তাই আহোমৰ মৈদাম প্ৰথা ✍চাও হীৰু সন্দিকৈ, ডিমৌ

তাই আহোমসকল দক্ষিণ পূৱ এছিয়াৰ বিখ্যাত টাই বা থাই জাতিৰ সদস্য. তেৰশ শতিকাৰ আৰম্ভণিতে উত্তৰ পূৱ ভাৰতলৈ যিজন মহান পুৰুষে নানা জটিল পৰিস্থিতিত পৰ্বত ভৈয়াম অতিক্ৰম কৰি এই সোণালী মাতৃভূমিত সকলো জনগোষ্ঠীকো এক কৰি সমন্বয়ৰ সেতু গঢ়ি ছশ বছৰ ৰাজত্ব কৰি বিশ্বৰ বুৰঞ্জীত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। আহোম সকলে অসমলৈ অহা প্ৰথমটো টাই জনগোষ্ঠী লোক পৰৱৰ্তী কালত কেইবাটাও টাই জাতি অসমলৈ আহি অসমীয়া জাতি গঠনত বৰঙণি আগবঢ়াই আহিছে।
আহোমসকলে দক্ষিণ পূৱ এছিয়াৰ য়ুনান মুং-ৰি-মুং-ৰাম আদি বাসস্থান আছিল যদিও পিছত এই ৰাজ্য দুটা ভাগত বিভক্ত হোৱাত মাওলুংৰ পৰাই আহোম সকলে ১২২৮ খ্ৰী.ত ছ্যু কাফাৰ নেতৃত্বত অসমত প্ৰৱেশ কৰি চৰাইদেওত প্ৰথম ৰাজধানী হিচাপে লৈ অসমত ৰাজ্যস্থাপন কৰিছিল।ছ্যুকাফাৰ নেতৃত্বত অহা আহোমসকলৰ সম্পূৰ্ণ সুকীয়া বৈশিষ্ট্য আছিল বিভিন্ন দিশত। আহোম সকলৰ নিজা বিভিন্ন বৈশিষ্ট্য থকা সত্বেও অসমত যিবোৰ জাতি জনগোষ্ঠী আছিল তেঁওলোকৰ ৰীতি নীতি সংস্কৃতি উদাৰ দৃষ্টিভংগীৰ গ্ৰহন কৰিছিল অসমীয়া জাতি গঢ়াৰ স্বাৰ্থত। আহোমসকলৰ অসমত একছত্ৰী হৈ পৰা স্বতেও নিজৰ ৰীতি নীতি কাৰো ওপৰত জাপি দিয়া নাছিল।কিন্ত আহোমসকলৰ পুৰোহিত আছিল মহন ,দেওধাই ,বাইলুঙ সকলে নিজ ৰীতি-নীতি আচাৰ ব্যৱহাৰ এইবোৰ এৰি দিয়া নাছিল আৰু এতিয়াও ব্যৱহাৰ কৰি চলি আছে। আহোম সকলে তেওঁলোকৰ লগত যিবোৰ ৰীতি-নীতি পৰম্পৰা লৈ আহিছিল তাৰ ভিতৰত এটা উল্লেখযোগ্য পৰম্পৰা আহিছিল মৃতলোকক মৈদাম দিয়া প্ৰথা। টাই জনগোষ্ঠীৰ আহোম সকলেও বিশ্বাস কৰে যে ব্যক্তি এজনক মৃত্যু পিছত তেওঁৰ জীৱন দেহটো ভিতৰত থাকে। সেই কাৰণে এজন ব্যক্তি জীৱিত কালত যিখিনি বস্ত প্ৰযোজন হয় সেই সকলোখিনি মৃত ব্যক্তি জনৰ লগত দি পুতি সৎকাৰ হয়। এনে দৰে এজন মৃত ব্যক্তিক পুতি ৰাখি সেই ঠাইত ওখকৈ নিৰ্মাণ কৰা টুপটোকে মৈদাম বুলি কোৱা হয়।কিন্ত এই ক্ষেত্ৰত ৰজা আৰু প্ৰজা মাজত পাৰ্থক্য দেখা যায়। আহোমসকলৰ স্বৰ্গদেউ সকলক চৰাইদেউত মৈদাম দিছিল। সেই কাৰণে আহোমসকলে চৰাইদেউক প্ৰবিত্ৰ স্থান হিছাপে জ্ঞান কৰে। স্বৰ্গদেউ ৰুদ্ৰসিংহ ৰাজেশ্বৰ সিংহ আদিকে কৰি বহুকেইজন স্বৰ্গদেউ অন্যস্থানত মৃত্যু হৈছিল যদিও তেওঁলোকক চৰাইদেউলৈ আনি মৈদাম দিয়া হৈছিল। কিন্ত স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু তেওঁ পুতেকক কামেশ্বৰ সিংহক কিছু অৰ্থনৈতিক কাৰণত যোৰহাটতে মৈদাম দিয়া হৈছিল।
স্বৰ্গদেউসকলৰ মৃত্যু পিছত তেওঁলোকে ব্যৱহাৰ কৰা মূল্যৱান সামগ্ৰীবোৰ যেনে গহনা , কাপোৰ , দলিচা , লোটা , বচন, জীৱ জন্ত, দাস দাসী ,কেতিয়াবা হাতী ঘোঁৰা এই সকলোবো মৃত দেহৰ লগত মৈদাম বান্ধি ভিতৰত সোমাই দিয়া হৈছিল। সৰ্বানন্দ ৰাজকুমাৰে তেওঁ লিখনিত কৈছে যে প্ৰতাপসিংহৰ মাকৰ মৃত্যু হোৱাত তেওঁ লগত চাৰিটা হাতী দহতা ঘোঁৰা আৰু সাতজন দাস-দাসীৰে সমাধিস্ত কৰা হৈছিল। তেওঁ আৰু এটা কথা উল্লেখ কৰিছিল যে ৰামধ্বজ সিংহৰ শৱৰ লগত চপৰাখোৱা বৰগোহাঁইৰ জীয়েক আৰু আৰু গোহাঁই নাতিযেকক সমাধিস্ত কৰিছিল। ইয়াৰ পিছত স্বৰ্গদেউ ৰুদ্ৰসিংহ মৃতকৰ লগত জীৱ সমাধিস্থ কৰা প্ৰথা উঠাই দিয়ে। স্বৰ্গদেউ চুডাংফা বা বামুনী কোৱঁৰৰ দিনত আহোম ৰাজপৰিয়ালত হিন্দু ধৰ্মই প্ৰভাৱ বিস্তাৰ কৰে ৷স্বৰ্গদেউ ৰুদ্ৰসিংহ পৰা শৰ মৈদামত দিয়াৰ পৰিবৰ্তে পুৰা ব্যৱস্থা কৰি তাৰ ছাইখিনিহে মৈদাম দিয়াৰ ব্যৱস্থা কৰা হ'ল আৰু হিন্দুৰ নিয়ম মতে দহদিনত দহা আৰু মাহেকত সবাহ কৰা ব্যৱস্থা কৰা হ'ল। ইয়াৰ পিছৰ পৰাই ফুলেশ্বৰী কোঁৱৰীয়ে দিন্দু ধৰ্মত প্ৰৱল সোঁতত পৰি ৰাজেশ্বৰ সিংহৰ মৃতদেহ পুৰি তাৰ ছাঁই খিনিহে তেঁও উত্তৰাধিকাৰী লক্ষীসিংহই চৰাইদেউত পুজা হয় যদিও সেই সময়ত মহন দেওধাই বাইলুং সকলে নিজৰ ধৰ্ম বজাই ৰাখিছিল।আহোম ৰাজত্ব কালত স্বৰ্গদেউ সকলে মৃত্যু হ'লে গোপনে ৰখা হৈছিল। উত্তৰাধিকাৰী নিৰ্বাচিত নোহোৱা পযৰ্ন্ত ৰজাৰ মৃত্যু বাতৰি গোপনে ৰখা হৈছিল। কোনো ৰজাৰ মৃত্যু হ'লে তেওঁ মৃতদেহে ছয়কোণীয়া উৰিয়াম কাঠৰ বাকচ বী কফিনত থোৱা আছিল যাক ৰুংদাং বুলি কোৱা হৈছিল। নতুন ৰজাইহে মৃত ৰজাৰ সমাধিস্থ কৰিবক বাবে কফিন নিমাৰ্ণৰ বাবে নিদেৰ্শ দিছিল। কোনো ৰজা মৃত্যু শয্যাত পৰি কষ্ট সময় কমিবৰ কাৰণে ডাম লাও ডাম ফী পাতি চৈধ্যটা আহোম ফৈদৰলোকৰ লগতে তিনিজন ৰজা পুৰোহিত তিনিজন মন্ত্ৰীক মাতি কুকুৰা গাহৰি,ছাগলী আৰু গৰু ভোজ দিয়া হৈছিল।
ৰজাৰ মৃত্যু পিছত মৃতদেহ নিদ্ধাৰিত নিয়মেৰে ধুৱাই নতুন কাপোৰ পৰিধান কৰাইহে ৰুঙদাঙত ভৰোৱা হৈছিল। মৈদাম খান্দিবৰ বাবে উচিত ঠাই নিৰ্বাচন বাবে পাইকসকলক নিযুক্তি দি মৈদামৰ ঠাইডোখৰ সোণ আৰু ৰূপৰ মুদ্ৰা ছটিয়াই পবিত্ৰ কৰি মৈদামৰ গাঁত খন্দা হৈছিল।ৰাজকীয় পৰম্পৰাৰে মৃতদেহ ৰুঙদাঙৰ ভিতৰত ভৰাই, ৰুঙদাঙৰ মূৰৰ ফালে ঘৰফলীয়া লোকৰ ফৈদে আৰু ভৰি ফালে লুখুৰাখন ফৈদেৰ লোকে ধৰি শ নিয়া পথেৰে মৃতদেহক চৰাইদেউলৈ লৈ যোৱা হৈছিল।