মিতভাষ ණ ৰাজীৱ ৰাজখোৱা, ধেমাজী

(১)
আজিকালি সন্ধিয়াটো পকিলেই ফাগুণ হৈ পৰোঁ। বুকুৰ ভিতৰেদি সৰ্পিল আকাৰে বগাই যায় তেওঁ তেওঁ লগা এটি মূৰ্চ্চনা। আন্ধাৰৰ গইনা লৈ দুচকুত ভাঁহি আহে তেওঁৰ সুখৰ হাঁহি ভৰা ছবিখন। আহ্... এয়া কি? তেওঁ...! তেওঁ চোন তেওঁ হৈ থকা নাই।মূহুৰ্ততে হাঁহিবোৰ বাৰিষা মেঘলৈ সলনি হৈ যায়। কিয়... কিয় এনে হয়??
ঢৌ খেলা বুকুৰ ভিতৰত সাৰপোৱা কলিজাৰ স্পন্দন শুনি মনটো উৰা মাৰি যায় নৈ খনৰ উজনিৰ কোনোবা এটা কেঁকুৰীৰ গঢ়া খহা ঘাটলৈ ।একা বেঁকা নৈ... যাওঁ নেকি পোনাই থৈ আহোগৈ... সেইখিনিত ভাঁজটো নোলোৱা হলে.... গঢ়াটো নখহা হলে, কিজানি....!
অযুত তৰা যেন ভাৱনাৰ আকাশত বিজুলি আহে... অকাৰণে। বৰষুণ এজাক আহিব বুলি জানিও পদুলিৰ মূৰত ৰৈ থাকো তিতিবলৈ। বৰষুণত ধুই নিয়া তেওঁৰ হাঁহি ভৰা মুখখনি আন্ধাৰতে চাবলৈ...