জাই ম তী: তেজে তিনিটুপী—মূল্যায়নৰ এক প্ৰচেষ্টা ✍শিৱ ভূঞা

জয়মতী। নামেই এক প্ৰেৰণা,এক ইতিহাস,এক মুলুকী গৌৰৱ,এক ত্যাগ-মহাত্যাগ,অসম বুৰঞ্জীৰ এখনি সোণালী পাত। জয়মতী সতীত্ব তথা মহত্বৰ মূল্যায়ন কৰিব নোৱাৰি-ই অমূল্য। জীৱন ত্যাগ কৰাৰ পাছত ত্যাগ কৰিবলৈ একো নাথাকে।এগৰাকী মাতৃয়ে আপোনাৰ সন্তানক মাতৃস্নেহৰ পৰা বঞ্চিত কৰাটো কিমান মহান ত্যাগ সেইটো বৰ্ণনা কৰাটো অত্যন্ত কষ্ঠসাধ্য কাম। অথচ জয়মতীয়ে খুব শন্তভাবে এই ত্যাগ কৰিছিল। জয়মতীৰ বিষয়ে কওঁতে সেই কথা উল্লেখ নকৰিলে সম্পূৰ্ণ নহয়। এই কথা প্ৰযোজ্য যে, যি পৰিস্থিতিত জয়মতীয়ে মৃত্যুক আঁকোৱালি লৈছিল,সেযা পৰকীয়া প্ৰেমমত্তা হৈ সতি-সন্তান এৰি পলাই যোৱা, তাহানিৰে হওঁক বা আজিৰ আধুনিকতাৰ ক্ষেত্ৰতে হওঁক, এনে ত্যাগক সেই মহাত্যাগৰ আওতালৈ আনিব নোৱৰি।বৰং কব পাৰি উন্মত্ততা বুলিহে।
জয়মতীৰ আগত পোষ্টমৰ্টেম কৰিলে তিনিটা দিশ স্পষ্ট হৈ উদ্ভাসিত উঠে।এই সন্মানীয় নাৰীগৰাকীয়ে বৰ সহজে গদাধৰ কোঁৱৰৰ সন্ধান দি ৰাজানুগ্ৰহ লাভ কৰিব পাৰিলেহেঁতেন বা উত্তৰ পাৰলৈ বা পশ্চিমলৈ গদাপানি পলাই যোৱা বুলি কৈয়ো স্বামীহীন সন্তানসৰ্বস্ব এখন সংসাৰ বৰ্তাই ৰাখিব পাৰিলহেঁতেন কিন্ত জয়া আইদেৱে তেনেকুৱা একো নকৰিলে। নকৰা কাৰণ কি কাৰণ একো নাই কাৰণ সমায়াহ্বন। এই যে লালুকসোলা আৰু লৰা ৰজাৰ কোঁৱৰ-ঘুণীয়াকৰণ এক অমানবীয় আৰু আহোমৰ তাত্বিক নিয়মৰ পৰিপন্থী।সুস্থ-সৱল দেহাধিকাৰীজনহে সাহস, সুস্থমানজনহে সুশাসক হব পাৰে-সেইটো বুজাই দিবলৈ এক অভিযানৰ বাবে কোনো পুৰুষ বা নাৰী তৎপৰ্যন্ত ওলাই নহা কাৰ্যক ব্যতিৰেকে জয়া ওলাই আহিল। এয়া কোনো তাৎক্ষণিক সিদ্ধান্ত বা কোনো আবেগিক কাণ্ড নাছিল।এয়া এক পৰিকল্পনা আছিল জয়াৰ। গভীৰ অাত্মবিশ্বাস আৰু প্ৰচণ্ড অন্যায়বিৰোধী এক দৃষ্টিভংগীৰ লগতে গভীৰ জীৱনবোধ নহ'লে এনে পৰিকল্পনা বাস্তৱায়িত কৰিব নোৱাৰে। কিন্ত কিয় এই পৰিকল্পনা গদাকোঁৱৰক ৰজা পাতি নিজে ৰাণী হোৱাৰ বাসনা কিন্ত জয়মতীৰ শেহতীয়া স্থিতিয়ে এই ধাৰণা সমৰ্থন নকৰে তেন্তে?
ত্ৰিকালৰ বাবে ত্যাগ-বোধকৰোঁ জয়াৰ ত্যাগক এই নামাকৰণ কৰিলেহে যথাৰ্থ হব। আহোমৰাজ প্ৰতিষ্ঠাতা চ্যুকাফাৰ সাতৰাজ মাৰি এক ৰাজ কৰা অভিযানৰ অনুপ্ৰেৰক সূত্ৰটো জয়মতীয়ে অনুধাৱন কৰিব পাৰিছিল আৰু এই সূত্ৰৰ ওপৰত তেওঁৰ গভীৰ আস্থাও আছিল। তদুপৰি ৰাজতন্ত্ৰ হ'লেও যোগ্যজনৰ প্ৰতি অন্যায় সহ্য কৰিব নোৱৰি।জয়মতীৰ এই চিন্তাত গণতন্ত্ৰৰ অ আ ক খ-ৰ উমান ক্ষীণকৈ হলেও পোৱা যায় বুলিলে বোধকৰোঁ অত্যুক্তি কৰা নহ'ব। অতীতৰ প্ৰতি তেওঁৰ যি শ্ৰদ্ধা সেই শ্ৰদ্ধেয় আহোম গৌৰৱৰ খ্যাতি অখুন্ন ৰাখিবৰ বাবে প্ৰচণ্ডভাবে বিদ্ৰোহ কৰি উঠা জয়মতীয়ে আৰু এই বিদ্ৰোহত অনুপ্ৰাণিত হৈয়ৈই নিজৰ স্থিতিত অচল হৈ থাকিল এই গৰাকী আহোম ৰমণী।
কেৱল অতীতৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবেই নহয়,আহোম ৰাজতন্ত্ৰ তথা আহোমী বাশিষ্ট্য যি সংকটৰ সন্মূখীন হৈছিল সেই সংকটেও জয়মতীৰ দৰে সচেতন নাৰীক চিন্তাম্বিত কৰি তুলিছিল আৰু মানসিকভৱে প্ৰচণ্ড বিদ্ৰহী হৈ উঠিছিল। সেয়ে নহ'লে তেওঁৰ সমসাময়িকতাৰ সংকট মোচনৰ বাবে ইমান সাহস দেৱাল বন্ধনা এগৰাকী নাৰীৰ বাবে কেতিয়াও সম্ভৱ নহ'লহেতেন।এই ক্ষেত্ৰত গদাপাণিক এক প্ৰতীকহে মাত্ৰ বুলিব পাৰি। গদাকোঁৱৰ আছিল জয়মতীৰ বৰ্তমানৰ প্ৰতীক জয়াই গদাকোঁৱৰৰূপী বৰ্তমানটোক নিশ্চিত ধ্বংসৰ পৰা বছাবলৈকে এই চৰম ত্যাগ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞা হৈছিল। এফালৰ পৰা কোঁৱৰসকলক ঘূণীয়া কৰি গৈ আছে আৰু সকলো পুৰুষ নাৰীয়ে নীৰবে সহ্য কৰি গৈ আছে। এয়া আছিল জয়মতীৰ নাৰী মনৰ কোমলতম অংশত এক মোক্ষম আঘাত। এই আঘাতেই তেওঁৰ বিদ্ৰোহী সত্বাক আপোচবিহীনকৈ জাগ্ৰত কৰি তুলিছিল।
জয়াই চিন্তা কৰিছিল ভবিষ্যতৰ বাবে। লালুকসোলা নিৰ্দেশত ল'ৰাৰজাই তেওঁলোকৰ ৰাজপাটৰ সুৰক্ষাৰ বাবে যি পথ গ্ৰহণ কৰিছিল,সেই পথে অকল আহোমসকলৰ অতীতক অৱমাননা কৰাতে সীমাবদ্ধ থকা নাছিল,তেওঁলোকৰ সেই কাৰ্যই তেতিয়াৰ বৰ্তমানটোকো কাপুৰুষ বুলি চিনাক্ত কৰাৰ উপক্ৰম কৰাৰ লগতে ভবিষ্যতটোক এক-দহে নিবিচৰা,ত্ৰিকালৰ একালেও নিবিচৰা এক অত্যাচাৰী তথা বৰ্বৰ নতুন দিশ দিবলৈ উপক্ৰম কৰিছিল।এই অগ্ৰণযোগ্য নতুনত্বই দেশপ্ৰাণময়ী, স্বমীমংগলকামিনী,পুত্ৰপ্ৰণা তথা সুদৰ্শিনী জয়মতীৰ মনত এক উৎক্ৰমিক চিন্তাৰ জন্ম দিছিল।জয়া অাইদেৱে নিজকে কেৱল লাই আৰু লেচাই মাকতে সীমাবদ্ধ কৰি ৰখাৰ বিপৰীতে তেওঁ মাতৃত্বক তেওঁৰ বৰ্তমানৰ সমগ্ৰ শিশু তথা আহোমশাসিত সমগ্ৰ মুলুকৰ ভৱিষ্যতৰ সকলো শিশুৰ মাতৃত্বলৈ উত্তৰণ ঘটাইছিল ৷ এইয়াই মহানতা, এইয়াই বিশ্বচিন্তা ৷ জকাইচুকীয়াজনৰ প্ৰকৃত বিশ্ব নাগৰিক হোৱাৰ এক
অনন্য জীবন্ত উদাহৰণ। জয়া আইদেউৰ এই উত্তৰণেই তেওঁক লালুকসোলা আৰু লৰা ৰজাৰ কোঁৱৰ বিধ্বসী(অন্যৰূপে বৰ্তমান বিধ্বংসী)দুষ্কায্যৰ অভিযানৰ বিৰুদ্ধে প্ৰতি-অভিযান চলোৱাৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিছিল প্ৰচণ্ড বিদ্ৰোহী চিন্তাৰে ৷ তাকে বাস্তৱায়িত কৰিছিল নগা পৰ্বতলৈ পলুৱায়। গদাকোঁৱৰে জয়মতীক এই ক্ষেত্ৰত সহযোগ নকৰাহেঁতেন হয়তো জয়মতীয়ে ৰাজদ্ৰোহ আচৰিলেহেঁতেন আৰু সেই দ্ৰোহে কি ৰূপ ললেহেঁতেন সেই কথা এতিয়া কোৱা টান। অন্যায়, অনীতিৰ বিৰুদ্ধে প্ৰতিবাদ তথা বিদ্ৰোহ কৰিবলৈকে যেন জয়মতী আইদেউৰ জন্ম হৈছিল। ত্ৰিকালৰ বাবে জয়মতীৰ এই মহান ত্যাগক কাব্যিকতা কৰি তিনি টোপাল তেজে বোওৱা বুলি কব পাৰি।