আহোম কোঁৱৰ কবিঃ- এম ইব্ৰাহিম আলি

নীল সেউজীয়া সাত পৰ্ব্বতৰ
সিপাৰে আছে কিহৰ দেশ ।
কোনেবা দেখিছে সপোন কাৰেং
কোনেবা কিহৰ ৰাখিছে লেখ ?
খাপে খাপে বাই সোণৰ জখলা
আহিল কোনোবা অচিন বীৰ
সোণ বৰণীয়া সপোন দেশত
দিলেহি দেখা উন্নত শিৰ ।
পূৰৱ-সেউজী হেঙুলি পোহৰ
পৰশ লাগিল বীৰৰ গাত
উজ্বলি উঠিল কল্পনা মন্দিৰ
মুঞ্জৰি উঠিল বীণৰ মাত ।
আকাশী বীণৰ ঝঙ্কাৰ ধ্বনি
পৰ্ব্বতে পাষণে উঠিল বাজি
লক্ষ্মীৰ ভঁৰাল লখিমী দেশত
ৰাজ-লখিমী পশিলে আজি।
সুপ্ত প্ৰান্তত লুকাই থকা
লুইত পৰীয়া মায়াবী ডেকা
চিন-ভিন এৰি মিহলি পৰিল
বুকুত অগনি পটকা অঁকা।
চকুত নাছিলে তিৰ্ বিৰ্ কৈ -
মদ মাতঙ্গৰ ৰক্ত চকু
চকিত শাৰ্দ্দুলে সাহস চেৰাই
ষ্ফিত হ'ল বহল বুকু ।
পৰ্ব্বত-টিঙত উৰিলে ধ্বজা
লুইতৰ বুকুত পানচৈ নাও
সেউজী বুকুত শুৱাই পৰিলে
সেউজী দেশৰ শুৱনী গাঁও।
মাটিৰ বুকুত সাগৰ খানিলে
পাৰত বান্ধিলে মন্দিৰ-দ'ল-
যুগ যুগলই সোণৰ কলচী
আকাশ শুৱাই জিলিকি ৰ'ল ।
সতীৰ তেজেৰে ৰাঙলী কৰিলে
কালৰ বিশাল জেৰেঙাখনি
মোমাইৰ বুকুৰ তেজেৰে বোলালে
শক্ত হাতৰ হেংদান খনি।
শক্তি দেৱতা গৰজি উঠিল
শৰাইঘাটৰ কামান চুমি
ৰণ-চণ্ডীৰ বেশেৰে সজিলে
বীৰ প্ৰসবিনী জনমভূমি।
পশ্চিমৰ সৌ সুদূৰ দেশত
মোগল-পাঠানে বান্ধিলে বল
লোহিত বুকুত উথলি উঠিল
শক্তি মাৰ্গৰ উতলা-ঢল।
বীৰৰ আহ্বান বীৰৰ দেশত
বিজয়ী আহি মিলালে হাত
শৰাইঘাটত মহাকোলাহল
যুগল-জাতিৰ-মিলন হাট ।
অশ্ব ক্লান্তই ক্লান্ত নাশিলে
কৰ্ম্মনাশাই নাশিলে বল
ভষ্মাচলৰ ভষ্ম উটাই
ব্ৰহ্মপূত্ৰ থমকি ৰ'ল ।
অসম-বীৰৰ বিষম বাৰ্তা
দিল্লী আগ্‌ৰা ৰজন্‌জন্
শিবিৰে শিবিৰে গোপন মন্ত্ৰ
জিকিব লাগিব কঠোৰ পণ-
ৰণৰ বতৰা নিমিষে নিমিষে
পূৰুবে পশ্চিমে বিয়পি যায়
উজনিত ৰণ নামনিত ৰণ
ৰণৰ আজি তৰণি নাই ।
বুকুৰ তেজেৰে আজলি ভৰাই
লুইতৰ পানী লোহিত কৰি
আহোম জিকিল, মোগল হাৰিল
বুৰঞ্জীৰ পাত সোণালী কৰি ।
শেষ হ'ল ৰণ বিজয়ী ফুকনে
দিলেহি মেলি দীঘল হাত
জিৰণি লভিলে ক্লান্ত সৈনিকে
মৰমী বীৰৰ চৰন ছাঁত।
উত্তৰত ৰ'ল দৰঙ্গী কোঁৱৰ
দক্ষিণত ৰ'ল বৰাহী দল
পশ্চিমত ৰ'ল আহোম বাহিনী
কামৰূপ বাহিনী পূবত ৰ'ল ।
ছুটীয়া কছাৰী মিকিৰ-মৰাণ-
জনালে সেৱা সকলো আহি
বিজয়-তিলক পিন্ধি কপালত
বাদকে বজালে বিজয় বাঁহী
শৰাইঘাটত ৰাখিলে কীৰিটি
"আহোম কোঁৱৰ" লাচিত বীৰে
জুৰি দুই হাত মাগিলে বিদায়
বিজয়-বাহিনী ভকতি নীৰে ।
(২)
শৰাইঘাটৰ উজ্বল কাহিনী
আজি আহোমৰ পাহৰা গীত
টোপনি বুকুত অচেতন হ'ল
অৱসাদ-ভৰা বীৰৰ চিত ।
আজি আহোমে পাহৰি পেলালে
কিহৰ মায়াত ভেলেকি গৈ
আকাশ-কুসুম লেখিব লাগিছে
আতীতৰ আঁৰত লুকাই ৰৈ ।
(আজি) আহোম চকুত নজ্বলে কিয়
শৰাইঘাটৰ সিকুৰা জুই
আহোমে কিয় বিশ্বৰ বুকুত
টোপনি মাৰিব নীৰলে শুই ।
ঈশ্বৰ আৰু ৰজাৰ বাহিৰে
আহোমে নোৱাৰে দোৱাব শিৰ
ক'তনো হেৰাল তেনুৱা সাহস
ক'তনো লুকাল এনুৱা বীৰ!
যিখন বহল বুকুত আছিল
মোগল বিজয়ী মুক্তি লেখা
যিখন মুখত মুখৰিত হ'ল
সমৰ সঙ্গীত ভৈৰৱ ভাষা ।
সিখনি বুকুত লাগিল নেকি
নীচতা-কপট চাতুৰী চেকা
তোষামোদ আৰু ভীৰুতা আজি
চিতা ভষ্ম মুখত অঁকা?
চাকৰি আৰু "প্ৰমোচন"ত
আহোমে জানো বেচিব জাত?
নিৰ্য্যাতিত আহোম ডেকাই
আজিও এষাৰি নিদিব মাত ?
আহোম জীয়ৰী পাহৰি যাবনে
জেৰেঙা জয়াৰ তেজৰ দাগ
জগত-সভাত নলব জানো
বিচাৰি আপোন গৌৰৱ ভাগ ।
(৩)
(আজি) ৰংঘৰ হওক নিঃচিহ্ন ধৰাত
গড়গাঁও হ'ক বাঘৰ বাহ
সেই বুলি জানো সিংহৰ পোৱালী
মাংস তিয়াগি চোবাব ঘাঁহ ?
নহবি হতাশ বীৰৰ কোঁৱৰ
স্মৃতিৰ-চোৱাৰ পৰশ ল
'ভণ্ডৰ' মায়া পাশুটি চিঙিদে
ধ্বংশৰ বাঁহীটি হাতত ল ।
ধ্বংশৰ বুকুত গঢ়িব লাগিব
হেৰোৱা সোণৰ কলচী দ'ল
গাঁঠিব লাগিব শত জয় দৌল
বান্ধিব লাগিব নতুন বল।
শৰাইঘাটত যুঁজিব লাগিব
শত সহস্ৰ বছৰ ধৰি
জগাব লাগিব অসম-বীৰৰ
সুপ্ত শক্তি সজাগ কৰি ।
নোৱাৰ মৰিব অমৰ হ
নিজক এবাৰ বিচাৰি চা
বিশ্বৰ বুকুত হেৰোৱা সন্ধান
আকৌ এবাৰ বিচাৰি যা ।