বিননিবোৰ হেৰাব এদিন ✍ চাও ৰুপজ্যোতি চাংমাই , শিৱসাগৰ

চুই চাব পৰাকৈ কাঢ়ি আনিব
নোৱাৰিব পাৰোঁ
সপোন আকাশৰ ডাৱৰবোৰ,
চকুলোৰ বৰুষণ হলেওতো
ৰং আছে হেঁপাহৰ, বিষাদৰ
আৰু নিজান নিশাৰ উচুপি থকা সময়বোৰৰ...
দুপৰীয়াৰ ৰ'দ জাকক সুধিবা
দুচকুৰ গভীৰতালৈ চালে
আবেলিটো কিয় ৰঙচোৱা,
যদিও এতিয়া মই মাতাল নহও
কেতিয়াবা জানা
এটি অবুজ শিশু হৈ পৰিবৰ মন যায়..
যি কান্দিব, হাঁহিব আৰু
মাকে তাক
কোলাতলৈ নিচুকাব।
সেয়ে হয়তো
মোৰ বাবে বুকুৰ বন্ধনী খুলি
আজিও ৰৈ থাকে ভৰা নদীখন....!!