আহোম যুগৰ সংস্কৃতিঃএটি অৱলোকন ✍ ড° গিৰিণ ফুকন

ত্ৰয়োদশ শতিকাৰ তৃতীয় দশকৰ পৰা উনবিংশ শতিকাৰ চতুৰ্থ দশকলৈকে নিৰবিছিন্নভাৱে আহোমে অসমক শাসন কৰা এই সুদীৰ্ঘ কালকে আহোম যুগ বুলি কোৱা হয়। অসমীয়া সংস্কৃতিৰ ভেটি এই যুগতে গঢ়ি উঠিছিল। ‘ম্যুং ডুন্ চুন্ খামলৈ’ আহিয়েই আহোম চাওফাসকলে সেই সময়ত ইয়াত বাস কৰা মৰাণ, বৰাহী, কছাৰী, চুতীয়া আদি বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত সমন্বয় সাধন কৰি এটা নতুন জাতি গঠনৰ পৰিকল্পনা কৰিছিল। এই পৰিকল্পনা অনুসৰিয়েই কালক্ৰমত আহোম ৰজাসকলে যে ‘অসম’ নামেৰে এখন দেশ কৰিছিল আৰু কালক্ৰমত আহোম ৰজাসকলে যে ‘অসম’ নামেৰে এখন দেশ গঠন কৰিছিল আৰু ‘আসমীয়া’ নামেৰে যে এটা জাতিৰ জন্ম দিছিল এই নিশ্চয় কাৰোয়েই অবিদিত নহয়।
আহোম সকল মূলতঃ শ্যাম-চীনীয় ভাষাগোষ্ঠীৰ টাই মানুহ। তেওঁলোকৰ সাংস্কৃতিক প্ৰমূল্যসমূহ হ’ল উদৰতা, গুণগ্ৰাহিতা, ধৰ্মৰিপেক্ষতা, প্ৰগতিশীলতা আৰু সাংস্কৃতিক সহিঞ্চুতা। টাই সংস্কৃতিৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বাবেই নিজ ভাষা-সংস্কৃতি, ধৰ্ম আৰু সংস্কৃতি থকা স্বত্বেও ইয়ালৈ আহি তাকেই খামোচ মাৰি ধৰি নাথাকি শাসক হৈয়ো তেওলোকে উদাৰ দৃষ্টি ভঙ্গীৰে থলুৱা মানুহৰ ভাষা-সংস্কৃতি গ্ৰহন কৰি নিজৰ অৱদানেৰে এক মহান অসমীয়া জাতি আৰু অসমীয়া সাংস্কৃতি গঢ়ি তুলিছিল। এই কথা অনস্বীকাৰ্য যে আহোম যুগত গঢ়ি উঠা সংস্কৃতিয়ে পৰৱতীকালত অসমীয়া সংস্কৃতিৰূপে পৰিগণিত হ’ল আৰু টাই-সংস্কৃতি অসমীয়া সংস্কৃতিৰে অবিচ্ছেদ্য অংগ হৈ পৰিল।
সংস্কৃতিৰ পৰিসৰ অতি ব্যাপক। এখন সমাজৰ সামগ্ৰীক জীৱন ধাৰণৰ প্ৰক্ৰিয়াক বুজোৱাৰ উপৰিও সংস্কৃতিয়ে সাহিত্য, শিল্প, কলা, ধ্যান-ধাৰণা, আচাৰ-ব্যৱহাৰ সামাজিক ৰীতি-নীতি আদিকো সামৰি লয়। গতিকে এই নিৱন্ধৰ শিৰোনাম অনুহৰি আহোম যুগৰ সংস্কৃতিৰ সকলো দিশ সামৰি সীমিত পৰিসৰৰ ভিতৰত বিশাদভাবে আলোচনাটিত আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা সংস্কৃতিৰ কেৱল কেইটিমান দিশৰ ওপৰতহে আলোকপাত কৰা হ’ল। ইয়াৰ আলোচনা কৰিবলৈ লোৱা সংস্কৃতিৰ দিশ কেইটি হ’ল- স্বৰ্গদেউসকলৰ উদৰতাবাদৰ ফলস্বৰূপে গঢ়ি উঠা সমন্বয়ৰ সংস্কৃতি, ধৰ্ম, ভাষা-সাহিত্য, স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা, নৃত্য-গীত, খাদ্য-সম্ভাৰ, জীৱন ধাৰণাৰ পদ্ধতি, সাজপাৰ, আ-অলংকাৰ আৰু সামাজিক শৃঙ্খলা।
আহোমসকলৰ উদাৰ দৃষ্টিভঙ্গীৰ কাৰণেই তেওঁলোকে ইয়ালৈ আহি থুলুৱা মানুহৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰি বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়ি তুলি এক বৃহৎ অসমীয়া জাতি জন্ম দিবলৈ সক্ষম হৈছিল। আহোম স্বৰ্গদেউসকলে খিলঞ্জীয়া জাতি-গোষ্ঠীৰ মানুহৰ উপৰিও ঘৰচেৰেক বামুণ, কলিতা, কায়স্থ আদি লোককো বিভিন্ন বাব ভোগ দি নিজ খেলত তুলি লৈছিল। জাত-পাত নিৰ্বিশেষ সকলোৱে ৰজাঘৰীয়া বিষয় বাব ভোগ কৰিবলৈ সুবিধা পোৱাত আহোম ৰজাই দিয়া বৃত্তিগত তথা মৰ্য়দাগত উপাধিসমূহ ব্যৱহাৰ কৰি ফুকন, বৰুৱা, বৰা, শইকীয়া, হাজৰিকা, ৰাজখোৱা হৈ নিজকে ৰাজকীয় গোটত বিলীন কৰি দিছিল। এক কথাত ক’বলৈ গ’লে আহোম যুগত জাতিগত সমন্বয় সাধিত হৈছিল আৰু বিভিন্ন গোষ্ঠীৰ সংস্কৃতিৰ উপাদানৰ সমন্বয়ত এক যৌগিক অসমীয়া সংস্কৃতিৰ জন্ম হৈছিল আৰু জন্ম হৈছিল এটা অসমীয়া জাতি। গতিকে দেখা যায় যে, স্বৰ্গদেউসকলৰ ছত্ৰছায়াত গঢ়ি উঠা সমন্বয়ৰ সংস্কৃতিয়েই হৈছে আহোম স্বৰ্গদেউসকলৰ আটাইতকৈ মহৎ সাংস্কৃতিক বৰঙণি।
ধৰ্ম হৈছে সংস্কৃতিৰ এক মুখ্য উপাদান। স্বৰ্গদেউসকলৰ ধৰ্মনীতি উদাৰপন্থী হোৱা বাবে আহোম যুগৰ সংস্কৃতিক ধৰ্মই বিশেষভাবে প্ৰভাৱান্বিত কৰিছিল। আহোম ৰজাসকলে প্ৰজাৰ ওপৰত নিজৰ ধৰ্ম জাপি দিবলৈ চেষ্টা নকৰি প্ৰজাৰ ধৰ্মকে গ্ৰহণ কৰি বদান্যতাৰ পৰিচয় দিছিল। ইয়ালৈ অহা প্ৰায় চাৰিশ বছৰমানৰ পৰাই টাই আহোমসকল ‘হিন্দু’ হ’বলৈ আৰম্ভ কৰে। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত হিন্দুধৰ্মই ৰাজধৰ্ম হিছাপে স্বকৃতি পায়। এটি বামুন পৰিয়ালত ডাঙৰ-দীঘল হোৱা চুডাংফা নাইবা বামুণী কোঁৱৰৰ ৰাজত্বকালতে(১৩৯৭-১৪০৭) প্ৰথমে হিন্দুৰ ‘লক্ষীনাৰায়ণ শালগ্ৰাম’ক আহোমসকলৰ ইষ্টদেৱতা ‘সোমদেও’ৰ লগত স্থান দিয়া হয়। ইয়াৰ পিছৰ পৰাই লাহে লাহে ৰাজশক্তি সংস্পৰ্শলৈ আহে আৰু ভালেমান হিন্দুৰ ৰীতি-নীতি ৰজাঘৰত পালিত হ’বলৈ ধৰে। ১৪১৯ শকত চুহুংমুং দিহিঙ্গীয়া ৰজাই পোন প্ৰথমতে হিন্দুমতে স্বৰ্গনাৰায়ণ নাম লৈ ৰাজ সিংহাসনত উঠে। চাওফা চুতাম্লাই হিন্দুমতে জয়ধ্বজ সিংহ নাম লৈ ১৫৭৬ শকত আউনীআটী সত্ৰ নিৰঞ্জন বাপুৰ ওচৰত শৰণ লাছিল। স্বৰ্গদেউ প্ৰতাপসসিংহৰ দিনতেই(১৬০৩-১৬৪১) ৰজাঘৰত হিন্দু ধৰ্ম আৰু ব্ৰাক্ষ্মণ্যৰ প্ৰভাব অধিক বৃদ্ধি পায়।এইজনা ৰজাৰ পৃষ্ঠপোষকতাতেই শংকৰদেৱৰ শিষ্য-পশিষ্যসকলে চাৰি সংহতিত বিভক্ত হৈ বহু সত্ৰ প্ৰতিষ্ঠা কৰি শংকৰদেৱৰ পৰৱৰ্তী এবছৰৰ ভিতৰত অসম ৰাজ্য চানি পেলাইছিল। উদাৰ দৃষ্টিভংগীৰে ৰুদ্ৰসিংহই মহন্তসকলৰ সত্ৰ সমূহক স্বীকৃতি দিছিল। তেখেতে আনকি হিন্দু পঞ্চদেৱতা শিৱ, বিঞ্চু, দূৰ্গা, শ্ৰীসূৰ্য আৰু গণেশৰ মন্দিৰ নিৰ্মাণ কৰাইছিল। আহোম ৰজাসকলৰ লগতে বহুতো আহোমে হিন্দু ধৰ্ম গ্ৰহণ কৰিলেও আহোম পুৰোহিত শ্ৰেণী, মহন, দেওধাই, বাইলুংসকলে পূৰ্বৰ পৰস্পৰাকে মানি চলিছিল। গদাধৰ সিংহই যদিও হিন্দু আদৰ্শ মনা নাছিল তথাপি ৰাজনীতিত দূৰ্গা পূজা পাতিবলৈ অনুমতি দিছিল। আহোম চাওফাসকলে কৰা ভূলৰ উপলব্ধি কৰি মৃত্যু সময়ত তেওঁ ৰুদ্ৰসিংহক কৈছিল-সৰুক বৰ বিষয়া নিদিবি, পথালি ফোটাক বিশ্বাস নকৰিবি, ৰাজসভাত জোঙা ঢোল বজাই নাটিনী ননচুবাৱী।
যেই কি নহওক টাই আহোমসকলৰ ধৰ্মীয় গোড়ামী নাছিল বাবেই ৰজাঘৰীয়া পৃষ্ঠপোষকতাত বহুবোৰ ‘সত্ৰ’ গঢ়ি উঠিছিল আৰু তেনে সত্ৰ ৰজা-প্ৰজাই শৰণ লৈছিল। এই সত্ৰবিলাক ধৰ্ম, সাহিত্য-সংগীত, নাটকৰ বিকাশ তথা চৰ্চাৰ কেন্দ্ৰৰ হৈ পৰিছিল। এই দৰে দেখা যায় স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা ধৰ্মীয় সংস্কৃতিও আহোম যুগৰ সংস্কৃতিৰ এক গুত্বপূৰ্ণ অংগ হিচাবে পৰিগণিত হৈছিল।
ধৰ্মীয় সংস্কৃতিৰ উপৰিও আহোম ৰজাসকলৰ ভাষা-সাহিত্যৰ উৎকৰ্ষ সাধনতো বৰঙণি যোগাইছিল। আহোম স্বৰ্গদেউসকলৰ ‘দেৱোদত্ত-ব্ৰক্ষ্মোত্তৰ’ পাই গঢ়ি উঠা সত্ৰসমূহতেই বৈঞ্চৱ সাহিত্য সৃষ্টি হৈছিল। তদুপৰি ৰজাঘৰীয়া প্ৰভাৱতে ধৰ্মনিৰপেক্ষ ব্যৱহাৰিক সাহিত্য, বুৰঞ্জী আৰু শাক্ত সাহিত্যৰো জন্ম হৈছিল। ৰজাসকলৰ ভিতৰত জয়ধ্বজ সিংহই প্ৰথমে সাহিত্য চৰ্চ্চাত মনোনিবেশ কৰিছিল। তেখেতে ‘পদ্মপুৰাণৰ জনক আখ্যান’ৰ পদ ৰচনা কৰিছিল।
এইজনা দিনৰ পৰাই ৰজাঘৰীয়া পৃষ্ঠপোষকতাত বহুলোকে সাহিত্য ৰচনাৰ লগত জড়িত হৈ পৰিছিল। এই সকলৰ ভিতৰত কবিৰাজ চক্ৰৱৰ্তী, ৰমানন্দ দ্বিজ আৰু সুকুমাৰ বৰকায়থ নাম উল্লেখযোগ্য। আহোম ৰাজত্বৰ শেষলৈকে এইদৰে অসমৰ সাহিত্য, সৃষ্টি আৰু বিকাশ ঘটিছিল। স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত ৰচিত সাহিত্য, বুৰঞ্জী সাহিত্য ব্যৱহাৰিক জ্ঞানৰ সাহিত্য, নাটক, গীত আদি ৰূপত পাব পাৰি। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ৰচিত গ্ৰন্থৰ ভিতৰত ভীষ্ম পৰ্ব, হিতোপদেশ, পুতনা, শঙ্খচূড় বধ, ব্ৰক্ষ্মবৈৱৰ্ত্ত, পুৰাণ, আনন্দ লহৰী, ধৰ্ম পুৰাণ, বৃহৎ উষাহৰণ, হস্তীবিদ্যাৰ্ণৱ, শল্যপৰ্ব, উদ্যোগপৰ্ব, চণ্ডীপদ, শান্তিপৰ্ব, কচীক বধ, ৰামচৰিত মানস, মূযল পৰ্ব, স্বৰ্গীৰোহন পৰ্ব, কাম কুমাৰ হৰণ আদিয়েই প্ৰধান।
সাহিত্যৰ এনে বোৰ দিশৰ উপৰিও আহোম যুগৰ শ্ৰেষ্ঠ আৰু একক অৱদান হ’ল বুৰঞ্জী সাহিত্য। অধ্যাপক লীলা গগৈয়ে ক’বৰ দৰে আহোম যুগৰ বুৰঞ্জী “বুৰঞ্জী ৰচনাৰ নীতিয়েই নহয়, বুৰঞ্জীৰ লগত লেখন কলা, লিপি আৰু সংৰক্ষণ ব্যৱস্থাৰে অসমীয়া সংস্কৃতিক চহকী কৰি তোলে”। ‘ম্যুংডুন চুন খাম’লৈ আহোতে স্বৰ্গদেউ চুকাফাই পূৰ্বপুৰুষৰ বুৰঞ্জী আৰু বাইলুং মহুং পণ্ডিত লগত লৈ আহিছিল। আহোম যুগত বুৰঞ্জী লেখন আৰু সংৰক্ষণ সম্পৰ্কীয় এটা বিশেষ দপ্তৰ আছিল। তিনিজন ডাঙৰীয়াৰ চিঠি-পত্ৰ, কটকী-বৈৰাগীৰ প্ৰতিবেদন, দাঁতি অলিয়া বিষয়াৰ নথি-পত্ৰ, চকীয়ালৰ তথ্যপাতি আদিয়েই বুৰঞ্জী সাহিত্য প্ৰধান সমল আছিল। আহোম বুৰঞ্জীবিদে নিজৰ জাতি আৰু দেশৰ বুৰঞ্জী লিখা উপৰিও প্ৰাক্ আহোম যুগৰ দাঁতি কাষৰীয়া ৰাজ্যসমূহৰ আৰু কাৰিকৰ বিষয়ৰ বুৰঞ্জীও ৰচনা কৰিছিল। আহোমসকলে প্ৰথমে টাই ভাষাত বুৰঞ্জী লিখিলেও পিছত অসমীয়া পদ্য-গদ্যত লিখি অসমীয়া ভাষা সংস্কৃতি চহকী কৰাত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল। আহোম যুগত ৰচিত বুৰঞ্জী বৰপাহী বুৰঞ্জী, সাঁতসৰী অসম বুৰঞ্জী, দেওধাই বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, চকৰীফেটী বুৰঞ্জী, চকীয়ালৰ বুৰঞ্জী আদি প্ৰধান। তাৰোপৰি আহোমৰ পুৰোহিত শ্ৰেনী মহন, দেওধাই বাইলুংসকলৰ ঘৰত আহোম যুগত ৰচিত বহুতো সাঁচিপতীয়া বুৰঞ্জী(টাই ভাষাত লিখা) এতিয়াও অসংৰক্ষিত অৱস্থাত অপ্ৰকাশিত হৈ আছে।
সাহিত্য মূল উপাদান হ’ল ভাষা। নিজ ভাষা ত্যাগ কৰি অসমীয়া ৰাজভাষা হিচাবে স্বীকৃতি দি অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া প্ৰশস্ত কৰি তোলাটো আহোম স্বৰ্গদেউসকলৰ অন্য এটি মহৎ সাংস্কৃতিক অৱদান। এই কথাও আগতে উনুকিয়াই আহিছোঁ যে, আহোম যুগতেই আসমীয়া ভাষাই প্ৰতিষ্ঠা লাভ কৰে। অসমীয়া ভাষাঃ আৰ্য ভাষা সংস্কৃতৰ পৰা জন্ম হ’লেও এই ভাষা বিভিন্ন জাতি-জনজাতিৰ ভাষাৰ শব্দৰ সম্ভাৰৰ সৈতে পৰিপুষ্টিত হৈ এক সমন্বয়ৰ ভাষা হিচাপে গঢ়ি উঠিছিল। উল্লেখযোগ্য যে প্ৰায় ষোড়শ শতিকাৰলৈকে টাই ভাষা ৰজাঘৰীয়া ভাষা হৈয়েই আছিল আৰু আহোম সকলৰ মাজত অই ভাষাই চলি আছিল। আনকি তাৰ পাছতো বুৰঞ্জী লিখা আৰু ধৰ্মীয় সম্পৰ্কীয় কাম কাজত আহোম ভাষা অব্যাহত থাকে (আহোমৰ পুৰোতি শ্ৰেণীয়ে এই ভাষা আজিও সম্পৰ্ণৰূপে ত্যাগ কৰা নাই)। গতিকে স্বভাৱিক কাৰণতে বহুতো আহোম ভাষাৰ বহুতো শব্দ যেনে বৰঞ্জী,জান, ডাং জেং, লেংস লিংলাং, লিংকাই, লিকচৌ, লাংখাই, নুই আদি বহুতো শব্দ ভৌগলিক নামাকৰণৰ বিশেষকৈ ঠাই আৰু নৈৰ ক্ষেত্ৰত অধিক প্ৰচলন হৈছিল যনে- টিয়ক, টিৰাপ, টিমনা, টিহু, টিংখাং, টিফুক, টিংৰাই, টিঙালিবাম, নাফুক, নামতি, মাকুম, ৰুকাং, নামছাই, নামচাং, খমটাই, চৰাইদেও, তাওকাক্ আদি। পৰৱৰ্তী কালত ঠাইৰ আৰু নৈৰ নামসমূহ আহোম ভাষাৰ পৰা অসমীয়ালৈ সমাৰ্থক অনুবাদ কৰা হৈছে যেনে- জাঁজি, দৈযাং, ভোগদৈ, দিচাং, দিখৌ, দিহিং, ৰংপুৰ, গড়গাঁও, যোৰহাট, চফ্ৰাই, মঠাডাং, শদিয়া আদি। গতিকে দেখা যায় আহোম যুগত টাই আহোমৰ ভাষা প্ৰচলনে অসমীয়া ভাষাক সমৃদ্ধিশালী কৰি তুলিছিল।
সংস্কৃতিৰ অন্য ৰূপ হ’ল স্থাপত্য আৰু ভাস্কৰ্য। আহোম যুগত অসমত এটি স্বকীয় স্থাপত্য-ভাস্বৰ্য ৰীতি-নীতি গঢ় লৈ উঠিছিল। কিন্ত ৰজাৰ কাৰেং, পাটৰ, শিঙৰি ঘৰ, সোলোংঘৰ, দুমহলীয়া চাংঘৰ আদি আছিল। গদাঘৰ সিংহৰ দিনলৈকে ৰজাৰ কাঠ-বাঁহৰ কাৰেং আছিল। কাঠৰ চ’টি খুটাবোৰত লতা, ফুল, জীৱ-জন্ত আদি অংকন কৰি সুকুমাৰ কলা সংস্কৃতিৰ বিকাশ ঘটোৱা হৈছিল। আহোম ৰজাসকলে মঠ-মন্দিৰ ৰাজ অট্টালিকা, পকীঘৰ আদি নিৰ্মান কৰোতে শিল, ইটা আৰু কৰাল ব্যৱহাৰ কৰিছিল। আহোম যুগৰ ইটাবোৰ বৈশিষ্টপূৰ্ণ ,গীঘে-পুতলে ছয় ইঞ্চিমান আৰু ডাঠ ডেৰ ইঞ্চিমান। ইটাবোৰ টান কৰিবলৈ কেঁচামাটিৰ লগত কৰাল মিহলোৱা হৈছিল। মিঠাতেল, গুৰ, ধুনা, চূণ,শণ, মাটিমাহ, বৰাচাউল, কৰাইগুৰি, হাঁহ কণী আদি নিৰ্দিষ্ট পৰিমাণত মিহলাই কৰাল তৈয়াৰ কৰা হৈছিল। আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত বহুতো মঠ-মন্দিৰ নিৰ্মান কৰা হৈছিল।দেৱ-দেৱীৰ মূৰ্তি, লতা, ফুল, জীৱ-জন্তৰ ছবি শিলত খোদিত কৰি বা পোৰা মাটিৰে তৈয়াৰ কৰি মঠ-মন্দিৰবোৰৰ গাত লগোৱাই ইয়াৰ আকৰ্ষন বৃদ্ধি কৰাইছিল। সেই যুগত নিৰ্মিত নাগ-শংকৰ মন্দিৰ, জয় দ’ল, শিৱ দ’ল বিঞ্চু দ’ল, নাতি গোসাঁই দ’ল, দেৱীঘৰ, শ্ৰীসূৰ্য আৰু গণেশৰ ঘৰ আদৰ ভাস্কৰ্যত স্বকীয় বৈশিষ্ট্য পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা যায়। এই বিলাকৰ উপৰিও আট্টালিকা পকীঘৰ আদিৰ যোগেদি আহোমসকলৰ স্থাপত্যৰ নিদৰ্শন পাব পাৰি। গেইট চাহাবে গড়গাঁৱত নিৰ্মান কৰা অট্টালিকাটোৰ বিযয়ে কৈছিল-
The ornaments and curiosites with which the whole wood-work of the house id filled defies all description, no-where in the whole inhabited world will you find a house equal to it in strength, ornamentation and picture.
স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই গড়গাঁৱত কাৰেংঘৰ আৰু ৰংপুৰত তলাতল ঘৰ সঁজায় । এই ঘৰ দুটাত মাটিৰ সমতলৰ তিনিমহলা। ৰাজেশ্বৰ সিংহৰ আগতে অৱশ্যে ৰুদ্ৰসিংহই ৰংপুৰৰ তলাতল ঘৰৰ একাংশ আৰু কাৰেংঘৰ নিৰ্মান কৰায়।
আহোম যুগৰ স্থাপত্যৰ অন্য এটি নিদৰ্শন হ’ল শিলৰে তৈয়াৰ কৰা সাঁকোসমূহ, প্ৰকাণ্ড শিল কাটি কাটি নামদাং, দৰিকা, দিজৈ, ডিমৌ আদি নৈৰ ওপৰত শিলৰ সাঁকো নিৰ্মান কৰিছিল। সাঁকোৰ ওপৰিও গড়আলি, পুখুৰী আদি নিৰ্মাণৰ যোগেদিও আহোম যুগীয় স্থাপত্য শৈলীৰ প্ৰতিফলন ঘটিছে। বৰ্তমান কালতো অক্ষৰ অৱস্থাত থকা শিবসাগৰ, জয়সাগৰ, গৌৰীসাগৰ পুখুৰী, ৰাজগড়, নুমলীগড়, লাদৈগড়, চিন্তামনি গড়, ধোদৰ আলি, চেউনী আলি, নগা আলি, বৰফুকন আলি, আদিৰ্ ইয়াৰ স্বাক্ষৰ বহন কৰিছে। আহোম ৰজাসকলৰ মৌদাম প্ৰণালীও স্থাপত্য বিদ্যাৰ এক বিশেষ নিদৰ্শন। চাৰিওফালে টান কাঠেৰে নাইবা ইটাৰে গাঁথি গৰ্ভঘৰ সাজি তাৰ ওপৰত ইটা পাৰি কৰাল সানি মৈদাম নিৰ্মান কৰা হৈছিল। সৰ্বোপৰি ৰংপুৰৰ কাৰেংঘৰৰ পৰা গড়গাঁৱলৈ নিৰ্মান কৰা পকী সুৰঙ্গই টাই আহোম যুগৰ স্থাপত্যৰ উৎকৃষ্টাতাৰ প্ৰমান কৰে।
ৰজাঘৰীয়া প্ৰভাবত পুথি অলঙ্কাৰণ, চিত্ৰাকন আদি চিত্ৰকলাৰ যোগেদিও আহোম যুগৰ সংস্কৃতি সৌষ্ঠৱ বৃদ্ধি কৰা হৈছিল। সাঁচিপাত, তুলাপাত, পাটমুগাৰ কাপোৰ, গছৰ ছাল কাঠ বাঁহৰ পাট আৰু পোৰা মাটিৰ ভাস্কৰ্য ওপৰত চিত্ৰ অংকন কৰা হৈছিল। থলুৱা চিত্ৰশিল্পীৰ ওপৰত ৰাজ্যৰ বাহিৰৰ পৰা শিল্পী আনিও চিত্ৰ অঁকোৱা হৈছিল। সাঁচিপাতীয়া পুথিত বৰ্ণনা কৰা কথাৰ লগত সংগতি ৰাখি সাধাৰণতে চিত্ৰবোৰ অংকন কৰা হৈছিল। বানছেং, খৰিকা, মঙ্গল, কাইঠেং আদি আহোম জ্যোতিষ পুথিত প্ৰতীকধৰ্মী, চিত্ৰ দেখিবলৈ পোৱা যায়। ৰাজঘৰীয়া পৃষ্ঠাপোষকতাত অংকন কৰা পুথিৰ ভিতৰত হস্তীবিদ্যাৰ্ণৱ, গীত গোবিন্দ, আনন্দ লহৰী, ধৰ্ম পুৰাণ আদি উল্লেখযোগ্য। আহোম যুগৰ এই চিত্ৰাঙ্কন শৈলীৰ সম্পৰ্কত ডঃ মহেশ্বৰ নেওগে লিখিছে যে “আহোম শাসিত পূব অসমত এটি ধৰ্মৰিপেক্ষ চিত্ৰাঙ্কন কলা বৈশিষ্ট্য শাখাই গঢ়লৈ উঠিছিল”।
স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত নৃত্য-গীত চৰ্চাৰ যোগেদিও আহোম যুগৰ কৃষ্টি-সংস্কৃতিৰ ভঁৰাল টনকীয়াল কৰা হৈছে। নৃত্য-গীত বিষয়ত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ অৱদান লেখত ল’ৱলগীয়া। এইজনা ৰজাৰ সংগীতানুৰাগ অতি গভিৰ আছিল। ৰজাই নিজে ঠুংৰী, গজাল, টম্পা জাতীয় গীত ৰচনা কৰিছিল আৰু গাইছিলও। পৰৱৰ্তী কালত অৱশ্যে শিৱসিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ আদিয়েও গীত ৰচনা কৰিছিল। প্ৰায়বোৰ মন্দিৰৰ সন্মুখতে নাট মন্দিৰ সংযোজিত কৰি তাত নৃত্য গীত আৰ নাটক আদি অনুষ্ঠানৰ পৃষ্ঠপোষকতা কৰাৰ উপৰিও শাস্ত্ৰীয় সংগীতৰ ওস্তাদ বাহিৰৰ পৰা আনি ৰাজসভাত ৰাখিছিল আৰু থলুৱা লোকক সংগীত বিষয়ত বৈজ্ঞানিক শিক্ষা ল’বলৈ উদগনি দিছিল। সেইবুলি থলুৱা হাবিতলীয়া গীত-মাত ৰজাঘৰৰ দ্বাৰা অৱহেলিত হোৱা নাছিল। আহোম যুগতেই “মালতিা” শ্ৰেণীৰ গীতসমূহ সৃষ্টি হৈছিল। চিকণ সৰিয়হৰ গীত, নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত, ফুলকোঁৱৰৰ মণিকোঁৱৰ গীত আদিয়েই এই যুগত ৰচিত এনে গীতবোৰৰ ভিতৰত প্ৰধান। এইবিলাকৰ চৰ্চা অব্যাহত ৰাখিবলৈ ‘গায়ন বৰুৱা’ৰ অধিনত ঢুলীয়া, নেগেৰীয়া, মৃদঙ্গীয়া, তালোৱা, বীণোৱা, নাচনীয়াৰ পদ গোৱা আদিৰ খোল সৃষ্টি কৰিছিল। এনে বাদ্য যন্ত্ৰৰ উপৰিও বীণ, টোকাৰি, পেঁপা-গগণা আদিৰ অদিক প্ৰচলন হৈছিল। ৰজাৰ কাৰেংবোৰ আছিল নৃত্য-কলা চৰ্চা আৰু উৎকৰ্ষ সাধনৰ কেন্দৰ স্বৰূপ।
বিহুৰ অনুষঙ্গিক বাদ্য ঢোল আহোম যুগত বিশেষ প্ৰাধান্য লাভ কৰিছিল।ৰজা ভ্ৰমণত গ’লে আগে আগে ঢোল বজাই যোৱাটো ৰীতিত পৰিণত হৈছিল। তদুপৰি স্বৰ্গদেউ ৰুদ্ৰসিংহই গছৰ তলত বিহু মাতি আনি ৰংঘৰ চোতাল পোৱাইছিল হি। তেতিয়াৰ পৰা বিভিন্ন হুঁচৰি দলে ৰজাঘৰে-প্ৰজাঘৰে হুঁচৰি গোৱা নিয়ম প্ৰচলিত হ’বলৈ ধৰিলে। বিহু সংস্কৃতিৰ লগত ম’হ যুঁজৰ উপৰিও শেন যুঁজ, হাতী যুঁজ, আৰু অন্যান্য খেল-ধেমালি ৰাজ পৃষ্ঠপোষকতাত ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছিল। এইদৰে দেখা যায় যে, ৰজাঘৰীয়া আনুষ্ঠানিক স্বীকৃতিয়ে বিহু সংস্কৃতিক পৰৱৰ্তী কালত অসমীয়া জাতীয় উৎসৱত পৰিণত কৰিলে। আহোম স্বৰ্গদেউ সকলৰ ই এটা উৎকৃষ্ট সাংস্কৃতিক আৱদান।
টাই আহোমসকলৰ জীৱন-ধাৰণৰ পদ্ধতি তথা খাদ্য-সম্ভাৰেও আহোম যুগৰ সংস্কৃতিক পৰৱৰ্তী কীলত অসমীয়া জাতীয় উৎসৱত পৰিণত কৰিলে। আহোম স্বৰ্গদেউ সকলৰ ই উৎকৃষ্ঠ সাংস্কৃতিক অৱদান।
টাই আহোমসকলৰ জীৱন-ধাৰণৰ পদ্ধতি তথা খাদ্য-সম্ভাৰেও আহোম যুগৰ সংস্কৃতিক বিশেষভৱে প্ৰভাৱান্বিত কৰিছিল। টাই আহোমসকলৰ মূলতঃকৃষিজীৱি আছিল। কৃষিৰ লগত সেই সময়ত বাঁহৰ সংস্কৃতি বুলিও পৰিচিত। কাৰণ ঢাপমাৰি বাৰীপতা আৰু বাঁহেৰে জেওৰা দি খেতি-বাতি কৰা পদ্ধতিটো টাইসকলৰে অৱদান। সেইদৰে বাঁহেৰে ঘৰসঁজা, বাঁহৰ কাঠী-কামীৰে ঘৰুৱা সা-সঁজুলি, তাঁতশলৰ সঁজুলি, মাছমৰা সঁজুলি আদি তৈয়াৰ কৰা প্ৰথাও আহোম সকলৰহে, তেওঁলোকে বাৰীত বিভিন্ন জাতৰ কল-কুঁহিয়াৰ, তামোল-পাণ, আম-কঠাল, টেঙা-টুকুচা, লেটেকু-পনিয়ল আদিৰ খেতি প্ৰচুৰ পৰিমাণে কৰিছিল। মুগা পোহাটো টাই আহোমসকলৰ পৰস্পৰা আছিল। গতিকে মুগা পুহিবলৈ, চোম, মেজাঙ্কৰী, এৰা, নুনি আদি গছৰো খেতি কৰিছিল ।আহোমসকলে ইয়ালৈ আহোতে আহোম বগৰী, নৰা বগৰী, আহোম শলী ধান আদি বহুতো কৃষিজাত সামগ্ৰী লৈ আহিছিল। আহোম ৰজাসকলৰ সমাদৰৰ কাৰণেই তামোল পানকে ধৰি এনেধৰণৰ বিভিন্ন কৃষিজাত দ্ৰব্য আহোম যুগৰ সংস্কৃতিৰ অপৰিহাৰ্য হৈ পৰিছিল।
এই বিলাকৰ উপৰিও আহোমসকলৰ খাদ্য-সম্ভাৰেও আহোম যুগৰ কৃষি সংস্কৃতিত নতুন উপাদানৰ সংযোজন কৰিছিল। অন্যান্য টাই লোকৰ দৰেই আহোম সৰ্বভক্ষক আছিল। কুকুৰা, হাঁহ, ছাগলী, মাছ-কাছ, কেঁকোৰা-কুঁচিয়া, বৰভেকুলা, জিলি, মুগা লেটা আদি সকলো খাইছিল। কোনো কোনোৱে গৰু, ম’হ, কুকুৰ আদি জন্ত উৰ্ছগা কৰি বিভিন্ন দেৱ-দেৱীক পুজিছিল। দৈনন্দিন আহৰৰ লগত মাটিমাহ, কচু, কচুলতি, ঢেকীয়া, মেটেকা, মেজেঙা, নেফাফু, চেংমৰা, নলটেঙা, টংলতি, মাটি কান্দুৰি, ভেদাইলতা, মানিমুনি, মচন্দৰি, মধুৰী, তেজমৈ, তিতাকচি, শোকোতা, ঔ-টেঙা আদি বিভিন্ন ধৰণৰ বনৰীয়া গছ-বন, লতা-পাত আঞ্জা কৰি ৰজাঘৰে, প্ৰজাঘৰে ব্যৱহাৰ কৰা হৈছিল। তদুপৰি খৰিচা, শুকতি, শুকান মাছ, পাণীটেঙা, কলডিল, পচলা আদি আহোমসকলৰ প্ৰিয় খাদ্য আছিল। চাউলৰ পৰা বহু ধৰণৰ জলপান তৈয়াৰ কৰা হৈছিল। “হুৰুম” নামৰ জলপান টাই আহোমৰ বাহিৰে অন্যলোকে কৰিব নেজানিছিল।সান্দৰ, বৰা সান্দৰ, ভাপত দিয়া পিঠা, চুঙা চাউল আদি আহোমসকলৰ সন্মানীয় খাদ্য আছিল। এইবিলাক খাদ্যৰ উপৰিও ভাতৰ লগত বিশেষ ‘দৰব’ সানি ‘নামলাও’ তৈয়াৰ কৰিছিল। পিঠাৰ লগত বিভিন্ন বনৰীয়া গছ-লতা, বন আৰু জালুক মিহলি কৰি ‘নামলাও দৰৱ’ তৈয়াৰ কৰাৰ পদ্ধতি অতি চমৎকাৰ। সকাম-নিকাম, উৎসৱ-পাবৰ্ণও নামলাও দৰৱ আছিল অপৰিহাৰ্য। আলহী-অতিথিক নামলাওৰে শুশ্ৰষা কৰাতো ৰীতিত পৰিণত হৈছিল। নামলাও দৈনন্দিন ব্যৱহাৰ্য বস্ত আছিল বাবেই সম্ভৱ আহোম ৰাজত্ব ছশ বছৰীয়া বুৰঞ্জীত ক’তো মদাহী মতালামিৰ কথা উল্লেখ নাই। এইদৰে দেখা যায় য়ে, আহোমসকলৰ খাৱন-বোৰন ৰীতি-নীতিয়ে আহোম যুগৰ সংস্কৃতিক প্ৰভাৱন্বিত কৰিছিল।
আহোম যুগৰ সংস্কৃতিৰ উৎকৰ্ষ সাধন কৰাৰ অন্য এটি উপাদান হ’ল আহোমসকলৰ বিভিন্ন ধৰণৰ সাজ-পাৰ, আ-অলংকাৰ আৰু পিন্ধন-উৰণৰ ৰীতি। পিন্ধন-উৰণৰ ক্ষেত্ৰত ৰজাঘৰীয়াৰ মান-মৰ্যদাৰ প্ৰশ্ন জড়িত হৈ আছিল।শ্ৰেণা অনুহৰি সকলো বিষয়াৰ বাবে সাজ-পাৰ নিৰ্ধাৰণ কৰি দিয়া হৈছিল। পূৰ্বতে আহোমসকলে ক’লা চুৰীয়া ক’লা মেখেলা আৰু কলা ৰঙৰ গা-চুটি, হাত দীঘল চোলা পিন্ধিছিল। চুকাফাৰ দিনত ‘বচোৱাল টঙালী’ আৰু মূৰত ‘পখৰৌ’ মৰিছিল। মুনিহ-তিৰোতা উভয়ে মূৰত কাপোৰ ব্যৱহাৰ অধিক জনপ্ৰিয় আছিল। ৰজাঘৰৰ বাবে মুগা কাপোৰ তৈয়াৰ কৰিবলৈ ৰজাঘৰীয়া চোমনিত মুগা পোহা হৈছিল। সেই সময়ত শাড়ীৰ প্ৰচলন নাছিল। তিৰোতাসকলৰ নিজা সম্পতি। তেওঁলোকৰ পৰাহে অন্য তিৰোতাই পাছত ব্যৱহাৰ কৰিবলৈ শিকিছিল। বিবাহৰৰ পাছত আহোম তিৰোতা সকলৰ নিজা সম্পত্তি। তেওঁলোকৰ পৰাহে অন্য তিৰোতাই পাছত ব্যৱহাৰ কৰিবলৈ শিকিছিল। বিবাহৰ পাছত আহোম তিৰোতাই মুৰত ওৰণি নলৈছিল আৰু শিৰত সেন্দুৰৰ ফোঁট লোৱা ৰীতিও তেওঁলোকৰ মাজত নাছিল। চুলিৰে নেঘেৰী, কলডিলীয়া, ঘিলাচকলীয়া খোপা বান্ধিছিল। আ-অলঙ্কাৰ আৰু সাজ-পাৰত ফুলবাছি জাক-জমকীয়া কৰি তথা পিন্ধন-উৰণৰ আৰ্হি অনোৱাইছিল আৰু লগতে থলুৱা জনগোষ্ঠী সমূহৰ আৰ্হিত তৈয়াৰ কৰা বিভিন্ন প্ৰকাৰৰ সাজ-পোচাকক ৰাজকীয় মৰ্যদা সহকাৰে ৰজাঘৰত ব্যৱহাৰ কৰিছিল। তদুপৰি প্ৰজাকো তেনে সাজ-পোচাক পৰিধান কৰিবলৈ উৎসাহিত কৰিছিল।
সাজপাৰৰ দৰে আহোম যুগত বিভিন্ন প্ৰকাৰৰ অলংকাৰ ব্যৱহাৰ কৰা হৈছিল, যি বিলাক পৰৱৰ্তী কালত অসমীয়া গহনা হিচাপে পৰিচিত হৈছিল। পুৰুষতকৈ তিৰোতাৰ অলংকাৰৰ পৰিমাণ অধিক আছিল। ৰজা অলংকাৰৰ ভিতৰত আছিল সোণৰ পাতত হীৰা পান্না, পদ্মৰাগ আদি, মুকুতাৰ মালা, মকৰ কুণ্ডল, হংস কুণ্ডল, বিবিধ ৰাজু কংকণ, খাৰু আঙঠি, কীৰিটি মুকুট, কল্কি, গেৰেলা ইত্যাদি। আহোম যুগতেই জোনবিৰি, ঢোলবিৰি, মাদলি, পোৱালমণি, দুগদুগী, গেজেৰা, বানা, সোণৰ আঙঠি, জাংফাই, কেৰু, লটকন, সোণৰ থুৰীয়া খাৰু, আদি অলংকাৰ প্ৰজাৰ মাজতো বহুলভাবে প্ৰচলন হৈছিল।এইবিলাকৰ উপৰিও আহোমসকলে দৈনন্দিন ঘৰুৱা কামত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ আছিল এনে ধৰণৰ জাপি, ঢৰা, পীৰা, তামুলী পীৰা, কাঁহী, বান কাঁহী, সৰু বাতি, বৰবাতি, হাতীখুজীয়া বাতি, বান বাতি, ঢৌ, মটং চৰিয়া, লোটা, কলহ, ম’খা, শৰাই সঁফুৰা, বটা, টেমী, কটাৰী হেংদান আদি। এই শিল্পজাত বস্তসমূহ আহোম যুগৰ জন-জীৱনৰ প্ৰতিক হৈ পৰিছিল। গতিকে দেখা যায় আহোমসকলৰ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী, সৌদন্দৰ্য চৰ্চা আৰু প্ৰসাধন ৰীতিৰে আহোম যুগৰ সংস্কৃতিক স্বকীয় বৈশিষ্ট্য প্ৰদান কৰিছিল।
আহোম যুগৰ সংস্কৃতিয়ে প্ৰভাৱান্বিত কৰা অন্য এটি দিশ হ’ল আহোমসকলৰ সামাজিক শৃঙ্খলা। পুৰুষৰ সৈতে নাৰীক সমাজত সম-মৰ্যদা দিয়া হৈছিল। নাৰীয়ে আনকি ৰাজকাৰ্যতো অংশ ল’ব পাৰিছিল। আহোম যুগত অসবৰ্ন বিবাহ আৰু বহু বিবাহ প্ৰচলন আছিল। আহোম চুতীয়া, কোঁচ-কছাৰী, মৰাণ, মটক, বৰাহী আদি জাতিৰ মাজত মুকলিকৈ বিয়া-বাৰু হৈছিল। বিধৱা বিবাহৰ কোনো বাধা নাছিল। আহোম সমাজত যৌন অপৰাধ অতি কঠোৰ আছিল। এনে অপৰাধীক সমাজচ্যুত কৰা হৈছিল। আহোম সকলৰ বংশ চেতনা আছিল বৈশিষ্ট্যপূৰ্ণ। আহোমৰ সকলো খেলৰ মাজত বিয়া-বাৰু হ’ব নোৱাৰিছিল। যেনে বুঢ়াগোহাঁইয়ে- বুঢ়াগোহাঁইয়ে, মহন-মহনে, দেওধায়ে-দেওধায়ে, বাইলুঙে-বাইলুঙে, এনে মেলৰ চেতিয়াই-চেতিয়াই, ৰাজকোঁৱৰে-সন্দিকৈয়ে বিয়া হোৱাত , সামাজিৰ বাধা আছিল। বিয়া-বাৰুৰ ক্ষেত্ৰত এনে ৰীতি আজিও বহুতো আহোমে মানি চলা দেখা যায়। আহোমসকলৰ আন এটা বৈশিষ্ট্যপূৰ্ণ পৰস্পৰা হ’ল পুৰুষানুক্ৰমে বংশৰ ডাঙৰ-সৰু তেওঁলোকে মানি চলাতো। ডাঙৰ-সৰু নিৰ্দ্ধাৰণৰ মাপকাঠি বয়স নহয় বংশ বা পৰিয়ালহে। সৰু পৰিয়ালৰ সতি-সন্ততি বয়সৰ ডাঙৰ হলেও ডাঙৰ পৰিয়ালৰ সতি-সন্ততিতকৈ সৰু হয়। আহোম সকলৰ এনে ধৰণৰ সামাজিক শৃংখলাই আহোম যুগৰ জন-সংস্কৃতিত নিশ্চয় প্ৰভাত পেলাইছিল।
এই আলোচনাৰ আৰম্ভণিতে উল্লেখ কৰা হৈছিল যে, আহোমসকলে জাতিভেদ প্ৰথা নামানিছিল। কোনো জাতিকে অস্পৃশ্য জ্ঞান নকৰিছিল আৰু সকলো জাতি-উপজাতিকে নিজৰ কৰি লৈ এক বৃহৎ অসমীয়া জাতি গঠনত আত্মনিয়োগ কৰিছিল। নিজৰ সাংস্কৃতিক অৱদানেৰে আহোম স্বৰ্গদেউসকলে সকলো থলুৱা লোকৰ সহযোগত এক মহান সমন্বয়ৰ সংস্কৃতি গঢ়ি তুলিছিল। ইয়াৰ মূলতে আছিল স্বৰ্গদেউ সকলৰ উদাৰ দৃষ্টিভংগী আৰু সংস্কৃতিক সহিঞ্চুতা। কিন্ত দুৰ্ভাগ্যবশতঃ স্বৰ্গদেউ সকলৰ হিন্দু ধৰ্মৰ সংস্পৰ্শলৈ অহাৰ পিছৰে পৰা জাত-পাত চেতনাই সম-সামৰিক সমাজত গা কৰিবলৈ আৰম্ভ কৰে। ভৰতীয় সমাজত যদিও ব্ৰাক্ষ্মণৰ স্থান সকলোতকৈ ওপৰত, আহোম যুগত অসমত কিন্ত গোসাঁইসকলৰহে মৰ্যদাগত স্থান ওপৰত আছিল। ব্ৰক্ষ্মণৰ একাধিপত্য প্ৰতিষ্ঠা কৰিবৰ বাবেই শংকৰ-মাধৱকে আদি কৰি গোসাঁই সকলৰ বিৰুদ্ধে কোঁচ আৰু আহোম ৰজাক প্ৰৰোচিত কৰা হৈছিল। সেয়ে ৰুদ্ৰসিংহৰ দিনলৈকে মহন্তসকল কেইবাবাৰো লাঞ্চিত হৈছিল। শিৱসিংহৰ দিনত অৱশ্য ব্ৰাক্ষ্মণৰ দিন ভাললৈ আহিছিল। পৰ্বতীয়া গোসাইৰ প্ৰচেষ্টাত ব্ৰাক্ষ্মণে সামাজিক মৰ্যদা লাভ কৰিবলৈ সক্ষম হয়।
ব্ৰক্ষ্মাণৰ চকুত অন্যান্য সকল শূদিৰত পৰিণত হ’ল আৰু কালসংহতি সত্ৰসমূহত জাতি চেতনা একে ‘গুৰুঘৰৰ দাস’ লৈ ৰূপান্তৰিত হল। সেই সময়তে পুৰুষ সংহতি, নিকা সংহতি, ব্ৰক্ষ্ম সংহতি আৰু কাল সংহতি সত্ৰসমূহ ভাগ কৰা হয়। লগে লগে আদৰ্শগত কাৰণত সামাজিক বৈশম্যও আৰম্ভ হয়। সত্ৰ সমূহৰ স্বকৃতিত ৰজাঘৰীয়া শ্ৰেণী বিভাজন থকাত শিষ্যৰ মাজতো তাৰ প্ৰভাব পৰে। মোৱামৰীয়া বিদ্ৰোহৰ পাছৰ পৰা গুৰু-গোসাঁই অনুসৰি শিষ্যৰ ভকতৰ মাজত অস্পৃশ্যতা আৰম্ভ হয়। ‘সংহতি’ সমূহৰ মাজত ‘মলাজপীয়া’ আৰু ‘ভিতৰপকীয়া’ আদি বহু শাখা-প্ৰশাখা সৃষ্টি হয়। গোসাঁয়ে শিষ্যৰ হাতে খালে জাত যোৱা হ’ল। মাক-বাপেকে জীয়েক-জোঁৱায়েকৰ ঘৰলৈ গৈয়ো ঢৌ-খুটি মাৰি ৰান্ধি খাব লগা পৰিস্থিতি উদ্ভৱ হল। এইদৰে দেখা যায় ৰজাঘৰে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছৰ পৰাই ব্ৰাক্ষ্মণ, কায়স্থ, কলিতা, কেওট, কোঁচ, কছৰী, আহোম আদি শ্ৰেণী বিভাগ সমূহ আৰু প্ৰকট হ’বলৈ ধৰিলে। যাৰ ফলত সৃষ্টি হল বিভেদ অনৈক্য অধঃপতন আৰু অমানবীয়তা। এই ক্ষেত্ৰত অধ্যাপক, লীলা গগৈৰ এষাৰি মন্তব্য প্ৰণিধানযোগ্যঃ “আহোম সকলে ধৰ্মীয় শাখা-প্ৰশাখাৰ মাজত নিজকে সুমুৱাই জাতীয় ঐক্য বিনষ্ট কৰিলে। জাতিভেদ নমানা সকলো ধৰ্মকে নিজৰ নিজৰ আদৰ্শৰে বিকশিত হবলৈ অনুমতি দিয়া জাতিটো ক’ব নোৱাৰাকৈয়ে ছিন্ন ভিন্ন হৈ পৰিল। ৰজা আনুগত্যতকৈ গুৰুৰ আনুগত্য ওপৰ উঠিল। একে বংশৰ মানুহ বিভিনিন উপশাখাৰ মতবাদৰ বিশ্বাসী হৈ নিজৰ ভিতৰতে অস্পৃশ্য হৈ পৰিল। ধৰ্মীয় সংহতিয়ে জাতীয় সংহতি বিনষ্ট কৰিলে। বৈঞ্চৱ আদৰ্শৰ অহিংসাই শক্তিহীন কৰিলে ৰজাঘৰক, বীৰ্যহীন কৰিলে প্ৰজাক”।
উপৰোক্ত আলোচনাটিৰ পৰা আমি নিশ্চয় কব পাৰো যে আহোম স্বৰ্গদেউসকলৰ প্ৰভাৱত আহোম যুগত এক স্বকীয় বৈশিষ্টৰে মহান সমন্বয় সংস্কৃতিৰ আধাৰত গঢ়ি উঠা আহোম সংস্কৃতিয়েই পৰৱৰ্তী কালত অসমীয়া সংস্কৃতি হিচাবে পৰিগণিত হৈছিল। তৎস্বত্তেও এই কথা অনস্বীকাৰ্য যে, ৰজাঘৰীয়া পৃষ্ঠপোষকতাতজীপ লৈ উঠা ধৰ্ম্মীয় সংস্কৃতিতেই সমন্বয় সংস্কৃতিৰ অনৈক্য বীজও ৰূপিত হৈছিল যাৰ প্ৰভাৱ অসমীয়া সমাজত সুদূৰ প্ৰসাৰী হল। সাম্প্ৰাতিক কালত জাতিগত বিভেদ আহোম যুগত প্ৰতিষ্ঠিত সমন্বয়ৰ সংস্কৃতিৰ ভেটিটোক যে কঁপাই তুলিছে এই কথা নিশ্চয় কাৰোৱে অবিদিত নহয়।