৰঞ্জীত উল্লেখ থকা মতে ‘আহোম যুগৰ প্ৰচলিত মুদ্ৰাবোৰ সাধাৰণতে এতোলা ওজনৰ আছিল আৰু এতোলা ৯৬ ৰাতি বা (এক আউন্সৰ ২/৫ ভাগ)। মুদ্ৰাবোৰ ঘূৰণীয়া হোৱাৰ পৰিবৰ্তে আঠচুকীয়া আছিল।যোগিনীতন্ত্ৰৰ এক শ্লোকৰ মতে আহোম ৰাষ্ট্ৰখন আঠকোণীয়া হোৱাৰ অৰ্থত মোহৰবোৰো আঠকোণীয়াকৈ মৰা হৈছিল। আন আন বিষয়ত তেওঁলোকৰ মুদ্ৰাৰ সৈতে কোচ-ৰজাৰ মুদ্ৰাৰ কেতবোৰ মিল চকুত পৰে। আহোমৰ আটাইতকৈ পুৰণি মুদ্ৰাটো হ’ল ১৫৪৩ ফৃঃত চুক্লেংমুঙ গড়গঞা ৰজাৰ চতুৰ্থ বছৰত মৰা মুদ্ৰাটো। ইয়াৰ পিছত প্ৰায় এশ বছৰ ধৰি কোনেও মুদ্ৰা মৰা নাছিল। ইয়াৰ পিছতহে ৰজাসকলৰ ৰাজ্যঅভিষেকৰ সময়ত মুদ্ৰা তৈয়াৰীৰ নিয়ম প্ৰচলিত হৈছিল।এনে মুদ্ৰাত নতুনকৈ ৰাজপাট পোৱা ৰজাজনৰ নাম লিখা হৈছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰাহে ধাৰাবাহিকভাৱে টকাশালত এতোলা পৰিমাণৰ মুদ্ৰাৰ বাহিৰেও ৪৮ আৰু ২৪ ৰাতিৰ মুদ্ৰা তৈয়াৰ হৈছিল।আনহাতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত ৩ ৰাতিৰ মুদ্ৰাৰো প্ৰচলন হৈছিল।শিৱসিংহ স্বৰ্গদেৱে সোণৰ মুদ্ৰাও উলিয়াইছিল।
স্বৰ্গদেউ চুক্লেংমুঙৰ দিনৰ মুদ্ৰাৰ খোদিত লিপি আছিল আহোম ভাষাৰ। জয়ধ্বজ সিংহ আৰু চক্ৰধ্বজ সিংহৰ মুদ্ৰালিপি আছিল সংস্কৃত ভাষাৰ অসমীয়া লিপি। ইয়াৰ পিছত তিনিজন ৰজাই মুদ্ৰালিপি পুনৰ আহোম ভাষাতেই মৰাইছিল যদিও স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা পুনৰ সংস্কৃত ভাষাত মোহৰ মৰাইছিল। স্বৰ্গদেউ প্ৰমত্ত সিংহ আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৰাজপাট আৰোহণৰ সময়ত উলিওৱা মুদ্ৰাৰ কাহিনী আহোম ভাষাৰ, কিন্ত এই দুজন ৰজাৰ পিছত মুদ্ৰাবোৰৰ কাহিনীৰ ভাষা সংস্কৃত। সেয়ে প্ৰথমবিধ মুদ্ৰা ৰাজপাট আৰোহণৰ সময়ত ‘মেডেলৰ’ দৰে কেৱল বিতৰণৰ বাবে তৈয়াৰ হৈছিল বুলি ভাবিবৰ থল আছে। ১৭২৯ খৃঃত স্বৰ্গদেউ শিৱসিংহই আৰু ১৭৫২ খৃঃত স্বৰ্গদেউ সিংহই পাৰচিয়ান ভাষাতো মোহৰ উলিয়াইছিল বুলি গেইটৰ বুৰঞ্জীয়ে কয়। আনহাতে ১৭৭০ ত স্বৰ্গদেউ লক্ষীসিংহই উলিওৱা মুদ্ৰা ভাষা আছিল সংস্কৃত।
আহোম আৰু সংস্কৃত ভাষাত মুদ্ৰাত লিখা কাহিনীবোৰ প্ৰায় একে ধৰণৰ আছিল। মুদ্ৰাৰ এপিঠিত ৰজাৰ নাম আৰু মুদ্ৰা প্ৰচলনৰ তাৰিখ আৰু আন পিঠিত ৰজাৰ আৰাধ্য দেৱতাৰ নাম খোদিত কৰা হৈছিল। আহোম ভাষাত লিখা মুদ্ৰাত সাধাৰণতে আৰাধ্য দেৱতা হিছাপে ‘ইন্দ্ৰ’ৰ নাম লিখা হৈছিল আৰু সংস্কৃতত লিখা মুদ্ৰাত শিৱ(কেতিয়াবা অকল শিব আৰু কেতিয়াবা শিব-পাৰ্বতী)ৰ নাম উল্লেখ থাকে। কিন্ত বৈষ্ণৱ যুগৰ শাসনকৰ্তা ভৰত আৰু সৰ্বানন্দই ৰাজপাট আৰোহণ কৰি উলিওৱা মুদ্ৰাত শ্ৰীকৃষ্ণৰ নাম পোৱা যায়। ঠিক সেইদৰে ব্ৰজনাথ ৰজা হৈ যি মুদ্ৰা উলিয়াইছিল সেই মুদ্ৰাত ৰাধা আৰু কৃষ্ণৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰা হৈছে। এই কথা লক্ষ্য কৰা যায় যে আহোম যুগত কোনো তামৰ মুদ্ৰা প্ৰচলনৰ বিষেয়ে সম্ভেদ পাবলৈ নাই। কিন্ত সাধাৰণ বিনিময় প্ৰথাত সা-সামগ্ৰীৰ উপৰি কড়ি প্ৰচলনো আছিল বুলি উল্লেখ পোৱা যায়।
মুদ্ৰাই যুগ যুগৰ ইতিহাস বহন কৰে। আহোম যুগত প্ৰচলিত এই মুদ্ৰাসমূহেও সাক্ষ্য বহন কৰিছে কেনেকৈ ভাৰতীয় আৰ্য ধৰ্ম আৰু আৰ্য সংস্কৃতিৰ মাজত আহোমসকলৰ নিজা ভষা-সংস্কৃতি, ধৰ্ম আদি মিলি গৈ সময়ৰ সোঁতত নতুন নতুন সংজ্ঞালৈ সমন্বয়ৰ এক আধুনিক অসম আৰু বৃহত্তৰ অসমীয়া জাতি গঢ়ি উঠিছে। তাৰেই জ্বলন্ত প্ৰমাণ আহোম যুগৰ সেই মুদ্ৰাবোৰ। তদুপৰি আহোম শাসন পদ্ধতিয়ে অসমৰ সাংস্কৃতিক ইতিহাসকো গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি গৈছে।আহোম ৰজাসকলে যিহেতু ভাষা-ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেষে সকলোকে শাসন পদ্ধতিৰ মাজত সমানে সুমুৱাই লাছিল সেইবাবেই ধৰ্মীয় আৰু সাম্প্ৰদায়িক সম্প্ৰীতিও গঢ় লৈ উঠিছে।