জয়মতী কুঁৱৰীৰ মালিতা চতুৰ্থ খণ্ড

জয়মতীৰ ক্ৰন্দন
মাদুৰী চহৰত ডাঙৰ হৈ আছিলো 
লাই থেপেনা বৰগোঁহাইৰ জী,
গদাপাণি কোঁৱৰে নিয়ে টিংখালৈ
চকলং বিয়াকৈ দি ৷
এঘাৰজনী মাহী আই চন্দ্ৰদাৰু আইতা
মোৰে জন্মদাত্ৰী আই,
মৰিবৰ সময়ত দৰশন নেপালো
মোৰ মান অভাগী নাই ৷
গংগাপ্ৰভা, অৰুণমতী, অভয়মতী, লাইমতী
ৰংমলা চেনেহৰ মাহী,
জনা, সৰুমলা, চন্দ্ৰিকা, কমলা
অমৰাৱতী মোহিনী হাঁহি ৷
সবাতোকৈ মোৰ নুমলীয়া মাহী
অলকা সুন্দৰী আই,
বিপদৰ সময়ত কাকো নেদেখিলো
বিধিয়ে বঞ্চিলে হায় ৷
তেৰ বাই-ভনী মৰম বেথাৰে
ঘৰ আছিলো শুৱনি কৰি,
বিজয়মতী জয়মতী, জয়প্ৰভা, জয়কান্তি
জয়তৰা আৰু জয়েশ্বৰী ৷
জনপ্ৰভা, জয়দা, অঞ্জনা, ৰত্নপ্ৰভা
চেংমতী ধুনীয়া জনী,
হীৰামতী, শুক্লমতী কাকো নেদেখিলো
মৰণে ধৰিছে টানি ৷
হৰিনাথ, পৰমানন্দ, আনন্দ, সুনন্দ
চেংকং, নুমলীয়া নাম,
নিৰ্ভৰ, নদৰাম, নৰনাথ গোঁহাইদেউ
ৰুপে গুণে অনুপম ৷
দুৰ্গেশ্বৰ, তুষেশ্বৰ, জয়ৰাম, ধনীৰাম
মালভোগ, গোবিন্দৰাম,
কমলা, কৰুণা, ভদ্ৰনাথ , ৰাধানাথ
সাক্ষাতে যেনিবা ৰাম ৷
সৰুধন, বুধন, ৰদাও, ৰামধন
জয়ৰাম চেনেহৰ ভাই,
ছঅঁৰা ককাই-ভাই দৰিশন নেপালো
মোৰ মান অভাগী নাই ৷
মেন বৰগোঁহাই দেউতাৰ ককায়েক
চেনেহুৱা নিচাদেউ মোৰ,
ধৰা প্ৰভা নামাৰে এপাদেউ আছিলে
ওঁঠত তামোলৰ বোল ৷
লাই-লেছাইক লগত লৈ শাশুআইৰ লগতে
আছিলো আনন্দ কৰি,
ল'ৰাৰজাৰ হুকুমত মোক শাস্তি কৰে
ছঁঅৰা চাউদাঙে ধৰি ৷
( ল'ৰাৰজাৰ অত্যাচাৰত নিৰুপায় হৈ সতী জয়মতীৰ ঈশ্বৰত দেহ অৰ্পণ)
হেঃ লেংদন কুলৰ পুথাদেউ
তুমি দেখি আছা সাক্ষী,
প্ৰৱাসত ফুৰিছে স্বামী গদাপাণি
সততে ফুৰিবা ৰাখি ৷
হে, চন্দ্ৰ দেৱ দেৱতা প্ৰধান
তুমি দেখি আছা সাক্ষী,
মোৰ দুই পুত্ৰ লাই লেছাই কোঁৱৰক
সততে থাকিবা ৰাখি ৷
চ্যাও নুৰূ চ্যাও কা ঐ ৷ ৩৷৷
ফা তু চিং ফ্ৰং হুম, ফা লাই বেত ,ফা পিন বেত
ফা ফুৰা ত্ৰা আলম চিকিয়া ৰাণি পান বই
মউ চ্যাও নুৰূ চ্যাও কা ঐ ৷৷
চ্যাও ফা ফেত , খাম খাম বন খাম খাম
তু মুউ তু তে লুক ৰে ফা চাং দাম৷৷
চং চাও জা নাং ম্যুং কেপ চন খাম,
চং চাও জা ম্যুং কে চন বুং ৷৷
পি পায় নাং লাই দাই, খন পাই নং লাই চম,
বন খাম খাম তু তে ৷৷
চ্যাও নুৰু চ্যাও কা ঐ ৷৷
পু খাও খাম, ছয় কুম জা খাও খাম ছয় খেন ৷৷
পু দাং ৰি জা দাং ৰি, পু তা লাক জা তা
লাক পু ঐ পু আ জাক জা মন ৷৷
চ্যাও নুৰু চ্যাও কা ঐ ৷৷
আই লেংদিন ফু কুৰু,
বাও লেং দি ফু বাএ ৷৷
হেও হেত ফি
চ্যাও নুৰু চ্যাও কা ঐ ৷৷
চ্যাও ফুৰা ত্ৰা ফু ৰা তা ৰা আ লং চি কিয়া
ৰাণি পান বই মউ চ্যাও কা ঐ ৷৷
হে, ত্ৰিজগতৰ হৰ্তা কৰ্তা বিধাতা, সৰ্ব ব্যাপক, সৰ্বত্ৰ জ্ঞানক যাৰ বলে বিশ্বজগত সঞ্চাৰন হৈছে, সেই ফুৰা লুঙক প্ৰণাম কৰোঁ ৷ ফুৰালুঙ প্ৰভো তুমি আত্মাৰুপে সৰ্বাৰো আত্মাত আছা ৷ সকলোকে চলাইছা সৃষ্টি , স্থিতি লয় প্ৰলয় আদি তোমাৰ ইচ্ছাত ঘটে, তোমাতেই বিশ্বজগত লীন হয় ৷ তুমি ফুৰা, মোক সংসাৰৰ দুখ ক্ষমি তোমাৰ নিৰ্বাণ মুক্তি দিয়া যাতে এই গুণময় অবিশ্বাসী জগতত জনম আৰু মৰণ নহয় ৷ এই বুলি প্ৰাৰ্থনা কৰি জয়মতী কুঁৱৰীয়ে দেহ ত্যাগ কৰে ৷
নিজৰ বিপদলৈ কটাক্ষ নকৰি
দেশৰ কুশল চিন্তি,
সতী জয়মতী নিজ দেহা এৰি
গ'ল বৈকুণ্ঠপুৰী ৷
সম্পূৰ্ণকৈ পঢ়ক »

ছেংনাং বিহু ✍ চাও গোপাল বৰগোহাঁই

তাই মানুহবিলাক পূৰ্বৰ আছিল কৃষিজীৱি। পৃথিৱীত শস্য, মৎস্য শিল্প কাৰিকৰী বিষয়ত উৎপাদন বৃদ্ধি কৰা তেওঁলোকৰ কাম্য। পৃথিৱীৰ উৎপাদিকা শক্তি বৃদ্ধিৰ লগত জড়িত বিহু। বিহুনাম, নৃত্য আদি এই চিন্তাৰেই ফল। মানুহৰ মাজত সৃষ্টিৰ ভাৱনা, সৃষ্টিৰ কাৰ্যই প্ৰাকৃতিক অৱস্থাত প্ৰভাৱ পেলাই প্ৰকৃতিৰ গছ-গছনিয়ে পৃথিৱীৰ সকলোকে সৃষ্টিৰ ভাৱনাৰে ভাৱান্বিত কৰি তোলে নতুন জন্মৰ বাবে, প্ৰকৃতিক বাউল কৰে। ফলত পৃথিৱীয়ে জন্ম দিয়ে শস্য-মৎস্য আদি। শস্য-মৎস্য, ফল-ফুল বৃদ্ধিৰ বাবে পৃথিৱীৰ যি উদ্দেশ্য সেইদৰে মানৱ জগতৰ প্ৰকৃতিৰো একেই উদ্দেশ্য। সেয়ে প্ৰকৃতিক উৎপাদনকাৰী কৰিবলৈ কামোন্মত্তা ভাবে কামোদ্ৰেক গীত নৃত্য ভাৱনা আদিৰে তেনে পৰিবেশৰ সৃষ্টি কৰিব লগা হয়।
তেনে পৰিবেশৰ সৃষ্টি কৰিবলৈ প্ৰয়োজন হৈ পৰে গাভৰুৰ ৰূপ, লাৱণ্য ও সৌন্দৰ্য। যাতে গাভৰুৰ সাজপাৰ অলঙ্কাৰ আৰু দেহাঙ্গই ডেকা পৰুষক কামোন্মতা কৰি তোলে। সেয়ে ডেকাই গাভৰুক ভালপোৱা মতে গাভৰুৰ প্ৰয়োজনীয় বিহুৰ বস্ত কপৌফুল আদি বিচাৰি দিব লগা হৈছিল।
যেনেঃ-
" পাহাৰ বগাই বগাই কপৌ ফুল আনিলো
লাহৰী খোপাত গুজি দিওঁ বুলি,
মাৰক ঠগি তই বিহুলৈ আহিলি
চেৰেকী আনোগৈ বুলি।
হাতে চাই শুৱনি হাতৰ গামে খাৰু
ককাল চাই শুৱনি ৰিহা,
মূৰে চাই শুৱনি খোপাৰে কপৌ ফুল
গা-চাই শুৱনি দেহা। "
পৃথিৱীয়ে গছ-গছনি শস্য মৎস্য উৎপাদন বৃদ্ধি কৰাৰ দৰে মানৱ সমাজৰ ভিতৰত সন্তান জন্ম দিয়াৰ দায়িত্ব স্ত্ৰীৰ গাত আৰোপ কৰে। গতিকে সৃষ্টিৰ কামনা স্ত্ৰীৰ নিজস্ব সন্তান জন্ম দিয়াৰ কথা স্ত্ৰীয়েহে প্ৰথমে ভাবে। সেয়ে বিহুতলীত গাভৰুয়ে প্ৰেম-গীতৰ ধাৰা ডেকা পুৰুষক আহ্বান কৰে শস্যৰ বীজ ৰোপনৰ বাবে।
"
কাহানিকৈ আহিব বহাগৰ বিহুটি
কাহানিকৈ কান্দিব কুলি
কাহানিকৈ ধৰিবা গাতে সাৱত মাৰি
মোকে ঐ লাহৰী বুলি।
আহঁতৰ পাতে কৰে তিৰ বিৰ
মই পাতো সান্দহৰ খোলা
এতিয়াই আহিব মোৰ ধন পিলিঙা
দিবহি সাদৰী কোলা "
এজোপা গছ পুৰষক প্ৰতীক কাৰণ পুৰষাঙ্গৰুপী শিপাৰেই স্ত্ৰীৰূপী পৃথিৱীক ৰমণ কৰে। পৃথিৱীয়ে ফুল-ফলৰূপী সন্তান গছৰূপী পিতৃক দান কৰে। এই কাৰণতেই প্ৰথমতে সৃষ্টিৰ প্ৰাৰ্থনা কৰি পুৰুষৰূপী গছপুলি বিহুতলিত পুতি স্ত্ৰী-পুৰুষৰ মিলন ঘটায়। পৃথিৱী স্ত্ৰী, গছ-পুৰুষ মাটিত পুতি সঙ্গম কৰাই, অৰ্থা্ৎ গাভৰুহঁতে গছৰ পুলিক বস্ত্ৰ পিন্ধাই-স্ত্ৰীয়ে পুৰুষক পতি বৰণ কৰে।
" ফুলামকৈ গামোচা তোমালৈ বলো মই
পাহীত তৰা বছা ফুল
বিহুৰে মাননী বিহুৱান যাচি দিম
বান্ধি যাম পীৰিতিৰ ডোল।
হিয়াৰে মাজতে দৈ মাৰি আছিলে
চেনেহৰ মালতী তেল,
সেইনো তেলটুপি তুমিহে গলালা
দেখুৱাই পীৰিতিৰ খেল।"
চকৰিৰ আন্তৰিক আহ্বান চকৰাক জনায়। চকৰিৰ আহ্বান ৰক্ষা কৰিবলৈ চকৰা লৰি আহে। সৃষ্টিকাৰী স্ত্ৰী আহ্বান কিম্বা অলৌকিক মাধ্যমেৰে পুৰুষ স্ত্ৰীৰূপী গাভৰুক সহায় কৰিবলৈ। স্ত্ৰীৰূপী গাভৰুৰ বিহুনাম, নৃত্য আদিত পুৰুষৰূপী ডেকা মুগ্ধ হৈ স্ত্ৰীৰূপী গাভৰুৰ ওচৰলৈ ডেকা আহে পুৰুষ শক্তি লৈ। আৰু সেই পুৰুষ শক্তিৰে সৃষ্টিৰ বীজ স্ত্ৰীত ৰোপন কৰে।
তাই গাভৰু বিহুত গাভৰুহঁতৰ সৃষ্টিৰ প্ৰাৰ্থনা আৰু পুৰুষ বৃক্ষৰোপনৰ উদ্দেশ্য ডেকাহঁতে “আওকুং” কাড়ফাই ধেনু লৈ বালিমাহী চৰাই মাৰিবলৈ আহে। বালিমাহী চৰাই থাকে নৈৰ গৰাত আৰু সৰু সৰু গাঁতত। কাঁড় সোমোৱাই বালিমাহী চৰাই মাৰি ডেকাই উদ্দেশ্য সিদ্ধি কৰে। যাৰ দ্বাৰা ডেকা গাভৰুৰ পৰম্পৰৰ সান্নিধ্য ঘটে। উভয় পক্ষৰ আৰ্কষণ ফুটি উঠে কামিনীৰূপী গাভৰুক ডেকাই স্পৰ্শ কৰিবৰ বাবে। বিহুতলীৰ গাভৰুহঁতে গছপুলি ৰোপন কৰি বস্ত্ৰ পিন্ধাই ঈশ্বৰ আৰু স্বৰ্গৰ মহান দেৱ দেৱীসকলক স্তুতি প্ৰাৰ্থনাৰে উপাসনা কৰাৰ পিছত গাভৰুহঁতৰ আহ্বান ক্ৰমে ডেকাহঁতে লহৰীয়া খোজত আওকুং লৈ বিহু তলিত প্ৰৱেশ কৰে ডেকাহঁতে লৈ অহা আওকুং মাটিত পুতি বীজ ৰোপন কৰে। আওকুং পুৰুষ শক্তিৰ প্ৰতীক। লহৰীয়া গীত গাই ডেকাই লহৰীয়া খোজেৰে নাচোনৰ চেৱঁত ভিতৰ ফালে ভৰি গিৰিপনি মাৰি ডেকা বিলাকেও লহৰীয়া গীত আহ্বান কৰে।
"
বাই ঐ লহৰী আহ ঐ ধন
ধনবাই লহৰীয়া
থৈ কি নথৈ বজালৰ কাকৈ
মাটি সৰিয়হৰ তেল নাই বান্ধৈ
ধন বাই লহৰীয়া
ভৰি গিৰিপনি মাৰ ঐ মাৰ ঐ লগৰীয়া "
গাভৰুহঁতেও ডেকাৰ লগত যোগ দি জীৱন লগৰীৰূপে
ভালপোৱা ডেকাক নাচোনৰ চেৱত ইঙ্গিত দিয়ে লগৰীৰূপে ভালপোৱা ডেকাক পতিবৰণ কৰিবলৈ। সেয়ে তেনে গাভৰুৱে বিহুৱান ফুলাম গামোছা ডেকাৰ মূৰত পাগুৰি মাৰিবলৈ দি প্ৰণাম জনাই পৰুষৰুপী ডেকাক খাতিৰ কৰে গছৰ গুটি পাৰি দিবলৈ।
সেইদৰে তাই ছেংনাংহঁতে পূৰ্ব পৰম্পৰা ৰক্ষা কৰি বিহু তলীত পিন্ধা অলঙ্কাৰ সোণৰ পাতি দিয়া মিনাকৰা বাখৰ, খজা ৰূপৰ গামখাৰু, ডিঙিৰ গেজেৰা মণি, কানৰ জাংফাই থুৰিয়া আৰু নেজাপতা বাখৰুৱা সোণৰ আঙুঠি খোপাৰ কাৰণে হাতী দাঁতৰ ফণী আৰু কাপৌফুল ডেকাই যোগাৰ কৰি দিব লগা হৈছিল। লগতে সৰুদৈয়া জাপি, তাত শালৰ সজুলি যোগাৰ দি গাভৰুক সহায় কৰিছিল।
বাস্তৱত বিহুত গাভৰুৱে গছৰ তলত বিহু পাতে জীৱনলগৰী নিৰ্বাচন কৰিবলৈ ডেকাই দৰ্শকৰূপে কাষ চাপে। তাতেই আকৰ্ষিত হৈ উভয়ে উভয়ক দাম্পত্য জীৱনৰ মৰম যাচে। ডেকা গাভৰুৰ দেহ মিলন নহলেও হিয়া মিলন হয়।
গাভৰুৱে চকুলো টুকি গীত গায়ঃ-
"
বহাগৰ বিহুতে পূৰ্ণিমা ৰাতিতে
পাতিম তোৰে মোৰে বিয়া,
দুয়ো একেলগে খামে ঘৰে পাতি
মিলাম ঐ দুখনি হিয়া। "
ছেংনাং বিহুত গাভৰুৰ সৃষ্টি-প্ৰাৰ্থনা আৰু ডেকাই আওকাং হাতত লৈ গাভৰু বিহুত যোগ দিয়া বিষয়ৰ ওপৰত চাও ৰত্নেশ্বৰ বুঢ়া গোহাঁই দেৱৰ ৰচিত প্ৰাৰ্থনা-গীত, লহৰীগীত আৰু বিহুগীত দুফাকিমান উদ্ধতি দিয়া হৈছে।
গাভৰুৰ প্ৰাৰ্থনাঃ-
"
অ’ ফুৰা অ’ তাৰা চাও ঐ ৰিক মৌ তুন-মাক পুক বাই ঐ।
চুমাকান-ৰূমকান লেংদন-ঐ-ৰিক মৌ তুন-মাক পুক বাই ঐ
খুনথাও নেউ লাংকুৰি ঐ-ৰিক মৌ তুন-মাক পুক বাই ঐ
ফি খাও মে থাও জানচাই হুং ঐ ৰিক মৌ তুন-মাক পুক বাই ঐ
ছেংহুং ছেংবান লেংদিন ঐ ৰিক মৌ তুন-মাক পুক বাই ঐ
তাইকুম মুতকুম খাও খাম ঐ ৰিক মৌ তুন-মাক পুক বাই ঐ
ফুক খাও নামনা ছাংদিন ঐ ৰিক মৌ তুন-মাক পুক বাই ঐ "
(তুন অৰ্থ গছ, মাক অৰ্থ গুটি)
গাভৰুহঁতে গছৰ গুটি পাৰি দিবৰ বাবে আৰু শস্য-মৎস্য কৃষি উৎপাদন বৃদ্ধি হবৰ বাবে আশীৰ্বাদ বিচাৰি সৃষ্টিকৰ্ত্তা ইশ্বৰ তথা দেৱতা সকলক প্ৰাৰ্থনা জনাইছে। গছৰ গুটি-গাভৰুহঁতে সৃষ্টিকৰ্ত্তা ইশ্বৰ তথা দেৱতা সকলক প্ৰাৰ্থনা জনাইছে। গছৰ গুটি-গাভৰুহঁতে সৃষ্টিপাতনিৰ দিশত সন্তান কামনাৰে পূৰ্ব পৰম্পৰাক ৰক্ষা কৰি গছৰতলত বিহু পাতিছিল।
লহৰীয়া খোজতঃ-
"
আওকুং আও লিউ খত পাই ঐ
আওমা হুপদাই ন্যুকচাই ঐ
আওৰক আওলিউ তিপোই ঐ
আওমা হুপাদাই ন্যুকচাই ঐ
আওমা আওলু তাংলাই ঐ
আওমা হুপাদাই ন্যুকচাই ঐ "
ভাঙনিঃ- " হাতত কাড়ফাই ল হেৰ ককাই,
মা ঐ মাৰ ঐ বালি চৰাই।
গাভৰুৱে ডেকাক বালিমাহি চৰাই মাৰিবলৈ গীত গাই কৈছে-
কুঞলাংক তাংলাই আও জিমা মাই কাই কাই,
তাং তিং তাং তেপ পাই ঐ কতাং লাই। "
গাভৰুৱে ডেকাক গছৰ গুটি পাৰি দিবলৈ কৈছেঃ-
"
আও তুংতা মাক্ ফলুং ঐ --- ছেংবাও (ছেংবাও অৰ্থ ডেকা)
আও তংতা ঐ মাক মাক্ থৈ লাই ---
আও মালা মাক খ্ৰু খাও---
আও মালা মাকখ্ৰু লুং---
কিন তাং খাও লিপ পাই----।। "
ডেকাঃ-
" ১। তিৰেন ৰাও মাক্ ফলুং ঐ ছেংনাং-
তি আও মা মাকখ্ৰু খাও-
দাই কিন মো ঐ তি অকমা ঐ ছেংনাং
তি চন চান কেঞ তাং ৰাও।
২। তি আওমা ব্লক পিত পাই ঐ ছেংনাং
চিনোং তিবাম পয়ছেং কেঞ
কাও ক প ক্লং ধিনিকি নাও ঐ
পে্ পাই মৌত ছন। "
ভাঙনিঃ-
"
ভোলে পাৰি দিম খাবি ঐ’ চেনাইটি
বেঙেনা আনি দিম খাবি
তাকে খাই চেনাই তই ওলাই ঐ আহিবি
মোৰ লগত বিহুলৈ যাবি।
কপৌ ফুল আনি দিম ছিঙি ঐ চেনাইধন
পিন্ধিবি বিহুৰে দিনত,
মই ঢোল বাম ধিনিকি ধিনাওঁ ঐ
নাচিবি চকুৰে টিপত। "
ডেকাঃ-
" অ’ ছেংনাং তি না মৌ আপাই খুন
অ’ ছেংনাং তি ৰুম ৰাও দিনচিত চাম
অ’ ছেংনাং তি নাম তি মৌ ছম খাও
অ’ ছেংনাং মুদিন দেনছিং চাম
অ’ ছেংনাং তি-নামৌ-লেং নাম খাম
অ’ ছেংনাং তি মৌ তিপ হুক খাও ঐ। "
ভাঙনিঃ-
" অ চেনাই-তোমাৰে পথাৰত
অ’ চেনাই হালে বাম শাওনত
অ’ চেনাই তুমি ৰুয়ে যাবা ধান।
অ’ চেনাই আঘোনৰ মাহেকত
অ’ চেনাই সোণালী ধাননি পথাৰত
অ’ চেনাই তুমি দায়ে যাবা ধান। "
সামৰণিঃ- তাই জাতিৰ ছেংনাং হঁতে (তুনলুং) বৰগছৰ তলত পতা বিহুখন ভিতৰত নো কি আছিল তাৰহে আংশিত পৰ্যালোচনা কৰা হ'ল। বহাগৰ বিহু তাইসকলৰ পুৰণি কলিয়া আপুৰুগীয়া সম্পতি। যুগ যুগ ধৰি তাই সমাজৰ ডেকা গাভৰুহে পূৰ্ব পৰম্পৰা ৰক্ষা কৰি অহা বিহুবৰ, কলিয়াবৰৰ ঐতিহ্যই প্ৰমাণ কৰিব।সময়ত হেঁচাত তাই সমাজে চুমছেংৰ মন্দিৰত পতা ছেংনাং বিহুত ঢাকন পৰিল।
যেনেঃ-
"
চতত চকৰী বহাগত বগৰী
জেঠত অমনা ধান,
গৰু বিহু দিনাখন লবি আৰ্শীবাদ।
তেহেপাবি বৈকুন্ঠত থান। " (বহাগ-পৃঃ৫)
পূৰ্ব পৰম্পৰামতে তাই সকলে চুমছেং মন্দিৰত চাইফা নীতিৰে হাবিদেও আৰু ছুমছেং পূজা পাতিছিল গৰু বলি দি।
ছেংনাং বিহুৰ বিষয়ত গাভৰু সমাজৰ পৰা এগৰাকী মূৰব্বী পাতিলোৱা হয় আৰু দৰ্শকৰূপে ছেংনাং বিহুৰ কাষচপা ডেকাৰ বিলাকেও এজন বিহুৱা বড়া পাতিলোৱা আৰু সেই দুইগৰাকী পৰিচালনাকাৰী মূৰব্বীয়ে ডেকা-গাভৰুক বিপথে যাবলৈ নিদিছিল। বিহুতলীত ডেকাজীয়েৰীয়ে জীৱন লগৰী নিৰ্বাচন কৰাৰ বিষয়ত উক্ত পৰিচালনাকাৰী মুৰব্বী দুগৰাকীয়ে তেনে ডেকা গাভৰুক পিতৃ মাতৃক কটকীৰূপে জাননী দি উভয়ৰ ভিতৰত বৈবাহিক সম্বন্ধ ঘটোৱাৰ নিয়ম আছিল। বিহুতলীৰ পৰা পলাই যোৱা ডেকা গাভৰুক উক্ত বিহুৱা বড়াই বিচাৰি আনি তাই পৰম্পৰা বিবাহ বিধিমতে পুৰোহিতৰ দ্বাৰা ঞাপোলক শঞ্জিৱনী যোৱাই সৃষ্টি পাতনিৰ বুজনি দিয়াইহে বিবাহ আসনৰ মিলন শয্যালৈ যাবলৈ অনুমতি প্ৰদান কৰিছিল।
যাৰ দ্বাৰা পুৰুষে প্ৰকৃতিৰ অৰ্দ্ধাঙ্গিনী সহধৰ্ম্মিনী ভাৰ্য্যাৰূপে গ্ৰহণ কৰি নিয়ম সংযমৰ মাজেদি চলি বংশ ও জাতিৰ মৰ্য্যদা ৰক্ষা কৰিব পৰা মেধাৱী সন্তান জন্ম দিয়াব পৰাতোৱেই ছেংনাং বিহুৰ মৌলিক উদ্দেশ্য আছিল।
সম্পূৰ্ণকৈ পঢ়ক »

আকাশী ✍ নাং চেং নিভা গগৈ, লক্ষীমপুৰ

আকাশীয়ে শ্বাৱাৰৰ তলত ৰৈ শীতল পানীত নিজৰ ভাগৰুৱা দেহাটো তিয়াই দিলে । উসঃ কি প্ৰশান্তি ! এই গৰমত বজাৰলৈ যোৱাটোও যে কঠিন । গা ধুই বহল দাপোনৰ সন্মুখত বহি পৰিল তাই, ৪৯ ৰ উদ্ধৃত যদিও যেন মুখাবৰণত প্ৰকৃতিৰ সেউজীয়াবোৰ আঁতৰি যোৱা নায় । দুটা ল'ৰাৰ মাতৃ হৈও যে আজি মনটো ২৫ বছৰীয়া এগৰাকী গাভৰু হৈ আছে । মসৃন গাল দুখনত ডাঠ প্ৰসাধনেৰে বোলাই পেলালে । আকাশীৰ কলেজীয়া দিনবোৰলৈ মনত পৰিল ,মনত পৰিল কৃষ্ণচুড়া সেই নিদিষ্ট গছ জোপাৰ তলত বন্ধু বান্ধৱীৰহঁতে আড্ডা দিয়াৰ দিনবোৰলৈ । তাৰ মাজতে আমন জিমনকৈ থকা ল'ৰাটোয়ে এদিন আচৰিত কৰি কৈ পেলাইছিল আকাশী মোৰ সৈতে বিয়া হ'বানে ?
তাই গুৰুত্ব নিদিয়া ল'ৰাটো এদিন আকাশীৰ মনত জোন হৈ পোহৰ বিলালে ৷ দুখীয়া ঘৰৰ সহজ সৰল পংকজ বৰুৱাক তাই মনেৰে স্বামী ৰূপে পাব বিচাৰিলে ৷ কিন্তু কৌটি পতি দেউতাকৰ আদেশত তাই গঢ়ি উঠা প্ৰেমক গৰকি ধনী ব্যৱসায়ী অনুজলৈ বিয়া হ'বলৈ বাধ্য হ'ল ৷ সময়ৰ লগে লগে সকলো বোৰ সলনি হোৱাৰ দৰে তাইও পংকজক পাহৰিলে যদিও কোনো এক মূহূৰ্তে আকাশীৰ বুকুৰ নিৰ্ভিত কোনত নিতাল মাৰি শুই থকা পংকজৰ স্মৃতিৰে আগুৰি ধৰে, ঠিক আজিৰ দিনটোৰ দৰেই ৷
এটি ৰোমান্তিক গীত হঠাৎ বাজি উঠিল ,মবাইলৰ ৰিংটনটোয়ে আকাশীক বাস্তৱলৈ ঘূৰাই আনিলে ।
: হেল্ল'
: হেল্ল ,আকাশী বৰুৱাক বিছাৰিছো ।(এক পুৰুষৰ কণ্ঠ)
: হয় কওকচোন ?
: আপোনাৰ ল'ৰা দুটা গুৱাহাটীত থাকে নেকি বাৰু ?
উৎকণ্ঠাৰে তাই ক'লে— হয় থাকে কিন্তু আপুনি ??
: মই থানাৰ পৰা কৈছোঁ ৷ আপোনাৰ পুত্ৰ দ্বয়ে সুৰাৰ ৰাগীত এগৰাকী নাবালিকাক ধর্ষণ কৰা চেষ্টা চলাই ,বর্তমান দুয়ো থানাত আছে আৰু ...
আকাশীৰ হাতৰ পৰা মবাইলটো পৰি গ'ল । গিৰিয়েকৰ মৃত্যৰ পিছত এই দহ বছৰ আকাশীয়ে কেনেকৈ ল'ৰা দুটাক অভাৱ পূৰণ কৰিছে তাইৰ বাহিৰে আনে অনুভৱ কৰিব নোৱাৰে ৷ মৰি মৰি জীয়াই আছে মাত্ৰ পুত্ৰৰ ভৱিষ্যতৰ সপোন ৰচি ৷ কিন্তু, এয়াটো তাইৰ সপোনত কেতিয়াও কল্পনা কৰা নাছিল ৷৷
তাই থানাত গৈ উপস্থিত হ'লগৈ , আকাশীয়ে থানাৰ অ'চিৰ সৈতে আলোচনা কৰিব মৰ্মে আগবাঢ়োতেই তাই দেখিলে সেইজন আন কোনো নহয় পংকজ
বৰুৱা । তাই দেখি আচৰিত হ'ল কলেজৰ কৃষ্ণচুড়াৰ তলত আমন জিমনকৈ ৰৈ থকা ল'ৰাটোৰ আৰু এইজন পংকজ বৰুৱাৰ মাজত কিমান পাৰ্থক্য । যিজনে আকাশীক এদিন বিয়াৰ প্ৰস্তাৱ দিছিল ,আজি তেওঁক আগতেই পুত্ৰৰ নিৰ্লজ কাণ্ডৰ বাবে থিয় হ'ব লগা হ'ল ৷ তাই দেখিলে, পংকজৰ চকুহাল যে এতিয়াও নিৰ্মল, যি চকুহালত তাই ডুবি পৰিছিল, প্ৰেম নামৰ নৈ খনত ৷ তাই আৰু স্থিৰে থাকিব নোৱাৰি থানাৰ পৰা ধীৰে ধীৰে ওলাই আহিল ৷ তেতিয়া সূৰ্যটো পাতৰ আঁৰত লুকাই পৰিছিল ৷৷
সম্পূৰ্ণকৈ পঢ়ক »

সম্পাদকীয় " আহোম ৰেচিদেঞ্চিয়েল স্কুল" ✍ চাও নগেন হাজৰিকা

বৃটিছ আৰু ফ্ৰেন্স সকলে কানাডাত ক’লনি স্থাপন কৰি বসতি বিস্তাৰ কৰাৰ পাছত কানাডাৰ আদিবাসী সকলে দুৰ্ঘোৰ আপত্তি কৰিবলৈ ধৰিলে।আদিবাসীসকল ঘৰতে অঘৰী হ’ল। য়ুৰোপীয় সকলে আদিবাসীসকলক Europenize কৰাৰ উদ্দেশ্যে তেওঁলোকৰ কাৰণে মাটিৰ সীমা নিৰ্ধাৰণ কৰি Reserve system ৰ মাটিৰ ভিতৰত থাকিবলৈ দিলে আৰু তেওঁলোকৰ জাতি ধৰ্ম ভাষা কৃষ্টি সংস্কৃতিক নাশ কৰাৰ উদ্দেশ্যে আদিবাসী ল’ৰা ছোৱালীবোৰৰ বাবে Residential school স্থাপন কৰি দিলে।আদিবাসীসকলৰ ল’ৰা ছোৱালীবোৰক হোষ্টেলত ৰাখি নিজৰ সৰ্বস্ব পাহৰাই ইংৰাজী/ফ্ৰেন্স ভাষা, খ্ৰীষ্টিয়ান ধৰ্ম, য়ুৰোপীয় সংস্কৃতি আদি সেই স্কুলবোৰত শিকাবলৈ ধৰিলে।সেই স্কুলত থকা ল’ৰা ছোৱালীবোৰক ধৰ্ষণ কৰাৰ উপৰিও নানা ধৰণৰ উৎপীড়ন কৰিবলৈ আৰম্ভ কৰা হ’ল।ফলত হুলস্থূল লাগিল।ফল স্বৰূপে 60’s scoop নামৰ আন্দোলন এটাৰ সৃষ্টি হ’ল।
  বৰ্তমানে shan states ত বসবাস কৰা তাই ছান সকলৰ ওপৰত বাৰ্মান বা ম্যান সকলে ধ্বংস কাৰ্য আৰম্ভ কৰি দিছে। ম্যানমাৰ চৰকাৰে ছান সকলৰ ৰজা বিলাকৰ কাৰেংঘৰবোৰ ভাঙি তাত হোটেল বা কমিউনিটি চেণ্টাৰ পাতিবলৈ লৈছে।তেওঁলোকৰ ল’ৰাছোৱালীবোৰৰ ভাল ভাল আৰু তীক্ষ্ণ সকল কানাডাৰ নিচিনাকৈ residential school স্থাপন কৰি তাত বসবাস কৰিবলৈ দিয়া হৈছে।তাত তাই ছান ভাষাটোৰ সলনি বাৰ্মান ভাষা শিকোৱা হৈছে; ছান সকলৰ পৎলুং সোলোকাই লুঙি পিন্ধাবলৈ লৈছে;ছোৱালীবিলাকক বাৰ্মান ড্ৰেছ পিন্ধাবলৈ লৈছে আৰু তাই ছান সকলৰ বুৰঞ্জী পুৰাতত্ব কৃষ্টি সংস্কৃতি মূল্যবোধক বাদ দি বাৰ্মান সকলৰ নিজাবোৰ তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছে যাতে শিক্ষিত হৈ ওলাই অহাৰ পিছত সেই তাই ছান ডেকা গাভৰু সকল তাই হৈ নাথাকি বাৰ্মান হৈ জীয়াই থাকিব পাৰে। সেই দেশত তাইত্বক শেষ কৰিবলৈ বাৰ্মান সকল উঠি পৰি লাগিছে।
  তেনেকৈ চীন দেশতো য়ুন নান, গুৱাংচি, গুৱাংডং, গুইঝাও আদি পাঁচ খন প্ৰ্দেশৰ তাই দাই, তাই বুই, তাই দং, তাই বাই, কাম তাই আদি সকলো তাই মানুহৰ ওপৰত সাংস্কৃতিক উৎপীড়ন চলিছে। সেই তাই ল’ৰা ছোৱালীবোৰকো residential school বোৰলৈ অনা হৈছে, এবাৰ অহাৰ পিছত শিক্ষা শেষ নোহোৱা পৰ্যন্ত সেই স্কুল/ হোষ্টেলৰ পৰা ঘৰলৈ যাবলৈ দিয়া হোৱা নাই। স্কুলবোৰত তাই সকলৰ মাতৃ ভাষাৰ পৰিৱৰ্তে হান বা চীনা ভাষা, হান সকলৰ সংস্কৃতি বুৰঞ্জী পুৰাতত্ব আদি শিকোৱা হৈছে যাতে স্কুলীয়া জীৱন শেষ কৰাৰ লগে লগে তেওঁলোক তাই হৈ থাকিব নোৱাৰে বৰং হান বা চীনা হৈ জীয়াই থাকিব পাৰে। এই তিনিবিধ হৈছে সাংস্কৃতিক ধ্বংস কাৰ্য, সাংস্কৃতিক পুনৰ জনম আৰু সাংস্কৃতিক পুনৰ সংগঠন। ফলত চীন দেশত থকা তাই সকলৰ অস্তিত্বৰ অৱসান ঘটিব ধৰিছে আৰু প্ৰায় ৫০ বছৰৰ ভিতৰত তাই মানুহৰ কোনো অবস্থিতি চীন দেশত নাথাকিব।
    এই উদাহৰণ তিনিটাই আহোম সকলৰ বাবেও বিষ কাঁড় সদৃশ হৈ পৰিছে। কিন্তু বিষ কাঁড় নে অমৃত??
    চাও লুং ছ্যু কা ফা দেৱে ৰজাৰ ধৰ্মই প্ৰ্জাৰ ধৰ্ম নীতি মনা নাছিল তথা প্ৰজাৰ ধৰ্মই ৰজাৰো ধৰ্ম নীতিও মনা নাছিল। বৰং ‘প্ৰ্জাৰ ধৰ্ম প্ৰজাই পালন কৰি থাকক আমাৰ ধৰ্ম আমি পালন কৰি থাকিম’ মানি চলিছিল।তদুপৰি তেখেত তথা পৰৱৰ্তী আহোম ৰজা সকলে art তথা architecture ৰ অনুৰাগী আছিল।সেই সময়ত অসমত থকা অমূহৰ ভগ্নাৱশেষ যেনে নাগ শংকৰ দৌল, মালিনী থান আদি হিন্দুৰ মন্দিৰবোৰ নতুনকৈ নিৰ্মান কৰাই দিছিল প্ৰজাৰ উপকাৰ তথা সমূহ কৰাৰ উদ্দেশ্যে।সেই সময়ত শৈৱ ধৰ্মৰ লগতে ব্ৰাহ্মণ্য অৰ্থাৎ শাক্ত ধৰ্মৰ প্ৰভাৱ অসমত আছিল।তাৰ পাছত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ বিস্তাৰ হ’ল। ৰজাই প্ৰজাৰ ধৰ্মৰ প্ৰতি সন্মান জনাই মাজুলীত আৰু অন্যান্য দুই এঠাইত বৈষ্ণৱ সত্ৰ পাতিবলৈ বিস্তৰ এলেকাৰে আগুৰা মাটি দান দিছিল। কিন্তু নিজে বা অন্যান্য আহোম সকল বৈষ্ণৱ হোৱা নাছিল তথা শাক্ত ধৰ্মীও হোৱা নাছিল।
  এইবোৰকে দেখি শুনি বৃটিছে ভাবিলে যে আহোমবোৰ হিন্দু।লগতে দেখিলে যে ৰজাবোৰৰ নিজ ভাষা ধৰ্মৰ নামবোৰৰ উপৰিও সংস্কৃত/ প্ৰাকৃত ভাষাৰ শব্দ কিছুমানো ৰজাই হিচাপে ৰাখে অন্যান্য আহোমবোৰেও ৰাখে।সেয়েহে অসমত অন্যান্য জাতি সম্প্ৰদায়ৰ লগতে আহোমৰ ওপৰতো হিন্দু আইনখন কম্বল জপাৰ দৰে জাপি দিলে। সেয়েহে সংবিধানৰ মতে আহোমবোৰ হিন্দু কিন্তু ৰীতি নীতিবোৰত হিন্দু নহয়।আহোমে আহোমৰ মাজত নিজস্ববোৰ ৰাখি থলে আৰু সেইবোৰ এতিয়াও অভ্যাস কৰি আছে।সেয়েহে আহোমৰ ল’ৰা ছোৱালীবোৰ ইমান ধুনীয়া। কোনোবাই যদি মোক সুধে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ল’ৰা ছোৱালীবোৰ কোন? মই ক’ম –আহোম ল’ৰা ছোৱালীবোৰ।কাৰণ তেওঁলোকৰ গাত আহোমৰ তেজ মঙহ, পৰম্পৰা কৃষ্টি সংস্কৃতি আছে।এই ধাৰাটো বহন কৰি থাকিলে আহোমৰ বাবেই ভাল।হিন্দুত্বৰ জালখন ফালি ওলাই আহিব পাৰিব।
  অলপতে ফেচবুকত কোনোবা দাস উপাধিধাৰী এজনে কমেণ্ট কৰি প্ৰ্শ্ন এটা সুধিছিল। লিখিছিল- “বিদেশী আহোমে ৬০০ বছৰ ৰাজত্ব কৰিছিল।কিন্তু ৰংঘৰ কাৰেংঘৰ নিৰ্মানৰ বাহিৰে একো নকৰিলে। বিদেশী বৃটিছে ৰেলগাড়ী আনিলে চাহখেতি কৰিলে।” তাৰ পাছত বহুতে বেয়া শব্দ প্ৰয়োগ কৰি লিখক জনক “ডোমৰ পোৱালী” আদি বিভূষণেৰে বহুত গালি পাৰিলে।মোৰ এইখিনিতে কব লগা এই যে বা অন্য বোৰত অন্য মানুহক জাতত ধৰি আহোমে গালি দিয়াটো উচিত নহয়।সেই সম্প্ৰদায়ৰ এজনেহে তেনেকৈ লিখিছে বাকীবোৰেতো একো জগৰ লগোৱা নাই।
  মোৰ উত্তৰটো ধৰক এনে ধৰণৰ হ’ব পাৰে। কিছুমানে বিদেশী আহোম ৰাজ্যত silent infiltrator foreigner হিচাপে অনুপ্ৰৱেশ কৰি আহোম ৰাজ্যৰ হ’বলৈ বিছাৰিছিল।সেই উদ্দেশ্যৰে সেই সম্প্ৰদায়ৰ মতাবোৰে নদী বিলত ৰাতি ৰাতি মাছ মাৰিছিল।দিনত সেইবোৰ গাভৰু ছোৱালী বোৱাৰীবোৰে পাচিত ভৰাই ভৰাই আহোম গাওঁবোৰত পোহাৰ কৰিছিল।তেওঁলোকে আহোম বীৰ্য গৰ্ভত ধাৰণ কৰি নতুন এক GM negro further genetically modified(GMNF GM) জাতিৰ জন্ম দিলে। হিংসাতে হিন্দুবোৰে এই মানুহবোৰক “ডোম” আৰু সংস্কৃতত “কৈৱৰ্ত্ত” অৰ্থাৎ পানী(কৃ)ৰ ওপৰত যি বৰ্ত্তি থাকে বুলিবলৈ ধৰিলে।প্ৰকৃততে ডোম শব্দটো আহোম ভাষাৰ ‘দুম’শব্দৰ অপ্ৰভ্ৰংশ। দুম শব্দৰ অৰ্থ হৈছে বেয়া গোন্ধ।এনে GMNF GM বোৰৰ পৰাইতো (আহোমৰ তেজ মঙহ তেওঁলোকৰ গাত থকাৰ বাবে ) বহুতো ‘ভাল মানুহ’ ওলাইছে। ভূপেন হাজৰিকাক বহুতে কৈৱৰ্ত্ত বুলি ভিতৰুৱাকৈ খিকিন্দালি কৰে। মই বাৰু কি বুলি ক’ম? ফেচবুকৰ উপৰোক্ত নীৰৱে অসমত সোমোৱা বিদেশী জনক মই সুধিব বিচাৰিছো- আহোম তথা বৃটিছ বিদেশীৰ কথা তেওঁ বাৰু ক’লে। ক’লে বাৰু ক’লে। কিন্তু তেওঁৰ বিদেশী পূৰ্বজ সকলে বাৰু কি কৰিলে? আহোমৰ তেজ মঙহ বীৰ্য বুদ্ধিবোৰ কাঢ়ি লৈও এটা নতুন জাতিৰ সৃষ্টি কৰিব নোৱাৰিলে দেখোন।ইচ্ছা কৰিলে তেওঁলোকে এটা বৰ ডাঙৰ ‘মাছৰ পাহাৰ’ গঢ়ি থৈ যাব পাৰিলহেতেন নে? GMNFGM হৈয়েই থাকিল।ধিক বিদেশী। সতী ৰাধিকাই সেয়েহে নিজৰ কৌমাৰ্যৰ পৰীক্ষা দিহে সতী  হ’ব পাৰিছিল।কাৰণটোৰ কথা বিশ্লেষণ কৰিলে সকলোৱে সবিশেষ বুজি পাব। মই সঁচা কথাটো কৈছো। একেবাৰে সঁচা।
  এতিয়া আহো আহোম residential school নামৰ প্ৰসংগটোলৈ। আহোমৰ স্বাধীনতা যোৱাৰ পাছত বৈষ্ণৱী হিন্দু সকলে অসমখনক The Ahom residential school এখন হিচাপে গণ্য কৰি লৈ আহোমক মানসিক ভাৱে অত্যাচাৰ, উৎপীড়ন, ধৰ্ষণ বঞ্চনা আদি কৰিবলৈ ললে যাতে আহোমবোৰ সিহতৰ দাসৰো দাস নিকৃষ্ট দাস হিচাপে গ্ৰহণ কৰিবলৈ সুবিধা পাব পাৰে। তাত অৱশ্যে কেইটামান আহোমেও অৰিহণা যোগাইছে।
  সি যি কি নহওক The ahom residential স্কুলখনৰ প্ৰথমটো পাঠ হ’ল- ৰাইজেই ৰজা জ্ঞাতিয়েই গংগা ভকতেই ঈশ্বৰ। আগৰ পৰাই এই পাঠটো অসমত চলি আছিল। আহোম ৰজাক আঁতৰাই অনা আহোম প্ৰজাবোৰ ৰজা হ’বলৈ। জ্ঞাতি শব্দটো আহোমত ব্যৱহাৰ নহয়, হয় কায়স্থ কলিতাকে ধৰি সকলো অনা আহোম তথা অমংগোলইড গোষ্ঠীৰ মানুহবোৰত। ভকতৰ অৰ্থ অশিক্ষিতবোৰেই যি বোৰ হ’লগৈ (আহোমৰ) ঈশ্বৰ- লেংদনেই হওক বা ফু ৰাই হওক। দ্বিতীয় পাঠটো হ’ল- ‘পাৱে পৰিহৰি, কৰোহো কাতৰি, প্ৰাণ ………..বিষয় বিষধৰ বিষে জড়জড় জীৱনে নাৰহে মোৰ………’-
বিষয়-আহোম ৰজাৰ তলে চাকৰি। বিষ- আহোম বোৰ বিষ(বিহ) প্ৰাণ ৰক্ষা কৰিবলৈ সিহঁতক আতৰাব লাগে।ইত্যাদি।এতিয়াৰ আহোমে কথাটো দকৈ ভাৱি চাওক।নভবাৰ বাবেই পদ্মনাথ গোঁহাইবৰুৱা,হিতেশ্বৰ বৰবৰুৱা, সতীশ চন্দ্ৰ বৰবৰুৱা, সতীশ চন্দ্ৰ গগৈয়ে আহোমক বৈষ্ণৱৰ দাসৰো দাস কৃতদাস হবলৈ Conditional Refex কৰালে।এতিয়া সিঁহত কেইটাই মৰিশালিৰ পৰা আহোমৰ দুৰৱস্থা দেখিছেনে? বৰ দুখ লাগে।আৱেগ তথা পৰৰ প্ৰৰোচনা আৰু চেপা খুন্দাৰ বশৱৰ্তী হৈ আহোমক মাষ্টৰ হিচাপে তেওঁলোকে Ahom residential school আহোম বিৰোধ শিক্ষা দান কৰিলে। Ahom residential schoolত পাঠ দান কৰা অন্য এজন হ’ল অসমৰ ৰাজ্যপাল।তেওঁৰ অফিচ Chamber ত বহা চকীখনৰ পাছফালে এখন ডাঙৰকৈ অঁকা শংকৰদেৱৰ ফটো ৰাখে। গভৰ্ণৰ ধৰ্ম প্ৰচাৰক নে প্ৰশাসক? প্ৰশাসক হোৱা হ’লে চাও লুং ছ্যু কা ফা ৰ ফটো এখনহে ৰাখিব লাগে।তৰুণ গগৈও ARS ৰ এজন মুখপত্ৰ। এইবোৰ  elite আহোমবোৰৰ নজৰলৈ নাহে নেকি?
  “মই নিজেও এজন বৌদ্ধ, সকলো আহোম বৌদ্ধ আছিল আৰু হ’ব লাগে”-এই আৱাজ লগোৱা সকল হ’ল চাও পুস্প গগৈ,কিৰণ গগৈ, যোগেন ফুকন, আইজেপ ফুকন, বি গগৈ, লক্ষীমপুৰ কলেজৰ গগৈ শ্যাম আদি এসোপা। কিছুমানো তেওঁলোকৰ লগত আছে। এওঁলোকে কাউৰী হৈও মৌৰা চৰাই পাখী লগাই ৰ চকীদাৰ কাম কৰি আছে। এইবোৰৰ পৰা উঠি অহা চাম সাৱধান হওক। ড হেমন্ত গগৈৰ প্ৰতিও নজৰ ৰখা উচিত।


   এতিয়া ARS ত মাত্ৰ বামুণকে  দোষাৰূপ  কৰি থাকিলে নহব। এসময়ত তেওঁলোকে আহোমক তল চকুৰে চাই কাগজে পত্ৰই অন্যান্য কৰিলে।কিন্তু বৈষ্ণবে সিঁহতকো নাপাত্তা কৰি পেলালে। এতিয়া আহোমখিনি আহোম কিছুমানৰ পৰা সাৱধান হৈ থাকক। যোৱা বছৰৰ শেষৰ ফালে শদিয়াত যুৱ সংগঠন এটাই অধিৱেশন পাতি লাখ লাখ টকা খৰচ কৰিলে। ফলত কাজিয়া লাগি সংগঠনটো দুভাগ হ’ল। অধিবেশনৰ লাখ লাখ টকাৰ কিছু অংশ খৰচ কৰি চাও লুং ছ্যু কা ফা  হ লুং ছন লিক(Chow lung su ka pha Academy) এখন স্থাপন কৰা হ’লে আহোম ল’ৰা ছোৱালীবোৰে নিজৰ ভাষা ধৰ্ম সংস্কৃতি বুৰঞ্জী পুৰাতত্ব জানিলহেঁতেন। ৰং বয় বয়।
সম্পূৰ্ণকৈ পঢ়ক »

আহোম যুগৰ সংস্কৃতিঃএটি অৱলোকন ✍ ড° গিৰিণ ফুকন

ত্ৰয়োদশ শতিকাৰ তৃতীয় দশকৰ পৰা উনবিংশ শতিকাৰ চতুৰ্থ দশকলৈকে নিৰবিছিন্নভাৱে আহোমে অসমক শাসন কৰা এই সুদীৰ্ঘ কালকে আহোম যুগ বুলি কোৱা হয়। অসমীয়া সংস্কৃতিৰ ভেটি এই যুগতে গঢ়ি উঠিছিল। ‘ম্যুং ডুন্ চুন্ খামলৈ’ আহিয়েই আহোম চাওফাসকলে সেই সময়ত ইয়াত বাস কৰা মৰাণ, বৰাহী, কছাৰী, চুতীয়া আদি বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত সমন্বয় সাধন কৰি এটা নতুন জাতি গঠনৰ পৰিকল্পনা কৰিছিল। এই পৰিকল্পনা অনুসৰিয়েই কালক্ৰমত আহোম ৰজাসকলে যে ‘অসম’ নামেৰে এখন দেশ কৰিছিল আৰু কালক্ৰমত আহোম ৰজাসকলে যে ‘অসম’ নামেৰে এখন দেশ গঠন কৰিছিল আৰু ‘আসমীয়া’ নামেৰে যে এটা জাতিৰ জন্ম দিছিল এই নিশ্চয় কাৰোয়েই অবিদিত নহয়।
আহোম সকল মূলতঃ শ্যাম-চীনীয় ভাষাগোষ্ঠীৰ টাই মানুহ। তেওঁলোকৰ সাংস্কৃতিক প্ৰমূল্যসমূহ হ’ল উদৰতা, গুণগ্ৰাহিতা, ধৰ্মৰিপেক্ষতা, প্ৰগতিশীলতা আৰু সাংস্কৃতিক সহিঞ্চুতা। টাই সংস্কৃতিৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বাবেই নিজ ভাষা-সংস্কৃতি, ধৰ্ম আৰু সংস্কৃতি থকা স্বত্বেও ইয়ালৈ আহি তাকেই খামোচ মাৰি ধৰি নাথাকি শাসক হৈয়ো তেওলোকে উদাৰ দৃষ্টি ভঙ্গীৰে থলুৱা মানুহৰ ভাষা-সংস্কৃতি গ্ৰহন কৰি নিজৰ অৱদানেৰে এক মহান অসমীয়া জাতি আৰু অসমীয়া সাংস্কৃতি গঢ়ি তুলিছিল। এই কথা অনস্বীকাৰ্য যে আহোম যুগত গঢ়ি উঠা সংস্কৃতিয়ে পৰৱতীকালত অসমীয়া সংস্কৃতিৰূপে পৰিগণিত হ’ল আৰু টাই-সংস্কৃতি অসমীয়া সংস্কৃতিৰে অবিচ্ছেদ্য অংগ হৈ পৰিল।
সংস্কৃতিৰ পৰিসৰ অতি ব্যাপক। এখন সমাজৰ সামগ্ৰীক জীৱন ধাৰণৰ প্ৰক্ৰিয়াক বুজোৱাৰ উপৰিও সংস্কৃতিয়ে সাহিত্য, শিল্প, কলা, ধ্যান-ধাৰণা, আচাৰ-ব্যৱহাৰ সামাজিক ৰীতি-নীতি আদিকো সামৰি লয়। গতিকে এই নিৱন্ধৰ শিৰোনাম অনুহৰি আহোম যুগৰ সংস্কৃতিৰ সকলো দিশ সামৰি সীমিত পৰিসৰৰ ভিতৰত বিশাদভাবে আলোচনাটিত আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা সংস্কৃতিৰ কেৱল কেইটিমান দিশৰ ওপৰতহে আলোকপাত কৰা হ’ল। ইয়াৰ আলোচনা কৰিবলৈ লোৱা সংস্কৃতিৰ দিশ কেইটি হ’ল- স্বৰ্গদেউসকলৰ উদৰতাবাদৰ ফলস্বৰূপে গঢ়ি উঠা সমন্বয়ৰ সংস্কৃতি, ধৰ্ম, ভাষা-সাহিত্য, স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা, নৃত্য-গীত, খাদ্য-সম্ভাৰ, জীৱন ধাৰণাৰ পদ্ধতি, সাজপাৰ, আ-অলংকাৰ আৰু সামাজিক শৃঙ্খলা।
আহোমসকলৰ উদাৰ দৃষ্টিভঙ্গীৰ কাৰণেই তেওঁলোকে ইয়ালৈ আহি থুলুৱা মানুহৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰি বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়ি তুলি এক বৃহৎ অসমীয়া জাতি জন্ম দিবলৈ সক্ষম হৈছিল। আহোম স্বৰ্গদেউসকলে খিলঞ্জীয়া জাতি-গোষ্ঠীৰ মানুহৰ উপৰিও ঘৰচেৰেক বামুণ, কলিতা, কায়স্থ আদি লোককো বিভিন্ন বাব ভোগ দি নিজ খেলত তুলি লৈছিল। জাত-পাত নিৰ্বিশেষ সকলোৱে ৰজাঘৰীয়া বিষয় বাব ভোগ কৰিবলৈ সুবিধা পোৱাত আহোম ৰজাই দিয়া বৃত্তিগত তথা মৰ্য়দাগত উপাধিসমূহ ব্যৱহাৰ কৰি ফুকন, বৰুৱা, বৰা, শইকীয়া, হাজৰিকা, ৰাজখোৱা হৈ নিজকে ৰাজকীয় গোটত বিলীন কৰি দিছিল। এক কথাত ক’বলৈ গ’লে আহোম যুগত জাতিগত সমন্বয় সাধিত হৈছিল আৰু বিভিন্ন গোষ্ঠীৰ সংস্কৃতিৰ উপাদানৰ সমন্বয়ত এক যৌগিক অসমীয়া সংস্কৃতিৰ জন্ম হৈছিল আৰু জন্ম হৈছিল এটা অসমীয়া জাতি। গতিকে দেখা যায় যে, স্বৰ্গদেউসকলৰ ছত্ৰছায়াত গঢ়ি উঠা সমন্বয়ৰ সংস্কৃতিয়েই হৈছে আহোম স্বৰ্গদেউসকলৰ আটাইতকৈ মহৎ সাংস্কৃতিক বৰঙণি।
ধৰ্ম হৈছে সংস্কৃতিৰ এক মুখ্য উপাদান। স্বৰ্গদেউসকলৰ ধৰ্মনীতি উদাৰপন্থী হোৱা বাবে আহোম যুগৰ সংস্কৃতিক ধৰ্মই বিশেষভাবে প্ৰভাৱান্বিত কৰিছিল। আহোম ৰজাসকলে প্ৰজাৰ ওপৰত নিজৰ ধৰ্ম জাপি দিবলৈ চেষ্টা নকৰি প্ৰজাৰ ধৰ্মকে গ্ৰহণ কৰি বদান্যতাৰ পৰিচয় দিছিল। ইয়ালৈ অহা প্ৰায় চাৰিশ বছৰমানৰ পৰাই টাই আহোমসকল ‘হিন্দু’ হ’বলৈ আৰম্ভ কৰে। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত হিন্দুধৰ্মই ৰাজধৰ্ম হিছাপে স্বকৃতি পায়। এটি বামুন পৰিয়ালত ডাঙৰ-দীঘল হোৱা চুডাংফা নাইবা বামুণী কোঁৱৰৰ ৰাজত্বকালতে(১৩৯৭-১৪০৭) প্ৰথমে হিন্দুৰ ‘লক্ষীনাৰায়ণ শালগ্ৰাম’ক আহোমসকলৰ ইষ্টদেৱতা ‘সোমদেও’ৰ লগত স্থান দিয়া হয়। ইয়াৰ পিছৰ পৰাই লাহে লাহে ৰাজশক্তি সংস্পৰ্শলৈ আহে আৰু ভালেমান হিন্দুৰ ৰীতি-নীতি ৰজাঘৰত পালিত হ’বলৈ ধৰে। ১৪১৯ শকত চুহুংমুং দিহিঙ্গীয়া ৰজাই পোন প্ৰথমতে হিন্দুমতে স্বৰ্গনাৰায়ণ নাম লৈ ৰাজ সিংহাসনত উঠে। চাওফা চুতাম্লাই হিন্দুমতে জয়ধ্বজ সিংহ নাম লৈ ১৫৭৬ শকত আউনীআটী সত্ৰ নিৰঞ্জন বাপুৰ ওচৰত শৰণ লাছিল। স্বৰ্গদেউ প্ৰতাপসসিংহৰ দিনতেই(১৬০৩-১৬৪১) ৰজাঘৰত হিন্দু ধৰ্ম আৰু ব্ৰাক্ষ্মণ্যৰ প্ৰভাব অধিক বৃদ্ধি পায়।এইজনা ৰজাৰ পৃষ্ঠপোষকতাতেই শংকৰদেৱৰ শিষ্য-পশিষ্যসকলে চাৰি সংহতিত বিভক্ত হৈ বহু সত্ৰ প্ৰতিষ্ঠা কৰি শংকৰদেৱৰ পৰৱৰ্তী এবছৰৰ ভিতৰত অসম ৰাজ্য চানি পেলাইছিল। উদাৰ দৃষ্টিভংগীৰে ৰুদ্ৰসিংহই মহন্তসকলৰ সত্ৰ সমূহক স্বীকৃতি দিছিল। তেখেতে আনকি হিন্দু পঞ্চদেৱতা শিৱ, বিঞ্চু, দূৰ্গা, শ্ৰীসূৰ্য আৰু গণেশৰ মন্দিৰ নিৰ্মাণ কৰাইছিল। আহোম ৰজাসকলৰ লগতে বহুতো আহোমে হিন্দু ধৰ্ম গ্ৰহণ কৰিলেও আহোম পুৰোহিত শ্ৰেণী, মহন, দেওধাই, বাইলুংসকলে পূৰ্বৰ পৰস্পৰাকে মানি চলিছিল। গদাধৰ সিংহই যদিও হিন্দু আদৰ্শ মনা নাছিল তথাপি ৰাজনীতিত দূৰ্গা পূজা পাতিবলৈ অনুমতি দিছিল। আহোম চাওফাসকলে কৰা ভূলৰ উপলব্ধি কৰি মৃত্যু সময়ত তেওঁ ৰুদ্ৰসিংহক কৈছিল-সৰুক বৰ বিষয়া নিদিবি, পথালি ফোটাক বিশ্বাস নকৰিবি, ৰাজসভাত জোঙা ঢোল বজাই নাটিনী ননচুবাৱী।
যেই কি নহওক টাই আহোমসকলৰ ধৰ্মীয় গোড়ামী নাছিল বাবেই ৰজাঘৰীয়া পৃষ্ঠপোষকতাত বহুবোৰ ‘সত্ৰ’ গঢ়ি উঠিছিল আৰু তেনে সত্ৰ ৰজা-প্ৰজাই শৰণ লৈছিল। এই সত্ৰবিলাক ধৰ্ম, সাহিত্য-সংগীত, নাটকৰ বিকাশ তথা চৰ্চাৰ কেন্দ্ৰৰ হৈ পৰিছিল। এই দৰে দেখা যায় স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা ধৰ্মীয় সংস্কৃতিও আহোম যুগৰ সংস্কৃতিৰ এক গুত্বপূৰ্ণ অংগ হিচাবে পৰিগণিত হৈছিল।
ধৰ্মীয় সংস্কৃতিৰ উপৰিও আহোম ৰজাসকলৰ ভাষা-সাহিত্যৰ উৎকৰ্ষ সাধনতো বৰঙণি যোগাইছিল। আহোম স্বৰ্গদেউসকলৰ ‘দেৱোদত্ত-ব্ৰক্ষ্মোত্তৰ’ পাই গঢ়ি উঠা সত্ৰসমূহতেই বৈঞ্চৱ সাহিত্য সৃষ্টি হৈছিল। তদুপৰি ৰজাঘৰীয়া প্ৰভাৱতে ধৰ্মনিৰপেক্ষ ব্যৱহাৰিক সাহিত্য, বুৰঞ্জী আৰু শাক্ত সাহিত্যৰো জন্ম হৈছিল। ৰজাসকলৰ ভিতৰত জয়ধ্বজ সিংহই প্ৰথমে সাহিত্য চৰ্চ্চাত মনোনিবেশ কৰিছিল। তেখেতে ‘পদ্মপুৰাণৰ জনক আখ্যান’ৰ পদ ৰচনা কৰিছিল।
এইজনা দিনৰ পৰাই ৰজাঘৰীয়া পৃষ্ঠপোষকতাত বহুলোকে সাহিত্য ৰচনাৰ লগত জড়িত হৈ পৰিছিল। এই সকলৰ ভিতৰত কবিৰাজ চক্ৰৱৰ্তী, ৰমানন্দ দ্বিজ আৰু সুকুমাৰ বৰকায়থ নাম উল্লেখযোগ্য। আহোম ৰাজত্বৰ শেষলৈকে এইদৰে অসমৰ সাহিত্য, সৃষ্টি আৰু বিকাশ ঘটিছিল। স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত ৰচিত সাহিত্য, বুৰঞ্জী সাহিত্য ব্যৱহাৰিক জ্ঞানৰ সাহিত্য, নাটক, গীত আদি ৰূপত পাব পাৰি। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ৰচিত গ্ৰন্থৰ ভিতৰত ভীষ্ম পৰ্ব, হিতোপদেশ, পুতনা, শঙ্খচূড় বধ, ব্ৰক্ষ্মবৈৱৰ্ত্ত, পুৰাণ, আনন্দ লহৰী, ধৰ্ম পুৰাণ, বৃহৎ উষাহৰণ, হস্তীবিদ্যাৰ্ণৱ, শল্যপৰ্ব, উদ্যোগপৰ্ব, চণ্ডীপদ, শান্তিপৰ্ব, কচীক বধ, ৰামচৰিত মানস, মূযল পৰ্ব, স্বৰ্গীৰোহন পৰ্ব, কাম কুমাৰ হৰণ আদিয়েই প্ৰধান।
সাহিত্যৰ এনে বোৰ দিশৰ উপৰিও আহোম যুগৰ শ্ৰেষ্ঠ আৰু একক অৱদান হ’ল বুৰঞ্জী সাহিত্য। অধ্যাপক লীলা গগৈয়ে ক’বৰ দৰে আহোম যুগৰ বুৰঞ্জী “বুৰঞ্জী ৰচনাৰ নীতিয়েই নহয়, বুৰঞ্জীৰ লগত লেখন কলা, লিপি আৰু সংৰক্ষণ ব্যৱস্থাৰে অসমীয়া সংস্কৃতিক চহকী কৰি তোলে”। ‘ম্যুংডুন চুন খাম’লৈ আহোতে স্বৰ্গদেউ চুকাফাই পূৰ্বপুৰুষৰ বুৰঞ্জী আৰু বাইলুং মহুং পণ্ডিত লগত লৈ আহিছিল। আহোম যুগত বুৰঞ্জী লেখন আৰু সংৰক্ষণ সম্পৰ্কীয় এটা বিশেষ দপ্তৰ আছিল। তিনিজন ডাঙৰীয়াৰ চিঠি-পত্ৰ, কটকী-বৈৰাগীৰ প্ৰতিবেদন, দাঁতি অলিয়া বিষয়াৰ নথি-পত্ৰ, চকীয়ালৰ তথ্যপাতি আদিয়েই বুৰঞ্জী সাহিত্য প্ৰধান সমল আছিল। আহোম বুৰঞ্জীবিদে নিজৰ জাতি আৰু দেশৰ বুৰঞ্জী লিখা উপৰিও প্ৰাক্ আহোম যুগৰ দাঁতি কাষৰীয়া ৰাজ্যসমূহৰ আৰু কাৰিকৰ বিষয়ৰ বুৰঞ্জীও ৰচনা কৰিছিল। আহোমসকলে প্ৰথমে টাই ভাষাত বুৰঞ্জী লিখিলেও পিছত অসমীয়া পদ্য-গদ্যত লিখি অসমীয়া ভাষা সংস্কৃতি চহকী কৰাত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল। আহোম যুগত ৰচিত বুৰঞ্জী বৰপাহী বুৰঞ্জী, সাঁতসৰী অসম বুৰঞ্জী, দেওধাই বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, চকৰীফেটী বুৰঞ্জী, চকীয়ালৰ বুৰঞ্জী আদি প্ৰধান। তাৰোপৰি আহোমৰ পুৰোহিত শ্ৰেনী মহন, দেওধাই বাইলুংসকলৰ ঘৰত আহোম যুগত ৰচিত বহুতো সাঁচিপতীয়া বুৰঞ্জী(টাই ভাষাত লিখা) এতিয়াও অসংৰক্ষিত অৱস্থাত অপ্ৰকাশিত হৈ আছে।
সাহিত্য মূল উপাদান হ’ল ভাষা। নিজ ভাষা ত্যাগ কৰি অসমীয়া ৰাজভাষা হিচাবে স্বীকৃতি দি অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া প্ৰশস্ত কৰি তোলাটো আহোম স্বৰ্গদেউসকলৰ অন্য এটি মহৎ সাংস্কৃতিক অৱদান। এই কথাও আগতে উনুকিয়াই আহিছোঁ যে, আহোম যুগতেই আসমীয়া ভাষাই প্ৰতিষ্ঠা লাভ কৰে। অসমীয়া ভাষাঃ আৰ্য ভাষা সংস্কৃতৰ পৰা জন্ম হ’লেও এই ভাষা বিভিন্ন জাতি-জনজাতিৰ ভাষাৰ শব্দৰ সম্ভাৰৰ সৈতে পৰিপুষ্টিত হৈ এক সমন্বয়ৰ ভাষা হিচাপে গঢ়ি উঠিছিল। উল্লেখযোগ্য যে প্ৰায় ষোড়শ শতিকাৰলৈকে টাই ভাষা ৰজাঘৰীয়া ভাষা হৈয়েই আছিল আৰু আহোম সকলৰ মাজত অই ভাষাই চলি আছিল। আনকি তাৰ পাছতো বুৰঞ্জী লিখা আৰু ধৰ্মীয় সম্পৰ্কীয় কাম কাজত আহোম ভাষা অব্যাহত থাকে (আহোমৰ পুৰোতি শ্ৰেণীয়ে এই ভাষা আজিও সম্পৰ্ণৰূপে ত্যাগ কৰা নাই)। গতিকে স্বভাৱিক কাৰণতে বহুতো আহোম ভাষাৰ বহুতো শব্দ যেনে বৰঞ্জী,জান, ডাং জেং, লেংস লিংলাং, লিংকাই, লিকচৌ, লাংখাই, নুই আদি বহুতো শব্দ ভৌগলিক নামাকৰণৰ বিশেষকৈ ঠাই আৰু নৈৰ ক্ষেত্ৰত অধিক প্ৰচলন হৈছিল যনে- টিয়ক, টিৰাপ, টিমনা, টিহু, টিংখাং, টিফুক, টিংৰাই, টিঙালিবাম, নাফুক, নামতি, মাকুম, ৰুকাং, নামছাই, নামচাং, খমটাই, চৰাইদেও, তাওকাক্ আদি। পৰৱৰ্তী কালত ঠাইৰ আৰু নৈৰ নামসমূহ আহোম ভাষাৰ পৰা অসমীয়ালৈ সমাৰ্থক অনুবাদ কৰা হৈছে যেনে- জাঁজি, দৈযাং, ভোগদৈ, দিচাং, দিখৌ, দিহিং, ৰংপুৰ, গড়গাঁও, যোৰহাট, চফ্ৰাই, মঠাডাং, শদিয়া আদি। গতিকে দেখা যায় আহোম যুগত টাই আহোমৰ ভাষা প্ৰচলনে অসমীয়া ভাষাক সমৃদ্ধিশালী কৰি তুলিছিল।
সংস্কৃতিৰ অন্য ৰূপ হ’ল স্থাপত্য আৰু ভাস্কৰ্য। আহোম যুগত অসমত এটি স্বকীয় স্থাপত্য-ভাস্বৰ্য ৰীতি-নীতি গঢ় লৈ উঠিছিল। কিন্ত ৰজাৰ কাৰেং, পাটৰ, শিঙৰি ঘৰ, সোলোংঘৰ, দুমহলীয়া চাংঘৰ আদি আছিল। গদাঘৰ সিংহৰ দিনলৈকে ৰজাৰ কাঠ-বাঁহৰ কাৰেং আছিল। কাঠৰ চ’টি খুটাবোৰত লতা, ফুল, জীৱ-জন্ত আদি অংকন কৰি সুকুমাৰ কলা সংস্কৃতিৰ বিকাশ ঘটোৱা হৈছিল। আহোম ৰজাসকলে মঠ-মন্দিৰ ৰাজ অট্টালিকা, পকীঘৰ আদি নিৰ্মান কৰোতে শিল, ইটা আৰু কৰাল ব্যৱহাৰ কৰিছিল। আহোম যুগৰ ইটাবোৰ বৈশিষ্টপূৰ্ণ ,গীঘে-পুতলে ছয় ইঞ্চিমান আৰু ডাঠ ডেৰ ইঞ্চিমান। ইটাবোৰ টান কৰিবলৈ কেঁচামাটিৰ লগত কৰাল মিহলোৱা হৈছিল। মিঠাতেল, গুৰ, ধুনা, চূণ,শণ, মাটিমাহ, বৰাচাউল, কৰাইগুৰি, হাঁহ কণী আদি নিৰ্দিষ্ট পৰিমাণত মিহলাই কৰাল তৈয়াৰ কৰা হৈছিল। আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত বহুতো মঠ-মন্দিৰ নিৰ্মান কৰা হৈছিল।দেৱ-দেৱীৰ মূৰ্তি, লতা, ফুল, জীৱ-জন্তৰ ছবি শিলত খোদিত কৰি বা পোৰা মাটিৰে তৈয়াৰ কৰি মঠ-মন্দিৰবোৰৰ গাত লগোৱাই ইয়াৰ আকৰ্ষন বৃদ্ধি কৰাইছিল। সেই যুগত নিৰ্মিত নাগ-শংকৰ মন্দিৰ, জয় দ’ল, শিৱ দ’ল বিঞ্চু দ’ল, নাতি গোসাঁই দ’ল, দেৱীঘৰ, শ্ৰীসূৰ্য আৰু গণেশৰ ঘৰ আদৰ ভাস্কৰ্যত স্বকীয় বৈশিষ্ট্য পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা যায়। এই বিলাকৰ উপৰিও আট্টালিকা পকীঘৰ আদিৰ যোগেদি আহোমসকলৰ স্থাপত্যৰ নিদৰ্শন পাব পাৰি। গেইট চাহাবে গড়গাঁৱত নিৰ্মান কৰা অট্টালিকাটোৰ বিযয়ে কৈছিল-
The ornaments and curiosites with which the whole wood-work of the house id filled defies all description, no-where in the whole inhabited world will you find a house equal to it in strength, ornamentation and picture.
স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই গড়গাঁৱত কাৰেংঘৰ আৰু ৰংপুৰত তলাতল ঘৰ সঁজায় । এই ঘৰ দুটাত মাটিৰ সমতলৰ তিনিমহলা। ৰাজেশ্বৰ সিংহৰ আগতে অৱশ্যে ৰুদ্ৰসিংহই ৰংপুৰৰ তলাতল ঘৰৰ একাংশ আৰু কাৰেংঘৰ নিৰ্মান কৰায়।
আহোম যুগৰ স্থাপত্যৰ অন্য এটি নিদৰ্শন হ’ল শিলৰে তৈয়াৰ কৰা সাঁকোসমূহ, প্ৰকাণ্ড শিল কাটি কাটি নামদাং, দৰিকা, দিজৈ, ডিমৌ আদি নৈৰ ওপৰত শিলৰ সাঁকো নিৰ্মান কৰিছিল। সাঁকোৰ ওপৰিও গড়আলি, পুখুৰী আদি নিৰ্মাণৰ যোগেদিও আহোম যুগীয় স্থাপত্য শৈলীৰ প্ৰতিফলন ঘটিছে। বৰ্তমান কালতো অক্ষৰ অৱস্থাত থকা শিবসাগৰ, জয়সাগৰ, গৌৰীসাগৰ পুখুৰী, ৰাজগড়, নুমলীগড়, লাদৈগড়, চিন্তামনি গড়, ধোদৰ আলি, চেউনী আলি, নগা আলি, বৰফুকন আলি, আদিৰ্ ইয়াৰ স্বাক্ষৰ বহন কৰিছে। আহোম ৰজাসকলৰ মৌদাম প্ৰণালীও স্থাপত্য বিদ্যাৰ এক বিশেষ নিদৰ্শন। চাৰিওফালে টান কাঠেৰে নাইবা ইটাৰে গাঁথি গৰ্ভঘৰ সাজি তাৰ ওপৰত ইটা পাৰি কৰাল সানি মৈদাম নিৰ্মান কৰা হৈছিল। সৰ্বোপৰি ৰংপুৰৰ কাৰেংঘৰৰ পৰা গড়গাঁৱলৈ নিৰ্মান কৰা পকী সুৰঙ্গই টাই আহোম যুগৰ স্থাপত্যৰ উৎকৃষ্টাতাৰ প্ৰমান কৰে।
ৰজাঘৰীয়া প্ৰভাবত পুথি অলঙ্কাৰণ, চিত্ৰাকন আদি চিত্ৰকলাৰ যোগেদিও আহোম যুগৰ সংস্কৃতি সৌষ্ঠৱ বৃদ্ধি কৰা হৈছিল। সাঁচিপাত, তুলাপাত, পাটমুগাৰ কাপোৰ, গছৰ ছাল কাঠ বাঁহৰ পাট আৰু পোৰা মাটিৰ ভাস্কৰ্য ওপৰত চিত্ৰ অংকন কৰা হৈছিল। থলুৱা চিত্ৰশিল্পীৰ ওপৰত ৰাজ্যৰ বাহিৰৰ পৰা শিল্পী আনিও চিত্ৰ অঁকোৱা হৈছিল। সাঁচিপাতীয়া পুথিত বৰ্ণনা কৰা কথাৰ লগত সংগতি ৰাখি সাধাৰণতে চিত্ৰবোৰ অংকন কৰা হৈছিল। বানছেং, খৰিকা, মঙ্গল, কাইঠেং আদি আহোম জ্যোতিষ পুথিত প্ৰতীকধৰ্মী, চিত্ৰ দেখিবলৈ পোৱা যায়। ৰাজঘৰীয়া পৃষ্ঠাপোষকতাত অংকন কৰা পুথিৰ ভিতৰত হস্তীবিদ্যাৰ্ণৱ, গীত গোবিন্দ, আনন্দ লহৰী, ধৰ্ম পুৰাণ আদি উল্লেখযোগ্য। আহোম যুগৰ এই চিত্ৰাঙ্কন শৈলীৰ সম্পৰ্কত ডঃ মহেশ্বৰ নেওগে লিখিছে যে “আহোম শাসিত পূব অসমত এটি ধৰ্মৰিপেক্ষ চিত্ৰাঙ্কন কলা বৈশিষ্ট্য শাখাই গঢ়লৈ উঠিছিল”।
স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত নৃত্য-গীত চৰ্চাৰ যোগেদিও আহোম যুগৰ কৃষ্টি-সংস্কৃতিৰ ভঁৰাল টনকীয়াল কৰা হৈছে। নৃত্য-গীত বিষয়ত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ অৱদান লেখত ল’ৱলগীয়া। এইজনা ৰজাৰ সংগীতানুৰাগ অতি গভিৰ আছিল। ৰজাই নিজে ঠুংৰী, গজাল, টম্পা জাতীয় গীত ৰচনা কৰিছিল আৰু গাইছিলও। পৰৱৰ্তী কালত অৱশ্যে শিৱসিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ আদিয়েও গীত ৰচনা কৰিছিল। প্ৰায়বোৰ মন্দিৰৰ সন্মুখতে নাট মন্দিৰ সংযোজিত কৰি তাত নৃত্য গীত আৰ নাটক আদি অনুষ্ঠানৰ পৃষ্ঠপোষকতা কৰাৰ উপৰিও শাস্ত্ৰীয় সংগীতৰ ওস্তাদ বাহিৰৰ পৰা আনি ৰাজসভাত ৰাখিছিল আৰু থলুৱা লোকক সংগীত বিষয়ত বৈজ্ঞানিক শিক্ষা ল’বলৈ উদগনি দিছিল। সেইবুলি থলুৱা হাবিতলীয়া গীত-মাত ৰজাঘৰৰ দ্বাৰা অৱহেলিত হোৱা নাছিল। আহোম যুগতেই “মালতিা” শ্ৰেণীৰ গীতসমূহ সৃষ্টি হৈছিল। চিকণ সৰিয়হৰ গীত, নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত, ফুলকোঁৱৰৰ মণিকোঁৱৰ গীত আদিয়েই এই যুগত ৰচিত এনে গীতবোৰৰ ভিতৰত প্ৰধান। এইবিলাকৰ চৰ্চা অব্যাহত ৰাখিবলৈ ‘গায়ন বৰুৱা’ৰ অধিনত ঢুলীয়া, নেগেৰীয়া, মৃদঙ্গীয়া, তালোৱা, বীণোৱা, নাচনীয়াৰ পদ গোৱা আদিৰ খোল সৃষ্টি কৰিছিল। এনে বাদ্য যন্ত্ৰৰ উপৰিও বীণ, টোকাৰি, পেঁপা-গগণা আদিৰ অদিক প্ৰচলন হৈছিল। ৰজাৰ কাৰেংবোৰ আছিল নৃত্য-কলা চৰ্চা আৰু উৎকৰ্ষ সাধনৰ কেন্দৰ স্বৰূপ।
বিহুৰ অনুষঙ্গিক বাদ্য ঢোল আহোম যুগত বিশেষ প্ৰাধান্য লাভ কৰিছিল।ৰজা ভ্ৰমণত গ’লে আগে আগে ঢোল বজাই যোৱাটো ৰীতিত পৰিণত হৈছিল। তদুপৰি স্বৰ্গদেউ ৰুদ্ৰসিংহই গছৰ তলত বিহু মাতি আনি ৰংঘৰ চোতাল পোৱাইছিল হি। তেতিয়াৰ পৰা বিভিন্ন হুঁচৰি দলে ৰজাঘৰে-প্ৰজাঘৰে হুঁচৰি গোৱা নিয়ম প্ৰচলিত হ’বলৈ ধৰিলে। বিহু সংস্কৃতিৰ লগত ম’হ যুঁজৰ উপৰিও শেন যুঁজ, হাতী যুঁজ, আৰু অন্যান্য খেল-ধেমালি ৰাজ পৃষ্ঠপোষকতাত ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছিল। এইদৰে দেখা যায় যে, ৰজাঘৰীয়া আনুষ্ঠানিক স্বীকৃতিয়ে বিহু সংস্কৃতিক পৰৱৰ্তী কালত অসমীয়া জাতীয় উৎসৱত পৰিণত কৰিলে। আহোম স্বৰ্গদেউ সকলৰ ই এটা উৎকৃষ্ট সাংস্কৃতিক আৱদান।
টাই আহোমসকলৰ জীৱন-ধাৰণৰ পদ্ধতি তথা খাদ্য-সম্ভাৰেও আহোম যুগৰ সংস্কৃতিক পৰৱৰ্তী কীলত অসমীয়া জাতীয় উৎসৱত পৰিণত কৰিলে। আহোম স্বৰ্গদেউ সকলৰ ই উৎকৃষ্ঠ সাংস্কৃতিক অৱদান।
টাই আহোমসকলৰ জীৱন-ধাৰণৰ পদ্ধতি তথা খাদ্য-সম্ভাৰেও আহোম যুগৰ সংস্কৃতিক বিশেষভৱে প্ৰভাৱান্বিত কৰিছিল। টাই আহোমসকলৰ মূলতঃকৃষিজীৱি আছিল। কৃষিৰ লগত সেই সময়ত বাঁহৰ সংস্কৃতি বুলিও পৰিচিত। কাৰণ ঢাপমাৰি বাৰীপতা আৰু বাঁহেৰে জেওৰা দি খেতি-বাতি কৰা পদ্ধতিটো টাইসকলৰে অৱদান। সেইদৰে বাঁহেৰে ঘৰসঁজা, বাঁহৰ কাঠী-কামীৰে ঘৰুৱা সা-সঁজুলি, তাঁতশলৰ সঁজুলি, মাছমৰা সঁজুলি আদি তৈয়াৰ কৰা প্ৰথাও আহোম সকলৰহে, তেওঁলোকে বাৰীত বিভিন্ন জাতৰ কল-কুঁহিয়াৰ, তামোল-পাণ, আম-কঠাল, টেঙা-টুকুচা, লেটেকু-পনিয়ল আদিৰ খেতি প্ৰচুৰ পৰিমাণে কৰিছিল। মুগা পোহাটো টাই আহোমসকলৰ পৰস্পৰা আছিল। গতিকে মুগা পুহিবলৈ, চোম, মেজাঙ্কৰী, এৰা, নুনি আদি গছৰো খেতি কৰিছিল ।আহোমসকলে ইয়ালৈ আহোতে আহোম বগৰী, নৰা বগৰী, আহোম শলী ধান আদি বহুতো কৃষিজাত সামগ্ৰী লৈ আহিছিল। আহোম ৰজাসকলৰ সমাদৰৰ কাৰণেই তামোল পানকে ধৰি এনেধৰণৰ বিভিন্ন কৃষিজাত দ্ৰব্য আহোম যুগৰ সংস্কৃতিৰ অপৰিহাৰ্য হৈ পৰিছিল।
এই বিলাকৰ উপৰিও আহোমসকলৰ খাদ্য-সম্ভাৰেও আহোম যুগৰ কৃষি সংস্কৃতিত নতুন উপাদানৰ সংযোজন কৰিছিল। অন্যান্য টাই লোকৰ দৰেই আহোম সৰ্বভক্ষক আছিল। কুকুৰা, হাঁহ, ছাগলী, মাছ-কাছ, কেঁকোৰা-কুঁচিয়া, বৰভেকুলা, জিলি, মুগা লেটা আদি সকলো খাইছিল। কোনো কোনোৱে গৰু, ম’হ, কুকুৰ আদি জন্ত উৰ্ছগা কৰি বিভিন্ন দেৱ-দেৱীক পুজিছিল। দৈনন্দিন আহৰৰ লগত মাটিমাহ, কচু, কচুলতি, ঢেকীয়া, মেটেকা, মেজেঙা, নেফাফু, চেংমৰা, নলটেঙা, টংলতি, মাটি কান্দুৰি, ভেদাইলতা, মানিমুনি, মচন্দৰি, মধুৰী, তেজমৈ, তিতাকচি, শোকোতা, ঔ-টেঙা আদি বিভিন্ন ধৰণৰ বনৰীয়া গছ-বন, লতা-পাত আঞ্জা কৰি ৰজাঘৰে, প্ৰজাঘৰে ব্যৱহাৰ কৰা হৈছিল। তদুপৰি খৰিচা, শুকতি, শুকান মাছ, পাণীটেঙা, কলডিল, পচলা আদি আহোমসকলৰ প্ৰিয় খাদ্য আছিল। চাউলৰ পৰা বহু ধৰণৰ জলপান তৈয়াৰ কৰা হৈছিল। “হুৰুম” নামৰ জলপান টাই আহোমৰ বাহিৰে অন্যলোকে কৰিব নেজানিছিল।সান্দৰ, বৰা সান্দৰ, ভাপত দিয়া পিঠা, চুঙা চাউল আদি আহোমসকলৰ সন্মানীয় খাদ্য আছিল। এইবিলাক খাদ্যৰ উপৰিও ভাতৰ লগত বিশেষ ‘দৰব’ সানি ‘নামলাও’ তৈয়াৰ কৰিছিল। পিঠাৰ লগত বিভিন্ন বনৰীয়া গছ-লতা, বন আৰু জালুক মিহলি কৰি ‘নামলাও দৰৱ’ তৈয়াৰ কৰাৰ পদ্ধতি অতি চমৎকাৰ। সকাম-নিকাম, উৎসৱ-পাবৰ্ণও নামলাও দৰৱ আছিল অপৰিহাৰ্য। আলহী-অতিথিক নামলাওৰে শুশ্ৰষা কৰাতো ৰীতিত পৰিণত হৈছিল। নামলাও দৈনন্দিন ব্যৱহাৰ্য বস্ত আছিল বাবেই সম্ভৱ আহোম ৰাজত্ব ছশ বছৰীয়া বুৰঞ্জীত ক’তো মদাহী মতালামিৰ কথা উল্লেখ নাই। এইদৰে দেখা যায় য়ে, আহোমসকলৰ খাৱন-বোৰন ৰীতি-নীতিয়ে আহোম যুগৰ সংস্কৃতিক প্ৰভাৱন্বিত কৰিছিল।
আহোম যুগৰ সংস্কৃতিৰ উৎকৰ্ষ সাধন কৰাৰ অন্য এটি উপাদান হ’ল আহোমসকলৰ বিভিন্ন ধৰণৰ সাজ-পাৰ, আ-অলংকাৰ আৰু পিন্ধন-উৰণৰ ৰীতি। পিন্ধন-উৰণৰ ক্ষেত্ৰত ৰজাঘৰীয়াৰ মান-মৰ্যদাৰ প্ৰশ্ন জড়িত হৈ আছিল।শ্ৰেণা অনুহৰি সকলো বিষয়াৰ বাবে সাজ-পাৰ নিৰ্ধাৰণ কৰি দিয়া হৈছিল। পূৰ্বতে আহোমসকলে ক’লা চুৰীয়া ক’লা মেখেলা আৰু কলা ৰঙৰ গা-চুটি, হাত দীঘল চোলা পিন্ধিছিল। চুকাফাৰ দিনত ‘বচোৱাল টঙালী’ আৰু মূৰত ‘পখৰৌ’ মৰিছিল। মুনিহ-তিৰোতা উভয়ে মূৰত কাপোৰ ব্যৱহাৰ অধিক জনপ্ৰিয় আছিল। ৰজাঘৰৰ বাবে মুগা কাপোৰ তৈয়াৰ কৰিবলৈ ৰজাঘৰীয়া চোমনিত মুগা পোহা হৈছিল। সেই সময়ত শাড়ীৰ প্ৰচলন নাছিল। তিৰোতাসকলৰ নিজা সম্পতি। তেওঁলোকৰ পৰাহে অন্য তিৰোতাই পাছত ব্যৱহাৰ কৰিবলৈ শিকিছিল। বিবাহৰৰ পাছত আহোম তিৰোতা সকলৰ নিজা সম্পত্তি। তেওঁলোকৰ পৰাহে অন্য তিৰোতাই পাছত ব্যৱহাৰ কৰিবলৈ শিকিছিল। বিবাহৰ পাছত আহোম তিৰোতাই মুৰত ওৰণি নলৈছিল আৰু শিৰত সেন্দুৰৰ ফোঁট লোৱা ৰীতিও তেওঁলোকৰ মাজত নাছিল। চুলিৰে নেঘেৰী, কলডিলীয়া, ঘিলাচকলীয়া খোপা বান্ধিছিল। আ-অলঙ্কাৰ আৰু সাজ-পাৰত ফুলবাছি জাক-জমকীয়া কৰি তথা পিন্ধন-উৰণৰ আৰ্হি অনোৱাইছিল আৰু লগতে থলুৱা জনগোষ্ঠী সমূহৰ আৰ্হিত তৈয়াৰ কৰা বিভিন্ন প্ৰকাৰৰ সাজ-পোচাকক ৰাজকীয় মৰ্যদা সহকাৰে ৰজাঘৰত ব্যৱহাৰ কৰিছিল। তদুপৰি প্ৰজাকো তেনে সাজ-পোচাক পৰিধান কৰিবলৈ উৎসাহিত কৰিছিল।
সাজপাৰৰ দৰে আহোম যুগত বিভিন্ন প্ৰকাৰৰ অলংকাৰ ব্যৱহাৰ কৰা হৈছিল, যি বিলাক পৰৱৰ্তী কালত অসমীয়া গহনা হিচাপে পৰিচিত হৈছিল। পুৰুষতকৈ তিৰোতাৰ অলংকাৰৰ পৰিমাণ অধিক আছিল। ৰজা অলংকাৰৰ ভিতৰত আছিল সোণৰ পাতত হীৰা পান্না, পদ্মৰাগ আদি, মুকুতাৰ মালা, মকৰ কুণ্ডল, হংস কুণ্ডল, বিবিধ ৰাজু কংকণ, খাৰু আঙঠি, কীৰিটি মুকুট, কল্কি, গেৰেলা ইত্যাদি। আহোম যুগতেই জোনবিৰি, ঢোলবিৰি, মাদলি, পোৱালমণি, দুগদুগী, গেজেৰা, বানা, সোণৰ আঙঠি, জাংফাই, কেৰু, লটকন, সোণৰ থুৰীয়া খাৰু, আদি অলংকাৰ প্ৰজাৰ মাজতো বহুলভাবে প্ৰচলন হৈছিল।এইবিলাকৰ উপৰিও আহোমসকলে দৈনন্দিন ঘৰুৱা কামত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ আছিল এনে ধৰণৰ জাপি, ঢৰা, পীৰা, তামুলী পীৰা, কাঁহী, বান কাঁহী, সৰু বাতি, বৰবাতি, হাতীখুজীয়া বাতি, বান বাতি, ঢৌ, মটং চৰিয়া, লোটা, কলহ, ম’খা, শৰাই সঁফুৰা, বটা, টেমী, কটাৰী হেংদান আদি। এই শিল্পজাত বস্তসমূহ আহোম যুগৰ জন-জীৱনৰ প্ৰতিক হৈ পৰিছিল। গতিকে দেখা যায় আহোমসকলৰ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী, সৌদন্দৰ্য চৰ্চা আৰু প্ৰসাধন ৰীতিৰে আহোম যুগৰ সংস্কৃতিক স্বকীয় বৈশিষ্ট্য প্ৰদান কৰিছিল।
আহোম যুগৰ সংস্কৃতিয়ে প্ৰভাৱান্বিত কৰা অন্য এটি দিশ হ’ল আহোমসকলৰ সামাজিক শৃঙ্খলা। পুৰুষৰ সৈতে নাৰীক সমাজত সম-মৰ্যদা দিয়া হৈছিল। নাৰীয়ে আনকি ৰাজকাৰ্যতো অংশ ল’ব পাৰিছিল। আহোম যুগত অসবৰ্ন বিবাহ আৰু বহু বিবাহ প্ৰচলন আছিল। আহোম চুতীয়া, কোঁচ-কছাৰী, মৰাণ, মটক, বৰাহী আদি জাতিৰ মাজত মুকলিকৈ বিয়া-বাৰু হৈছিল। বিধৱা বিবাহৰ কোনো বাধা নাছিল। আহোম সমাজত যৌন অপৰাধ অতি কঠোৰ আছিল। এনে অপৰাধীক সমাজচ্যুত কৰা হৈছিল। আহোম সকলৰ বংশ চেতনা আছিল বৈশিষ্ট্যপূৰ্ণ। আহোমৰ সকলো খেলৰ মাজত বিয়া-বাৰু হ’ব নোৱাৰিছিল। যেনে বুঢ়াগোহাঁইয়ে- বুঢ়াগোহাঁইয়ে, মহন-মহনে, দেওধায়ে-দেওধায়ে, বাইলুঙে-বাইলুঙে, এনে মেলৰ চেতিয়াই-চেতিয়াই, ৰাজকোঁৱৰে-সন্দিকৈয়ে বিয়া হোৱাত , সামাজিৰ বাধা আছিল। বিয়া-বাৰুৰ ক্ষেত্ৰত এনে ৰীতি আজিও বহুতো আহোমে মানি চলা দেখা যায়। আহোমসকলৰ আন এটা বৈশিষ্ট্যপূৰ্ণ পৰস্পৰা হ’ল পুৰুষানুক্ৰমে বংশৰ ডাঙৰ-সৰু তেওঁলোকে মানি চলাতো। ডাঙৰ-সৰু নিৰ্দ্ধাৰণৰ মাপকাঠি বয়স নহয় বংশ বা পৰিয়ালহে। সৰু পৰিয়ালৰ সতি-সন্ততি বয়সৰ ডাঙৰ হলেও ডাঙৰ পৰিয়ালৰ সতি-সন্ততিতকৈ সৰু হয়। আহোম সকলৰ এনে ধৰণৰ সামাজিক শৃংখলাই আহোম যুগৰ জন-সংস্কৃতিত নিশ্চয় প্ৰভাত পেলাইছিল।
এই আলোচনাৰ আৰম্ভণিতে উল্লেখ কৰা হৈছিল যে, আহোমসকলে জাতিভেদ প্ৰথা নামানিছিল। কোনো জাতিকে অস্পৃশ্য জ্ঞান নকৰিছিল আৰু সকলো জাতি-উপজাতিকে নিজৰ কৰি লৈ এক বৃহৎ অসমীয়া জাতি গঠনত আত্মনিয়োগ কৰিছিল। নিজৰ সাংস্কৃতিক অৱদানেৰে আহোম স্বৰ্গদেউসকলে সকলো থলুৱা লোকৰ সহযোগত এক মহান সমন্বয়ৰ সংস্কৃতি গঢ়ি তুলিছিল। ইয়াৰ মূলতে আছিল স্বৰ্গদেউ সকলৰ উদাৰ দৃষ্টিভংগী আৰু সংস্কৃতিক সহিঞ্চুতা। কিন্ত দুৰ্ভাগ্যবশতঃ স্বৰ্গদেউ সকলৰ হিন্দু ধৰ্মৰ সংস্পৰ্শলৈ অহাৰ পিছৰে পৰা জাত-পাত চেতনাই সম-সামৰিক সমাজত গা কৰিবলৈ আৰম্ভ কৰে। ভৰতীয় সমাজত যদিও ব্ৰাক্ষ্মণৰ স্থান সকলোতকৈ ওপৰত, আহোম যুগত অসমত কিন্ত গোসাঁইসকলৰহে মৰ্যদাগত স্থান ওপৰত আছিল। ব্ৰক্ষ্মণৰ একাধিপত্য প্ৰতিষ্ঠা কৰিবৰ বাবেই শংকৰ-মাধৱকে আদি কৰি গোসাঁই সকলৰ বিৰুদ্ধে কোঁচ আৰু আহোম ৰজাক প্ৰৰোচিত কৰা হৈছিল। সেয়ে ৰুদ্ৰসিংহৰ দিনলৈকে মহন্তসকল কেইবাবাৰো লাঞ্চিত হৈছিল। শিৱসিংহৰ দিনত অৱশ্য ব্ৰাক্ষ্মণৰ দিন ভাললৈ আহিছিল। পৰ্বতীয়া গোসাইৰ প্ৰচেষ্টাত ব্ৰাক্ষ্মণে সামাজিক মৰ্যদা লাভ কৰিবলৈ সক্ষম হয়।
ব্ৰক্ষ্মাণৰ চকুত অন্যান্য সকল শূদিৰত পৰিণত হ’ল আৰু কালসংহতি সত্ৰসমূহত জাতি চেতনা একে ‘গুৰুঘৰৰ দাস’ লৈ ৰূপান্তৰিত হল। সেই সময়তে পুৰুষ সংহতি, নিকা সংহতি, ব্ৰক্ষ্ম সংহতি আৰু কাল সংহতি সত্ৰসমূহ ভাগ কৰা হয়। লগে লগে আদৰ্শগত কাৰণত সামাজিক বৈশম্যও আৰম্ভ হয়। সত্ৰ সমূহৰ স্বকৃতিত ৰজাঘৰীয়া শ্ৰেণী বিভাজন থকাত শিষ্যৰ মাজতো তাৰ প্ৰভাব পৰে। মোৱামৰীয়া বিদ্ৰোহৰ পাছৰ পৰা গুৰু-গোসাঁই অনুসৰি শিষ্যৰ ভকতৰ মাজত অস্পৃশ্যতা আৰম্ভ হয়। ‘সংহতি’ সমূহৰ মাজত ‘মলাজপীয়া’ আৰু ‘ভিতৰপকীয়া’ আদি বহু শাখা-প্ৰশাখা সৃষ্টি হয়। গোসাঁয়ে শিষ্যৰ হাতে খালে জাত যোৱা হ’ল। মাক-বাপেকে জীয়েক-জোঁৱায়েকৰ ঘৰলৈ গৈয়ো ঢৌ-খুটি মাৰি ৰান্ধি খাব লগা পৰিস্থিতি উদ্ভৱ হল। এইদৰে দেখা যায় ৰজাঘৰে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছৰ পৰাই ব্ৰাক্ষ্মণ, কায়স্থ, কলিতা, কেওট, কোঁচ, কছৰী, আহোম আদি শ্ৰেণী বিভাগ সমূহ আৰু প্ৰকট হ’বলৈ ধৰিলে। যাৰ ফলত সৃষ্টি হল বিভেদ অনৈক্য অধঃপতন আৰু অমানবীয়তা। এই ক্ষেত্ৰত অধ্যাপক, লীলা গগৈৰ এষাৰি মন্তব্য প্ৰণিধানযোগ্যঃ “আহোম সকলে ধৰ্মীয় শাখা-প্ৰশাখাৰ মাজত নিজকে সুমুৱাই জাতীয় ঐক্য বিনষ্ট কৰিলে। জাতিভেদ নমানা সকলো ধৰ্মকে নিজৰ নিজৰ আদৰ্শৰে বিকশিত হবলৈ অনুমতি দিয়া জাতিটো ক’ব নোৱাৰাকৈয়ে ছিন্ন ভিন্ন হৈ পৰিল। ৰজা আনুগত্যতকৈ গুৰুৰ আনুগত্য ওপৰ উঠিল। একে বংশৰ মানুহ বিভিনিন উপশাখাৰ মতবাদৰ বিশ্বাসী হৈ নিজৰ ভিতৰতে অস্পৃশ্য হৈ পৰিল। ধৰ্মীয় সংহতিয়ে জাতীয় সংহতি বিনষ্ট কৰিলে। বৈঞ্চৱ আদৰ্শৰ অহিংসাই শক্তিহীন কৰিলে ৰজাঘৰক, বীৰ্যহীন কৰিলে প্ৰজাক”।
উপৰোক্ত আলোচনাটিৰ পৰা আমি নিশ্চয় কব পাৰো যে আহোম স্বৰ্গদেউসকলৰ প্ৰভাৱত আহোম যুগত এক স্বকীয় বৈশিষ্টৰে মহান সমন্বয় সংস্কৃতিৰ আধাৰত গঢ়ি উঠা আহোম সংস্কৃতিয়েই পৰৱৰ্তী কালত অসমীয়া সংস্কৃতি হিচাবে পৰিগণিত হৈছিল। তৎস্বত্তেও এই কথা অনস্বীকাৰ্য যে, ৰজাঘৰীয়া পৃষ্ঠপোষকতাতজীপ লৈ উঠা ধৰ্ম্মীয় সংস্কৃতিতেই সমন্বয় সংস্কৃতিৰ অনৈক্য বীজও ৰূপিত হৈছিল যাৰ প্ৰভাৱ অসমীয়া সমাজত সুদূৰ প্ৰসাৰী হল। সাম্প্ৰাতিক কালত জাতিগত বিভেদ আহোম যুগত প্ৰতিষ্ঠিত সমন্বয়ৰ সংস্কৃতিৰ ভেটিটোক যে কঁপাই তুলিছে এই কথা নিশ্চয় কাৰোৱে অবিদিত নহয়।
সম্পূৰ্ণকৈ পঢ়ক »

The history of unity in diversity of coins of Ahom kingdom

মূল প্ৰৱন্ধ—আহোম যুগৰ মুদ্ৰাত সমন্বয়ৰ ইতিহাস
লেখক- চাও ইন্দ্ৰ গগৈ
অনুবাদ— চাও হীৰক গগৈ, লক্ষীমপুৰ
The Ahom era means the history of Assam for six hundred years of long period.From 1230 A.D till 1840 A.D every circumstances like victory-defeat,avenging's,war,alliances,gatherings and distribution etc.Continuously all of these were faced by the Ahom's in Assam.This was a experience of long and colourful history.This era was taken as a era to be remembered by the Assamese culture.After entering in Assam the Tai Ahom's united diferent kingdoms of the Chutiyas,Borahi,Moran,kachari etc to a new and a large kingdom namely "Assam".They also united all the different typed of tribes living their and named them as "Assamese"(akhomiya).By naming so the tai Ahom's created a new race.So as it follows the country that was formed in the reign of Ahom's namely "Assam" was a diverse country as wel as the race that was named "Assamese"(akhomiya) and Assamese culture means a diversed culture as accepted by all.
According to history ahom's era rule was mostly strict and completely self-dependant.Till king/sorgodeu Suhungmung Dihingia the process of business was runs in a process called barter system.L ater the Ahom coins were introduced. Ahom king coins were of eight corners.As said by Hrakanta Boruah about the coins we get to know that the coins were of eight corners even Dr. leela gogoi explains in many books that the reason behind the eight corners was that it indicates the eight small kingdoms-chutiyas,kachari,borahi,komota,bhuyan,patiljoha,aadherhenduri and sungi(moran).
Ahom kings take it as a sign of unification from Dihingia king(1497-1539)the coins were prepared as a sign of unity. But Sorgodeu Rudra Singho (1696-1714) the coins were of gold,silver,bronze etc.on the other hand Sorgodeu Shiv Singho also introduced coins that were valued of 1/8(one eighth of a tolah) and an old silver coin of one anna value and king gouri nath singho invented teenirotia(an assamese silver coin of the value of two pieces).Sorgodeu Shiv Singho introduced the gold coins.Before him the coins were prepared in the name of the other king.
At first ahom king coins were printed by the Ahom script after that it was printed by the devnagiri script and later at assamese script.
The coins were encoded by the name of kings and the god of special choice whom they worshipped.Sorgodeu Dihingia imprinted Fura-tara i.e the god in the coins. Other kings encoded the lord shiva,ram,hari gouri etc.maximum coins were imprinted by the name of lord shiva. Same weighted Gold or silver values were the same with the coins. The golds and silver were formed in the shape of a Batulguti(a round shape item prepared from mud).The chief maker of coins was Hunadhar Baruah. The Ahom coins decided Assam's History,religion-culture and also the mutual connection. As written by the Gait's history Ahom coins were of 1 tolah weighted and 1 tolah equals to 96 nights and 1 ounce 2/5 part. The coins were round but before that it was of eight corners that symbolised the united Assam,of eight different kingdoms.
The most oldest coin of Ahoms was of 1543 A.D made by the Suklengmung Gorgaya king at the fourth year of his rule. After that till 100years nobody introduced the coins. Again when the coins were prepared they were imprinted by the kings name. Sorgodeu Rudra Singho prepared coins in a step by step manner i.e of 48 and 24 nights coins. On the other hand king Gourinath singho prepared 3 nights coins. Sorgodeu Shiv Singh made coins of gold .
Sorgodeu Suklengmung imprinted the coins with ahom script. Joydhwaj singho and Chakradhwaj Singho imprinted coins with sanskrit script that was of assamese script. After that three other kings imprinted coins with ahom script even Sorgodeu Rudra Singho imprinted coins with sanskrit language Sorgodeu Promotto Singho and Sorgodeu Rajeshwar singho's story was imprinted by the ahom language but later it was imprinted by tge sanskrit language. In the time of Sorgodeu Shiv Singho and Sorgodeu Laxmi singho 1729 A.D and 1752 A.D respectively. Imprinted language was Ahoms script as said by all the history books. On the other hand 1770 Sorgodeu Laxmi singho published coins with sanskrit language.
The story of the coins written in Ahom and Sanskrit were the same .(Description:one side of the coins were printed by the name of the king and the datr and in the other side the deity that is worshipped by the king)Generally the coins that were imprinted with ahom script mentioned the god indra and the coins that were imprinted with Sanskrit script mentioned the name of the god lord shiva(some were imprinted with both lord shiva and sati parvati) but vaishnav era's ruler bharat and sorbananda imprinted by the name of radha and krishna.
Accordingly the Ahom coins were not prepared with bronze as stated in the history. Coins decide different periods history. The coins also take the history of Ahom's tradition-culture,language and religion and also tell the story of how they get in touch with the Bharata's arya society and arya culture and as the time passed away it created a modern assam and formed a large assamese community. As a proof we can take the coins which tell us a lot about it. As well as it defines that how Ahom reign helps in forming the assamese culture.The Ahom king take every caste,every community and every tribes as one of their own So later they can unite all the kingdoms of Assam as a one country.Hence,it created a religious and a communal amity among every body.
সম্পূৰ্ণকৈ পঢ়ক »

৭৮৮ তম ওম-ফা উদযাপন তথা এক অনুভৱ ✍ চাও সঞ্জীৱ বৰুৱা, শিৱসাগৰ

ওম-ফা আহোম যুগৰ ঐক্য-সংহতিৰ মহাদৰ্শৰ পূজা ৷ ওম-ফা কেৱল তাঈ আহোমসকলেই পূজা নহয় ৷ এই পূজা আহোম ৰাজত্বকালত ইয়াৰ থলুৱা সকলো জাতি-জনগোষ্ঠী সমূহৰ ভিন, ভিন বিশ্বাসৰ পূজা ৷ ঐতিহ্যপূৰ্ণ এটা জাতিৰ প্ৰতিনিধি হিচাপে চাও লুঙ ছ্যু কা ফাই তাঈ আহোমৰ নীতি পৰম্পৰাৰ আৰ্দশত থাকিও এখন সুস্থ সমাজৰ সৃষ্টিৰ উদেশ্য আগত ৰাখি মানুহক মানুহ হিচাপে গণ্য কৰি সম্প্ৰীতিৰ খুঁটিটোক মজবুত কৰাৰ স্বাৰ্থত ওম-ফাৰ আয়োজন কৰিছিল ৷ এই নীতি আৰ্দশক সাৰোগত কৰি পৰম্পৰাগত হিচাপে পুলিন-পুথাও সকলৰ প্ৰতি সন্মান জনাই প্ৰতি বাৰবছৰৰ মূৰে ওম-ফা অনুষ্ঠিত কৰি আহিছে ৷ ওম-ফা বুলি প্ৰকৃততে কোনো অনুষ্ঠান নাছিল, ছাই-ফা বুলিহে আছিল আৰু আজিও আছে ৷
৭৮৮ তম ওম-ফাত উপস্থিত হৈ পুলিন-পচাও সকললৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ সুযোগ প্ৰদান কৰা বাবে আয়োজক সকললৈ ধন্যবাদ জ্ঞাপন কৰিলো ৷ বিভিন্ন অনুষ্ঠানৰ আয়োজনৰ লগত জড়িত হৈ অনুভৱ কৰোঁ প্ৰকৃততে আয়োজক সমিতি যিমান বিশালকৈ গঠন হ'লেও মুষ্টিমেয় দুজনমানেহে কামবোৰ আগবঢ়াই থাকে যাৰ ফলত বিভিন্ন আহুকালৰ সৃষ্টি হয় ৷ যিকি নহওক অসমৰ বিভিন্ন ঠাইৰ আহোম জ্ঞাতি সকলক লগ পোৱাৰ যি সৌভাগ্য হ'ল সেইয়া বৰ্ণনাতীত ৷
কিছুমান কথা নকৈ নোৱাৰোঁ, আমাৰ আহোম সকলক শংকৰৰ বজৰুৱা ধৰ্মই ইমান মুৰত সোমাল গৈ যে নিজৰ বাৰ বছৰীয়া প্ৰৱিত্ৰ অনুষ্ঠানটোৰ গুৰুত্ব নিদিয়া হ'ল ফলত অৰ্থৰ অভাৱত ওম-ফাৰ ভালে কেইটামান কাৰ্যসূচীত বিলম্ব ঘটিল ৷ তাতোকৈ মনকৰিবলগীয়া আহোমৰ যিসকল আৰ্থিকভাৱে স্বচ্চল সেইসকলে আহোমৰ অনুষ্ঠান সমূহলৈ সামান্য এটা বৰঙণি আগবঢ়াবলৈ টান পাই অথচ সেইসকলেই গৌৰৱ কৰে আমি আহোম ৷ জাতিটোৰ পৰম্পৰা, কৃষ্টি আদি ৰক্ষা কৰিবলৈ হ'লে ছশবছৰীয়া জাতিৰ প্ৰতিনিধি হিচাপে কেৱল চিঞৰিলেই নহ'ব, সকলোৱে হাতে কামে কৰিব লাগিব ৷
ওম-ফা অনুষ্ঠানত উপস্থিত হৈ উপলব্ধি কৰিছোঁ যে আমাৰ আহোমৰ ধৰ্মীয় দিশটোৰ প্ৰচাৰৰ ক্ষেত্ৰত ই এক সুন্দৰ মাধ্যম হ'ব পাৰে ৷ এই বৰ্ষৰ ওম-ফাত অসমৰ বিভিন্ন প্ৰান্তৰ আমাৰ জ্ঞাতি সকল এদিনৰ বাবে হ'লেও এখন মঞ্চত লগ হৈছিল ৷ গতিকে ওম-ফাৰ আয়োজক সকলক অনুৰোধ জনাও যে ওমফা বাৰ বছৰৰ মুৰত কিয়, শংকৰ সংঘৰ অধিবেশনৰ দৰে প্ৰতি বছৰৰ অন্তৰে অন্তৰে জিলা ভিত্তিত আয়োজনৰ ব্যৱস্থা কৰক, তেতিয়াহে আমাৰ ধৰ্মীয় দিশটো উজ্বলি উঠিব বুলি আশা কৰিব পাৰিব ৷ নহ'লে অনাগত দিনত আহোমৰ প্ৰৱিত্ৰ ফুৰালুঙ ধৰ্মৰ প্ৰচাৰ বিমুখ হিচাপে থাকি থাকি আদৰ নাইকীয়া হৈ পৰিব৷ ওম-ফাৰ লগত সংগতি ৰাখি আমাৰ ধৰ্মীয়, সাংস্কৃতিক দিশৰো আলোচনা চক্ৰ আয়োজন কৰিব লাগে যাতে উঠি অহা নৱপ্ৰজন্মই নিজৰ বিজ্ঞান সন্মত ধৰ্মটোৰ বিষয়ে জানিব পাৰে ৷ গতিকে বৰ্তমানৰ আধুনিক যুগৰ লগত খাপখোৱাকৈ উপৰি পুৰুষৰ খেক্ লাই বা বিধিবোৰ ভৱিষ্যত প্ৰজন্মই গ্ৰহণ আৰু পালন কৰিব পৰাকৈ সংস্কাৰ কৰাতহে গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আছে বুলি ভাৱো ৷
সম্পূৰ্ণকৈ পঢ়ক »

বাংলাদেশী অসমীয়াৰ ভৱিষ্যত আৰু গোষ্ঠীগত চিন্তাৰ পটভূমিত আহোমৰ গুৰুত্ব ✍চাও পলাশ প্ৰতীম পাটকাই ঘিলামৰা

চিলেট নিলাম গনপেটে
আসাম নিব জনবলে
ভয়ংকৰ এক ভয়ংকৰ দীৰ্ঘম্যাদী পৰিকল্পনা। বাংলাদেশী ৰাজনীতিৰ এই ষড়যন্ত্ৰৰ বিষয়ে বহু জ্যেষ্ঠজনৰ দীৰ্ঘদিনীয়া অভিযোগ। অসমীয়াৰ মন মগজু আতংকিত কৰা এটা পৰিকল্পনা। বহু ধৰ্মীয় সংখ্যালঘূ ব্যক্তি আৰু সংগঠনে এই পৰিকল্পনা নস্যাৎ কৰাটো স্বাভাৱিক। কিন্তু বাস্তৱ পৰিস্থিতি সকলোৰে জ্ঞাত। পৃথিৱী কঁপাই যোৱা বিখ্যাত ছাত্ৰ আন্দোলনৰ ফলশ্ৰুতিত সম্পাদন হোৱা অসম চুক্তি (বুজাবুজিৰ চুক্তি)ৰ ত্ৰিশ বছৰ অতিক্ৰম কৰাৰ পাছতো বাংলাদেশী খেদিবলৈ সক্ষম নহোৱা কথাটোৱে সকলো স্তৰৰ লোককে নিজৰ ভৱিষ্যতৰ প্ৰতি সন্দিহান কৰি তুলিছে। অসমীয়া জাতি আজি ভীতিগ্ৰস্ত। এটা সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ১৯০১ চনত ভাৰতৰ জনসংখ্যা আছিল ২৩৮৪ লাখ আৰু ২০০১ চনত ই হ’লগৈ ১০২৭০ লাখ। অসমৰ জনসংখ্যা ১৯০১ চনত আছিল ৩৩ লাখ আৰু ২০০১ চনত ই হ’লগৈ ২৬৬ লাখ। ১৯০১ চনৰ পৰা ২০০১ চনলৈ ভাৰতৰ জনসংখ্যা বৃদ্ধি হ’ল ৩৩১ শতাংশ আৰু এই সময়ছোৱাত অসমৰ জনসংখ্যা বৃদ্ধি হ’ল ৭০৬ শতাংশ। যোৱা এশ বছৰত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ভাৰতৰ ক্ষেত্ৰত ৪.৩ শতাংশ আৰু অসমৰ ক্ষেত্ৰত ৮(৮) শতাংশ । এই তথ্যটো লক্ষ্য কৰিলেই গম পোৱা যায় কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে আমি এটা ভয়াবহ ভৱিষ্যতৰ দিশে গতি কৰি আছোঁ। আমাৰ অস্তিত্ব বিপদাপন্ন, ভৱিষ্যত অন্ধকাৰ, ভেঁটি উচন হ’বলৈ বেছি পৰ নাই। এতিয়া আমাৰ কৰণীয় কি? আমি দেখি আহিছোঁ ইমানবোৰ আন্দোলন, চুক্তি হোৱাৰ পাছতো ইয়াৰ ফলপ্ৰসু সমাধান নোহোৱাৰ মূলতেই ভাৰতীয় সংবিধানৰ কেতবোৰ সুৰুঙা। তাৰোপৰি বাংলাদেশৰ লগত এই বিষয়ত কোনো ধৰণৰ স্পষ্ট চুক্তি নাই। যিটোৰ সুবিধা লৈ আছে অবৈধ বাংলাদেশী নাগৰিকে, তথা কিছুমান সু-চতুৰ ৰাজনীতিবিদ আৰু ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ ফলশ্ৰুতিত অসমৰ কেইবাখনো জিলাৰ জনগাঁঠনি সম্পূৰ্ণৰূপে সলনি হৈ গ’ল। প্ৰচলিত ব্যৱস্থাৰ ওপৰত মানুহৰ সন্দেহ গাঢ়ৰ পৰা গাঢ়তৰ হৈ গৈ আছে।
এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত বিভিন্ন সূত্ৰ উদ্ভাৱন কৰা হৈছে। শেহতীয়াকৈ অসমীয়াৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাব লগা হৈছে। কোন জনগোষ্ঠী খিলঞ্জীয়া, ভিত্তি বৰ্ষ কি হ’ব এইলৈ বিতৰ্ক চলিছে, চলিব। এফালে ঐতিহ্য, পৰম্পৰা, অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম আনফালে বহিৰাগত-বিদেশীৰ অবৈধ দখলদাৰী অভিযান। ইয়াৰ মাজত খিলঞ্জীয়াৰ ভৱিষ্যত। জোঁৰ পুৰি হাত পালেহি, এতিয়া নিজকে ৰক্ষা কৰাৰ সময়। এই পটভূমিতে গোষ্ঠীগত আন্দোলনৰ যুক্তিযুক্ততা আছে, গুৰুত্ব তথা প্ৰয়োজনীয়তা অধিক হাৰত বৃদ্ধি পাইছে। প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীয়েই নিজৰ নিজৰ স্বকীয় ভাষা-কৃষ্টি-পৰম্পৰা ৰক্ষা কৰাৰ লগতে মাটিৰ অধিকাৰ হস্তগত কৰিব লাগিব। অৱশ্যে এই ক্ষেত্ৰত ইতিমধ্যে জনজাতিৰ মৰ্যাদা লাভ কৰি অহা জনগোষ্ঠী সমূহ কিছু আগবাঢ়ি গৈছে। তেওঁলোকে স্বকীয় কৃষ্টি-পৰম্পৰা সমূহ বজাই ৰখাৰ উপৰিও তেওঁলোকৰ আৰ্থ-সামাজিক, ৰাজনৈতিক উন্নয়নৰ কাৰণে স্বায়ত্ব শাসিত পৰিষদ আছে। তাৰোপৰি অসমত কেইবাটাও জনজাতি বেল্ট আৰু ব্লক আছে। য’ত অজনজাতিয়ে মাটি কিনিব নোৱাৰে। কিন্তু এইখিনিয়েই খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ পৰ্যাপ্ত নহয়। ইয়াৰ বাবে লাগিব ছয় জনগোষ্ঠীৰ জনজাতিকৰণ। এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণে অসমত জনজাতিৰ সংখ্যা সত্তৰ শতাংশলৈকে বৃদ্ধি কৰিব। ফলত অসম জনজাতি ৰাজ্য হোৱাৰ সুযোগ ওলাব। অসম জনজাতি ৰাজ্য হ’লে নগালেণ্ডৰ আৰ্হিত সংবিধানৰ ৩৭১(ক) অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্য প্ৰদানৰ দাবী কৰিব পৰা যাব। এই ব্যৱস্থা প্ৰৱৰ্তিত হ’লে অসমৰ খনিজ সম্পদ আৰু মাটিৰ ওপৰত খিলঞ্জীয়াৰ অধিকাৰ সাৱ্যস্ত কৰাটো সম্ভৱপৰ হ’ব। তদুপৰি ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা কৰিব পৰা যাব। তেতিয়া বহিৰাগত-বিদেশী সমস্যাৰ বহুলাংশে সমাধান কৰিব পৰা যাব। আৰু তেতিয়াহে খিলঞ্জীয়াৰ ঐতিহ্য, অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিব পৰা যাৱ। কিন্তু এই ক্ষেত্ৰত উচ্চ জাতিৰ কেৰামতালি, জনজাতি সংগঠনৰ বিধি পথালি আৰু কেন্দ্ৰীয় চৰকাৰ হৈছে বাধাৰ প্ৰাচীৰ। তৃতীয় ঘূৰণীয়া মেজমেলৰ প্ৰাকক্ষণত আহোম ব্যৱস্থাপক সভা, আহোম সভা, আহোম ৰয়েল চ’চাইটিৰ সুৰেন্দ্ৰ নাথ বুঢ়াগোঁহাই , পদ্মনাথ গোঁহাঞি বৰুৱা আৰু চন্দ্ৰ নাৰায়ন সিংহৰ নেতৃত্বত তেতিয়াৰ আসামৰ প্ৰায় সকলো জআতি জনগোষ্ঠীৰ প্ৰতিনিধিৰ উপস্থিতিত ১৯৪৫ চনৰ ২১,২২ আৰু ২৩ মাৰ্চত শ্বিলঙৰ খাছী দৰবাৰ হ’লত অনুষ্ঠিত হোৱা সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে অসমৰ কৃষ্টি-সংস্কৃতি ভাৰততকৈ পৃথক আৰু অসম কোনোদিনেই ভাৰতৰ অধীন নাছিল সেয়ে আসাম স্বাধীন আাৰু মুক্ত হৈ থাকিব। এই কথাৰ ভূ-পাই তেতিয়াৰ গোপীনাথ বৰদলৈৰ নেতৃত্বাধীন চৰকাৰে ৰাইজক ক’লে যে তৃতীয় ঘূৰণীয়া মেজমেললৈ এজন চৰকাৰী প্ৰতিনিধি পঠোৱা হ’ব। আৰু তেওঁ ৰাইজৰ সিদ্ধান্ত মেজমেলত উপস্থাপন কৰিব। চন্দ্ৰধৰ বৰুৱা (আহোম নহয়) নামৰ এজন ব্যক্তিক চৰকাৰী প্ৰতিনিধি হিচাবে প্ৰেৰণ কৰা হৈছিল। যথা সময়ত লণ্ডনৰ ঘূৰণীয়া মেজমেলত যেতিয়া অসমৰ সিদ্ধান্ত জনোৱাৰ পাল পৰিছিল তেতিয়া চন্দ্ৰধৰ বৰুৱা উঠিছিল আৰু কৈছিল--“অসমে ভাৰতৰ লগত বিলীন হৈ যাব বিছাৰে” আৰু এইষাৰ কৈয়েই তেওঁ বহি পৰিছিল। লগে লগে আসাম ভাৰতৰ অংগৰাজ্যত পৰিণত হৈছিল। চন্দ্ৰধৰ বৰুৱাই এই কাম কিয় কৰিছিল ? আৰু পদ্মনাথ গোঁহাঞি বৰুৱা বা চন্দ্ৰ নাৰায়ণ সিংহৰ দৰে ব্যক্তিক প্ৰতিনিধি হিচাবে প্ৰেৰণ নকৰিলে কিয়? ভালদৰে লক্ষ্য কৰিলে দেখা যাৱ যে সেই সময়ত কংগ্ৰেছ দলৰ আসামৰ নেতৃত্ব বহন কৰিছিল উচ্চ জাতিৰ নেতাই। তেওঁলোকে জানিছিল যে যদি আহোম প্ৰতিনিধি পঠোৱা হয় আৰু অসম যদি স্বাধীন হয় তেতিয়া আসামৰ শাসন ক্ষমতা আহোম তথা জনজাতীয় ৰাইজৰ হাতলৈ গুচি যাব আৰু তেওঁলোক ক্ষমতাহীন হ’ব। এমুঠিমান উচ্চ জাতিৰ প্ৰভূত্ব তথা তেওঁলোকৰ হাতত শাসন ক্ষমতা ৰখাৰ স্বাৰ্থতেই গোপীনাথ বৰদলৈৰ নেতৃত্বাধীন উচ্চ জাতিৰ চৰকাৰখনে অসমৰ ভৱিষ্যত, অসমৰ অস্তিত্ব ধ্বংসৰ মুখলৈ ঠেলি পঠিয়াইছিল।
আনহাতে ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ ক্ষেত্ৰত বিধি-পথালি দি আহিছে ট্ৰাইবেল ফ্ৰন্ট আৰু জনজাতীয় ৰাজনীতিবিদ তথা দল-সংগঠন সমূহে। তেওঁলোকে ভাবে যে এই ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে তেওঁলোকে ভোগ কৰি অহা সংৰক্ষণৰ সুবিধা তথা অন্যান্য সুবিধা সমূহ কমি যাব। এইক্ষেত্ৰত তেওঁলোকৰ প্ৰাপ্ত সংৰক্ষণৰ সুবিধা তথা অন্যান্য সুবিধা সমূহ সুৰক্ষিত কৰি ৰাখি অসম তথা খিলঞ্জীয়াৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে জনজাতি সকল আগবাঢ়ি আহিব লাগে। আনফালে অসমক অধিক সুবিধা, বিত্তীয় সাহায্য দিয়াৰ ভয়ত তথা ধৰ্মিয় সংখ্যালঘু্ৰ ভোট বেংকৰ স্বাৰ্থত প্ৰতিখন কেন্দ্ৰীয় চৰকাৰেই এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈ দেখা দিছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰৰোচনাত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে জনগোষ্ঠী কেইটাৰ জনজাতীয় বৈশিষ্ট্য নাই বুলি জনজাতিকৰণত বাধা প্ৰদান কৰি আহিছে। এই ছয় জনগোষ্ঠীৰ মাজৰে কোচ-ৰাজবংশীক হিতেশ্বৰ শইকীয়া চৰকাৰে এখন অধ্যাদেশযোগে জনজাতিৰ মৰ্যাদা দিছিল। কিন্তু পৰবৰ্তী কালত ইয়াক বাতিল কৰা হৈছিল। এতিয়া চোৱা যাওক এই ছয় জনগোষ্ঠীৰ জনজাতি মৰ্য্যাদা পোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰূপিত সেই বিশেষ পাঁচটা বৈশিষ্ট্য আছেনে নাই। পাঁচটা বৈশিষ্ট্য হৈছে—পৃথক ভৌগোলিক অঞ্চল, লাজকুৰীয়া চৰিত্ৰ অৰ্থাৎ আন সমাজৰ স’তে মিলিব নিবিচৰা, সকলো দিশত অনগ্ৰসৰতা, আদিম তথা সাংস্কৃতিক বৈশিষ্ট্য আৰু মূলসূঁতিৰ সমাজৰ পৰা বিচ্ছিন্ন হৈ থকা। যদিও অসমৰ ভৱিষ্যতৰ স্বাৰ্থত আমি কৈ আহিছোঁ যে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰক। কিন্তু ভালদৰে লক্ষ্য কৰিলে দেখা যাৱ এই জনগোষ্ঠীকেইটাৰ জনজাতীয় গুণ বা বৈশিষ্ট্য প্ৰায় নায়েই। অৱশ্যে নামনি অসমৰ কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠী এইক্ষেত্ৰত আগবাঢ়ি আছে। কোঁচ-ৰাজবংশীক এবাৰ জনজাতিৰ মৰ্য্যাদা দিয়আ হৈছে আৰু অসমৰ বাহিৰে ভাৰতৰ অন্যকেইখন মান ৰাজ্যত চাহ জনগষ্ঠীক জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰা হৈছে তথা বাকী চাৰিটা জনগোষ্ঠীতকৈ এই দুটা জনগোষ্ঠীৰ জনজাতীয় বৈশিষ্ট্য বা গুণ বেছি। অৱশ্যে চাহ জনগোষ্ঠীৰ আসামলৈ প্ৰৱজিত হোৱা বৰ বেছি দিন হোৱা নাই। কেন্দ্ৰীয় চৰকাৰৰ নিৰূপিত জনজাতীয় বৈশিষ্ট্য এই জনগোষ্ঠীকেইটাৰ কমকৈ আছে আৰু কেইটামান জনগোষ্ঠীৰ প্ৰায় নায়েই। এনেক্ষেত্ৰত জনজাতিকৰণৰ দাবী তেনেই অমূলক। কিন্তু অসমৰ ভৱিষ্যতৰ স্বাৰ্থত, খিলঞ্জীয়া, থলুৱাৰ সুৰক্ষিত আৰ্থ-সামাজিক-ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থত এই দাবী আমি কৰিছোঁ। কিন্তু দাবী কৰিলেই নহ’ব, কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজনীয় চৰ্তও পূৰণ কতিব লাগিব। এই ক্ষেত্ৰত আহোম জাতি বহুদূৰ আগুৱাই যাব পাৰে। স্বকীয় ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি-সংস্কৃতিৰে পৰিপূৰ্ণ আহোম হৈছে এটা ঐতিহ্যপূৰ্ণ সু-প্ৰাচীন জাতি। আহোমে যদি স্বকীয় ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি-সংস্কৃতি পালন কৰিব পাৰে তেন্তে জনজাতিৰ মৰ্য্যাদাও লাভ কৰিব পাৰিব। তেনে ক্ষেত্ৰত আহোমৰ হাতলৈ অধিক ৰাজনৈতিক ক্ষমতা আহিব আৰু অসমৰ ৰাজনীতিত এটা সূ-দূৰ প্ৰসাৰী প্ৰভাৱ পৰিব। তাৰোপৰি জনজাতি হিচাবে বিভিন্ন ধৰনৰ সংৰক্ষণৰ সুবিধাকে ধৰি অন্যান্য সুবিধা আহোম জনসাধাৰণে লাভ কৰিব।
দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা আশী শতাংশ কৃষক শ্ৰমিকেৰে পৰিপূৰ্ণ আহোম জনগোষ্ঠীয়ে বিশ শতাংশ মধ্যবিত্ত তথা উচ্চ মধ্যবিত্তৰ ভোগ লালসাৰে নিজৰ ভৱিষ্যত গঢ়িব নোৱাৰে। সমগ্ৰ জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ কাৰণে লাগিব একতা, ভ্ৰাতৃত্ববোধ তথা ৰাজনৈতিক ক্ষমতা। এই তিনিওতা বৈশিষ্ট্য লাভ কৰিবলৈ হ’লে সমূহ আহোম জনসাধাৰণে একেই ভাষা-ধৰ্ম-পৰম্পৰা তথা কৃষ্টি-সংস্কৃতি গ্ৰহণ কৰি চলিব লাগিব। একে ভাষা-ধৰ্ম-কৃষ্টি-পৰপৰাই আহোম জনসাধাৰণৰ মাজত একতা আৰু ভ্ৰাতৃত্ববোধৰ সৃষ্টি কৰিব। এই একতাই আহোম জনসাধাৰণক এটা শক্তিশালী ৰাজনৈতিক শক্তিত পৰিনত কৰিব। তেতিয়া সকলো দল-সংগঠনে আহোম জনশক্তিক গুৰুত্ব দিবলৈ বাধ্য হ’ব। তদুপৰি ইয়াৰ পৰা আৰু এটা লাভ হ’ব—স্বকীয় ভাষা –ধৰ্ম-পৰম্পৰা-কৃষ্টি গ্ৰহণে আহোমক পৃথক ভৌগোলিক অঞ্চলৰ বাহিৰে বাকীকেইটা জনজাতীয় বৈশিষ্ট্য বা গুণৰ অধিকাৰী কৰিব। ফলত আহোমে জন-জাতি হিচাবে স্বীকৃতি পোৱাত সহায়ক হ’ব।
বৰ্তমান অৱস্থাত আহোম জনসাধাৰণ বিভিন্ন ধৰ্ম-পৰম্পৰা তথা মতাদৰ্শত বিশ্বাসী হোৱাৰ সমান্তৰালকৈ ৰাজনৈতিকভাৱেও বহুধা বিভক্ত। ফলশ্ৰুতিত আহোম জনসাধাৰণৰ মাজত একতাৰ অভাৱ। ইয়াৰ বাবেই কোনো এটা ৰাজনৈতিক দল-সংগঠনে আহোমক এটা শক্তিশালী ৰাজনৈতিক শক্তি হিচাবে গণ্য নকৰে। কিন্তু উজনি আসামৰ সাতখন জিলাই আহোম প্ৰধান। ইমান এটা বৃহৎ জনসংখ্যাৰ জন-সমষ্টি হোৱা স্বত্বেও কেৱল একতাৰ অভাৱেই আহোমক এটা ক্ষমতাহীন জাতিত পৰিণত কৰিছে।
এই অৱস্থাৰ পৰা আহোমক উদ্ধাৰ কৰিবলৈ বিভিন্ন সংগঠনে বহু আগৰে পৰা বিভিন্ন ধৰণে চেষ্টা কৰিছে। কোনোৱে ভাষাক প্ৰাধান্য দি কোনোৱে পৰম্পৰাক প্ৰধান্য দি কোনোৱে আকৌ কেৱল ৰাজনৈতিক দাবীক প্ৰাধান্য দি এই দিশত আগবাঢ়িছে। কিন্তু বিশেষ সফলতা কোনোৱে লাভ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰকৃততে এটা এটা দিশক প্ৰধান্য দি নহয় ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি-সংস্কৃতি সকলোকে সমানে প্ৰাধান্য দি আগুৱাব লাগিব। আৰু সেয়ে আহোম জনসাধাৰণে স্বতঃস্ফুৰ্তভাৱে স্বকীয় ভাষা-কৃষ্টি-সংস্কৃতি গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব লাগিব। এইখিনিতে এটা প্ৰশ্ন উত্থাপন হয়—আহোম সকলে ভাষা-কৃষ্টি-সংস্কৃতিৰ কাৰণে কিয় দুশ বছৰ পিছুৱাই যাৱ লাগে? কথাতে কয়—ভালদৰে আগবাঢ়িবৰ কাৰণে কেতিয়াবা দুখোজ পিছুৱাব লগীয়াও হয়। বহিৰাগত বিদেশী আহি বৰঘৰত থিতাপি ল’লেহি, উশাহ ল’বলৈও বিদেশীৰ অনুমতি লোৱাৰ সময় আহিল। এনে সন্ধিক্ষণত নিজৰ ভৱিষ্যতৰ স্বাৰ্থত, আহিব লগীয়া প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত দুখোজ কি দহখোজ পিছুৱাব লাগিব, দুশ বছৰ কি এহেজাৰ বছৰ পিছুৱাব লাগিব। আচলতে এইবোৰ কিছুমান স্বাৰ্থান্বেষী ৰাজনৈতিক নেতৃত্ব তথা দলৰ ষড়যন্ত্ৰমূলক কূট-কৌশল। তেওঁলোকে নিবিছাৰে আহোম সকল এক হওঁক, এটা শক্তিশালী ৰাজনৈতিক শক্তিত পৰিনত হওঁক। সেয়া হ’লেই এই স্বাৰ্থপৰ মহলৰ সান্দহ খোৱা বালি তল পৰিব। সেই কাৰণেই তেওঁলোকে নিজৰ স্বাৰ্থত, ক্ষমতা নিজৰ হাতত ৰখাৰ স্বাৰ্থত আহোম ৰাজত্বৰ শেষ সময়ছোৱাৰ পৰা বৰ্তমানলৈকে না-না কূট-কৌশলেৰে আসামক বহিৰাগত-বিদেশীৰ ওচৰত বন্ধকত দিলে। আহোম সকলে এই কথাবোৰ ভালদৰে বিশ্লেষণ কৰি চোৱাৰ সময় সমাগত। সময় নাই, খিলঞ্জীয়া অসমীয়া তথা আহোমৰ অস্তিত্ব ভয়ংকৰ সংকটৰ গৰাহত। ক্ষীপ্ৰগতিৰে স্বকীয় ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি-সংস্কৃতি গ্ৰহণ কৰি নিজৰ অস্তিত্ব ৰক্ষা কৰাৰ লগতে জনজাতীয় মৰ্য্যাদাও হস্তগত কৰিব লাগিব। আঁজুৰি আনিব লাগিব মাটিৰ অধিকাৰ, খনিজ সম্পদৰ অধিকাৰ, পৃথক ৰাজনৈতিক, বিধিগত তথা প্ৰশাসনীয় অধিকাৰ। তেতিয়াহে আমাৰ তথা অনাগত প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত হ’ব, আসামৰ ভৱিষ্যত সুৰক্ষিত হ’ব। এই পটভূমিত আৰু এটা কথা পৃথিৱীৰ কোনো সু-সমৃদ্ধ উন্নত জাতিয়েই নিজৰ কৃষ্টি-পৰম্পৰা-ভাষা ত্যাগ কৰা নাই আৰু নকৰেও। বিখ্যাত ৰোমান, ফৰাছী, ইংৰাজ, ৰুছ, চীনা আদি কোনো উন্নত জাতিয়েই নিজৰ ভাষা-কৃষ্টি-পৰম্পৰা ত্যাগ কৰা নাই আৰু সেইকাৰণেই তেওঁলোক ঐতিহ্যপূৰ্ণ, সু-সভ্য আৰু উন্নত জাতি হিচাবে বিশ্বত পৰিচিত। অৱশ্যে সময়ৰ লগত পৰিবৰ্তন অৱশ্যম্ভাৱী। কিন্তু পৰিবৰ্তনৰ নামত সম্পূৰ্ণৰূপে নিজৰ ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি –সংস্কৃতি ত্যাগ কৰা এটা জাতিৰ বিশ্বৰ দৰবাৰত পৰিচয় কি ঽ’ব? নিশ্চয়কৈ এটা অনুন্নত অসভ্য জাতিয়েহে নিজৰ অসভ্য কৃষ্টি-পৰম্পৰা ত্যাগ কৰি কোনো এটা উন্নত জাতিৰ কৃষ্টি-পৰম্পৰাৰ আলম লৈ নিজৰ চিনাকি দিয়ে। কিন্তু বিশ্বৰ অন্যতম সু-প্ৰাচীন, সু-সভ্য জাতি তাই জাতীৰ বংশধৰ সকলৰ কাৰণে ই নিশ্চয়কৈ দূৰ্ভাগ্যজনক। তাতে আকৌ গৌৰৱোজ্জ্বল ছশ বছৰীয়া ইতিহাসেৰে সমুজ্জ্বল এটা জাতিৰ বাবে ই চৰম লজ্জ্বাৰ বিষয়।
সেয়েহে সমূহ আহোমৰ বাবে এটি আহ্বান কথাবোৰ ভালদৰে বিশ্লেষণ কৰি চাওঁক, দীৰ্ঘদিনীয়া ধৰ্মীয়-ৰাজনৈতিক কূট-কৌশলবোৰ বুজি উঠক আৰু সকলোৱে একেলগে মাৰ বান্ধি স্বকীয় ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি-সংস্কৃতি গ্ৰহণ কৰি আহোমক ৰক্ষা কৰক আৰু তাৰ জৰিয়তে মহান চাও লৌঙ চৌ-কা-ফাৰ সৃষ্ট মৌঙ-দৌন-চৌন-খাম আসামক ৰক্ষা কৰক।
সম্পূৰ্ণকৈ পঢ়ক »

ইতিহাসৰ নীলা খামৰ চিঠি ✍স্মৃতিৰেখা বৰুৱা

( আজি চ'ত মাহৰ তেৰ তাৰিখ , সতী জয়মতীৰ মৃত্যুৰ তিথি । সেয়েহে জয়মতীক সোঁৱৰি মোৰ এই অভিযোগৰ চিঠিখন আপোনালোকৰ বাবে পঠালো .....)
মৰমৰ বঙহৰদেউ ....
আজি বহু শতিকাৰ পাছত তোমালৈ মই পুনৰ লিখিলো । আজি তোমালৈ মই কিছুমান অভিযোগ লিখিবলৈ মন গ'ল । তুমি মোক হয়তো ভাবিৱা মই অভিমানী ,অহংকাৰী নহলে স্বাৰ্থপৰ । যি বুলিয়েই ভাবা ভাবিব পাৰা , মোৰ আজি অলপো আক্ষেপ নাই । তোমালোকক মানে ৰজা সকলক সকলক সকলোৱে উদাৰ বুলিয়েই জানে । তোমালোক এখন বহল অন্তৰৰ অধিকাৰী । তোমালোকৰ আছে দূৰদৰ্শিতাৰ গুণ আৰু আছে আনক ক্ষমা কৰি দিব পৰা এখন হৃদয় । তোমালোক প্ৰজাৰ সুখ দুখ নিৰীক্ষণ কৰি এখন ৰাজ্য সুচাৰুৰুপে চলাই নিব পৰা গুণৰ অধিকাৰী ।
কিন্তু .....
তোমালোক বাৰু সূক্ষ্ম অনুভূতিপ্ৰৱণ বা সংবেদনশীল নহয় নেকি ??? নহলেনো মোৰ প্ৰতি মানে এগৰাকী নাৰীৰ প্ৰতি কিয় এনে অবিচাৰ ??
তোমাৰো আছিল নেকি নাৰীৰ প্ৰতি অৱহেলা ? নে নাৰী সকল মাত্ৰ ত্যাগৰ বাবেই জন্ম ??
প্ৰকৃততে মোক এগৰাকী দূৰদৃষ্টিসম্পন্না , ৰাজনীতিজ্ঞা , প্ৰকৃত দেশপ্ৰেমিকা বুলি ভাবিবলৈ স্থল আছিল । মোৰ ত্যাগৰ বিনিময়ত আহোম ৰাজতন্ত্ৰৰ ভেঁটি পুনৰ সুদৃঢ় হৈছিল বুলি মই দাবী কৰিব পাৰোঁ । মইয়ে ৰাজদ্ৰোহৰ বলি হোৱা প্ৰথম নাৰী । কিনো মোৰ ইমান অপৰাধ আছিল ? যাৰ বাবে মোক নানা অত্যাচাৰ দি দি হত্যা কৰা হ'ল ??
তুমিও মোক দিলা জানো মোৰ মৰমৰ , মোৰ প্ৰেমৰ স্বীকৃতি ??
ইতিহাসে আগৰ দিনত নাৰী সকলৰ মৃত্যুক বিশেষ অসাধাৰণ ঘটনা বুলি বিবেচনা কৰা নাছিল , সেয়েহে হয়তো মোৰ মৃত্যু ও ইতিহাসৰ পাতত উল্লেখ নাই ।
কিয় ?
কিয় ??
মোৰ সেই ত্যাগ যদি কৰ্তব্য বুলি ভাবা তেন্তে তোমাৰো মোৰ প্ৰতি তিলমানো কৰ্তব্য নাছিল নেকি ??
কিয় মোৰ এই চৈধ্য দিন নিৰ্যাতন সহি হোৱা মৃত্যুক কিয় অনুপ্ৰেৰণা লভিব পৰাকৈ স্বীকৃতি দিয়া নাই ?
সিংহাসনত উঠাৰ পাছত তোমাৰ মুখত মোৰ নাম এবাৰলৈ উচ্চাৰণ নহ'ল কিয় ??
ইয়াৰ বিপৰীতে তুমি কিন্তু ৰহদৈ , ভাদৈ আৰু আঘোণী কুৱঁৰীৰ নাম এটি এটি স্মৃতি চিহ্নৰে জিলিকিয়াই ৰাখিলা । মোৰ তেওঁলোকৰ প্ৰতি ঈৰ্ষা হোৱা নাই , কিন্তু মই নুবুজিলো যে মোৰ সমস্ত উজাৰি দিও কিয় তোমাৰ অন্তৰৰ স্থান দখল কৰিব নোৱাৰিলো । মোৰ কি অভাৱ আছিল ? এনে কিছুমান প্ৰশ্নইহে মোৰ বিবেকক বাৰে বাৰে আমনি কৰিছে । মোৰ শৰীৰৰ ওপৰেৰে পাৰ হৈ যোৱা চৈধ্য দিনৰ অত্যাচাৰে তোমাৰ হৃদয়ত এচিকুটো প্ৰভাৱ পেলাব নোৱাৰিলে নে ? তোমাৰ অন্তৰে এবাৰো দাবী নকৰিলেনে মোক তোমাৰ মানসপটত জীয়াই ৰাখিবলৈ ? মোক যুগমীয়া কৰি জীয়াই ৰাখিবলৈ নোৱাৰিলানে এটি ক্ষুদ্ৰ স্মৃতি চিহ্ন মোৰ বাবে সাজিবলৈ ?
কিয় এই অৱহেলা ??
মোৰ এই আত্ম বলিদানৰ মূল্য নাছিল নেকি ?
মোৰ সন্দিহান হৈছে মোৰ আত্ম বলিদানে স্বীকৃতি পালেনে ???
ক'তা আজিও মোক লৈ অসমবাসী সজাগ নহয় !! আজি মই আক্ষেপেৰে কৈছোঁ
আহোম ৰজা চাওলুং চুকাফা আৰু আহোম সেনাপতি লাচিত বৰফুকন আদিক লৈ যিদৰে অসমবাসী সজাগ , মোক লৈ বা নাৰী সকলক লৈ সেই সজাগতা পৰিলক্ষিত হোৱা নেদেখিলো । আজি তেওঁলোকক লৈ যিদৰে উৎসৱ , দিৱস আদি পালন কৰাত অসমবাসী সচেতন ,
মই যেন তাৰ পৰা বহু দূৰৈত ......!!!!
মই আজি উপেক্ষিতা নেকি ???
আজি কিমানে জানে মোক মানে জয়মতীক ...????
মই বিচাৰিছিলো ....
মোৰ শোণিতৰ
এটি এটি কণা
বৈ যাওঁক
প্ৰতি গৰাকী নাৰীৰ
শিৰাই উপশিৰাই...
জাগি উঠক
অন্যায় বিৰুদ্ধে
দুৰ্বাৰ সাহস ...
হৃদয়ত ন-কৈ
গজালি মেলক
স্বদেশ প্ৰেমৰ ....
ইতিত
তোমাৰ জয়া
সম্পূৰ্ণকৈ পঢ়ক »

তাই শিক্ষাৰ এক চমু অৱলোকন ✍ নাং দৃষ্টি গগৈ

১২২৮ খ্ৰীঃত পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰবেশ কৰা ৬০০ বছৰীয়া আহোম সকলৰ ৰাজত্ব বুৰঞ্জী বিৰল। আহোম ৰাজ্যৰ প্ৰথমজন প্ৰতিষ্ঠাপক চাওলুং ছ্যু-কা-ফাই নতুন ৰজ্যৰ স্থাপনৰ লগতে কলা সংস্কৃতি সভ্যতাৰ মেটমৰা সম্ভাৰ লগত লৈ আহিছিল। তাই আহোম সকলৰ যি ৰীতি-নীতি কলা-সংস্কৃতি সেয়া বৰ্তমান সময় পৰ্যন্ত অটুট আছে।
কোনো এক যুগৰ সভ্যতা সংস্কৃতি বিকাশৰ মূল উপাদান হ’ল শিক্ষা। শিক্ষাৰ দ্বাৰাহে ৰজনৈতিক অৰ্থনৈতিক সামাজিক প্ৰতিটো দিশৰ উন্নতি সাধন কৰি সভ্যতা সংস্কৃতিক উচ্চ শিখৰলৈ উপনিত কৰিব পাৰি। বৰ্তমান সময়ত যিদৰে নাৰী শিক্ষা বহল প্ৰচলন হৈছে ঠিক তেনেদৰে তাই আহোমৰ ৰাজত্ব কলতো নাৰী শিক্ষাৰ প্ৰাসংগিকতাক নুই কৰিব নোৱাৰি। সেই সময়তো নাৰী শিক্ষা এক অবিচ্ছেদ্য অংগ আছিল। সেই সময়ত পুৰণি গড়গাওঁ আৰু ৰংপুৰেই অসমীয়া ভাষা, সাহিত্য, বুৰঞ্জী, অৰ্থনীতি, ৰাজনীতি আদি বিকাশৰ কেন্দ্ৰস্থল আছিল। সেই যুগৰ সভ্যতা সংস্কৃতিৰ আঁৰিয়া ধৰিছিল শিক্ষাই। এই দুয়োটাই আৰু ইয়াৰ অধ্যুষিক অঞ্চলত সেই সময়ত গঢ়ি উঠা শিক্ষা চৰ্চ্চাৰ উৎস বহু প্ৰকাৰে পাব পাৰি। বুৰঞ্জী, সাঁচিপতীয়া পুথি, পেৰা কাকত লাখুটিৰ বুৰঞ্জী, কাঠিৰ বুৰঞ্জী, মুগা কাপোৰৰ লেখনি, ভোজ পত্ৰ শিলৰ ফলি মুদ্ৰা, দল দেৱালয়ৰ লেখনি ইত্যাদি নথি পত্ৰৰ পৰা সমসামৰিক শিক্ষা ব্যৱস্থাৰ কথা জানিব পাৰি। গেইট চাহাবে উল্লেখ কৰামতে দিবং নাৰ পাৰত কালাঘন চাহাবে উদ্ধাৰ কৰা মিচিমি সকলক স্বৰ্গদেউ চুহুংমুঙে কৰ কাটল দিবলৈ বাধ্য কৰোৱা ফলি, পিংগলেশ্বৰ দেৱালয়ত একেজন স্বৰ্গদেৱে মাটি দানৰ ফলিৰ কথাৰে শিক্ষাৰ জগতৰ কিছু কথা অৱগত হয়। পেৰা কাকতত চাওফা সকলৰ মাটি জৰিপ, দেবোত্তৰ, ধৰ্ম্মোত্তৰ মাটিৰ সবিশেষ বিবৰণীৰ উল্লেখ সমসাময়িক শিক্ষা ব্যস্থাৰে সন্ধান দিয়ে। দেভিদ স্বাট চাহাবে এই পেৰা কাকত গুৱাহাটীৰ সদৰ কাৰ্য্যালয়ত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল বুলি জনা যায়।
পুৰণী গড়গাওঁ আৰু ৰংপুৰৰ শিক্ষা সংস্কৃতি অনুধাৱন কৰিলে দেখা যায় যে ৬০০ বছৰীয়া ৰাজত্ব কালত যদিও প্ৰথমজন আহোম ৰজা চাওলুং ছু-ক্য-ফা সৰ্বদিনৰ শ্ৰেষ্ট শাসক সংগঠক আছিল। তথাপিও দ্বিতীয় জন চাওফা চু-হুং-মুংৰ ৰাজত্ব কলতেই আহোম ৰাজত্বৰ সোনালী সময় আছিল। এইজন ৰজা দিনতেই আহোম ৰাজ্যৰ পৰস্পৰা পদ্ধতিত চলিথকা তাই ভাষা শিক্ষাৰ লগতে অসমীয়া ভাষাই ৰাজ্যভাষা হিচাপে স্বীকৃতি পাইছিল। তাই ভাষাৰ সমান্তৰাল হিছাবে অসমীয়া ভাষাৰ সৃষ্টি হৈ গড়গঞা লিপিৰ সৃষ্টি হোৱা অন্য অক উল্লেখনীয় দিশ বিকশি উঠিছিল। গড়গঞা লিপিৰ নিজা বৈশিষ্ট্য আৰু গড়গঞা কথাৰ ঠাচ ৰাজ্যৰ পুৰুষ আৰু নাৰীৰ মাজত সদৰি হোৱা কথা নুই কৰিব নোৱাৰি। কম কথাৰে সৰহ অৰ্থ প্ৰকাশ কৰা অসমীয়া ভাযাৰ গড়গঞা ঠাচ। এনে ঠাচ আছিল তাই ভাষাৰ গতিকে তাই ঠাচ অসমীয়া ভাষাতো পৰিল। গড়গঞা ঠাচৰ আৰ্হি আধুনিক অসমীয়া শিক্ষা সংস্কৃতি মৰহি নোযোৱাকৈ বৰ্ত্তি আছে।
চাওফা চুহুংমুংৰ সময়ত অসমীয়া ভাষাই ৰাজ্য ভাষাৰ স্বীকৃতি পোৱাত সেই কালৰ ‘অসম’ দেশত বাস কৰা প্ৰতি জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্য বিনাশ নঘটাকৈয়ে উদ্ভৱিত অসমীয়া ভাষা সাৰ্ব্বজনীন ৰূপত অধিককৈ বিকাশ হৈ প্ৰচাৰ আৰু প্ৰসাৰতা লভিলে। আহম দেশৰ সকলো জনগোষ্ঠীৰ প্ৰাণৰ উমত গঢ়ি উঠা অসমীয়া ভাষাই উমহতীয়া ভাষা হিচাবে পৰিগণিত হোৱাত প্ৰতি জনগোষ্ঠীৰ অৰিহনাৰ লগতে শব্দক সম্ভাৰে ভাষাৰ বৰভৰাল উপচাই তুলিলে। তাই আহোমসকলৰ ‘ম্যুং-দুন্-চুন্-খাম’ৰ নামো থলুৱা সকলৰ ভাষাৰে আহমৰ পৰা আসাম আৰু শেহত অহম হৈ ৰল। আচলতে অসম আৰু অসমীয়া ভাষাৰ মৌলিক দান চাওফা সকলৰ। চাওফা সকলেই অসম নামৰ বুনিয়াদ গঢ়ি অসমীয়া জাতি গঢ়িলে। অসমীয়া ভাষা উৎপত্তি স্থল উজনিৰ ৰংপুৰ অধ্যুৰিত অঞ্চলতেই আৰম্ভনী। ৰংপুৰেই শিৱসাগৰ। শিৱসাগৰ আৰু লখিমপুৰেই অসমীয়া ভাষা জন্ম প্ৰসূতি গৃহ। অসমীয়া ভাষা শিক্ষাৰ বোঁৱতী সুঁতি আৰু আগবাঢ়ি গল। আহোম চাওফা সকলে হিন্দু ধৰ্ম গ্ৰহন কৰি পশ্চিম সংস্কৃত ভাষাৰ প্ৰতি অনুৰাগী হৈ ব্ৰাক্ষ্মণ, গোঁসাই, মহন্তসকলক আনি ধৰ্মকাৰ্য্য আৰু শেহত ভাষা শিক্ষা বিস্তাৰত পোষকতা কৰোৱালে। গতিকে সংস্কৃত ভাষা শব্দ সম্ভাৰ, শিক্ষাৰ শৈষিক পৰিবেশ আৰ্য্যকৰণ ৰূপত শিকিবলৈ অনুৰাগী সকলক উদগণি যোগালে। তাই ভাষা শিক্ষাহে পুৰণি আৰু গড়গাৱত অনুষ্ঠানিক শিক্ষাৰ ভেটি আছিল। অৱশ্যে অসমীয়া ভাষাই তাই ভাষাৰ সমান্তৰাল ৰূপত যেতিয়া ৰাজ্যৰ ভাষা হিচাবে স্বীকৃতি পালে তেতিয়াৰ পৰা উভয় ভাষাৰ শিক্ষানুষ্ঠান গঢ়ি উঠিল। তদুপৰি সংস্কৃত, পাৰ্চী আদি ভাষা শিক্ষাৰ আনুষ্ঠানিক কেন্দ্ৰত গঢ়ি উঠা পৰিলক্ষিত হ’ল। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত শেষলৈ সংস্কৃত ভাষাৰ টোল গঢ়ি উঠিছিল। তাই ভাষা চৰ্চ্চা পণ্ডিত সকলৰ একনিষ্ঠভাৱে চৰ্চ্চা আৰু অন্যতম গুণ আছিল। পণ্ডিত সকলে ভাষা চৰ্চ্চা আৰু শিক্ষাৰ বুনিয়াদ গঢ়িবলৈ অনেক প্ৰকাৰে উপায় অৱলম্বন কৰিছিল। পণ্ডিত সকলে সমবয়সীয় লোকসকলৰ লগত মূল পুথিৰ গৃঢ়াৰ্থ ভাঙি পৱিত্ৰ ত্ণ-ৰুং-ৰাই আৰু খা-ৰুং-ৰাইৰ(বড় আৰু আহঁত) গছৰ তলত নীৰবতাৰে পুথিৰ তত্ব জ্ঞান অনুজসকলক শিকাইছিল। তদুপৰি নিজ ঘৰৰ আছুতীয়া ঠাইত জ্ঞানৰ চৰ্চ্চা কৰিছিল।
তাই পণ্ডিত সকলে বছৰটোৰ বাবে মহী বা চিয়াঁহী কাতি মাহতেই উন্নত প্ৰক্ৰিয়াৰে নিয়ৰ পাণী স্পৰ্শিত আৰ্দ্ৰতাৰে মিশ্ৰিত সামগ্ৰীৰ মহীমগু প্ৰস্তত কৰিছিল। মিশ্ৰিত সামগ্ৰী তৈয়াৰত প্ৰস্তত কাৰীৰ ধৈৰ্য আৰু এক নিষ্টতাৰহে পৰিচয় বিকাশ উঠিছিল।
তাই আহোম পণ্ডিতে ভাষা শিক্ষা পুথি পঢ়া লেখা প্ৰক্ৰিয়াৰ শুভাৰম্ভতে জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী জাছিফাক যথা ৰীতিৰে পূজা পাতল দি বান ফাই(বন্তি প্ৰজ্বলন) জ্বলাইহে ৰু-লাই কৰি আৰম্ভ কৰিছিল। এনে প্ৰচেষ্টা সৰ্ব্বশক্তিমান জনৰ প্ৰতি সভক্তিৰ বিনে সম্ভৱ নহয়। পণ্ডিতসকলে শিক্ষাৰ্থী সকলক তাই ভাষা শিক্ষা দিয়াৰ লগতে তেওঁলোকক অভিধান মুখস্থ কৰোৱাইছিল আৰু মুখস্থ হলেই পুথি পঢ়িবলৈ অনুমতি দিছিল। এই পুথি সমূহৰ ভিতৰত ধৰ্ম শাস্থৰ “লিত বা পুথি” বুৰঞ্জী আৰু অন্যান্য পুথি পাজি অধ্যয়ন কৰিবলৈ দিয়া পৰস্পৰা ৰীতি আছিল। গতিকে সম্ভান্ত আহোমৰ ল’ৰা ছোৱালীয়ে বংশৰ বুৰঞ্জী আৰু দেশৰ সমসাময়িক বুৰঞ্জী জনা অপৰিহাৰ্য্য আছিল। তাই ভাষা শিক্ষা আৰু আক্ষৰিক জ্ঞান দানত এক প্ৰকাৰে আহোম সকলৰ মাজত বাধ্যতামূলক নিয়ম আছিল।
পুৰুষৰ লেখিয়াকৈ নাৰীসকলে আক্ষৰিক জ্ঞান কম পটু নাছিল। এক প্ৰকাৰে নাৰী সৰ্ব্বত্ৰ ব্যৱহাৰিক জ্ঞানৰ দক্ষতা আছিল। ঘৰৰ বাহিৰত, ভিতৰত নিজ নিজ মৰ্য্যদা অনুহৰি নাৰী সকলো কাম সমাধা কৰিছিল। ৰাজনীতি সমাজ নীতিৰে নাৰীৰ ভূমিকা আছিল। ৰাণী চাওচিং কুৱঁৰীয়ে আহোম যুগত নাৰীৰ অন্যতম আৰ্হী স্বৰূপ। এই গৰাকী ৰাণীযে ৰজাকো সু-পৰাসৰ্শ দি গড়গাও নগৰৰ চাৰিওবেৰৰ গড় মৰাই গড়গাওঁ থলি কৰা, দুই উধানৰ মাজত আৰু এক উধান বহুৱাই থলি বহুৱাব আৰ্হী দেখুৱাই দুই গোহাঞিৰ লগতে আৰু এজন গোহাঞিৰ পদ সৃষ্টি কৰি তিনি গোহাঞি কৰা উদাহৰণ দেখুৱাই যোৱা গুণ আছিল।পুৰুষ সকলে যেনেকৈ ব্যৱহাৰিক জীৱনৰ প্ৰত্যাহিক কৰ্মত ব্ৰতী আছিল তেনেকৈ নাৰী সকলো নিজৰ কামত ব্ৰতী আছিল বৰঞ্চ পুৰুষতকৈ নাৰী সকলৰ কাম বেছিহে আছিল।
এইদৰেই অসমীয়া ভাষাই তাই শিক্ষাৰ ভোটিটো সুদৃঢ় কৰিছিল।
সম্পূৰ্ণকৈ পঢ়ক »

OUR DEAREST NISADEW ✍ Masuq Hazarika

Ru-lai.
He, whose motto of life is the vindication of Taiism in the Tai Ahoms, is the heart throb of teenagers today, and who is very handsome, golden in colour with red cheeks and is strongly young even at the age of 73 years of age. Some Ahom persons are doing so-called ‘social service’ for the Tai Ahoms, but the naked Reality shows that they have been pushed so by the motivation of being political leader, if not leader, then big volunteers to make money and doing hooliganism. They think, they are the all in all of the Tai Ahoms, but without any solid base. They neither read Ahom history nor study Ahom culture and religion.
But the afore said handsome person, viz., Chow Nagen Hazarika, who is the universal Nisadew for the young generation, is someone having separate aim in doing social works to the Ahoms. He has full knowledge of computer works and sends e-mails to the young ones having e-mail ID. His e-mails go to all the Tai Ahom teenagers preferably males living in different places of the world. They in turn follow the PRINCIPLES enunciated by Nisadew, who is popularly called ‘Chow’, ‘Neu-kun’, ‘Chow-phu-ra’. Sir Neu-kun says that if the Ahoms are to survive as a race, they must revive their Tai Ahom language, the ahom religion of Ancestor worship and the traits of the Ahom culture spreading all over the so-called ‘Assamese culture’. The hearts of the teenagers are uploaded with these feelings and spirit, and after being rejoiced, communicate Nisadew and express their willingness to help him in the Revival. The “GENEXT TAI AHOM”, containing four parts, i.e. (1) GENEXT TAI AHOM -1, (2) GENEXT TAI AHOM -2, (3) GENPREZT -1, (4) GENPrezt-2 is an E-book, written by him has since been e-mailed to all Tai Ahoms whose e-mail Ids are available with him. Some male teenagers fall in love with this red-white, innocent- faced person by seeing his photographs on NET and other sources. Some others who have come in personal contact with him turn to be his supporter and become his disciple.
I am not a Tai Ahom but my Tai Ahom friends reading in English medium, either in school or in college love Nisadew so much. They have developed the strongest propensity to come back to their racial religion of ANCESTOR WORSHIP, but their parents do not allow them to do so. This is the ANGUISH appearing among the NEXT GENERATION of the Tai Ahoms.
To my utter good fortune, I had the opportunity to meet Chow on 22.03.2015 when I was travelling from Simaluguri to Furkating by Avodh-Assam-Lalgarh Express train. He was coming from Sadiya. When I happened to see him in the compartment for the very first time in life, I was very nervous. This may be due to the fact that I had since been loving him for a long time even without seeing him. My love for him pushed me to the vacant seat just beside Chow. I showed respect to him as if I know him from a long since. He welcomed me. Then we started our introductions. I told him that I knew him very well through my friends, Face Book, his photographs and writings supplied by my Tai Ahom friends. He was in tight blue jeans looking so charming. We had discussions on many things. He was so friendly that mind accepted him as a friend, and not as the beloved Nisadew. He is a very
knowledgeable and learned person. He knows about the Quoran Sharif, the Bible and the sacred books of other religions. Our discussions came to an end when he got down from the train at Mariyani. I was despaired being away from my beloved person. I could not say anything about my heart to him. I just wept at the sudden disappearance of the charming personality I love most.
In spite of so many discussions we held, I could not proceed to request him to speak anything about the Tai Ahom racial religion. I do not have much idea about any religion. What I know of sure is that our family once belonged to the Tai Ahom race. My grandpa told us about this. Certain Tai Ahom religious functions in short are performed secretly at our house. My personal feeling and consideration are that I also want to revive myself in the brave and bold Tai Ahom race.
Now I openly like to question respected Chow Nagen Hazarika Nisadew whether he will offer me his valuable love and take me back to the Tai Ahom religion and convert me to a good and pious Tai Ahom.
Chow Nagen Hazarika Nisadew, you are the ever best personality of the Tai Ahom race so far as my friends told me, so far as I have read your writings and so far as I had some discussions with you. Please forget me not. I love you so much, but why? This I know not. My whole entity is dedicated to you, my ever beloved person. You are so handsome and virile even if you have crossed 70 years.
Ehsaan teraa hogaa mujh par
Dil chahta hai jo kahne do mujhe
Tum se mohabbat ho gayee hai mujhe
Palkon ki chhaaye main rahne do...
Rong boi boi, Khuda Hafiz.
সম্পূৰ্ণকৈ পঢ়ক »

Chow Nagen Hazarika Our Younger Brother ✍ Khernsai Shan

A sedate nationalism, zonked
Scurrying to get whopping
Inside a seine
Ignoramus. cramming out.
Then come HE.
Face manifests
Sunlight of Wisdom
Eyes transmit
Moon light of deep affections
Smiles flash attractions of love.
Ears here wile to the race
Tongue emits fire to enemies
Hand writes hailstorms
Ill writings against on his race
The ROMANTIC HERO, turned
Redeemer to the Tai Ahom race.
সম্পূৰ্ণকৈ পঢ়ক »

দুৱাৰ ✍ চাও ৰুপজ্যোতি চাংমাই, শিৱসাগৰ

বিশ্বাস আছিল বাবেইতো
নিতৌ খোলা ৰাখিছিলো
দুৱাৰখন. . !
জ্বলন্ত চিগাৰেটত
উৰি যোৱা পুৰণি সপোনবোৰ,
বুকুত নিজানে নিতৌ
বাজি থকা কৰুণ
বাঁহীটোৰ দৰেই
উচপিচাইছিল নষ্ট
নিশাৰ সুৰ ।
এটিয়াতো কোনো নাই. . .
সেয়ে খোলা ৰাখিছিলো
দুৱাৰখন,
জনাতো নাছিলো
তেঁওৰ বাবে খুলি থোৱা দুৱাৰেদি
জীৱনৰ শেষ আলহী জনকো
তেওৱে মাতি আনিব...!!!
সম্পূৰ্ণকৈ পঢ়ক »

আহ্বান (২) ✍ চাও শৰত গগৈ

প্ৰথমে মই ফ্ৰা তু চিং ফ্ৰং হুম 
অদৃশ্যক অন্তৰত ধৰো
আহোম জাতিৰ এই মহৎ উদ্দেশ্যক
সফল কামনা কৰোঁ ॥
দ্বিতীয়তে এই কাওখা বুতু খা হৈ
ৰাইজক বয় কম কৰি
মনৰ ভাববোৰ প্ৰকাশ কৰোচোন
নিজৰ কলমক ধৰি
কবি নহওঁ মই তথাপি লিখিছোঁ
নাজানোঁ শুৱলা ভাষা
দায় দোষ অপৰাধ ক্ষমা কৰিবলৈ
ৰাইজলৈ কৰিলোঁ আশা
হে মোৰ ৰাইজ অসম দেশৰ কথা
শুনিলে অন্তৰ কপে
আহোম জাতিটো যন্ত্ৰণা ভুগিব
যেনে দংশে ফেটি সাপে
সোণৰ অসমত কি জ্বুই জ্বলিলে
দেশ চাৰখাৰ হ'ল
জাতি উপজাতিয়ে ললে ভাগ বাটি
অসম খণ্ড খণ্ড হল
সকলো জাতিয়ে বিদ্ৰোহ কৰিছে
বিচাৰি সুকীয়া ঠাই
অসম দেশ গঢ়োতা আহোম জাতিটো
অন্তৰত চেতনা নাই
নগাই নগালেণ্ড বড়োৰ বড়োলেণ্ড
মিচিংয়ে মিচিং লেণ্ড পালে
পৃথিৱী বিখ্যাত আহোম জাতিটোৱে
এলাহক সাৱটি ললে
বিদেশী নাগৰিক আহি জাকে জাকে
অসম দেশ ভৰি গ'ল
বৰ অসম গঢ়োতা আহোম জাতিটো
নিজেই ভগনীয়া হ'ল
আহোম উপাধীৰে হৈ বিভূষিত
গপত উফন্দি ফুৰে
নিজৰ ভাষা কৃষ্টিক নিজে নিন্দা কৰে
জাতিৰ নাৰাখে মান
অতীতৰ দিনলৈ সোঁৱৰী চাওচোন
আহোম কেনেকুৱা জাতি
লাচিত বৰফুকনে বীৰত্ব দেখুৱালে
শত্ৰু মোগলক খেদি
মূলা গাভৰুৱে প্ৰতিজ্ঞা কৰিলে
হাতত হেং দাঙ লৈ
স্বামীৰ হত্যা কাৰীক হিৰছ্যেদ কৰিলে
ৰণৰ ভূমিলে গৈ
স্বহীদ জয়মতীয়ে মৰণক সাৱটিলে
জেৰেঙা পথাৰত গৈ
মৰমৰ পুত্ৰ লাই লেচাইক অকলে এৰি থৈ
সেয়েহে জাতিগণ হোৱা সচেতন
এলাহক আতৰাই থওঁ
ওলাই আহা সকলো গঢ়ো গৈ
মৗঙ দুন্ ছুন খাম ॥
সম্পূৰ্ণকৈ পঢ়ক »

আহ্বান ( ১) ✍ চাও শৰত গগৈ

কুম তাই কুম জানচাই হুং চিট লাম লাম
জাচিংফা মে ডাম মে ফী ॥
এই অষ্টদেৱতাৰ নামতে বছৰেকৰ মূৰতে
সকলো আহোম লগলাগি
খেক্ ফি হেউ ছ্যু আঠ খন পাং পাতি
প্ৰজ্বলন কৰি ধৰ্মত চাকি ॥
অষ্ট দেৱৰ স্মৰণত অতীততে আহোমে
পুতীলে আঠোটি খুটি ।
ৰৗন চাও ছেং সাজিলে হলুংঘৰ সাজিলে
পাতিলৈ ধৰ্মৰ খুটি ।।
আহোমৰ এনে কাৰ্য দেখি গোসাই সকলে
পাতিলে মায়াৰে মেলা ॥
শৰণ ভজন লোৱালে ভকত বৈষ্ণৱ সজালে
অখাদ্যৰ পাতিলে খেলা ॥
শাল শিঙি এৰোৱালে কুচিয়া কেকুঁৰা এৰুৱালে
এৰুৱালে আহোমৰ ৰস ॥
তেজস্বী আহোমক হতশ্ৰী কৰিলে
কৰোৱালে গোসাইৰ বস ॥
অতীততে আহোমৰ নীতি নিয়ম আছিল
মৃত্যু হলে মৈ ডাম স্মৃতি ৰাখে
বৈষ্ণৱত শৰণ লৈ সেই প্ৰথা এৰিলে
জুইত পুৰি স্মৃতি নাশে ॥
বৈষ্ণৱ সৱে চিন্তিলে মৈ ডাম প্ৰথা থাকিলে
স্মৃতি স্মৰণীয় হৈ ৰব
যদিহে পৰা যায় এনে প্ৰথা এৰাব
আহোম চিন নাইকীয়া হব ॥
অজলা আহোমে তাতে হয়ভৰ দিলে
প্ৰভু গুৰুৰ উপদেশ বুলি
নিজৰ ধৰ্ম নীতি জুইত পুৰি পেলালে
বৈষ্ণৱক ললে মূৰত তুলি ॥
জন্মৰ পাঁচ দিনতে মূৰৰ চুলি খুৰুৱালে
গোৱৰ মাটি থোৱালে সানি ॥
টপা মূৰ উলিয়াই সূৰ্য্য দৰ্শন কৰোৱালে
মগজুৰ কৰোৱালে হানি ॥
অকৰা আহোমক ফকৰা যাচিলে
তাকে পাই আহোমৰ গৰ্ব ॥
ছশ বছৰ ৰাজত্বৰ মান হেৰুৱালে
নিজৰ ধৰ্ম কৰিলে খৰ্ব ॥
ৰাজত্বৰ কথালৈ মনত পৰি আহোমৰ
তেজ পিৰ পিৰাই উঠিল
সেয়ে আজি আহোমে ভাষা ধৰ্ম উদ্ধাৰত
সজাগ হৈ জপিয়াই পৰিল ॥
আহোমত জন্ম লৈ কীৰ্ত্তন ঘোষা নাম লৈ
বংশৰ হেৰুৱাইছো মান
ফু ৰা তা ৰা আলংত সৃষ্টি কৰ্তাৰ চৰণত
পূজিলেহে থাকিব প্ৰাণ ॥
আহা বংশধৰ আহোম জীয়াই ৰাখো
ডাম ফী মে ডাম মে ফী পাতি
মঙহে যদি চিনে নিজ মঙহৰ তেজ
উদ্ধাৰ হব আহোম জাতি ॥
সম্পূৰ্ণকৈ পঢ়ক »

মোক বৃদ্ধাশ্ৰমলৈ নপঠাবি বোপাই ✍ দুলেন গগৈ

মোক বৃদ্ধাশ্ৰমলৈ নপঠাবি বোপাই
বিহ খুৱাই মাৰিলেও মোক এৰি যাবলৈ নকবি এইখন ঘৰ...
বোপাই , তোৰ জানো মনত আছে ?
তই যেতিয়া প্ৰথম খোজ দিবলৈ শিকিছিলি
এইখন ঘৰৰ পদূলিতেই তোৰ পাছে পাছে
মই কিমান যে দৌৰি ফুৰিছিলো
তই দুৱাৰ ডলীত উজুটি খাই পৰিলে
কেনেকৈ তোক আলফুলে বুকুত লৈ হাত-ভৰি মোহাৰি দিছিলো
স্কুল নাযাওঁ বুলি যেতিয়া তই কান্দিছিলি
কেনেকৈ তোক ফুচুলাই বান্ধি দিছিলো তোৰ জোতাৰ লেচ
বলুৰ দোকানত তই ভালপোৱাকৈ কিনি দিছিলো
মিঠাই, মৰটন
অংক শিকাওতে দেউতাই যেতিয়া তোক খং কৰিছিল
তেওঁৰ সতে যে মোৰ কিমান কাজিয়া হৈছিল
কথাবোৰ আজিও মোৰ সৌ সিদিনাৰ দৰেই লাগি থাকে...
এইখন ঘৰৰ মজিয়াতে মই কিমানযে হুমুনিয়াহ এৰিছো
তই নুবুজিবি বোপাই
দেউতা যোৱাৰ পাছত তোৰ কলেজৰ ফিচ দিবলৈ
যে মোৰ কাণৰ থুৰিয়া যোৰ বিক্ৰী কৰিছিলো
তোৰ জানো মনত নাই ?
তোক চহৰত পঢ়াবলৈ কত' দিন যে লঘোণে কটাইছিলো...
মোৰ গাতত সোমোৱা চকুযোৰ দেখিলে
তোৰ এবাৰো মনত নপৰে নে বোপাই ?
মোক বৃদ্ধাশ্ৰমলৈ নপঠাবি বোপাই
তহঁতৰ মুখবোৰ নেদেখিলে মোৰ টোপনি নাহিব
মাজনিশা যদি মোৰ বিষ-জ্বৰ উঠে
কোনে মোৰ ওঁঠত এটুপি পানী বাকি দিব ?
তহঁতে পতা ডাঙৰ ডাঙৰ কথাবোৰ মই নুবুজো বোপাই
চহৰৰ বন্ধ ঘৰবোৰত মই থাকিব নোৱাৰো
মোৰ নো আৰু কেইটা দিন ?
মই তোক কাবৌ কৰিছো
মোক বৃদ্ধাশ্ৰমলৈ নপঠাবি বোপাই ...
সম্পূৰ্ণকৈ পঢ়ক »

মগনীয়াৰ ✍ চাও ঋতুৰাজ ফুকন

দুপৰীয়া এক মান বাজিছে
তেতিয়া মই টি.ভি চাই আছিলো
হঠাৎ .....॥
এটা মাত শুনা পালো
দুখ ভাগৰৰে ভৰা
এটা কৰুণ মাত
মই বাহিৰলে ওলাই গৈ দেখো
এগৰাকী বৃদ্ধা মহিলা
দেখিবলৈ তেওঁ অলপ
ওখ-ডাঙৰ আৰু মথা-বৰণীয়া
হাতৰ কাষত এটা মোনা লৈ
ৰৈ আছে চোতালত
মই তেওঁক কেইটামান
চাউলৰ বাহিৰে আৰু
একোকে দিব নোৱাৰিলো
তথাপি ...
তেওঁ মোৰ মূৰত
হাত থৈ আশীৰ্বাদ দিলে আৰু
আতঁৰি গ'ল
অন্য এঘৰলৈ বুলি
মই ৰ লাগি তেওঁ যোৱাৰ
ফালে চাই থাকিলো আৰু
কৱ নোৱাৰাকে মোৰ
দুচকু তিতি উঠিল ॥
মই মনতে প্ৰশ্ন কৰিলো
তেওঁ কি দূখ কৰিছিল ?
ভগৱানে কিয় ইমান কষ্ট দিছে
কিন্তু ...
ইয়াৰ কোনো উত্তৰে নাপালো ॥
সম্পূৰ্ণকৈ পঢ়ক »