পুৰণি অসম বুঞ্জীঃ এটি পৰ্যালোচনা ✍ নাং অৰ্পণা কোঁৱৰ , ডিব্ৰুগড়

অসমীয়া বুৰঞ্জী সাহিত্য আহোম যুগৰ অনন্য অৱদান। বুৰঞ্জী প্ৰণয়ন আহোম প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ বিষয় আছিল তেওঁলোকে বুৰঞ্জী-চৰ্চাক শিক্ষাৰ প্ৰধান অঙ্গ হিচাপে লৈছিল। বিশেষকৈ সম্ভ্ৰান্ত বংশৰ প্ৰতিজন মানুহৰ ঘৰত বুৰঞ্জী পুথিবোৰ সংৰক্ষণ কৰি ৰাখিছিল। প্ৰতিজন লোকে দেশৰ শাসন পদ্ধতি,সাময়িক ঘটনাৰ বিবৃতি আৰু ৰজাঘৰীয়া কাৰ্যকলাপ জনাটো তেওঁলোকৰ অপৰিহাৰ্য কৰ্তব্য আছিল। এই বুৰঞ্জীবোৰ পণ্ডিতৰ হতুৱাই লেখাইছিল তদুপৰি লেখাৰু নামৰ এক শ্ৰেণীৰ লেখকক বুৰঞ্জী ৰচনা কৰিবলৈ নিয়োগ কৰিছিল। মধ্যযুগৰ ভাৰতীয় সাহিত্যৰ প্ৰেক্ষাপটত অসমীয়া বুৰঞ্জীসমূহ একক আৰু বিশিষ্ট। ছাৰ এডৱাৰ্ড গেইটে আহোমৰ দিনত লিখা বুৰঞ্জীবোৰক অতি বিশ্বাসযোগ্য বুলি কৈ গৈছে। বুৰঞ্জীসমূহত সত্য ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত। আহোম যুগৰ কাৰ্যক্ৰমণিকা বিৱৰণ এই বুৰঞ্জীসমূহত একাদিক্ৰমে পোৱা যায়। ইয়াত কোনো তথ্যৰ বিকৃতি নঘটোৱাকৈ শক,মাহ,তাৰিখ,দিন,বাৰ,তিথি,পল,দণ্ড আদি স্পষ্টকৈ সন্নিবেশ কৰিছে। আহোম প্ৰশাসনৰ প্ৰত্যেকটো বাতৰি স্পষ্টকৈ পৰিবেশন কৰিছে। এই ফালৰপৰা এইবোৰক প্ৰত্যক্ষদৰ্শীৰ চাক্ষুস বিবৰণ বুলিব পাৰি। এই বুৰঞ্জী বোৰত তথ্য সংৰক্ষণত অধিক গুৰুত্ব আৰোপ কৰা দেখা যায়। তথ্যপাতিৰ এক ভঁৰাল হোৱাৰ উপৰিও ভাষা সাহিত্যৰ দিশতো এই বুৰঞ্জীসমূহৰ গুৰুত্ব অসীম। আহোমৰ দিনত ৰচিত এই বুৰঞ্জীসমূহ অসমীয়া মানুহৰ বাবে এক গৌৰৱৰ সম্পতি।
আহোম ৰাজত্ব কালত সুদীৰ্ঘ কালছোৱাত আহোম ভাষাত বুৰঞ্জী লিখাৰ উপৰিও যথেষ্ট সংখ্যক বুৰঞ্জী অসমীয়া ভাষাতো লিখা হৈছিল। প্ৰায় ষোড়শ শতিকাৰ শেষভাগৰপৰা অষ্টদশ শতিকা মানলৈকে অসমীয়া ভাষাত বুৰঞ্জীসমূহ লিখা হৈছিল। সাম্প্ৰতিক ডেৰশমান বুৰঞ্জীৰ অস্তিত্ব আছে বুলি অনুমান কৰিব পাৰি।চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ, কামৰূপ অনুসন্ধান সমিতি,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ভালেমান ব্যক্তি ব্যক্তিগত প্ৰচেষ্টাত বুৰঞ্জী পুথিসমূহৰ উদ্ধাৰ আৰু সংগ্ৰহ কৰা হৈছে। এইবোৰ সম্পাদনা,সংকলন আৰু প্ৰকাশৰ কামো চলি আহিছে। বৰ্তমানলৈকে উদ্ধাৰ হোৱা আৰু প্ৰকাশৰ মুখদেখা বুৰঞ্জীসমূহৰ ভিতৰত গদ্যৰ মাধ্যমত লিখা সৰহ।
আহোম যুগত লিখা দ্বিতীয়খন ছপা আখৰৰ বুৰঞ্জী হৈছে হেমচন্দ্ৰ গোস্বামীৰ দ্বৰা সম্পাদিত পুৰণি অসম বুৰঞ্জী। এই বুৰঞ্জীখন মিছনেৰী সকলে ১৮৪৬ চনত প্ৰকাশ পোৱা বাৰ্তালোচনী অৰুণোদয় ছোৱা ছোৱাকৈ প্ৰকাশ কৰিছিল। ইয়াত প্ৰকাশ পোৱাৰ পাছত পূৰ্ণাঙ্গ ৰূপত ছপা হৈ ওলায় ১৯২২ চনত। পুথিখনৰ মূল সাঁচিপতীয়া পুথিখন ৰায়বাহাদুৰ ভুবন মোহন দাসে গুৱাহাটীৰ ঘনকান্ত যুৱৰাজৰ পত্নী মাহেন্দ্ৰীদেৱীৰপৰা আনি চাৰ এডৱাৰ্ড গেইটকে দিছিল।তাৰপিছত হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাত অনুসন্ধান সমিতিয়ে ১৯২২ চনত ছপা কৰিছিল।
পুৰণি অসম বুৰঞ্জী মুঠ তেৰটা অধ্যায় আছে। এই তেৰটা অধ্যায়ৰ সৰু সৰু পৰিচ্ছেদ আছে। অধ্যায় আৰু পৰিচ্ছেদবোৰৰ নামাকৰণ সম্পাদকৰ নিজা। এই তেৰটা অধ্যায়ত আহোম স্বৰ্গদেউসকলৰ উৎপত্তি সম্পৰ্কীয় আখ্যানমূলক বিৱৰণৰপৰা স্বৰ্গদেউ গদাধৰ সিংহৰ মৃত্য পৰ্যন্ত সামৰি আছে। এই পুথিখনৰ ৫৭-৫৮ পৃষ্ঠাত উল্লেখ থকা আহোম স্বৰ্গদেউসকলৰ তালিকাত প্ৰমত্তসিংহৰ নাম সন্নিবিষ্ট কৰা আছে। বিৱৰণীত গদাধৰ সিংহৰ ৰাজত্বকাল ১৮৬১ ৰ পৰা ১৮৯৫ চনলৈকেহে সামৰি লৈছে। তদুপৰি এই বুৰঞ্জীখনত তদানীন্তন ৰাজনৈতিক,সামাজিক,ধৰ্মীয় জীৱন, ভৌগোলিক পৰিবেশৰ এখন ছবিও প্ৰতিফলিত হৈছে। মধ্যযুগৰ গদ্যৰীতি এক অনুপম চানেকি এই বুৰঞ্জী পুথিয়ে দাঙি ধৰে।
বুৰঞ্জীখনৰ দ্বিতীয় অধ্যায়ত আহোম ৰজাসকলৰ পূৰ্ব পুৰুষসকলৰ উৎপত্তি সম্পৰ্কীয় কিংবদন্তীমূলক বৰ্ণনা দাঙি ধৰিছে।এই আখ্যান কেইটাত কাল্পনিকতাৰ সন্নিবেশ ঘটিছে যদিও এই কেইটা জৰিয়তে আহোম ডাঙৰীয়াসকলৰ উৎপত্তিৰ সম্পৰ্কে কিছু কথা জানিব পাৰি। এই আখ্যান কেইটা বাহিৰেও চুকাফাই অসমত প্ৰবেশ কৰাৰ পৰা যি ৰাজনৈতিক বিৱৰণ দাঙি ধৰিছে এই সকলোবোৰ বাস্তৱ। তৃতীয় অধ্যায়ত চুকাফা ৰাজত্বকালৰ সম্পৰ্ক বহলাই আলোচনা কৰিছে।থলুৱা জনগোষ্ঠী,মৰাণ,বৰাহী,বাৰভৃঞা,চুতীয়া,জয়ান্তীয়া,নগা,কছাৰী আদি লোকসকলক বশ কৰি চুকাফাই নিজ ৰাজ্য স্থাপনৰ পৰিকল্পনা কৰিছ্ল। এনেবোৰ কাৰ্যই চুকাফাৰ ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দাঙি ধৰে।
চতুৰ্থ অধ্যায়ত চুকাফাৰ লগত অহা মানুহবোৰৰ সাধাৰণ পৰিচয় দাঙি ধৰাৰ উপৰিও খাদ্যৰ আভাসো দাঙি ধৰিছে। আহোম ৰমণী বীৰঙ্গনা মুলাগাভৰুৰ কাহিনী ষষ্ঠ অধ্যায়ত বৰ্ণিত হৈছে। ব্যক্তিগত স্বাৰ্থৰ কাৰণে আহোম ৰজাসকলৰ মাজত ঘটা গৃহ কন্দলৰ এখন ছবি পৰিস্ফূট হৈ উঠে। ব্যক্তিগত স্বাৰ্থজড়িত ষড়যন্ত্ৰই কিদৰে এটা জাতিৰ শৌৰ্য-বীৰ্য ধূলিসাৎ কৰিলে তাৰ এখনি সুন্দৰ ছবি এই বুৰঞ্জীখনত পোৱা যায়। জয়ধ্বজ সিংহৰ ৰাজত্বকালত মিৰজুমলাই কৰা অসম আক্ৰমণত বিজয়ী হৈ অসম অধিকাৰ কৰিবলৈ সক্ষম হোৱাৰ মূলতে বাদুলী ফুকনৰ কুচক্ৰান্ত বুলি ধৰা হয়। এই বাদুলী ফুকনৰ বিশ্বাসঘাতকতাৰ কাহিনী পুৰণি অসম বুৰঞ্জীত অতি নিৰ্মোহভৱে ৱৰ্ণনা কৰিছে। আনহাতে আহোমৰ হাতত মোগল বাৰে বাৰে পৰাভূত হোৱাৰ কথাও বুৰঞ্জীখনত পোৱা যায়। মোগল সৈন্যই আহোমৰ সৈন্যৰ ওচৰত নতি স্বীকাৰ কৰা কথাও বুৰঞ্জীখনে জানিবলৈ দিয়ে। ৰাজনৈতিক বিচক্ষণত আৰু সৈন্যসমূহৰ বল বিক্ৰম দেখি মোগলৰ সেনাপতি ৰামসিংহই আহোম সৈন্যক ভূয়সী প্ৰশংসা কৰাৰ কথাও বুৰঞ্জীত উল্লেখ আছে-
আসামৰ যুদ্ধলৈ গ'লে কোনো নবাব ফিৰি নাহে।
কতো বা ৰণত পৰে। কতো আপুনি মৰে।(পৃঃ১৮৭)
আহোমসকলৰ ওপৰত হিন্দু ধৰ্মৰ প্ৰভাৱ সম্পৰ্কেও অনেক তথ্য পুৰণি অসম বুৰঞ্জীত পোৱা যায়। চুহুংমুঙ্গ দিহিঙীয়া ৰজাৰ দিনৰে পৰা হিন্দু ধৰ্মৰ প্ৰাদুৰ্ভাৱ দেখা যায়। আনকি চুফামফা ৰজাৰ দিনতো ৰাজকীয় মৰ্য্যদাৰে দুৰ্গাৎসৱ পতাৰ কথাও এই বুৰঞ্জীত উল্লেখ আছে। আহোম সকলে কেনেকৈ থলুৱা জাতি-জনজাতিৰ লগত সম্প্ৰীতি গঢ়ি তুলিছিল তাৰ এটা আভাসো এই বুৰঞ্জীয়ে দাঙি ধৰে।আহোম আৰু মোগলৰ সম্পৰ্ক,বাদ-বিবাদ,যুদ্ধ-বিগ্ৰহ আদিৰ কথাও অই বুৰঞ্জীখনে পোহৰলৈ আনিছে। এই বুৰঞ্জী পুথিখনক ত্ৰয়োদশ শতিকাৰপৰা সপ্তদশ শতিকালৈকে মধ্য অসমৰ ৰাজনৈতিক,সামাজিক,সাংস্কৃতিক জীৱনৰ পৰিপূৰ্ণ এখন দলিল বুলি কব পৰি।
পুথিখনিৰ ভাষা আৰু ইয়াৰ গদ্য সাহিত্যৰ ইতিহাসত এক উল্লেখযোগ্য ,সংযোজন। অসমীয়া কথ্যৰীতিয়ে আধুনিকতাৰ বাট বুলিবলৈ লোৱাৰ নিদৰ্শনৰ স্বাক্ষৰ এই বুৰঞ্জীয়ে বহন কৰি আহিছে বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া কথা সাহিত্য পুথিত পুৰণি অসম বুৰঞ্জীৰ গদ্য বিষয়ে বিস্তৃতভবে আলোচনা কৰিছে। এই পিথিত সপ্তদশ শতিকাৰ আহোম ৰাজত্ব কালত প্ৰচলিত কথ্যভাষা নিৰ্দশন পোৱা যায়। বিৰিঞ্চি কুমাৰ ভষাৰে-
পুৰণি অসম বুৰঞ্জী কথা হোৱাৰ ইয়াৰ ভাষাৰীতিৰ সম্পৰ্কে এনেদৰে লিখিছে-
ইয়াৰ লিখাত কতো বাহুল্য কৰা নাই।কতো অতিৰঞ্জনৰ চেষ্টা কৰা নাই।ভাষা যেনে সৰল তেনে আঁত নলগা।কোনো সচাঁ কথাকে গোপন কৰিবৰ চেষ্টা কৰা নাই। ৰজাঘৰৰ অনেক চেঁকা লগা কথাও এই বুৰঞ্জীপুথিত খোলাখুলিকৈ লিখা আছে।
পুৰণি অসম বুঞ্জীত ব্যৱহৃত গদ্যই বিষয়বস্ত প্ৰকাশত কিদৰে সহায় কৰিছে তলত উদ্ধৃতিৰ পৰাই বুজিব পাৰি-
গোহাঞে যে কৈছে নড়া ৰজাক ধৰি আনি কোন ঠাইত থৈ গ’লহেতেন ভাল হে কৈছে।পহু খেদা কুকুৰে যদি খোজ পালে, সি পহু নপাই মানে এৰে নেকি? এতেকে নড়া ৰজাক যদি ইঠাইলৈ ধৰি অনা গ'লহেতেন সেই বাটে মাঙতৰাএ খেদি আহিলেহেতেন। (পৃঃ- ২৩)
বুৰঞ্জীখনৰ বিষয়বস্তৰ প্ৰকাশ শক্তিৰ মূলতে হৈছে ইয়াৰ ব্যক্যৰীতি চুটি চুটি বাক্যৰ সহায়ত ভাৱ প্ৰকাশ কৰাত বুৰঞ্জীৰচক সিদ্ধহস্ত। কথ্য ভাষাৰ অাধাৰত বাক্যৰীতি নিৰ্ভৰ কৰা হৈছে যদিও ই আড়ম্বৰহীন হোৱা নাই । ঠায়ে ঠায়ে আলঙ্কাৰিক প্ৰয়োগে বুৰঞ্জীৰ বিষয়বস্তৰ প্ৰকাশিকা শক্তি বৃদ্ধিহে কৰিছে। উপমা, দৃষ্টান্ত আদি সাহিত্যৰ আলঙ্কাৰিক উপাদানৰ ব্যৱহাৰে বুৰঞ্জীৰ বৰ্ণনা অতি সৰল হৈছে। উদাহৰণ স্বৰুপে-
পহুখেদা ককুৰ যদি খোজ পালে, সি নাপাই মানে এৰিব নেকি?(পৃ-২৩)।
হাতি চাৰি লাদকো নিদিও, আগৰ কাঠ চাৰি জুগা কাঠকো নিদিও।মৰিচ চাৰিতাৰ চেইকো নিদিও।সেনা চাৰি বালিকো নিদিও(পৃ-১৭০) ‘বোলে ৰজা হ’ল সুবৰ্ণৰ থলী সদৃশ। থালী হ’লে ৰূপৰ তিনিটা উধান হ’ব লাগে,তেহেহে শোভা দেখি থাকিও কাতি নহয়’।(পৃ.১৪)
বুৰঞ্জীৰ বিষয়বস্ত প্ৰকাশত যি বিষয়ৰ আলোচনাত যেনে শব্দ প্ৰযোগ কৰিলে ভাৱ প্ৰকাশ সহায়ত হ’ব এই কথা বুৰঞ্জীৰচকসকলে উপলদ্ধি কৰিছিল।সেয়েহে ঠায়ে ঠায়ে তৎসম বা আহোম ভাষাৰ শব্দ বা আৰবী-পাৰ্চী মূলক শব্দ প্ৰয়োগ কৰিছিল আনকি কিছুমান বৰ্তমান অপ্ৰচলিত,তয়াঁতোকা এখেৰ,অসাই,চোন্দা,গৰিহাকৰ,খেম কৰ ,বেণধৰা,মনমা মৰা, সিচাঙ্গ, লুকুৰামাই,লুফুৰাস
নকৈ,লেহেতীয়া,দাঙিয়নি,ৰাইচাত ইত্যাদি। টাই আহোম ভাষাৰ শব্দ-পুলিন পুথাও,তিফাও,তিখাই,হেংদান,লাঙ্কি,কুনমিন,লাক্লি ইত্যাদি। এই পুথিখনিত শাসন সম্বন্ধীয় শব্দাৱলী আৰু জতুৱা ঠাঁচৰো সূচাৰো সুপ্ৰয়োগ ঘটিছে। এনে জতুৱা ৰূপৰ তলত উল্লেখ কৰা বাক্য সমূহৰ পৰা বুজিব পাৰি যে-………… ক ধান চোৰ পাই ৪ টকা ৰূপ দাড়িনে,বৰফুকনেও নিতান্ত অচিদ্ৰ হৈ বহিল,মাটি বাড়ী দি পাতিলে,দিখৌ মুখত থান দি ৰ’ণটা, মহাৰজাত হাৰমা খুৰি হ’ল,বঙাল ফহি দি মাৰিলে,নাৱকো লুৰি নিলে ইত্যাদি।
মুঠতে এই বুৰঞ্জীখনে ত্ৰয়োদশ শতিকাৰৰ পৰা সপ্তদশ শতিকাৰ অসমৰ সামাজিক,সাংস্কৃতিক,ৰাজনৈতিক আৰু ভাষিক যিকোনো দিশৰ প্ৰচুৰ তথ্য যোগান ধৰিব তথা উদঘাটনতো সহায় কৰিব।