তাই আহোমৰ কেই গৰাকীমান বৰ্ণময়ী নাৰী ✍চাও মন্টু গগৈ, আমগুৰি

জাছিংফা : তাই আহোমৰ আদিপুৰুষ হৈছে
আঠলক্ষ ব্ৰজৰ অধিকাৰী লেংডন । খুনলুং আৰু
খুনলাইক মৌংৰি মৌংৰামত ৰাজ্য শাসন
কৰিবলে পঠোৱাৰ আগতে এখন ৰাজ সভা
পাতি মলাও খ্ৰী, পফীচু,আদি দেৱতা সকলৰ
লগতে চাও চাইফুনঞাই ক দূত হিচাবে পঠিয়াই
জ্ঞানৰ ৰ অধিকাৰি দেৱী জাচিংফাক মতাই
আনিলে । আৰু লেংডনৰ নাতি খুনলুং আৰু
খুনলাইক মৌংৰি মৌংৰামত শাসন কৰিবৰ
বাবে আৰ্শীবাদ দি কলে আমি তোমালোকক
আৰ্শীবাদ দিছো সা-সন্মানেৰে শাসন কৰিবা ।
আমাৰ প্ৰতি ৰাখি কাম কৰিবা
এয়ে আছিল জাছিংফা ৰাজনীতি , ধৰ্মনীতি
সমাজনীতি আদিৰে বৰ্ণময়ী নাৰী।
চাওছিং কুঁৱৰী : নৰা ৰজা আৰু বাৰ্মা ৰজাৰ
ম'গং চাওবোৱাক সীমা বিবাদ লাগিল আহোম
ৰজা চাওফা ছৌকলেং মৌঙে নৰা ৰজাক
সহায় কৰিলে । ৰণত নৰা ৰজা জিকিল । উপহাৰ
হিচাবে নৰা ৰজাৰ কণ্যা নাং তিপ খাম
ওৰফে চাওচিং কুঁৱৰীক চাওফা
চৌকলেংমৌংলৈ বিয়া দিলে । চকলং
কৰিয়েই বিয়াত বহিছিল। নৰা কুঁৱৰী অপসৰা
আৰু কাৰ্য্য দক্ষতা । তেওঁৰ পৰামৰ্শ মতেই গড়
মাৰি খাৱৈ খনদাই চে-হুং বা গড়গাঁও নগৰখন
পাতিলে । ৰাজ্য দাঙৰ হৈ যোৱাত তেওঁৰ
পৰামৰ্শ মতেই চেংলুং বা ৰাজমন্ত্ৰীৰ বাব
সৃষ্টি কৰিলে । সন্দেহ নাই যে চাওচিংকুঁৱৰী
আছিল অসাধাৰণ গঢ়োতা আৰু ৰাজনীতিত
প্ৰতিভাশালী কুঁৱৰী।
মূলা গাভৰু : কছুৱাত মোগল আৰু আহোমৰ যুদ্ধ হয় ।
যুদ্ধত মূলা গাভৰুৰ স্বামী ফ্ৰা-ছেং-মৌং
বুঢ়াগোঁহাই সেনাপতিৰ মৃত্যু হয় । দেশ ৰক্ষা
আৰু স্বামীহন্তা তুৰ্বকক প্ৰতিশোধ লবৰ বাবে
নিজে হাতত হেংদাং লৈ হাতীত উঠি যুদ্ধত
প্ৰবৃত্ত হয় । যুদ্ধত মূলাগাভৰুৰ মৃত্যু হয় যদিও
অসাধাৰণ বিৰঙ্গনা দেশপ্ৰেমিক হিচাবে
স্মৰণ কৰিব লাগিব।
নাং ব্ৰুক : স্বৰ্গদেও ছৌখামফাই কোচৰ লগত
ৰণত হাৰি ডা-ডাঙৰীয়াৰ পুতেককো 'ওল'
হিচাবে দিবলৈ চেষ্টা কৰিছিল অন্যবিষয়াৰ
লগতে বৰগোহাঞিৰ পুতেককো 'ওল' হিচাবে
দিবলৈ চেষ্টা কৰিলে এই কথাত কথাত
বৰগোঁহাঞিৰ ডাঙৰিয়ানীয়ে তীব্ৰ প্ৰতিবাদ
কৰি ৰাজসভাত উপস্থিত হয় । : কোচৰ ৰণত
হাৰিলি ৰজানো কি ?ডাঙৰিয়ানো কি ?
তহঁতে ৰণত হাৰিলি মই যুদ্ধ কৰি চাওঁ । তহঁতৰ
টুপি চুলা কোন-বিন কুন-খা বোৰ মোক দে মই
পিন্ধি যুদ্ধ কৰো । তহঁতে মোৰ সাঁজ পিন্ধ ।
গাভৰুৰ স্বামীয়ে প্ৰতিবাদ কৰি কলে ' দেশৰ
কাৰণে মোৰ পু ক দিচো যক ' এই কথাত
বৰগোঁহাইনীয়ে কলে ' দিখৌ নৈ ওভাতাই
বোৱাব পাৰিলেহে মোৰ লৰা নিব পাৰিবি'
সেই বুলি ৰাজ সভাৰ পৰা পুতেকক লৈ গ'ল । এয়া হৈছে নাংব্ৰুক গাভৰু । প্ৰতিবাদী সাহসী চৰিত্ৰ ।
জয়মতী : জয়মতীয়ে লৰা ৰজাৰ অপৰিপক্ক
ৰাজনৈতিক জ্ঞানৰ কথা বুজি উঠিছিল আৰু
অসাধু বিষয়া দেবেৰা বৰবৰুৱাৰ কথা উপলব্ধি
কৰিব পাৰি দেশ আৰু জাতিক সংকতৰ পৰা
উদ্ধাৰ কৰিবলৈ স্বামী গদাধৰ সিংহক
বচাবলৈ মুখ নুখুলিলে । যাৰ প্ৰতিদান
স্বৰুপে দেশত শান্তি স্থাপন হ'ল ।
এয়া কেৱল কেইটামান উদাহৰণ ৷ আহোমৰ নাৰীও যে বৰ্ণময়ী আছিল, এইবোৰ কথাই যথোপযুক্ত উদাহৰণ ৷
Like
Comment