আহ্বান বুৰঞ্জী (জিৰণি এৰিবৰ হ'ল ) ණ চাও নগেন হাজৰিকা

জিৰণিৰ পৰা থিয় দঙা দিয়া 
ঙি ৰিং খামী
কি আছিলা , হলা কি
কি হৈছে , হবাগৈ কি
ভাবি চোৱাৰ সময় আহিল ।
ছাং দাম এৰি
নামি আহা সাহসী বাঘ
তুমি এতিয়া ফল ফুলেৰে পৰিপূৰ্ণ
সোণালী বাগিচাখনৰ চোঙত আৰু
নিস্তদ্ধ হৈ থকাৰ সময় পাৰ হ'ল
মোলায়ম জীৱনৰ অৱসান ঘটিল ।
পূব দিশত ধলফাঁট দিলে
ময়লাম জোঙা কৰা
পিহনত পেৰা কাকত বোলাবৰ হ'ল
ময়দামত সোমাই থকা
পু লিন পু থাওক মাতা
জন মিং গ্ৰহণ কৰি
নিজক পুনৰ প্ৰতিষ্ঠা কৰিবৰ হ'ল
পূৰ্বৰ ভাষা ধৰ্ম কৃষ্টিত
ব্লক ছিং ফা ছটিয়াবৰ হ'ল ।
জাগি উঠা জগাই তোলা , তুমি
শেষ হৈ যোৱাৰ
শেষ ক্ষণ উপস্থিত হ'ল ।
আৰু অলপ পলম হলে
নিচিহ্ন নহবা জানো ?
ছয়শটা বছৰ সোঁৱৰি মাথোঁ
জীয়াই থকাৰ অভিনয় কিয় ?
অভিপ্ৰায় কিয় ?
তেনেকৈয়ে বহুতেই জীয়াই থাকে
কুকুৰ মেকুৰীৰ দৰে
মাদকতাহীনতাৰে , নহয় নে বাৰু ?
আৰু ছয়শটা বছৰ
তোমাক নালাগে জানো ??
যদি লাগে , জাগা
ফু ৰা তা ৰা ক মাতা
হেং দান লোৱা
ময় লাম লোৱা ।
তুমি আহোম তুমি টাই তুমি মহান .....