মাই কো চুম্ ফাই উৎসৱ আৰু অন্তৰ্নিহিত তাৎপৰ্য ✍চাও জু তাঙ ফূ কে

তাঈ সংস্কৃতি এক বিশাল আৰু চহকী সংস্কৃতি ৷ এই সংস্কৃতি প্ৰাচীন ৰীতি নীতি আৰু পৰম্পৰাৰ ওপৰত গঢ় লৈ উঠিছে ৷ সময়ৰ আৰু যুগৰ পৰিবৰ্তনৰ লগে লগে সংস্কৃতিৰ পৰিবৰ্তন আৰু সংমিশ্ৰণ হৈ আহিছে ৷ 
প্ৰথম অৱস্থাত তাঈ সকল বৌদ্ধ ধৰ্মাৱলম্বী নাছিল ৷ কিন্তু প্ৰবজন তথা জনবিস্ফোৰণৰ ফল স্বৰুপে তাঈ সকলে চীন দেশৰ য়ুনান প্ৰদেশৰ পৰা হিমালয়ৰ পাদদেশত বিভিন্ন অঞ্চল সমূহত বাস কৰিবলৈ লয় ৷ প্ৰবজন কৰা তাঈ সকলৰ ভিতৰত তাঈ আহোমক বাদ দি খাময়াং, খামটি, ফাকে, আইটন আৰু তুৰুং সকলে বৌদ্ধধৰ্ম গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে ৷ এই বৌদ্ধধৰ্ম গ্ৰহণ কৰা তাঈ সকলৰ এটা উৎসৱ হ'ল মাই কো চুম্ ফাই ৷ মাই কো চুম্ ফাই এটা তাঈ শব্দ ৷ মাই মানে কাঠ, বাঁহ , কো মানে মেজি বা দম, চুম্ মানে উৎসৰ্গা আৰু ফাই জুই ৷ ইয়াৰ অৰ্থ হৈছে অগ্নিত জলোৱা মেজি ৷
এই উৎসৱ পালনৰ বাবে তাঈ পঞ্জিকা অনুসৰি মেজি সাজিবৰ বাবে গাঁৱৰ যুৱক যুৱতী সকল একগোট হৈ বাঁহ কাঠ সংগ্ৰহ কৰি বৌদ্ধ বিহাৰত বয়োজেষ্ঠ সকলৰ পৰামৰ্শ অনুসৰি এক নিদিষ্ট জোখত খৰিবোৰ ফলা হয় ৷ ইয়াৰ পাছত মুকলি ঠাই অথবা বৌদ্ধ বিহাৰ প্ৰাংগনত চাৰি ছয় অথবা আঠদহ কোণীয়াকৈ ১৫-২৹ মিটাৰ ওখকৈ মেজিটো সজা হয় ৷ মেজিটো চাৰিকোণীয়া হলে আঠডাল বাঁহ, আঠকোণীয়া হ'লে ষোল্লডাল বাঁহ ব্যৱহাৰ কৰা হয় আৰু লগতে এটি মুৰত সজা কলপতুৱাক থাপনা এখনৰ ওপৰত দীঘল বাঁহ দুডাল দুডাল কৈ একেলগে পুতি কোনোৱে চাৰিকোণীয়া আৰু কোনোৱে আঠকোণীয়াকৈ খৰিবোৰ তৰপে তৰপে জাপি দিয়ে ৷ মেজিৰ ওপৰত তং লতি পাত দিয়া হয় আৰু খেৰে চোৱা হয় ৷
মাই কো চুম ফাই উৎসৱৰ তাৎপৰ্য হ'ল এই মাঘৰ পূৰ্ণিমাতে বুদ্ধদেৱে তেওঁ নীতি আৰ্দশসমূহ শিষ্য সকলৰ আগত প্ৰকাশ কৰিছিল বুলি বৌদ্ধধৰ্মাৱলম্বীসকলে বিশ্বাস কৰে ৷ গতিকে এইদিনাত গাঁৱৰ সকলো আহি মেজিৰ ওচৰত গোট খাই ভিক্ষু সংঘক আমন্ত্ৰণ কৰি আনি মম, ধূপ, ফুল আৰু আখৈ আদিৰে বৌদ্ধ উপাসনা কৰে ৷ ভীক্ষু সংঘই গাঁৱৰ মংগলাৰ্থে মংগলসূত্ৰ গায় আৰু গাঁৱৰ লোকসকলক পঞ্চশীল আৰু অষ্টশীল নীতি প্ৰদান কৰে ৷ তাৰ পাছত "ৰেচাক " ( উৎসৰ্গা ) কাৰ্যসূচীৰে বৌদ্ধদেৱৰ নামত মেজিটো ৰাইজে উৎসৰ্গা কৰে ৷
মনকৰিবলগীয়া যে এই উৎসৱৰ দিনা গাঁৱৰ লোকসকলে নিৰামিষ ভোজন কৰে ৷ এই ভোজনক " খাওয়াকিক " বা খিচিৰি বুলি কোৱা হয় ৷ তাই বৌদ্ধিষ্ট সকলে বিশ্বাস কৰে যে এই খাওয়াকিক বছৰটোৰ সকলো ৰোগ ব্যাধিৰ মহৌষধ ৷ মূলগত হিচাপে এই উৎসৱ তাঈ বৌদ্ধ জনগোষ্ঠী সমূহৰ মাজত অগ্নি উৎসৰ্গা উৎসৱ হিচাপেহে জনাজাত ৷
এই উৎসৱ পালনৰ জৰিয়তে বৰ্তমান সময়ত কলা সংস্কৃতি বিকাশৰ লগতে নিজৰ পৰম্পৰাগত চিন্তা-চৰ্চা সমূহৰ বিকাশ সাধনাও সম্ভৱ হৈছে ৷ অদূৰভৱিষ্যতে সকলো তাঈ জনগোষ্ঠী সমূহৰ মাজত এই উৎসৱে সমন্বয়ৰ এক বাটকটীয়া হ'ব বুলি আশা কৰিব পাৰি ৷