আহ্বান ✍ নাং শিল্পী শিখা বৰুৱা

ছ্যুকাফা, নীতিপাল, লাচিত, জয়া , সাধনী
থাকুম্ থা, বদৌছা আৰু চিলাৰায়
মোৰ পূৰ্বপুৰুষ ৷
নগা মিতিৰ কন চেং
মণিপুৰৰ আপোন সাক্ষী কুৰংগনয়নী
গন্ধেশ্বৰী নহয় জানো মোৰেই আই;
অষ্ট্ৰীক, মংগোলীয়, আৰ্য, অনাৰ্যৰে
আমি পাতিছো সমন্বয়ৰ
এক সুকীয়া সম্প্ৰীতি ৷
আৰু
নতুনকৈ আহিছিল ইছমাইল ছিদ্দিকি
সেইদিনাও খোলা আছিল
বৰ ঘৰৰ সোণালী দুৱাৰ ৷
হঠাত এদিন
বৰঘৰৰ ভেটি লৰিছিল,
আৰু লুইতৰ বুকুভেদি
কাৰেঙৰ প্ৰতিটো কোঠাত
তাৰ চামনিয়ে
মাথো কৈছিল সেইজাক চুৱা
বঙালৰ জাত ৷
নহওক পুনৰ ফুলগুৰি, পথৰুঘাটৰ
দৰে তেজৰ যুদ্ধ,
গড়গাঁৱৰ পৰা ৰংপুৰলৈ
ডিমাপুৰৰ পৰা মাইবঙলৈ
এইয়া বৰ অসম ৷
শত্ৰুৱে জিনিব নোৱাৰা
আমি অসমীয়া,
পৰাধীনতাৰ বদনাম ,
শোষণৰ বদনাম,
নথকা এটা জাতিৰ সন্তান,
অতন্দ্ৰ প্ৰহৰী আমি ৷