তাই-আহোম ভাষা আৰু সাহিত্যৰ এটি ৰূপৰেখা ✍ ড° যোগেন্দ্ৰ নাথ ফুকন

খাম নাম (পাতনি)
খ্ৰীষ্ট্ৰীয় ত্ৰয়োদশ শতিকাৰ ৰঙালী পুৱাতে ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ ম্যুং পা কাম্ ৰাজ্যলৈ অভিযান আৰম্ভ কৰা চাওলুং চ্যুকাফা আৰু তেওঁৰ অনুগামীসকল আছিল ম্যুং মাও দেশৰ লোক। তেওঁলোক এক গোষ্ঠীয় যি সকল লোক, এতিয়া ম্যুং মাও অঞ্চলত বাস কৰি আছে, তেওঁলোকক সাধাৰণভাৱে ‘তাই’ বুলি পৰিচয় দিয়া হয় যদিও আঞ্চলিক পৰিচয় দিওঁতে ‘তাও-মাও’ বুলি কোৱা হয়। তাও-মাও মানে মাও দেশৰ তাই লোক। চান-পিন্-য়িন্ পদ্ধতিৰে লিখিলে ‘তাই’ শব্দটো ‘দাই’ হৈ পৰে। সেয়েহে চীনা(হান)সকলে ‘দাই’ বুলি লিখে। কিন্ত তাই সকলে ‘দাই’ বুলি নকয়, তাই বুলিহে কয়।
ম্যু মাও অঞ্চলটো চীনা য়ুনান প্ৰদেশৰ দক্ষিণ-পশ্চিমত অৱস্থিত। বৰ্তমান চীনা চৰকাৰে ম্যুং মাও অঞ্চলটো সামৰি Dehong Dai-Singpho Autonomous Prefecture নামেৰে এটা প্ৰশাসনীয় গোটৰ নাম দিছে Prefecture ৰ ৰাজধানী Mangshi ।Mangshi চহৰখন Burma Road(stilwel Road)ৰ কাষত। মাংশি চহৰৰ পৰা ম্যুংমাওলৈ দুঘন্টামানৰ বাট। ম্যুংমাও এখন ৰমৰমীয়া চীনা (হান) সকলে ইয়াক(Ruli) বোলে।এই চহৰৰ বাৰ্মাৰ একেবাৰে একেবাৰে গাত লগা, নাম্-মাও নৈৰ পাৰতে।
তাই ভাষাঃ
চাও-লুং চ্যুকাফা স্বৰ্গদেউ লগত অহা লোকসকলৰ ভাষা আছিল তাই ভাষাৰ তাই-মাও উপশাখা। বৰ্তমান দিহিং দাই-টিংফৌ Autonomous Prefectureৰ তাই ভাষাৰ দুটা উপশাখা প্ৰচলিত। এটা তাই মাও অথবা তাই-লে, আনটো তাই নিউ্যা(Neua)। ম্যুং মাওৰৰ বেছিভাগ লোকৰ ভাষা তাই মাও, মাংশিৰ বেছি সংখাযক লোকৰ ভাষা তাই নিউ্য ৷
যি সকল তাই লোক নাম মাও নৈৰ দক্ষিণ পাৰে সীমান্ত পাৰ হৈ বৰ্মা(ম্যানমা) দেশত বাস কৰিছে, তেওঁলোক বেছিভাগেই তাই মাও ভাষী। সেযে উত্তৰ বৰ্মাৰ ছেনৱী ছান ৰাজ্যৰ অনেক লোক তাই-মাও আৰু তেওঁলোকৰ ভাষাও তাই-মাও।সেই লোকসকল আমাৰ আহোম সকলৰ সৈতে এক গোট।
ভাষা বিজ্ঞানীসকলে তাই ভাষাকে কেইবাটাও ভাগত বিভক্ত কৰিছে আৰু প্ৰায় এশবছৰৰ পূৰ্বে George Abraham Grierson এ আৰু পিছত Robert Shafer কে ধৰি কেইবাগৰাকী পণ্ডিতে তাই ভাষাক চীনা-তীৰ্ব্বতীয় ভাষা গোষ্ঠীৰ চীনা টাই ৰ পৰিয়ালত তাই শাখাত অন্তৰ্ভূক্ত কৰিছিল। কিন্ত প’ল কে. বেনেডিক্ট নামৰ ভাষাবিদ এজনে ১৯৪১ চনত প্ৰকাশ কৰা প্ৰবন্ধত বিতংভাৱে বিশ্লেষণ কৰি দেখুৱাই যে তাই ভাষাৰ সৈতে চীনা ভাষাৰ আনুবংশিক সম্বন্ধ নাই। তাই ভাষাত যিবোৰ চীনা শব্দ আছে সেইবোৰ কেৱল আহৰণৰ ফলত হোৱা অৰ্থাৎ ধাৰ কৰা। বেনেডিক্টৰ নতুন সূত্ৰটোৱে পণ্ডিত আৰু ভাষাবিদসকলৰ মাজত নতুন আলোড়নৰ সৃষ্টি কৰে। অনেক আলোচনা-সমালোচনাৰ অন্ত বেনেডিক্টৰ সূত্ৰৰ আধাৰতে তাই ভাষাক চীনা ভাষাৰ পৰা আঁতৰাই আনি তাই ভাষাক এক স্বন্তত পৰিয়ালত স্থাপন কৰে অৰ্থাৎ এতিয়া Sino-Tai পৰিয়াল নামাকৰণ অন্ত পৰিছে। ইয়াৰ পৰিৱৰ্তে টাই আৰু চীনা দুটা সুকীয়া পৰিয়াল ৰূপে গন্য কৰা হয়।
আনহাতে তাই ভাষাক ‘কদাই’ নামৰ সমগোষ্ঠীয় আন এক সৰু ভাষা পৰিয়ালৰ সৈতে সংযোগ কৰি ‘তাই-কাদাই’ ভাষাগোষ্ঠী নাম দিয়া হৈছে আৰু তাই-কাদাই ভাষী লোকসকলকে তাই-কাদাই নৃ-গোষ্ঠী বুলি পৰিচয় দিয়া হৈছে। ইয়াৰ প্ৰথম পদক্ষেপহিছাপে ১৯৯৮ চন থাইলেণ্ডৰ মহিদল বিশ্ববিদ্যালয়ত লোকৰ ওপৰত এখন আন্তজাৰ্তিক আলোচনা চক্ৰ অনুষ্ঠিত হয়।
ত্ৰয়োদশ শতাব্দীত ম্যুংমাও ৰাজ্য পৰা আসামলৈ অহা তাই-মাও(পিছলৈ তাই-আহোম/আহোম) সকলে বহু পূৰ্বই লিপি গ্ৰহন কৰিছিল আৰু সেই লিপিৰ মাধ্যমেদি সাহিত্য চৰ্চা কৰিছিল; পুথি-পাঁজিও ৰচনা কৰিছিল। তেওঁলোকৰ মাজত ম’ (পণ্ডিত) নামৰ এক শ্ৰেণীৰ শিক্ষিত লোক আছিল আৰু ম’ সকলেই পুথি অধ্যয়ন আৰু পুথি প্ৰণয়নত আগভাগ লৈছিল। উক্ত লোকসকলেই আছিল ….. ভৰাল আৰু পথ প্ৰদৰ্শক তেওঁলোক আৰু ম’ছাই,ম’ছাম আৰু ম’হুসকল। তেওঁসকলেই আছিল সত্যবাদী, নিষ্ঠাবান আৰু নিৰ্মল মনৰ লোক।অতিজৰ খুন্-লুং আৰু খুন্ লাইৰ দিনৰে পৰা তেওঁলোকে জ্ঞান চৰ্চ্চা কৰি আহিছিল।
ইয়াৰ পৰা সহজতেই অনুমান কৰিব পাৰি যে তাই মাওসকলৰ লুইতৰ পাৰলৈ আহোতে বিভিন্ন বিষয়ৰ আৱশ্যকীয় পুথি-পাঁজি লগত আনিছিল। ধৰ্ম বিষয়ৰ পুথি, পূজা-পাতলৰ বিধি, চুমদেও (চুম্ ফ্ৰা ৰুং ছেং ম্যুং) বিধি, আন আহোম দেৱতাসকলৰ পূজা বিধি, খন মতা (ৰিক্ খন্) পুথি, মূল চকলং(বিবাহ) বিধি, মঙল চোৱা বিধি ইত্যাদি পুথি আনিছিল। তাই ভাষাত লিখা বৰ্তমান আমি যিবোৰ পুথি পাইছো সেইবোৰ বেছি ভাগেই ১৩ শতিকাৰ আগৰ ৰচনা অৰ্থাৎ চ্যুকাফা স্বৰ্গদেউ অসমলৈ অহাৰ আগৰ। সেইবোৰ ঠিক কোনে, কেতিয়া ৰচনা কৰিছিল তাৰ আলোচনা আমি ইয়াত কৰিব খোজা নাই। কিন্ত এই পুথিবোৰে চ্যুকাফা পূৰ্বৰ তাই-মাওসকলৰ ধৰ্মীয় পৰম্পৰা, সামাজিক ৰীতি-নীতি আচাৰ-ব্যৱহাৰ, লোক বিশ্বাস, ৰাজধৰ্ম দৰ্শন আদিৰ নিদৰ্শন বহন কৰি আহিছে। এইবোৰ পঢ়িলে, অধ্যয়ন কৰিলে তেওঁলোকৰ বিষয়ে জানিব পাৰো অৰ্থাৎ এইবোৰৰ মাজেদিয়েই আমি তাই-মাও তথা তাই সকলৰ প্ৰাচীন সমাজ-সংস্কৃতিৰ এখন ছবি দেখিব পাৰো আহোমসকলৰ দূৰ অতীতলৈ চাৱ পাৰো।
লুইতৰ পাৰত নিগাজিকৈ বহি লৈ তাই-আহোমসকলে ভাষা চৰ্চ্চা কৰি থাকিল আৰু ছশ বছৰ কাল চলি থাকিল আৰু আজিও একাংশ লোকৰ মাজত চলি আছে।এতেকে তাই-আহোম-ভাষা-সাহিত্য আহোমসকলে বা আহোমসকলৰ ম’সকলে আসামত সৃষ্টি কৰা নাই। সেইবোৰৰ সৃষ্টি হৈছিল সূদুৰ নাম্ মাও নৈৰ পাৰৰ ম্যুং ৰি ম্যুংৰাম ৰাজ্যত। অৱশ্যে একোখন পুথি নষ্ট হ’লে বা পুৰণি হ’লে সেই পুথি পণ্ডিতে নকল কৰি নতুনকৈ লিখিছিল। এনেদৰে পুথিক হয়তো কেইবাবাৰো কেইজনো পণ্ডিতে নকল কৰিছিল। গতানুগতিক ৰূপেই সেইবোৰ নকল কৰা হৈছিল। নকল কৰোতে কেতিয়াবা হীন-দেঢ়ী হৈছিল, দুই এটা ভূল হৈছিল; দুই এটা শব্দ পঢ়িব নোৱাৰিলে সেই ঠাই খালি ৰাখিছিল। কিন্ত মূল বিষয় বস্ত, বিৱৰণ, ভাষা আৰু সাহিত্যৰ বিশেষ পৰিবৰ্তন ঘটা দেখা নাযায়। সেইবাবে আহোম ভাযাত লিখা পুৰণি পুথিবোৰৰ ভাষা আৰু সাহিত্যৰ ৰূপ পুৰণিকলীয়া। অনেক ক্ষেত্ৰত আধুনিক যুগৰ পাঠকে অথবা সেইবোৰৰ সৈতে পৰশ নথকা লোকৰ বাবে সেইবোৰৰ অৰ্থ পোৱা কঠিন হৈ পৰে।
অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগে ভালেমান আহোম ভাষাৰ পুথি সংগ্ৰহ কৰি ৰাখিছে আৰু সেইবোৰ বেছি ভাগেই শিৱসাগৰৰ পাটসাকো-বকতা অঞ্চলৰ আহোম পণ্ডিতসকলৰ পৰা সংগ্ৰহ কৰা। বিভাগীয় আঁচনি অনুযায়ী মই আৰু শ্ৰীমতীয়ে হম বুঢ়াগোহাঁয়ে যুটিয়াভাবে সেই পুথিবোৰৰ এখন কেটলগ প্ৰস্তত কৰিছোঁ আৰু উক্ত কেটলগখনৰ বিভাগে ইতিমধ্য ২০০৬ চনত প্ৰকাশ কৰি উলিয়াইছে। আহোম ভাষাত লিখা পুথিবোৰ আমি শ্ৰেণী বিভাগ কৰোতে বিভিন্ন বিষয়ৰ পুথি পাইছোঁ ।তাৰে কিছু উল্লেখ কৰা হ’ল-
সৃষ্টি আদি কথা আহোম বুৰঞ্জীৰ প্ৰথম ভাগত নতুবা সুকীয়াকৈ পোৱা যায়। বৰ্তমান ইয়াক পেঞ্ কা-কা বুলি কোৱা হয়। ইয়াৰ বৰ্ণনা অতি পুৰণি আৰু চয়নো পুৰণি।সচৰাচৰ ছন্দত লিখা পোৱা যায়। সেয়ে সুৰ দি গাব লাগে যেনে-
“জিম্ ম্যু বৌ মী ছাং ছা্ কুন্ ।
লা লা জু ছি পাউ প্লাও
বৌ মী লুম্ জাং মী তু চৌ দিপ্ ।।
(অতি প্ৰচীন কালত,দেবতা মানুহ একো নাছিল।চাৰিওদিশে কেৱল মহা শূণ্য বিৰাজ কৰিছিল। বতাহো নাছিল।জীৱ জন্তও নাছিল)
বহু কালৰ পিছত যেতিয়া পৃথিৱী সৃষ্টি হ’ল, তাৰ কথা এনেদৰে লিখা হ’ল-
“জিম্ ম্যু নাম্ থুম্ থৌং চাম্ লাক্ নি তাওছ্ঙ।
লাক্ নি কা-মুত চাম ফাই লান্ মৌং-ছি্”।
(অতিজৰ তাও ছিঙ লাক্ নি বছৰত ভীষণ বানপানী হ’ল(পানীৰ প্ৰলয়)
লাৰ্ নি কা-মুত বছৰত পৃথিৱী পুৰি টান হ’ল।)
ওপৰত বছৰ হিছাপে দিয়া হৈছে-
লাক্ নি তাইছিঙা আৰু লাক্ নি কা-মুত্ ।।
ইয়াৰ স্পষ্ট হয় যে ই পৃথিৱী সষ্টি আৰু মানুহ সৃষ্টি বহু কালত পিছত লিখা।
আকৌ লিখিছে-
“চাং হেউ চাও ফা লান্ লুং মা বান্ ফান্ কুন্ চাম্ লাকনি্
ৰাই মিত জাউ চাম্ লা পি চাম হেউ থাও লিপ্ লিং চাম্
খা থাও বান্ ছিং ছন্ কুন্ তাউ ফা ছাম মৌন মৌন জাউ”।।
(লাক্ নি ৰাই মিত বছৰৰ স্বৰ্গৰাজৰ নাতিয়েক নমাই পঠিয়ালে আৰু তেওঁ আহি মানুহক সৃ্ষ্টি কৰিলে। বছৰৰ শেষত থাও লিপ্ লিং আৰু থাও-বান্ ছিং লুঙক পঠিয়াই পৃথিৱীৰ মানুহক শিকালে।
খ্বান্ মতা (ৰিক্ খ্বান)ঃ
তাই সকলৰ মাজত,খ্বান্ বিশ্বাস অতি পুৰণি।সেই বিশ্বাসমতে সকলো জীৱৰে খ্বান্ থাকে। শব্দৰ সমাৰ্থক নাই; কেতিয়াবা’আযু’ বোলা ইংৰাজীত কোনোৱে vitality, vital,sprit,soul, ইত্যাদি শব্দ ব্যৱহাৰ কৰিছে। যিহেতু সকলো তাই লোকেই খ্বন্ বিশ্বাস কৰে সেয়ে ধাৰণা কৰা হৈছে যে- তাইসকল মূল কেন্দ্ৰ ভূমিৰ পৰা আঁতৰি অহাৰ আগেয়েই তেনে বিশ্বাস কৰিছিল।
মানুহৰ গাত প্ৰতি অঙ্গৰে একোটা খ্বন থাকে বুলি ভাবে। যেতিয়া সেই অংগৰ পৰা খ্বনটো কিবা কৰে যে, চকুৰ খ্বনটো আঁতৰি গ’ল। সেয়ে তাক পুনৰ বৰ সাদৰেৰে মতা হ’য়। তাকে ৰিক্ খ্বন বোলা হয়।খ্বান্ পুথিৰ দুটা বাক্য এনেধৰণৰ- খ্বান পাই জু ছুত চাম্ ছাং চাও ঙিন্ ছৌ তি ফী খ্বন্ ক’মা।
খ্বান্ পাই জু তাম্ নাম্ খৌ ৰু পু খাউ নিউ ক’মা
খ্বা ন্ পাই জু তাম নাম খৌ, ৰু পু খাউ ওম্ ক’মা
খ্বান্ পাই জু তাম্ ৰিউ ৰাই তি নে্ জাং নিউ কাপৰাই..
‘চুমদেও’ পুথিঃ
‘চুমদেও’ সম্পূৰ্ণ নাম চুম্ ফ্ৰা ৰুং ছেং ম্যুং। এইজন দেৱতা কেৱল স্বৰ্গদেৱেহে পূজা কৰিছিল। ‘চুমদেও’ পুথি কেইটামান শাৰী তলত দৰে-
“চাউ কাউ চুম্ ফ্ৰা ৰুং ছেং ম্যু।।
ঞেউ ছেং ম্যুং ক’ ফ্ৰা চাউ কা ঐ।
ফ্ৰাউ ছাং খুত্ খ’ঙ’ চৌ তি।
লান মৌ চাউ ম্যুং লুম্ খুন্ কাং চাম”।
শুভাশুভ গণনা পুথিঃ
কেইবাটাও ধৰণেৰে শুভাশুভ বা ভাল বেয়া নিৰ্ণয় কৰিছিল। বান্ চেং, কাঠীবান চেং, কুকুৰা ঠেঙেৰে মাঙল চোৱা ইত্যাদি। কাঠী বান চেং-বাঁহৰ কাঠীত শুভাশুভ লেখা থাকে আৰু এক নিৰ্দিষ্ট পদ্ধতিৰে তাক চাই কব পাৰে, কুকুৰা ঠেঙেৰে মঙল চাইছিল। আজিও চাই বুলি আমাক জনাইছে, অৱশ্যে মই নিজে দেখা নাই।কুকুৰা ঠেঙেৰে মঙল চোৱা পদ্ধতি পুৰণি । ইয়াৰ ভাযা কিছু পৰিমাণে সাংকেতিক, একেবাৰে মুকলিকৈ নকয় “তু নাই চাম্ ৰাউ ছং ছিউ তৌ”।
ছাং কাই ছেক্ চাম্ নি জাউ ছাং কাই খাই ক’ বৌ ডি”
কুকুৰা ঠেঙৰ ছবি থকা ভালেকেইখন পুথি আমি পাইছো।
এপৰত উল্লেখিত পুথিবোৰৰ ভাষাৰ চানেকী পুৰণি আৰু সময়ত সাংকেতিক। আনহাতে সাধাৰণতে নোহোৱা অথবা অস্বাভাৱিক ঘটনা ঘটিলে তাৰো ভাল বেয়া নিৰ্ণয় কৰা পুথি আহোম ভাষাত আছে। যেনে- হাবি গাহৰি আহি গাঁৱত সোমালে বা মানুহৰ ঘৰত সোমালে, কলা কুকুৰা বগা হ'লে, কুকুৰ ঘৰৰ চালত উঠিলে গাহৰিৰ পেটত গৰু পোৱালী জন্ম হ’লে ইত্যাদি। যেনে-
“ছাং ত্যু থেন্ মা খাউ ৰেম্ চাম্ দি লাই চং চা লাই পুং।
“ ছাং কা কে পয় খায় ছি লুক্ চাম্ ফু চৌ ৰেণ্ খাই চিপ্ খাই নাউ বৌ দি”।।
লাকনি গণনা পুথিঃ
তাই আহোমৰ বছৰ গণনা লাকনি পদ্ধতিত হয়। আগতে তাই লোকেই লাক-নি পদ্ধতিত বছৰ মাহ, দিন গণনা কৰিছিল, পিছত ছান, লাও, থাইসকলে শকৰাজ আৰু বৌদ্ধ হিচাবে ব্যহাৰ কৰিবলৈ ধৰে। লাক নি পদ্ধতিত ৩৫৪ দিনে এবছৰ হয়, অৰ্থাৎ চান্দ্ৰ গণনা মতে চলে। সৌৰ গণনাৰ সৈতে মিলাবলৈ বছৰত ১১ দিন যোগ দিয়ে। সাধাৰণতে ৩ বছৰৰ মূৰত এমাহ যোগ দিয়া হয়।
লাকনি গণনা নমুনা এনেধৰণৰ-
“লাকনি কাপ-চাউ চাম্ ম্যুং জু প্লেক্ ছি চাম পী পান্ জু
খুত ছান্ চাম্ পী কান্ জু ম্যুং মুত
লাক্ নি ডাপ-পাউ চাম খাম্ ম্যুং জু ম্যুং পাউ চাম্ পী কান্ জু প্লেক ছান্”
আকৌ-
“লাক নি ৰুং মাউ কা মাউ ডাপ্ ম্যুং মাউ কাত্ মাউ চাম্ পী পিন্ মে জক্। চাও খুন্ খিউ খিন্ ঞেউ কেপ্ কিন্ ফেট কান্ কৌপ লেং তাক্ থুক কান চাম্ কয়”।
পুজা বিধি পুথিঃ
আহোম দেৱতাসকলক পুজা কৰা বিধি আহোম ভাষাত আছে। তাত কোন দেৱতাক কি কি দিব লাগে, কোন দেৱতাৰ কেতিয়া পূজা কৰে তাৰ নিৰ্দ্দেশ দিয়া আছে।
“হ’ ফী দাম্ মু তু লেং।। কাই লুং ছাম কু।। কই নয় ৰুক্ কু।। কা কে ছাম্ কু।
নুক্ তু ছাম কু।।খাউ ছান পেত্ খাই ছং ছাউ”।।
“হ’ কুম্ লাং কুৰী।। ছ্যু ম্যু চে মান্।।ছাউ না খাম্।। চাউ ৰাউ খাম্।।নাং মন।। ম্যু হা কাম্ ৰুক তু।।কাই লুং ছিপ্ ছং কু।। কাই নয় ছং ছাউ পাই পেত্ তু।। পেত্ লয় ছিপ্ ছংকু। পেত্ হান্ ছাম কু। কা কে ছিপ ছংকু। খাই তু লেং। পাং তু লেং……………
ইয়াৰ বাহিৰে ফুৰালং, চকলং বিধি, জ্যোতিষ পুথি আহোম ভাষাত আছে।
আহোম ভাষাৰ বুৰঞ্জীঃ
আহোম ভাষাত গদ্যত লিখা বুৰঞ্জী সময় অনুযায়ী দুটা প্ৰদান ভাগত ভগাব পাৰি (১) চ্যুকাফা পূৰ্ব আৰু চ্যুকাফা বুৰঞ্জী(২) চ্যুকাফা পৰৱৰ্তী বুৰঞ্জী। চ্যুকাফা পূৰ্ব আৰু চ্যুকাফা দিনৰ বুৰঞ্জী সাহিত্য পুৰণি তাই-মাও গদ্য সাহিত্যৰ শৈলী, ঠাচ আৰু ৰচনা পদ্ধতিক লগত সম্পূৰ্ণ মিল দেখা যায়। সেই স্তৰৰ তাই ভাষা অতি উত্তম আছিল।চ্যুকাফাৰ দিনলৈকে তাই ভাষাই ঐতিহ্য পূৰ্ণ মাত্ৰাই ৰক্ষা কৰি চলিছিল। মাওলুং দেশৰ কথা তলত দৰে দিছে- চাও খুন্-কুমৰ ফৈদৰ পৰিচয় দিওঁতে কৈছে-
“চাও খুন্-কুন ক’চাং হেউ মান্ চাও টাই-পুং মৌ-নাং ম্যু থাও লুং” (চাও খুন্ কুমে তেওঁৰ পুতেক চাও টাই-পুঙক মাওলুঙৰ ৰাজপাট দিলে) লুক্ মান্ টাই-পুং চাম্ টাই-লুং লেং,ঙি চাম্ পা-থেউ-পুং লেং ছাম চাম্ ফু-চাং-খাং লেং”।
(টাই-পুঙৰ পুতেক তিনি, বৰ পুতেক টাই-লুং ১ জন, দ্বিতীয় পুতেক পা-মেউ-পুং ১ জন, তৃতীয় পুতেক ফু-চাং-খাং ১ জন।
লগতে আকৌ ক’ল- “খাউ পি-নং ছাম্ কুন্ লে” (তেওঁলোকৰ ককাই-ভাই তিনিজন)।
চাও-লুং-চ্যু-কা-ফাৰ পিতৃৰ পৰিচয় এনেদৰে দিছে-
চাও চাং বুন্ চাম্ প’মান চাও চাং-ঞেউ
(চাও চাং বুন হ’ল চাও চাং-ঞোউৰ দেউতাক)
মান্ চাও লুক্ তাম্ ম্যুং ৰাম মা চাম্ পি লাক্-নি ৰাই মিত্।
(তেওঁ কোৱঁৰ ম্যুং ৰি ম্যুং ৰাম পৰা আহিল লাক্-নি-ৰাই-মিত বছৰত অৰ্থাৎ লাক্-নি-ৰাই-মিত(বছৰত) সেইজনা কোঁৱৰ ম্যুং ৰি ম্যুংৰ ৰামৰ পৰা আহিল) চম্ তাং খুন্ লু-চিউ(খুন্ লুং-চিউ আহা পথেদি)
মা ম্যুংখা জা লে (আহি ম্যুখা ম্যুংজা পালেহি। মা ম্যুংপা ম্যুংখ্বন্ (আহি ম্যুংপা ম্যুংখ্বন(পালেহি)। মা তুক্ কিং ছেন্ মাও লুং(আহি মাওলুং চহৰ পালেহি)
চ্যু-কা-ফাৰ মাকৰ পৰিছয় দিছে এনেদৰে-
“পা-মেউ-পুং বা তি চাও চাং-ঞেউ চাম্ জা পাউ খাম নাম্ কিউ কা বা নাই”
(পা-মেউ-পুঙে চাওচাং ঞেউ ক’লে “তুমি নাম্ কিউ লৈখন পাৰ হৈ নাযাবা)।
চাং তাক্ হেউ খানং জিং ছাউ মান্ ন্যং থ্যুং ব্লক্ ছেন্ হেউ চাও চাং-ঞোউ)।
(পিচে গাভৰু ভনীয়েক ন্যাং ম্যুং ব্লক্ খামছেনক চাএ ঞেউলৈ দিলে)।
চাং তাক্ তেক্ পিন্ চাও-লুং-চ্যু-কা-ফা দাই কয়।
(পিচত পিন্ চাও-লুং-চ্যু-কা-ফা জন্ম হ’ল।
চাও লুং-পা-মেউ-পুং লে নাং ম্যুং ব্লক্ খাম্ ছেন্ চাম্ ৰূম্ প’ৰূপ যে নাম্।
লুক্ মান চাও টাই-পুং(চাও-লুং-পা-মেউ-পুং আৰু নাং ম্যুং ব্লক্ খাম্ ছেন বাপেকো একে মাকো একে-অৰ্থাৎ একে মাক একে বাপেক।চাও টাই-পুঙৰ সন্তান)
আকৌ কলে- “চাও টাই-পুংচাম্ পো নাই চাও-লুং চ্যুকাফা”।(চাও টাই-পুং চাও-লুং চ্যু-কা-ফাৰ পো-নাই অৰ্থাৎ মাকৰ বাপেক)।
উপৰোক্ত কথাখিনিযে ইমান সুন্দৰ ভাবে পামেউ পুং,চ্যু-কা-ফাৰ আৰু চাও টাই পুঙৰ সমন্ধ প্ৰকাশ কৰিছে-ইয়েই হ’ল পুৰণি তাই-মাও ভাষাৰ প্ৰকাশ ভঙ্গী।
ছ্যু কা ফা স্বৰ্গদেৱে পাটকাই পৰ্বত পাৰ হৈ অহাৰ বৰ্ণনা দিছে এনেদৰে …..
“চাও-লুং-চ্যু-কা-ফা ক’চাং লুং ছি ডয় কাও ৰাং।
চাং মা খাম্ নাম্ নাং পু।
লিপ্ মা থৌং নাম্ ৰূক্ (চাও-লুং-চ্যু-কা-ফা জয় কাও ৰঙৰ পৰা নামি আহে। আহি নাম্ পু(এতিয়া নাম্ পং) নৈ পাৰ হ’ল। বামেদি আহি নাম ৰুক (নৈ) পালেহি।
উপৰোক্ত কথাখিনি অথবা চ্যু-কা-ফা স্বৰ্গদেৱে যাত্ৰাৰ বিৱৰণত পুৰণি আহোম ভাষাত অতি সুন্দৰ নিৰ্দশন পোৱা যায়।চ্যু-কা-ফা স্বৰ্গদেৱে যাত্ৰাৰ বিবৰণত পুৰণি আহোম কাল এই ভাষাই চলিছিল। কিন্ত ছ্যু-হুম্-ম্যুং স্বৰ্গদেৱৰ পৰৱৰ্তী প্ৰায় ৩০০ বছৰকাল এই ভাষাই চলিছিল।কিন্ত ছ্যু-হুম-ম্যুং স্বৰ্গদেৱৰ ৰাজত্বৰ পিছত চুতীয়া,কছাৰী আৰু ভূঞা সকলক জয় কৰাত আহোম ৰাজ্যত অনা-আহোম লোকৰ সংখ্যা অনেক বৃদ্ধি পালে, তেওঁলোকৰ সৈতে ৰাজনৈতিক আৰু প্ৰশাসনীয় সম্পৰ্ক বজাই ৰাখিব লগীয়া হোৱাত সেই লোকসকলৰ ভাষাৰ সৈতে ক্ৰমান্বয়ে আদান-প্ৰদান চলিবলৈ ধৰে। তাৰোপৰি তেতিয়াৰ পৰা পশ্চিমৰ বংগ আৰু চুবুৰীয়াৰ পৰ্বতীয়া লোকৰ লগতো বেছি যোগা-যোগ হ’বলৈ ধৰে।
ইয়াৰ পিছত অষ্টদশ শতিকাত আহোম ৰাজ্য আৰু বিস্তাৰিত হৈ পশ্চিমফালে মানাহ নদীলৈকে যোৱাত এই সমগ্ৰ কামৰূপ-দৰং আৰু তাৰ ওচৰ-পাজৰ লোকসকল যি সকল অন্য আহোম ভাষী তেওঁলোকৰ ভাষা, কৃষ্টি, ধৰ্ম আদিৰ সংস্পৰ্শলৈ আহে।হিন্দুধৰ্মী লোকৰ সংখ্যা বৃদ্ধি পালে আৰু অসমীয়া ভাষাই যিহেতু তেওঁলোকৰ ভাষা সেই ভাষাই লাহে লাহে আহোম ভাষী লোকৰ ওপৰত প্ৰভাব পেলাবলৈ খৰে। ইয়াৰ ফলতেই শেষৰ ফালে ৰচনা কৰা আহোম ভাষাৰ বুৰঞ্জী আৰু তামৰ ফলিবোৰৰ ভাষা চ্যু-কা-ফা স্বৰ্গদেৱৰ দিনৰ ভাষাৰ শৈলী, ব্যাকৰণৰ নীতিৰো ব্যতিক্ৰম ঘটিছে। সেইবোৰ অনেক সময়ত আহোম ভষাৰ প্ৰকৃত চৰিত্ৰ প্ৰকাশ নকৰে। গভীৰ অধ্যয়ন আৰু গৱেষণাৰ মাজেদিহে আহোম যুগত আহোম ভাষাৰ বুৰঞ্জীৰ গদ্যৰ বিবৰ্তনৰ দিশ আৰু অন্যান্য বৈশিষ্টবোৰৰ ছবি এখন ধৰা দিব।