ম্যুং-ডুন-চুন-খামණ চাও ভাস্কৰ দিহিঙ্গীয়া

চে - ৰায় - ডয় চন পৰিল
মাটিৰ সোণ মাটিতে হেৰাল
সহোদৰ যাযাবৰী হ'ল,
স্বৰ্গদেউৰ শৱত শগুণ পৰিল
ৰাখোঁতা যে নাই
আশ্যাম এৰি অ-সম হ'ল
মৈ দি সমান কৰোঁতা নাই,
জেৰেঙা পথাৰত ৰৈ ৰৈ বিনাই
দুপৰ নিশা
কোনেনো ঐ
দেহি ঐ মোৰেনো আই
দূখৰ বৰষুণত তিতে
দূখ ভগাই লওঁতা নাই,
চৰা নাও বৰনৈত উটিল
লঙ্গৰ ছিঙিল
সাতাম পুৰুষীয়া কিৰীটি উটি যায়
গড়গাঁও জহি-খহি যায়
ছশ বছৰীয়া ম্যুং-ডুন-চুন-খামে ৰিঙিয়াই মাতে
ওলাইনো আহিব কোন
লাচিত যে নাই?
লাচিত যে নাই?