তোমাৰ বুকুখন নৈ হৈ বৈছে ✍সত্যজিত গগৈ , চাচনী

বেলিয়ে জোনক বাত এৰাৰ বেলিকা
প্ৰেমৰ কৰণি ভৰাই তোলা
সেই নৈঘাটৰ কথা নকলোৱেইবা...
মৰ আঁউসীৰ ৰাতি
তোমাৰ স্পন্দিত বক্ষত
স্বপ্নময় নীলাভ দুহাতেৰে
তুমি সুখী হোৱাৰ কামনা...
মোৰ হেঁপাহৰ দিনৰ
কেঁচা মাটিৰ বেৰত
লিহিৰী আঙুলিৰ
সেন্দুৰীয়া আখৰেৰে
তোমাৰ দুচকুৰ তৰাং নদীৰ
পানী আঙুঠিৰ হাঁহি...
সেয়েহে ,
তোমাৰ বুকুখন নৈ হৈ বৈছে...