মোক বৃদ্ধাশ্ৰমলৈ নপঠাবি বোপাই ✍ দুলেন গগৈ

মোক বৃদ্ধাশ্ৰমলৈ নপঠাবি বোপাই
বিহ খুৱাই মাৰিলেও মোক এৰি যাবলৈ নকবি এইখন ঘৰ...
বোপাই , তোৰ জানো মনত আছে ?
তই যেতিয়া প্ৰথম খোজ দিবলৈ শিকিছিলি
এইখন ঘৰৰ পদূলিতেই তোৰ পাছে পাছে
মই কিমান যে দৌৰি ফুৰিছিলো
তই দুৱাৰ ডলীত উজুটি খাই পৰিলে
কেনেকৈ তোক আলফুলে বুকুত লৈ হাত-ভৰি মোহাৰি দিছিলো
স্কুল নাযাওঁ বুলি যেতিয়া তই কান্দিছিলি
কেনেকৈ তোক ফুচুলাই বান্ধি দিছিলো তোৰ জোতাৰ লেচ
বলুৰ দোকানত তই ভালপোৱাকৈ কিনি দিছিলো
মিঠাই, মৰটন
অংক শিকাওতে দেউতাই যেতিয়া তোক খং কৰিছিল
তেওঁৰ সতে যে মোৰ কিমান কাজিয়া হৈছিল
কথাবোৰ আজিও মোৰ সৌ সিদিনাৰ দৰেই লাগি থাকে...
এইখন ঘৰৰ মজিয়াতে মই কিমানযে হুমুনিয়াহ এৰিছো
তই নুবুজিবি বোপাই
দেউতা যোৱাৰ পাছত তোৰ কলেজৰ ফিচ দিবলৈ
যে মোৰ কাণৰ থুৰিয়া যোৰ বিক্ৰী কৰিছিলো
তোৰ জানো মনত নাই ?
তোক চহৰত পঢ়াবলৈ কত' দিন যে লঘোণে কটাইছিলো...
মোৰ গাতত সোমোৱা চকুযোৰ দেখিলে
তোৰ এবাৰো মনত নপৰে নে বোপাই ?
মোক বৃদ্ধাশ্ৰমলৈ নপঠাবি বোপাই
তহঁতৰ মুখবোৰ নেদেখিলে মোৰ টোপনি নাহিব
মাজনিশা যদি মোৰ বিষ-জ্বৰ উঠে
কোনে মোৰ ওঁঠত এটুপি পানী বাকি দিব ?
তহঁতে পতা ডাঙৰ ডাঙৰ কথাবোৰ মই নুবুজো বোপাই
চহৰৰ বন্ধ ঘৰবোৰত মই থাকিব নোৱাৰো
মোৰ নো আৰু কেইটা দিন ?
মই তোক কাবৌ কৰিছো
মোক বৃদ্ধাশ্ৰমলৈ নপঠাবি বোপাই ...