পৰেশ বৰুৱা, আপুনি কুশলে থাকক ණডুলেন গগৈ

পৰেশ বৰুৱা, আপুনি কুশলে থাকক 
কুশলে থাকক অৰণ্যত উজাগৰে থকা আপোনাৰ
প্ৰতিজন কমৰেড
কুশলে থাকক তেওঁলোকৰ বুকুত ওলমি থকা
প্ৰতিটো বন্দুক
আৰু তেওঁলোকে এৰি অহা প্ৰতিটো ভোকাতুৰ পৰিয়াল
নব্বৈৰ দশকত জন্ম লোৱা মই এজন সাধাৰণ যুৱক
ইয়াণ্ডাৱু সন্ধি মই দেখা নাই, দেখা নাই
অসমী আইৰ বুকুত ব্ৰিটিছৰ মুকলি কুচকাৱাছ
দেখা নাই অসমীয়া শ্বহীদৰ তেজ লগা মুখবোৰ
শুনা নাই আই সকলৰ বুকু ভগা চিঞৰ
আপোনাৰ দৰেই ময়ো কেৱল দেখিছো স্বাধীনতাৰ সপোন
আপোনাৰ দৰেই মোৰ বুকুতো পিৰপিৰাইছে ইতিহাসৰ তেজ
হাতত হেংদাঙ তুলি জানো ভুল কৰিছিল লাচিতে
ভুল কৰিছিল নেকি মোমায়েকক হত্যা কৰি ?
আপোনাৰ দৰেই ময়ো কেতিয়াবা গুচি যাব খোজো অৰণ্যলৈ
কিন্তু আপুনিয়েই কওক চোন ডাঙৰীয়া
কাৰ বাবে এই স্বাধীনতা ?
কাৰ পৰা এই স্বাধীনতা ?
শ্বহীদৰ তেজেৰে নতুন অট্টালিকা সজা সেই সকল নেতাৰ বাবে ?
যি কেতিয়াও শুনা নাই বিষ্ণু ৰাভাৰ সংগীত ?
বিদেশী ৱাইন খাই যি সকল মাতাল হয় বিলাসী হোটেলত
ৰাইজৰ নামত গঢ়ি উঠা সেই নতুন সংগঠন বোৰৰ বাবে ?
যাৰ হিচাপৰ খাটাত নিতৌ প্ৰফিট লচৰ অংক
অথবা সেই সকল নতুন অভিভাৱকৰ বাবে ?
যি গৰ্বত উল্লাসিত হয় যেতিয়া পুত্ৰই কব নোৱাৰে মাতৃভাষা ?
যি সপোন ৰচে কেৱল ডলাৰত জীৱন গঢ়াৰ ?
নে সেই সকল নতুন উচ্চ বিষয়াৰ বাবে ?
যি দামী গাড়ীত উঠি পাহৰি থাকে ভাতৃত্ববোধ
নিজৰ মানুহৰেই যি শুহি খাই তেজ ?
হয় ডাঙৰীয়া, আপোনাকেই সুধিছো
স্বাধীন অসম গঢ়ি আপুনি স্বাধীন কৰিব পাৰিবনে
মানুহৰ হৃদয় ?
বন্দুক দেখুৱাই দূৰ কৰিব পাৰিবনে তেওঁলোকৰ বুকুত নতুনকৈ গজা জাতি ভেদৰ শিপা ?
আপোনাৰ বাবেই মোৰ আজিও সহস্ৰ প্ৰাৰ্থনা..
পৰেশ বৰুৱা, আপুনি কুশলে থাকক ৷