"ব'হাগ, মাঁথো প্রেৰণা জীৱনৰ" ✍ পৰাগজ্যোতি বাঢ়ৈ

এইযে বসন্তৰ সেউজ ৰং সানি ব'হাগ আহে,
সেই ব'হাগ হেনো 
মাঁথো প্রেৰণা জীৱনৰ |
.
এৰা, ঘুকুটিয়াই ঢুকি নোপোৱা সেই এখুজীয়া অতীতৰ পৰাই দেখি আহিছো 
ব'হাগৰ উচাহ,
.
আৰু দেখিছো
.
ঢাপৰ মৰুৱা ফুলৰ সৌগন্ধত ব'হাগৰ খোঁজ বিচৰা ককাইদেউতাৰ উদং বুকুৰ ৰঙালী প্রীতি,
.
ব'হাগ আহিলেই
দীঘল দীঘল সময়বোৰ চুটি হয় তাঁতৰ শালত, 
ঢেঁকি শালত,
জুহালৰ আখলত জিলিকি উঠে, 
পৰম্পৰাৰ নিটোল আলেখ্য | 
.
নিশা ঢোল পেঁপাৰ ঐক্যতানত গভীৰ হয় সময়,
চেপা কোর্হালৰ ফাঁকেৰে 
নিগৰি আহে
ৰাইজ হুচৰিৰ সেই চিনাকী সুৰ "দেউতাৰ পদুলিত বকুল ফুল এপাহি 
নিয়ৰ পায় মুকলি হ'ল ঐ গোবিন্দাই ৰাম" |
.
ঠিক এইদৰেই
এইযে ব'হাগে আনি দিয়া 
ৰং আনন্দ আৰু সুখৰ দলিচাত,
নাঙলৰ মুঠিত জীৱন সজোৱা আমিবোৰে সপোন আঁকো, 
.
দুখৰ গভীৰতাক 
ৰঙৰ বালিৰে পুতি 
ব'হাগে প্রেৰণা দিয়ে 
ঠিক এইদৰেই 
.
জীৱনক সেউজীয়া কৰিবলৈ |