Chapkan চাপকন A brief note on Chapkan and it's impact on Tai Ahom revival ණ চাও পাপু ফুকন

Definition :--- Chapkan is a long coat worn by men ,especially in northern India and in Pakistan. Chapkan reminds us of the royal style that the Mughal once followed. Chapkan comes with a churider pajma.
তদুপৰি চাপকন কি আৰু কোনে পিন্ধে আমি সদায় দেখি আছোঁ । তথাপি নেদেখা সকলে internet আৰু oxford english dictionary ত বিচাৰি চাব পাৰে । ইয়াৰোপৰি Judha Akbar আৰু Bajirao mastani cinema দুখন চালেও চাপকন সম্পৰ্কে এটা ধাৰণা কৰিব পৰা যাব যে ই মোগলৰ এক ৰাজকীয় পোছাক ।
চাপকনৰ লগত আহোমৰ সম্পৰ্ক :---- আহোম ইতিহাসত মনোযোগেৰে চকু ফুৰালে দেখা পাওঁ যে মোগলে ১৭ বাৰকৈ অসম আক্ৰমণ কৰিছিল । সমগ্র ভাৰতবৰ্ষক পদানত কৰিবলৈ সক্ষম হোৱা মোগলে বাৰে বাৰে পৰাজিত হৈ লাজে অপমানে উলটি গৈছিল । আন কিছুমানে এই দেশৰ মোহত বন্দী হৈ ইয়াতে অসমীয়া হৈ ৰ'ল । যেই হওঁক এই মোগল সকলৰ প্ৰভাৱ কিন্তু আহোমৰ ওপৰত নপৰাকৈ নাথাকিল । তদুপৰি মহান অসমীয়া জাতিৰ স্বাৰ্থত টাই আহোম সকলে নিজৰ টাইত্বক প্ৰাধান্য দিয়াতকৈ ঐক্যবদ্ধ অসমীয়া পৰিচয় দিয়াতহে বেছি গুৰুত্ব দিছিল । ইয়াৰ ফলশ্ৰুতিত টাই আহোমৰ ওপৰত বিভিন্ন অনা টাই উপাদানৰ প্ৰভাৱ পৰিছিল । ঐতিহাসিক ৰংপুৰৰ তলাতল ঘৰটোত পৰিলক্ষিত হোৱা মোগল ৰাজপ্ৰসাদৰ প্ৰভাৱৰ পৰা এই কথা অনুমান কৰিবলৈ সহজ হয় যে মোগলৰ ৰাজকীয় প্ৰভাৱ আমাৰ টাই আহোমৰ ওপৰতো পৰিছিল । একেটা সময়তে টাই আহোমে আকৌ হিন্দু সংস্কৃতিকো আকোঁৱালি লোৱা দেখা যায় । একেটা তলাতল ঘৰৰ ওপৰত দেখা শিৱ মন্দিৰ টোৱে যেন তাৰে স্বাক্ষৰ বহন কৰিছে । আনহাতে আকৌ নিজৰ টাই উপাদান বোৰো সম্পূৰ্ণ ৰূপে হেৰাই যোৱা নাই । ফলস্বৰূপে আটাইবোৰৰ সংমিশ্ৰণত কিছু ক্ষেত্ৰত এনে কিছুমান বস্তুৰ সৃষ্টি হৈছে । যিটো কোনোটো জাতিৰে নিদিষ্ট নহয় । বৰ্তমান একাংশ টাই আহোমে ব্যৱহাৰ কৰি থকা চাপকনো তেনেদৰেই সৃষ্টি হোৱা এক সাজ বুলি কোৱাৰ যুক্তি যুক্ততা আছে । যিটোত আহোমৰ অলপ কাল্পনিক প্ৰভাৱ পৰি ঠিক মোগলৰ চাপকনৰ দৰে সুবহু একে নহৈ অলপ বিকৃত ৰূপ লৈছে । যিটো হিন্দুৰ পাঞ্জাৱী চোলাৰ লগতো অলপ মিলে । তদুপৰি চাপকনৰ লগত পৰিধান কৰা চুৰিদাৰ পাজমা নিচিনা পেণ্ট পৃথিৱীৰ কোনো টাই জাতিয়ে নিপিন্ধে । চাও লুং ছৗ কা ফা ৰ photo খনতো চাপকন দৃষ্টি গোচৰ নহয় ।
উল্লেখযোগ্য যে টাই আহোমৰ মৌলিক বুলি আমি সেইখিনিকহে কব পাৰোঁ য'ত অনা টাই প্ৰভাৱ পৰা নাই । সেয়ে আমি একেবাৰে আৰম্ভণি সময় খিনিকহে প্ৰাধান্য দিব লাগিব । বিভিন্ন অনা টাই প্ৰভাৱ পৰা ২শ ৩শ ৪শ বছৰৰ আগৰ সময় খিনি নহয় । চাপকনৰ ব্যৱহাৰ আহোমৰ মাজত খুউব বেছি ১৫০ বছৰ পুৰণি হব পাৰে । কিন্তু ১৬ শ শতিকাত নিজকে হিন্দু সংস্কৃতিৰ লগত জাহ যাবলৈ এৰি দিয়া বিংশ শতিকাত অন্ধ অনুকৰণত পৰিধান কৰা চাপকনটো টাই আহোমৰ মৌলিক বোলাটো শুদ্ধ কথা নহয় । ইয়াৰোপৰি চাপকন পৰিধান কৰা আৰু চাপকনৰ সপক্ষে যুক্তি দিয়া সকলে নিজে প্ৰমাণ কৰি দিছে যে সেয়া কোনো যুক্তি সিদ্ধ বাচ বিচাৰৰ বিশ্লেষণ গৱেষণাৰ অন্ততঃ উপনীত হোৱা সিদ্ধান্ত নহয় বৰঞ্চ অন্ধ অনুকৰণহে । এই অন্ধ অনুকৰণ আজিও অব্যাহত আছে । দেখাক দেখি চামে চামে চাপকন পিন্ধছে আনকো পিন্ধাইছে ।
চাপকন পিন্ধা আহোম :---- অন্ধ অনুকৰণ কাৰী সকলৰ বাহিৰেও আমাৰ ভাষা সাহিত্য সংস্কৃতি ৰীতি নীতিৰ লগত আজীৱন জড়িত থকা তথা এইবোৰৰ উত্তৰোত্তৰণৰ হকে আত্মোৎসৰ্গ কৰা এচাম বয়োজেষ্ঠ আহোমেও চাপকন পিন্ধিছিল আৰু পিন্ধে । মই দেখাত বহুতো ডেকাই চাপকন পিন্ধিয়েই আহোমৰ প্ৰতি জাতি প্ৰেম গঢ়ি তুলি পৰবৰ্তি সময়ত জাতিটোৰ উন্নতিৰ হকে বিভিন্ন উন্নয়নকামী জাতীয় কাৰ্য্যত নিজকে জড়িত কৰিছে । মইও তেনে এজন মাও টাই আহোম । যদিও চাপকন আহোমৰ মৌলিক নহয় বহুজনে কিন্তু চাপকন পিন্ধিয়েই আমাৰ জাতিটোক বহুখিনি আগুৱাই লৈ গৈছে । সেয়ে আমাৰ বয়োজেষ্ঠ সকলক চাপকন ভুল সাজ বুলি পোনপটীয়াকৈ কৈ আৱেগত আঘাত হানি জীৱন যোৰা ত্যাগ আৰু সাধনাক ভৎসনা কৰা অনুচিত । সম্ভৱ হলে মৰমৰ আৰু সহানুভূতিৰে বুজাব চেষ্টা কৰিব লাগে । নোৱাৰিলে তেনেকৈয়ে তেওঁলোকক চলি যাব দিব লাগে ।
কিন্তু আমাৰ নতুন চামে উঠি অহা চামে এই সময়ৰ পৰাই চাপকনৰ ব্যৱহাৰ বাদ দি অন্ধ অনুকৰণ ইতি পেলোৱা উচিত ।
চাপকন পৰিত্যাগৰ প্ৰাসংগিকতা :----
১. চাপকন টাই আহোমৰ সাজ নহয় , ই মোগলৰ ৰাজকীয় পোছাক ।
২. চাপকন হিন্দুৰ পাঞ্জাৱী চোলাৰ লগতো মিলে । গতিকে হিন্দু মুছলমানৰ দৰে অনা টাই প্ৰভাৱ পৰা পোছাক পিন্ধি কোনেও টাই হব নোৱাৰে ।
৩. বিশ্বৰ কোনো টাই জাতিয়ে চাপকন নিপিন্ধে । আমিও টাই আমিও নিপিন্ধো ।
৪. অজ্ঞতা বা আন কিবা কাৰণত পুৰ্বপুৰুষে ভুল কৰি যোৱা স্বাভাৱিক । কিন্তু সেইটো ভুল বুলি প্ৰমাণিত হোৱাৰ পিছত বাৰে বাৰে পুনৰাবৃত্তি কৰা অনুচিত ।
চাপকন সম্পৰ্কে আৰু বহু কবলগীয়া কথাই বাদ পৰি ৰৈছে । আপোনালোকে আঙুলিয়াই দিয়ক পৰবৰ্তি সময়ত সংযোজন কৰিম ।