বিহু আৰু আহোম সকল ✍ চাও ঋতুৰাজ ফুকন নগাওঁ

বিহু অসমৰ জন-জীৱনৰ প্ৰধান উৎসৱ ॥ চত বহাগৰ দোমাহীত মহাবিষুৱ সংক্ৰান্তিত ব'হাগ বিহু , আহিন কাতি ৰ দোমাহীত জলবিষুৱ সংক্ৰান্তিত কাতি বিহু আৰু পুহ মাঘৰ দোমাহীত মকৰ বিষুৱ সংক্ৰান্তিত মাঘ বিহু উদ্যাপন কৰা হয়॥ এই বিষুৱ শব্দৰ পৰাই বিহুৰ উৎপত্তি বুলি পণ্ডিত সকলে মতপোষণ কৰে ৷
বিহুৰ উৎপত্তিক লৈ বিভিন্ন জনৰ বিভিন্ন মত - প্ৰফুল্ল দত্ত গোস্বামী দেৱৰ মতে বিষুৱ শব্দৰ লগত বিহু জডিত়় ॥ লীলা গগৈয়ে অসমৰ সংস্কৃতি গ্ৰন্থত বিহু ৰ উৎপত্তি অষ্ট্ৰিক সংস্কৃতিৰ পৰা বুলি উল্লেখ কৰিছে ॥
ঋতু পৰিবৰ্তনৰ সময় অনুসৰি বহাগ বিহু কৃষিৰ লগত ,কাতি বিহু উৎপাদন বৃদ্ধিৰ লগত আৰু মাঘ বিহু শস্য সংগ্ৰহৰ লগত জডি়ত ॥
বিহু অসমীয়া জাতিৰ উৎস , বিহুৰ জন্ম , বিকাশ , আৰু ইয়াৰ অগ্ৰগতিত আহোম সকলৰ প্ৰভাৱ দেখা যায় ॥ সাংস্কৃতিক দিশৰ পৰা চালে আহোম সকলে অসমত এক নতুন সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰে আৰু সমন্বয়ৰ প্ৰক্ৰিয়াৰে বৃহৎ অসমীয়া জাতি গঢি় তোলে ॥
আহোম সকলে ধৰ্মীয় ৰীতি নীতি ,আচাৰ ব্যৱহাৰ আৰু নিজস্ব পৰম্পৰা অটুট ৰাখি বিহু পালন কৰি আহিছে ॥
বহাগ বিহুক লীলা গগৈয়ে সাত বিহু যেনে - গৰু বিহু , মানুহ বিহু, হাত বিহু , চেনেহী বিহু , মাইকী বিহু , ৰঙালী বিহু , আৰু চেৰা বিহু নামেৰে উল্লেখ কৰিছে ॥
আহোম সকলে বহাগ বিহুক পয় ৰাঙ্ বিচু , পয়হু আৰু পিহু বোলে ( ড° সুখ বৰুৱা বাইদেউৰ আহোম সকলৰ উৎসৱ -অনুষ্ঠান গ্ৰন্থ মতে) পয় - উৎসৱ , ৰাঙ্ - গা , বি - আধ্যাত্মিক , চু - শক্তি , অথাৎ আধ্যাত্মিক ভাবে শক্তিৰ উপাসনা কৰা , পয় হু হ'ল - পয় - উৎসৱ , হু - গৰু অথাৎ গৰুক আদৰ সন্মান কৰা উৎসৱ |
গৰু বিহুৰ দিনা এশ এবিধ শাক ৰান্ধি খোৱা ,কণীযুজঁ , কডি়খেল , পৰুৱাৰটোপ , আৰু গাহৰি মাংস খোৱাটো আহোমসকলৰ পৰম্পৰাগত নিয়ম
আহোমসকলে বহাগ বিহুত উপৰিপুৰুষক শ্ৰদ্ধা তৰ্পন কৰাত হে বেচি গুৰুত্ব দিয়ে | গৰু বিহু পালন কৰাৰ পাছত আহোম ডাম্ দেৱতা সকলক পূজা আগবঢা়ই | এই ডাম দেৱতা সকল হ'ল - ঘাই ডাম্ , চিৰেণ ডাম্ , জাকৰুৱা ডাম্ , আৰু ন-ডাম্ |
ৰঙালী বিহুৰ আন এটা আকৰ্ষণীয় অনুষ্ঠান হৈছে গছৰ তলত গাভৰুসকলে উদযাপন কৰা ছেঙ্ নাঙ্ বিহু | ছেঙ্ - মানে আদৰ্শ আৰু নাঙ্ মানে হৈছে গাভৰু | আহোম নাঙ্ সকলে বিহুক আদৰ্শ আৰু কলা হিচাবে ব্যৱহাৰ কৰিছিল | এই ছেঙ্ নাঙ্ শব্দৰ পৰাই বৰ্তমানৰ জেঙ্ বিহু ৰ উৎপত্তি হয় |
ছেঙ্ নাঙ্ বিহু ৰ এটি গীত --
অ' ছেঙ নাং টি না মৌ আ পাই খুন
অ' ছেঙ নাং টি ৰুম ৰাও ডিন চিত চাম
অ' ছেঙ নাং টি নাম টি মৌ ছম খাও
অথাৎ
অ' চেনাই তোমাৰে পথাৰত
অ' চেনাই হালে বাম শাওনত
অ' চেনাই তুমি ৰুইয়ে যাবা ধান |
মাঘ বিহু আহোম সকলৰ মাজত মাইজী বা মেজীপুৰা উৎসৱ ৰূপে পৰিচিত | মাই - বাহঁ বা কাঠ , জী - দৌল , অথাৎ মাইজী হ'ল - বাহঁ বা কাঠৰে দৌল সাজি জূই দিয়া উৎসৱ | টাই ভাষাত ইয়াকে পয় ফাই মাই বিথুক থাও নামেৰে জনা যায় | মাঘৰ বিহুক আহোম সকলে ভোগৰ উৎসৱ ৰূপে পালন কৰে কাৰণ এই সময়ত পথাৰৰ ধান ঘৰলৈ অনা হয় ॥ ব'হাগ বিহুৰ দৰে মাঘ বিহুটো আহোম লোক সকলে উপৰিপুৰুষ সকলক পূজা আগবঢ়াই আৰু দিনজোৰা কাৰ্যসূচীৰে জন্তুৰ যুঁজ আৰু বিভিন্ন ধৰণৰ খেল ধেমালী আয়োজন কৰিছিল | এই খেল ধেমালীয়ে বৃহৎ অসমীয়া জাতি গঠনত সহায় কৰিছিল |
ব'হাগ আৰু মাঘ বিহুৰ দৰে কাতি বিহুও কৃষিৰ লগত জডি়ত ৷ খেতি ভাল হবৰ কাৰণে এই বিহুত বিবিধ ধৰণৰ নীতি নিয়ম পালন কৰা হয় | কাতি বিহুত আহোম পৰম্পৰামতে পালন কৰিবলগীয়া বিশেষ একো নিয়ম নাই | আহোম সকলে কাতি বিহু অতি সাধাৰণ ভাৱে পালন কৰে | এই বিহুত ৰঙালীৰ ৰং আৰু ভোগালীৰ ভোগ দেখা নাযায় ॥ তুলসীৰ তলত , ভঁৰালত , পথাৰত চাকি দি শস্য ভাল হবলৈ প্ৰাৰ্থনা কৰা হয় |