অশান্ত অসম ණ চাও ঋতুৰাজ ফুুকন

দুৰ দিগন্তৰ পৰা বৈ অাহিছে 
এজাক বতাহ
লগত সহচৰ
হত্যা,লুণ্ঠন আৰু ধর্ষণৰ জোৱাৰ !
প্ৰেম আৰু ভালপোৱা ,
বিষাদৰ এজাক ডাৱৰ ।
আজিৰ অসমী আইৰ সেউজীয়া পৰিৱেশত মিলি গৈছে দুখ-কষ্ট আৰু অশ্লীলতাৰ কোলাহল,
ডাষ্টবিনত পৰি ৰৈছে
শান্তি আৰু ত্যাগৰ কাহিনী ।
আজি অসমীয়া পঁজাত চলিছে সংগ্ৰামৰ আখৰা ,
এই আখৰাত হেৰাই গৈছে
অসমীয়াৰ জাতিয়ত্ব ৷
আজি অশান্ত অসম
চাৰিওফালৰ পৰা চলিছে আক্ৰমণ আৰু ভিতৰত চলিছে
দূর্নীতিৰ এক আকাশ লংঘী পাহাৰ।
হে অসমী আই
তোমাৰ পঁজালৈ
তুমি পৰিবর্তন আনা,
আৰু সৃষ্টি কৰা
এক নতুন অসম য'ত
সদায় বৈ থাকিব
শান্তিৰ এজাক বৰষুণ ৷