শেষ অনুভৱ ණৰুপজ্যোতি চাংমাই

আৰু এটা মুহুর্ত্ত মাথো
যান্তনাবোৰ চিৰদিনলৈ
আঁতৰি যাবি,
নিলাজি বনৰ কবিতাটি
বুকুতে চেপি ৰাখিছো
কোনোদিনে আৰু পঢ়িবলৈ নাপাবি।
অলপো যদি নিজৰ বুলি
ভাবিলি হেতেন!
এবাৰ ভাবি চালি হেতেন,
আৰু এটা মুহুর্ত্ত মাথো
তই নে মই নাজানো
তই বহুত দুৰলৈ
আঁতৰি যাবি...!
সকলো আজিৰ পৰা
অতীত আৰু ময়ো অতীত।
গতিশীল সময়ৰ সুঁতত
হেৰাই যাবি তই
ৰৈ যাব মাথো
এটা অপ্রকাশিত কবিতা
মোৰ উদং বুকুত...।
(অচিন দেশলৈ যাবলৈ উলালো,
শেষ ষ্ট্রেচনত ৰৈ আছো। এইয়া ৰেলখন পাইছেহি... তোমালোক কুশলে থাকিবা।)
আৰু এটা মুহুর্ত মাথো..!