ছেংনাং বিহু ✍ চাও গোপাল বৰগোহাঁই

তাই মানুহবিলাক পূৰ্বৰ আছিল কৃষিজীৱি। পৃথিৱীত শস্য, মৎস্য শিল্প কাৰিকৰী বিষয়ত উৎপাদন বৃদ্ধি কৰা তেওঁলোকৰ কাম্য। পৃথিৱীৰ উৎপাদিকা শক্তি বৃদ্ধিৰ লগত জড়িত বিহু। বিহুনাম, নৃত্য আদি এই চিন্তাৰেই ফল। মানুহৰ মাজত সৃষ্টিৰ ভাৱনা, সৃষ্টিৰ কাৰ্যই প্ৰাকৃতিক অৱস্থাত প্ৰভাৱ পেলাই প্ৰকৃতিৰ গছ-গছনিয়ে পৃথিৱীৰ সকলোকে সৃষ্টিৰ ভাৱনাৰে ভাৱান্বিত কৰি তোলে নতুন জন্মৰ বাবে, প্ৰকৃতিক বাউল কৰে। ফলত পৃথিৱীয়ে জন্ম দিয়ে শস্য-মৎস্য আদি। শস্য-মৎস্য, ফল-ফুল বৃদ্ধিৰ বাবে পৃথিৱীৰ যি উদ্দেশ্য সেইদৰে মানৱ জগতৰ প্ৰকৃতিৰো একেই উদ্দেশ্য। সেয়ে প্ৰকৃতিক উৎপাদনকাৰী কৰিবলৈ কামোন্মত্তা ভাবে কামোদ্ৰেক গীত নৃত্য ভাৱনা আদিৰে তেনে পৰিবেশৰ সৃষ্টি কৰিব লগা হয়।
তেনে পৰিবেশৰ সৃষ্টি কৰিবলৈ প্ৰয়োজন হৈ পৰে গাভৰুৰ ৰূপ, লাৱণ্য ও সৌন্দৰ্য। যাতে গাভৰুৰ সাজপাৰ অলঙ্কাৰ আৰু দেহাঙ্গই ডেকা পৰুষক কামোন্মতা কৰি তোলে। সেয়ে ডেকাই গাভৰুক ভালপোৱা মতে গাভৰুৰ প্ৰয়োজনীয় বিহুৰ বস্ত কপৌফুল আদি বিচাৰি দিব লগা হৈছিল।
যেনেঃ-
" পাহাৰ বগাই বগাই কপৌ ফুল আনিলো
লাহৰী খোপাত গুজি দিওঁ বুলি,
মাৰক ঠগি তই বিহুলৈ আহিলি
চেৰেকী আনোগৈ বুলি।
হাতে চাই শুৱনি হাতৰ গামে খাৰু
ককাল চাই শুৱনি ৰিহা,
মূৰে চাই শুৱনি খোপাৰে কপৌ ফুল
গা-চাই শুৱনি দেহা। "
পৃথিৱীয়ে গছ-গছনি শস্য মৎস্য উৎপাদন বৃদ্ধি কৰাৰ দৰে মানৱ সমাজৰ ভিতৰত সন্তান জন্ম দিয়াৰ দায়িত্ব স্ত্ৰীৰ গাত আৰোপ কৰে। গতিকে সৃষ্টিৰ কামনা স্ত্ৰীৰ নিজস্ব সন্তান জন্ম দিয়াৰ কথা স্ত্ৰীয়েহে প্ৰথমে ভাবে। সেয়ে বিহুতলীত গাভৰুয়ে প্ৰেম-গীতৰ ধাৰা ডেকা পুৰুষক আহ্বান কৰে শস্যৰ বীজ ৰোপনৰ বাবে।
"
কাহানিকৈ আহিব বহাগৰ বিহুটি
কাহানিকৈ কান্দিব কুলি
কাহানিকৈ ধৰিবা গাতে সাৱত মাৰি
মোকে ঐ লাহৰী বুলি।
আহঁতৰ পাতে কৰে তিৰ বিৰ
মই পাতো সান্দহৰ খোলা
এতিয়াই আহিব মোৰ ধন পিলিঙা
দিবহি সাদৰী কোলা "
এজোপা গছ পুৰষক প্ৰতীক কাৰণ পুৰষাঙ্গৰুপী শিপাৰেই স্ত্ৰীৰূপী পৃথিৱীক ৰমণ কৰে। পৃথিৱীয়ে ফুল-ফলৰূপী সন্তান গছৰূপী পিতৃক দান কৰে। এই কাৰণতেই প্ৰথমতে সৃষ্টিৰ প্ৰাৰ্থনা কৰি পুৰুষৰূপী গছপুলি বিহুতলিত পুতি স্ত্ৰী-পুৰুষৰ মিলন ঘটায়। পৃথিৱী স্ত্ৰী, গছ-পুৰুষ মাটিত পুতি সঙ্গম কৰাই, অৰ্থা্ৎ গাভৰুহঁতে গছৰ পুলিক বস্ত্ৰ পিন্ধাই-স্ত্ৰীয়ে পুৰুষক পতি বৰণ কৰে।
" ফুলামকৈ গামোচা তোমালৈ বলো মই
পাহীত তৰা বছা ফুল
বিহুৰে মাননী বিহুৱান যাচি দিম
বান্ধি যাম পীৰিতিৰ ডোল।
হিয়াৰে মাজতে দৈ মাৰি আছিলে
চেনেহৰ মালতী তেল,
সেইনো তেলটুপি তুমিহে গলালা
দেখুৱাই পীৰিতিৰ খেল।"
চকৰিৰ আন্তৰিক আহ্বান চকৰাক জনায়। চকৰিৰ আহ্বান ৰক্ষা কৰিবলৈ চকৰা লৰি আহে। সৃষ্টিকাৰী স্ত্ৰী আহ্বান কিম্বা অলৌকিক মাধ্যমেৰে পুৰুষ স্ত্ৰীৰূপী গাভৰুক সহায় কৰিবলৈ। স্ত্ৰীৰূপী গাভৰুৰ বিহুনাম, নৃত্য আদিত পুৰুষৰূপী ডেকা মুগ্ধ হৈ স্ত্ৰীৰূপী গাভৰুৰ ওচৰলৈ ডেকা আহে পুৰুষ শক্তি লৈ। আৰু সেই পুৰুষ শক্তিৰে সৃষ্টিৰ বীজ স্ত্ৰীত ৰোপন কৰে।
তাই গাভৰু বিহুত গাভৰুহঁতৰ সৃষ্টিৰ প্ৰাৰ্থনা আৰু পুৰুষ বৃক্ষৰোপনৰ উদ্দেশ্য ডেকাহঁতে “আওকুং” কাড়ফাই ধেনু লৈ বালিমাহী চৰাই মাৰিবলৈ আহে। বালিমাহী চৰাই থাকে নৈৰ গৰাত আৰু সৰু সৰু গাঁতত। কাঁড় সোমোৱাই বালিমাহী চৰাই মাৰি ডেকাই উদ্দেশ্য সিদ্ধি কৰে। যাৰ দ্বাৰা ডেকা গাভৰুৰ পৰম্পৰৰ সান্নিধ্য ঘটে। উভয় পক্ষৰ আৰ্কষণ ফুটি উঠে কামিনীৰূপী গাভৰুক ডেকাই স্পৰ্শ কৰিবৰ বাবে। বিহুতলীৰ গাভৰুহঁতে গছপুলি ৰোপন কৰি বস্ত্ৰ পিন্ধাই ঈশ্বৰ আৰু স্বৰ্গৰ মহান দেৱ দেৱীসকলক স্তুতি প্ৰাৰ্থনাৰে উপাসনা কৰাৰ পিছত গাভৰুহঁতৰ আহ্বান ক্ৰমে ডেকাহঁতে লহৰীয়া খোজত আওকুং লৈ বিহু তলিত প্ৰৱেশ কৰে ডেকাহঁতে লৈ অহা আওকুং মাটিত পুতি বীজ ৰোপন কৰে। আওকুং পুৰুষ শক্তিৰ প্ৰতীক। লহৰীয়া গীত গাই ডেকাই লহৰীয়া খোজেৰে নাচোনৰ চেৱঁত ভিতৰ ফালে ভৰি গিৰিপনি মাৰি ডেকা বিলাকেও লহৰীয়া গীত আহ্বান কৰে।
"
বাই ঐ লহৰী আহ ঐ ধন
ধনবাই লহৰীয়া
থৈ কি নথৈ বজালৰ কাকৈ
মাটি সৰিয়হৰ তেল নাই বান্ধৈ
ধন বাই লহৰীয়া
ভৰি গিৰিপনি মাৰ ঐ মাৰ ঐ লগৰীয়া "
গাভৰুহঁতেও ডেকাৰ লগত যোগ দি জীৱন লগৰীৰূপে
ভালপোৱা ডেকাক নাচোনৰ চেৱত ইঙ্গিত দিয়ে লগৰীৰূপে ভালপোৱা ডেকাক পতিবৰণ কৰিবলৈ। সেয়ে তেনে গাভৰুৱে বিহুৱান ফুলাম গামোছা ডেকাৰ মূৰত পাগুৰি মাৰিবলৈ দি প্ৰণাম জনাই পৰুষৰুপী ডেকাক খাতিৰ কৰে গছৰ গুটি পাৰি দিবলৈ।
সেইদৰে তাই ছেংনাংহঁতে পূৰ্ব পৰম্পৰা ৰক্ষা কৰি বিহু তলীত পিন্ধা অলঙ্কাৰ সোণৰ পাতি দিয়া মিনাকৰা বাখৰ, খজা ৰূপৰ গামখাৰু, ডিঙিৰ গেজেৰা মণি, কানৰ জাংফাই থুৰিয়া আৰু নেজাপতা বাখৰুৱা সোণৰ আঙুঠি খোপাৰ কাৰণে হাতী দাঁতৰ ফণী আৰু কাপৌফুল ডেকাই যোগাৰ কৰি দিব লগা হৈছিল। লগতে সৰুদৈয়া জাপি, তাত শালৰ সজুলি যোগাৰ দি গাভৰুক সহায় কৰিছিল।
বাস্তৱত বিহুত গাভৰুৱে গছৰ তলত বিহু পাতে জীৱনলগৰী নিৰ্বাচন কৰিবলৈ ডেকাই দৰ্শকৰূপে কাষ চাপে। তাতেই আকৰ্ষিত হৈ উভয়ে উভয়ক দাম্পত্য জীৱনৰ মৰম যাচে। ডেকা গাভৰুৰ দেহ মিলন নহলেও হিয়া মিলন হয়।
গাভৰুৱে চকুলো টুকি গীত গায়ঃ-
"
বহাগৰ বিহুতে পূৰ্ণিমা ৰাতিতে
পাতিম তোৰে মোৰে বিয়া,
দুয়ো একেলগে খামে ঘৰে পাতি
মিলাম ঐ দুখনি হিয়া। "
ছেংনাং বিহুত গাভৰুৰ সৃষ্টি-প্ৰাৰ্থনা আৰু ডেকাই আওকাং হাতত লৈ গাভৰু বিহুত যোগ দিয়া বিষয়ৰ ওপৰত চাও ৰত্নেশ্বৰ বুঢ়া গোহাঁই দেৱৰ ৰচিত প্ৰাৰ্থনা-গীত, লহৰীগীত আৰু বিহুগীত দুফাকিমান উদ্ধতি দিয়া হৈছে।
গাভৰুৰ প্ৰাৰ্থনাঃ-
"
অ’ ফুৰা অ’ তাৰা চাও ঐ ৰিক মৌ তুন-মাক পুক বাই ঐ।
চুমাকান-ৰূমকান লেংদন-ঐ-ৰিক মৌ তুন-মাক পুক বাই ঐ
খুনথাও নেউ লাংকুৰি ঐ-ৰিক মৌ তুন-মাক পুক বাই ঐ
ফি খাও মে থাও জানচাই হুং ঐ ৰিক মৌ তুন-মাক পুক বাই ঐ
ছেংহুং ছেংবান লেংদিন ঐ ৰিক মৌ তুন-মাক পুক বাই ঐ
তাইকুম মুতকুম খাও খাম ঐ ৰিক মৌ তুন-মাক পুক বাই ঐ
ফুক খাও নামনা ছাংদিন ঐ ৰিক মৌ তুন-মাক পুক বাই ঐ "
(তুন অৰ্থ গছ, মাক অৰ্থ গুটি)
গাভৰুহঁতে গছৰ গুটি পাৰি দিবৰ বাবে আৰু শস্য-মৎস্য কৃষি উৎপাদন বৃদ্ধি হবৰ বাবে আশীৰ্বাদ বিচাৰি সৃষ্টিকৰ্ত্তা ইশ্বৰ তথা দেৱতা সকলক প্ৰাৰ্থনা জনাইছে। গছৰ গুটি-গাভৰুহঁতে সৃষ্টিকৰ্ত্তা ইশ্বৰ তথা দেৱতা সকলক প্ৰাৰ্থনা জনাইছে। গছৰ গুটি-গাভৰুহঁতে সৃষ্টিপাতনিৰ দিশত সন্তান কামনাৰে পূৰ্ব পৰম্পৰাক ৰক্ষা কৰি গছৰতলত বিহু পাতিছিল।
লহৰীয়া খোজতঃ-
"
আওকুং আও লিউ খত পাই ঐ
আওমা হুপদাই ন্যুকচাই ঐ
আওৰক আওলিউ তিপোই ঐ
আওমা হুপাদাই ন্যুকচাই ঐ
আওমা আওলু তাংলাই ঐ
আওমা হুপাদাই ন্যুকচাই ঐ "
ভাঙনিঃ- " হাতত কাড়ফাই ল হেৰ ককাই,
মা ঐ মাৰ ঐ বালি চৰাই।
গাভৰুৱে ডেকাক বালিমাহি চৰাই মাৰিবলৈ গীত গাই কৈছে-
কুঞলাংক তাংলাই আও জিমা মাই কাই কাই,
তাং তিং তাং তেপ পাই ঐ কতাং লাই। "
গাভৰুৱে ডেকাক গছৰ গুটি পাৰি দিবলৈ কৈছেঃ-
"
আও তুংতা মাক্ ফলুং ঐ --- ছেংবাও (ছেংবাও অৰ্থ ডেকা)
আও তংতা ঐ মাক মাক্ থৈ লাই ---
আও মালা মাক খ্ৰু খাও---
আও মালা মাকখ্ৰু লুং---
কিন তাং খাও লিপ পাই----।। "
ডেকাঃ-
" ১। তিৰেন ৰাও মাক্ ফলুং ঐ ছেংনাং-
তি আও মা মাকখ্ৰু খাও-
দাই কিন মো ঐ তি অকমা ঐ ছেংনাং
তি চন চান কেঞ তাং ৰাও।
২। তি আওমা ব্লক পিত পাই ঐ ছেংনাং
চিনোং তিবাম পয়ছেং কেঞ
কাও ক প ক্লং ধিনিকি নাও ঐ
পে্ পাই মৌত ছন। "
ভাঙনিঃ-
"
ভোলে পাৰি দিম খাবি ঐ’ চেনাইটি
বেঙেনা আনি দিম খাবি
তাকে খাই চেনাই তই ওলাই ঐ আহিবি
মোৰ লগত বিহুলৈ যাবি।
কপৌ ফুল আনি দিম ছিঙি ঐ চেনাইধন
পিন্ধিবি বিহুৰে দিনত,
মই ঢোল বাম ধিনিকি ধিনাওঁ ঐ
নাচিবি চকুৰে টিপত। "
ডেকাঃ-
" অ’ ছেংনাং তি না মৌ আপাই খুন
অ’ ছেংনাং তি ৰুম ৰাও দিনচিত চাম
অ’ ছেংনাং তি নাম তি মৌ ছম খাও
অ’ ছেংনাং মুদিন দেনছিং চাম
অ’ ছেংনাং তি-নামৌ-লেং নাম খাম
অ’ ছেংনাং তি মৌ তিপ হুক খাও ঐ। "
ভাঙনিঃ-
" অ চেনাই-তোমাৰে পথাৰত
অ’ চেনাই হালে বাম শাওনত
অ’ চেনাই তুমি ৰুয়ে যাবা ধান।
অ’ চেনাই আঘোনৰ মাহেকত
অ’ চেনাই সোণালী ধাননি পথাৰত
অ’ চেনাই তুমি দায়ে যাবা ধান। "
সামৰণিঃ- তাই জাতিৰ ছেংনাং হঁতে (তুনলুং) বৰগছৰ তলত পতা বিহুখন ভিতৰত নো কি আছিল তাৰহে আংশিত পৰ্যালোচনা কৰা হ'ল। বহাগৰ বিহু তাইসকলৰ পুৰণি কলিয়া আপুৰুগীয়া সম্পতি। যুগ যুগ ধৰি তাই সমাজৰ ডেকা গাভৰুহে পূৰ্ব পৰম্পৰা ৰক্ষা কৰি অহা বিহুবৰ, কলিয়াবৰৰ ঐতিহ্যই প্ৰমাণ কৰিব।সময়ত হেঁচাত তাই সমাজে চুমছেংৰ মন্দিৰত পতা ছেংনাং বিহুত ঢাকন পৰিল।
যেনেঃ-
"
চতত চকৰী বহাগত বগৰী
জেঠত অমনা ধান,
গৰু বিহু দিনাখন লবি আৰ্শীবাদ।
তেহেপাবি বৈকুন্ঠত থান। " (বহাগ-পৃঃ৫)
পূৰ্ব পৰম্পৰামতে তাই সকলে চুমছেং মন্দিৰত চাইফা নীতিৰে হাবিদেও আৰু ছুমছেং পূজা পাতিছিল গৰু বলি দি।
ছেংনাং বিহুৰ বিষয়ত গাভৰু সমাজৰ পৰা এগৰাকী মূৰব্বী পাতিলোৱা হয় আৰু দৰ্শকৰূপে ছেংনাং বিহুৰ কাষচপা ডেকাৰ বিলাকেও এজন বিহুৱা বড়া পাতিলোৱা আৰু সেই দুইগৰাকী পৰিচালনাকাৰী মূৰব্বীয়ে ডেকা-গাভৰুক বিপথে যাবলৈ নিদিছিল। বিহুতলীত ডেকাজীয়েৰীয়ে জীৱন লগৰী নিৰ্বাচন কৰাৰ বিষয়ত উক্ত পৰিচালনাকাৰী মুৰব্বী দুগৰাকীয়ে তেনে ডেকা গাভৰুক পিতৃ মাতৃক কটকীৰূপে জাননী দি উভয়ৰ ভিতৰত বৈবাহিক সম্বন্ধ ঘটোৱাৰ নিয়ম আছিল। বিহুতলীৰ পৰা পলাই যোৱা ডেকা গাভৰুক উক্ত বিহুৱা বড়াই বিচাৰি আনি তাই পৰম্পৰা বিবাহ বিধিমতে পুৰোহিতৰ দ্বাৰা ঞাপোলক শঞ্জিৱনী যোৱাই সৃষ্টি পাতনিৰ বুজনি দিয়াইহে বিবাহ আসনৰ মিলন শয্যালৈ যাবলৈ অনুমতি প্ৰদান কৰিছিল।
যাৰ দ্বাৰা পুৰুষে প্ৰকৃতিৰ অৰ্দ্ধাঙ্গিনী সহধৰ্ম্মিনী ভাৰ্য্যাৰূপে গ্ৰহণ কৰি নিয়ম সংযমৰ মাজেদি চলি বংশ ও জাতিৰ মৰ্য্যদা ৰক্ষা কৰিব পৰা মেধাৱী সন্তান জন্ম দিয়াব পৰাতোৱেই ছেংনাং বিহুৰ মৌলিক উদ্দেশ্য আছিল।