কথাবোৰ যেতিয়া গল্প হয় ✍ নাং নিভা গগৈ

কথাবোৰ গল্প হোৱা দিনা
বিপ্লৱৰ গীত গাইছিল নিজান পথটোৱে
আজলি পাতি বহি চাই আছিল মাথো নিথৰ বেলিটো
ঘাটৰুৱা জনৰ সেইদিনা পিয়াহত অন্ত -কণ্ঠ শুকাইছিল হেনো
মাছমৰীয়া জনে বেলি ডুবা বেলিকা সুৰ এটি বিলাওতেই
বৈ আহিছিল উত্তৰ দিশৰ পৰা কান্দোনৰ লিমাৰিক
ঠিক সতী জয়মতীৰ দৰে
কান্দোনটোও ধীৰে ধীৰে এন্ধাৰৰ লগত গল্প হৈ পাক খাইছিল
গদা পানীৰ হাতৰ মুঠিও হয়তো কঠিন হৈ পৰিছিল ৷
,
ইতিহাসৰ পাতবোৰো এতিয়া যেন ফাগুনত পকিব ধৰিছে
ধূলিয়ে পুত খাই আৰ্বজনা লেপিছে
ইতিহাসৰ যে পুনৰ কুঁহ পাত নেমেলে
বসন্তৰ বা বলি ধুই নিদিয়ে
এইষাৰ কথানো কোনে নাজানে ?
কথাৰ মৈঠুনত সি মৃত হৈ পৰে ৷
,
বাহুবোৰত শক্তিৰ ক্ষয় হোৱা দিনা
বাকৰুদ্ধ হয়
তথাপি প্ৰলাপত বকিব ধৰে প্ৰেমিক হৃদয়
নিমাও মাও দীঘল বাট এটিও পাৰ হয় পলকতে
ওঁঠত যে গায় যায় কথা বোৰ
মৰমৰ আব্দাৰ বোৰ
গল্পবোৰ এনেকৈছে গজে
একো খোকোজা নলগাকৈ কৈ যাব পাৰে
মানুহে মানুহক ভাল পোৱাৰ গল্প
বসন্তত ফুল হৈ ফুলাৰ মন্ত্ৰ ৷৷