তিনিটা লিমাৰিক- তোমাৰ বাবে ….., ණ চাও তাপস কুমাৰ বৰুৱা, যোৰহাট

(১)
মন গঘুৰ কৰি কিয় আছা সাৱতিলৈ,
এনেকৈ শোক-তাপ নল’বাচোন সামৰিথৈ
হৃদয়ৰ দূখৰ বোজা
এতিয়ায়ে এৰিব খোজা
নকৰিবা কদাপি এনে জীৱনটোযে যাব স্থবিৰহৈ৷
(২)
অনাগত সময়ৰে এতিয়ায়ে দি লোঁৱা আশাৰে চৈ
কাষলৈ মাতি আনা মৰমসনা সেই সপোনৰ ৰহদৈ
স্বপ্ন কৰা দিঠক
আদৰক নকৰা পৃথক
উকা জীৱনৰ ওখোৰা পথাৰত দিয়া সন্মতিৰ মৈ৷
(৩)
মনৰ দূখসমগ্ৰ আজিয়ে মোক পেলোৱাছোন কৈ
এনেকৈয়ে সকলো বেথা লোতকৰূপে যাব বৈ
কোৱা নাই তোমাক নিস্বাৰ্থভাবে
কৈছোঁ কেৱল তোমাৰ সুখৰ বাবে
কোৱা আকৌ, তেতিয়াহে ব’ব দূখ-চকুলোৰ নৈ৷