অসমীয়া জাপি ✍চাও ধীৰাজ বৰগোঁহাই

জাপি অসমীয়া সংস্কৃতিৰ বাহক,
অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ
প্ৰতীকৰুপে সৰ্বজনবিদিত । জাপিৰ
জন্ম চীনত হৈছিল বুলি কোৱা হয়।
প্ৰথমে জাপি দেখিবলৈ টুপিৰ দৰে
আছিল । কালক্ৰমত তাৰ আকাৰ, ৰং,
সজাৰ অৰ্থাত্ তৈয়াৰী কৰা সঁজুলি
ভিন্ন ধৰণৰ হ'ল । বাঁহ, বেত, গছৰ পাত
জাপি সজাৰ ঘাই উপকৰণ । কোনো
কোনো দেশত গছপাত আৰু জন্তুৰ
ছালেৰেও জাপি সজা হয় । চীন দেশত
জাপি লাটুমৰ মূৰৰ দৰে জোঙা ।
চীনৰপৰা ই দক্ষিণপূব এছিয়া হৈ অসম
পোৱাৰ লগে লগেই পদুমগঢ়ীয়া ৰুপ
গ্ৰহণ কৰে । ৰুপ-সজ্জাৰ ফালৰপৰা
ইয়াৰ ভাগ দুটা-ফুলাম জাপি আৰু উকা
জাপি । আহোমৰ দিনত ডা-
ডাঙৰীয়াসকলে মৰ্য্যাদা অনুসৰি
বিভিন্ন জাপি ব্যৱহাৰ কৰিছিল । যেনে-
বুঢ়াগোহাঁই,বৰগোহাঁই, বৰপাত্ৰগোহাঁইয়ে সোণৰ চুলাৰে পানী জাপি
আৰু টুপি জাপি । বৰফুকন সকলে ৰুপৰ
চুলাৰ জাপি, উকা বৰজাপি ব্যৱহাৰ
কৰিছিল । আহোম ৰজাৰ দিনত বৰদৈয়া
জাপি, সৰুদৈয়া জাপি আদিও আছিল ।
ইয়াৰোপৰি পানীজাপি, গৰখীয়া জাপি
আদিৰ প্ৰচলন আছিল । জাপি
সাধাৰণতে টকৌপাতেৰে তৈয়াৰ কৰা হয।