তাই শিক্ষাৰ এক চমু অৱলোকন ✍ নাং দৃষ্টি গগৈ

১২২৮ খ্ৰীঃত পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰবেশ কৰা ৬০০ বছৰীয়া আহোম সকলৰ ৰাজত্ব বুৰঞ্জী বিৰল। আহোম ৰাজ্যৰ প্ৰথমজন প্ৰতিষ্ঠাপক চাওলুং ছ্যু-কা-ফাই নতুন ৰজ্যৰ স্থাপনৰ লগতে কলা সংস্কৃতি সভ্যতাৰ মেটমৰা সম্ভাৰ লগত লৈ আহিছিল। তাই আহোম সকলৰ যি ৰীতি-নীতি কলা-সংস্কৃতি সেয়া বৰ্তমান সময় পৰ্যন্ত অটুট আছে।
কোনো এক যুগৰ সভ্যতা সংস্কৃতি বিকাশৰ মূল উপাদান হ’ল শিক্ষা। শিক্ষাৰ দ্বাৰাহে ৰজনৈতিক অৰ্থনৈতিক সামাজিক প্ৰতিটো দিশৰ উন্নতি সাধন কৰি সভ্যতা সংস্কৃতিক উচ্চ শিখৰলৈ উপনিত কৰিব পাৰি। বৰ্তমান সময়ত যিদৰে নাৰী শিক্ষা বহল প্ৰচলন হৈছে ঠিক তেনেদৰে তাই আহোমৰ ৰাজত্ব কলতো নাৰী শিক্ষাৰ প্ৰাসংগিকতাক নুই কৰিব নোৱাৰি। সেই সময়তো নাৰী শিক্ষা এক অবিচ্ছেদ্য অংগ আছিল। সেই সময়ত পুৰণি গড়গাওঁ আৰু ৰংপুৰেই অসমীয়া ভাষা, সাহিত্য, বুৰঞ্জী, অৰ্থনীতি, ৰাজনীতি আদি বিকাশৰ কেন্দ্ৰস্থল আছিল। সেই যুগৰ সভ্যতা সংস্কৃতিৰ আঁৰিয়া ধৰিছিল শিক্ষাই। এই দুয়োটাই আৰু ইয়াৰ অধ্যুষিক অঞ্চলত সেই সময়ত গঢ়ি উঠা শিক্ষা চৰ্চ্চাৰ উৎস বহু প্ৰকাৰে পাব পাৰি। বুৰঞ্জী, সাঁচিপতীয়া পুথি, পেৰা কাকত লাখুটিৰ বুৰঞ্জী, কাঠিৰ বুৰঞ্জী, মুগা কাপোৰৰ লেখনি, ভোজ পত্ৰ শিলৰ ফলি মুদ্ৰা, দল দেৱালয়ৰ লেখনি ইত্যাদি নথি পত্ৰৰ পৰা সমসামৰিক শিক্ষা ব্যৱস্থাৰ কথা জানিব পাৰি। গেইট চাহাবে উল্লেখ কৰামতে দিবং নাৰ পাৰত কালাঘন চাহাবে উদ্ধাৰ কৰা মিচিমি সকলক স্বৰ্গদেউ চুহুংমুঙে কৰ কাটল দিবলৈ বাধ্য কৰোৱা ফলি, পিংগলেশ্বৰ দেৱালয়ত একেজন স্বৰ্গদেৱে মাটি দানৰ ফলিৰ কথাৰে শিক্ষাৰ জগতৰ কিছু কথা অৱগত হয়। পেৰা কাকতত চাওফা সকলৰ মাটি জৰিপ, দেবোত্তৰ, ধৰ্ম্মোত্তৰ মাটিৰ সবিশেষ বিবৰণীৰ উল্লেখ সমসাময়িক শিক্ষা ব্যস্থাৰে সন্ধান দিয়ে। দেভিদ স্বাট চাহাবে এই পেৰা কাকত গুৱাহাটীৰ সদৰ কাৰ্য্যালয়ত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল বুলি জনা যায়।
পুৰণী গড়গাওঁ আৰু ৰংপুৰৰ শিক্ষা সংস্কৃতি অনুধাৱন কৰিলে দেখা যায় যে ৬০০ বছৰীয়া ৰাজত্ব কালত যদিও প্ৰথমজন আহোম ৰজা চাওলুং ছু-ক্য-ফা সৰ্বদিনৰ শ্ৰেষ্ট শাসক সংগঠক আছিল। তথাপিও দ্বিতীয় জন চাওফা চু-হুং-মুংৰ ৰাজত্ব কলতেই আহোম ৰাজত্বৰ সোনালী সময় আছিল। এইজন ৰজা দিনতেই আহোম ৰাজ্যৰ পৰস্পৰা পদ্ধতিত চলিথকা তাই ভাষা শিক্ষাৰ লগতে অসমীয়া ভাষাই ৰাজ্যভাষা হিচাপে স্বীকৃতি পাইছিল। তাই ভাষাৰ সমান্তৰাল হিছাবে অসমীয়া ভাষাৰ সৃষ্টি হৈ গড়গঞা লিপিৰ সৃষ্টি হোৱা অন্য অক উল্লেখনীয় দিশ বিকশি উঠিছিল। গড়গঞা লিপিৰ নিজা বৈশিষ্ট্য আৰু গড়গঞা কথাৰ ঠাচ ৰাজ্যৰ পুৰুষ আৰু নাৰীৰ মাজত সদৰি হোৱা কথা নুই কৰিব নোৱাৰি। কম কথাৰে সৰহ অৰ্থ প্ৰকাশ কৰা অসমীয়া ভাযাৰ গড়গঞা ঠাচ। এনে ঠাচ আছিল তাই ভাষাৰ গতিকে তাই ঠাচ অসমীয়া ভাষাতো পৰিল। গড়গঞা ঠাচৰ আৰ্হি আধুনিক অসমীয়া শিক্ষা সংস্কৃতি মৰহি নোযোৱাকৈ বৰ্ত্তি আছে।
চাওফা চুহুংমুংৰ সময়ত অসমীয়া ভাষাই ৰাজ্য ভাষাৰ স্বীকৃতি পোৱাত সেই কালৰ ‘অসম’ দেশত বাস কৰা প্ৰতি জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্য বিনাশ নঘটাকৈয়ে উদ্ভৱিত অসমীয়া ভাষা সাৰ্ব্বজনীন ৰূপত অধিককৈ বিকাশ হৈ প্ৰচাৰ আৰু প্ৰসাৰতা লভিলে। আহম দেশৰ সকলো জনগোষ্ঠীৰ প্ৰাণৰ উমত গঢ়ি উঠা অসমীয়া ভাষাই উমহতীয়া ভাষা হিচাবে পৰিগণিত হোৱাত প্ৰতি জনগোষ্ঠীৰ অৰিহনাৰ লগতে শব্দক সম্ভাৰে ভাষাৰ বৰভৰাল উপচাই তুলিলে। তাই আহোমসকলৰ ‘ম্যুং-দুন্-চুন্-খাম’ৰ নামো থলুৱা সকলৰ ভাষাৰে আহমৰ পৰা আসাম আৰু শেহত অহম হৈ ৰল। আচলতে অসম আৰু অসমীয়া ভাষাৰ মৌলিক দান চাওফা সকলৰ। চাওফা সকলেই অসম নামৰ বুনিয়াদ গঢ়ি অসমীয়া জাতি গঢ়িলে। অসমীয়া ভাষা উৎপত্তি স্থল উজনিৰ ৰংপুৰ অধ্যুৰিত অঞ্চলতেই আৰম্ভনী। ৰংপুৰেই শিৱসাগৰ। শিৱসাগৰ আৰু লখিমপুৰেই অসমীয়া ভাষা জন্ম প্ৰসূতি গৃহ। অসমীয়া ভাষা শিক্ষাৰ বোঁৱতী সুঁতি আৰু আগবাঢ়ি গল। আহোম চাওফা সকলে হিন্দু ধৰ্ম গ্ৰহন কৰি পশ্চিম সংস্কৃত ভাষাৰ প্ৰতি অনুৰাগী হৈ ব্ৰাক্ষ্মণ, গোঁসাই, মহন্তসকলক আনি ধৰ্মকাৰ্য্য আৰু শেহত ভাষা শিক্ষা বিস্তাৰত পোষকতা কৰোৱালে। গতিকে সংস্কৃত ভাষা শব্দ সম্ভাৰ, শিক্ষাৰ শৈষিক পৰিবেশ আৰ্য্যকৰণ ৰূপত শিকিবলৈ অনুৰাগী সকলক উদগণি যোগালে। তাই ভাষা শিক্ষাহে পুৰণি আৰু গড়গাৱত অনুষ্ঠানিক শিক্ষাৰ ভেটি আছিল। অৱশ্যে অসমীয়া ভাষাই তাই ভাষাৰ সমান্তৰাল ৰূপত যেতিয়া ৰাজ্যৰ ভাষা হিচাবে স্বীকৃতি পালে তেতিয়াৰ পৰা উভয় ভাষাৰ শিক্ষানুষ্ঠান গঢ়ি উঠিল। তদুপৰি সংস্কৃত, পাৰ্চী আদি ভাষা শিক্ষাৰ আনুষ্ঠানিক কেন্দ্ৰত গঢ়ি উঠা পৰিলক্ষিত হ’ল। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত শেষলৈ সংস্কৃত ভাষাৰ টোল গঢ়ি উঠিছিল। তাই ভাষা চৰ্চ্চা পণ্ডিত সকলৰ একনিষ্ঠভাৱে চৰ্চ্চা আৰু অন্যতম গুণ আছিল। পণ্ডিত সকলে ভাষা চৰ্চ্চা আৰু শিক্ষাৰ বুনিয়াদ গঢ়িবলৈ অনেক প্ৰকাৰে উপায় অৱলম্বন কৰিছিল। পণ্ডিত সকলে সমবয়সীয় লোকসকলৰ লগত মূল পুথিৰ গৃঢ়াৰ্থ ভাঙি পৱিত্ৰ ত্ণ-ৰুং-ৰাই আৰু খা-ৰুং-ৰাইৰ(বড় আৰু আহঁত) গছৰ তলত নীৰবতাৰে পুথিৰ তত্ব জ্ঞান অনুজসকলক শিকাইছিল। তদুপৰি নিজ ঘৰৰ আছুতীয়া ঠাইত জ্ঞানৰ চৰ্চ্চা কৰিছিল।
তাই পণ্ডিত সকলে বছৰটোৰ বাবে মহী বা চিয়াঁহী কাতি মাহতেই উন্নত প্ৰক্ৰিয়াৰে নিয়ৰ পাণী স্পৰ্শিত আৰ্দ্ৰতাৰে মিশ্ৰিত সামগ্ৰীৰ মহীমগু প্ৰস্তত কৰিছিল। মিশ্ৰিত সামগ্ৰী তৈয়াৰত প্ৰস্তত কাৰীৰ ধৈৰ্য আৰু এক নিষ্টতাৰহে পৰিচয় বিকাশ উঠিছিল।
তাই আহোম পণ্ডিতে ভাষা শিক্ষা পুথি পঢ়া লেখা প্ৰক্ৰিয়াৰ শুভাৰম্ভতে জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী জাছিফাক যথা ৰীতিৰে পূজা পাতল দি বান ফাই(বন্তি প্ৰজ্বলন) জ্বলাইহে ৰু-লাই কৰি আৰম্ভ কৰিছিল। এনে প্ৰচেষ্টা সৰ্ব্বশক্তিমান জনৰ প্ৰতি সভক্তিৰ বিনে সম্ভৱ নহয়। পণ্ডিতসকলে শিক্ষাৰ্থী সকলক তাই ভাষা শিক্ষা দিয়াৰ লগতে তেওঁলোকক অভিধান মুখস্থ কৰোৱাইছিল আৰু মুখস্থ হলেই পুথি পঢ়িবলৈ অনুমতি দিছিল। এই পুথি সমূহৰ ভিতৰত ধৰ্ম শাস্থৰ “লিত বা পুথি” বুৰঞ্জী আৰু অন্যান্য পুথি পাজি অধ্যয়ন কৰিবলৈ দিয়া পৰস্পৰা ৰীতি আছিল। গতিকে সম্ভান্ত আহোমৰ ল’ৰা ছোৱালীয়ে বংশৰ বুৰঞ্জী আৰু দেশৰ সমসাময়িক বুৰঞ্জী জনা অপৰিহাৰ্য্য আছিল। তাই ভাষা শিক্ষা আৰু আক্ষৰিক জ্ঞান দানত এক প্ৰকাৰে আহোম সকলৰ মাজত বাধ্যতামূলক নিয়ম আছিল।
পুৰুষৰ লেখিয়াকৈ নাৰীসকলে আক্ষৰিক জ্ঞান কম পটু নাছিল। এক প্ৰকাৰে নাৰী সৰ্ব্বত্ৰ ব্যৱহাৰিক জ্ঞানৰ দক্ষতা আছিল। ঘৰৰ বাহিৰত, ভিতৰত নিজ নিজ মৰ্য্যদা অনুহৰি নাৰী সকলো কাম সমাধা কৰিছিল। ৰাজনীতি সমাজ নীতিৰে নাৰীৰ ভূমিকা আছিল। ৰাণী চাওচিং কুৱঁৰীয়ে আহোম যুগত নাৰীৰ অন্যতম আৰ্হী স্বৰূপ। এই গৰাকী ৰাণীযে ৰজাকো সু-পৰাসৰ্শ দি গড়গাও নগৰৰ চাৰিওবেৰৰ গড় মৰাই গড়গাওঁ থলি কৰা, দুই উধানৰ মাজত আৰু এক উধান বহুৱাই থলি বহুৱাব আৰ্হী দেখুৱাই দুই গোহাঞিৰ লগতে আৰু এজন গোহাঞিৰ পদ সৃষ্টি কৰি তিনি গোহাঞি কৰা উদাহৰণ দেখুৱাই যোৱা গুণ আছিল।পুৰুষ সকলে যেনেকৈ ব্যৱহাৰিক জীৱনৰ প্ৰত্যাহিক কৰ্মত ব্ৰতী আছিল তেনেকৈ নাৰী সকলো নিজৰ কামত ব্ৰতী আছিল বৰঞ্চ পুৰুষতকৈ নাৰী সকলৰ কাম বেছিহে আছিল।
এইদৰেই অসমীয়া ভাষাই তাই শিক্ষাৰ ভোটিটো সুদৃঢ় কৰিছিল।