জয়মতীৰ মালিতা ( তৃতীয় খণ্ড) গদাপাণিৰ বিলাপ

হে মোৰ বিধাতা, ভাগ্য লিখোতা 
বিপদ হ'লহি ঘোৰ, 
দুটি পুত্ৰ সমে চেনেহী ভাৰ্য্যাক
বিচ্ছেদ কৰিলা মোৰ ৷
শয়নে ভোজনে ভাৰ্য্যাপুত্ৰ সমে 
সুখৰে সদা আছিলো ,
সুখৰ প্ৰয়াস পাহৰি কিমতে 
অৰণ্য মাজে আহিলো ৷
সহজ অৱলা নাৰী পৰাধীন 
স্বামী বশ্য সৰ্বদায় ,
স্নেহৰ প্ৰিয়াক পাহৰি কিমতে 
আহিলো লৈ বিদায় ৷
পতি পুত্ৰ মুখ দেখি পাই সুখ
আনন্দ সদা মুখনি, 
প্ৰেমৰ প্ৰদীপ থাকে দিনে-ৰাতি 
হৃদী পদ্মে থাকে জ্বলি ৷
চেনেহী ভাৰ্য্যাৰ লাৱণ্য স্বভাৱ 
মুখৰ মোহিনী হাস, 
ঘৰ এৰি আহিবৰ সময়ত 
কিমতে এৰিলো আশ ৷ 
প্ৰিয়া জযমতী লাই-লেচাইৰ পুত্ৰ 
আমাৰ সদা আশ্ৰয় ,
আমাৰ অবিহনে শত্ৰুৱে পীৰিব
দুখ পাব অতিশয় ৷
ভালৰ দিনত সবে বোলে ভাল
দুখ আপদ নাই,
দুখৰ দিনত সবে হয় কাল
মিতুৰেও শত্ৰু প্ৰায় ৷
গোবৰ মোৰ দেউতা সিদ্ধেশ্বৰী আইতা 
বন্ধুবৰ্গ যত ভাই,
ল'ৰাৰজাৰ ভয়ত পলায় আহি মোৰ 
শদিয়াৰ অৰণ্যত ঠাই ৷
গোবৰ মোৰ দেউতা ৰাজপাট লভিলা
ঈশ্বৰক সাৰথি পায়, 
ডাঙৰীয়া সকলে দেউতাক ভাঙিলে 
নাছিলে তেওঁৰ গাত দায় ৷
প্ৰাণৰ পুতলী সতী জয়মতী 
পুত্ৰ মোৰ লাই ঐ লেছাই,
তহঁতক এৰি মৰো মউ পুৰি 
বিধিয়ে কি লিখিলে হায় ৷
তোক সতী বুলি শলাগ ললো মই
শান্তি দিছিলে তোক, 
চিনি পাইও মোক দেখুৱাই নিদিলি 
পেহা বুলি মাতিলি মোক ৷
কুকুৰাচোৱা চাউদাঙে শাস্তি বিহিলে 
দ পানীত জুবুৰীয়াই, 
গিৰিয়েৰৰ বাতৰি ক ক'ত আছে 
তোক এৰি দিম দায় ৷
গিৰিয়েৰৰ বাতৰি ক জয়মতী
গিৰিয়েৰৰ বাতৰি ক,
গিৰিয়েৰক দেখুৱাই দে জয়মতী 
নিজৰ গা বচোৱাই ল ৷
এই বুলি কুকুৰাচোৱা চাউদাঙে 
না না শাস্তি দিয়ে প্ৰায়,
তোৰ মুখ দেখি সবেও কান্দিলে 
নকন্দা মানুহ নাই ৷
ল'ৰাৰজাই চাউদাঙক শাস্তি দিবলৈ 
আদেশ কৰিলে টান, 
" মাৰ এইক চাবুক মাৰ, এই চমটা 
মাৰ এইৰ প্ৰাণ ৷ "
তোমৰ তুমাই পানীত জুবুৰীয়াই 
হক এই জ্বলা কলা 
কুমলীয়া বাঁহৰ পাবত চিৰি এচাৰি 
যাৰ দুই কাণে শলা ৷
ল'ৰাৰজাৰ হুকুম পাই আকৌ চাউদাঙে 
টানকৈ টঙালি বান্ধি, 
নিৰ্দোষী জয়মতীক কোবাবলৈ ধৰিলে 
অথালি পথালি কৰি ৷
তেনেসময়ত নগাচাঙত থাকোতে 
জেৰেঙাৰ বাতৰি পায়, 
বেগাই গৈছিলো তোৰ ওচৰলৈ 
হৃদয়ত তৰণি নাই ৷
নগাৰ ছাঙে পলায় ফুৰিছিলো 
নাগিনীক বুলিলো বাই ,
নাগিনীৰ হাতেৰে ভাত খাই ফুৰিলো 
কচু টেপুৰ পিতিকা খায় ৷
নগাৰ ডেকাহঁতক ককাই বুলি মাতিলো 
গাভৰুক বুলিলো বাই, 
এদিন নগাৰ ডেকা দুকুৰিমান গোট খায়
পাণ বেচিবলৈ যায় ৷
পাণ কচুৰ টেপু হোৰাত মৰাণ আদা
সবেও ললে বোজায়,
নগাৰ লগত গৈ পাণ বেচি বেচি 
বকতা পালোগৈ যায় ৷
বাটৰুৱা মানুহক সুধো যাকে তাকে 
তোৰ বাতৰি প্ৰায়,
বাটৰুৱা মুখে বাতৰি শুনিলো 
লাহৰী তোৰ বিলায় ৷
বাৰে গোচৰীয়া, বাৰে বাটৰুৱা 
ৰাজপথে আহে যায়,
সকলো মানুহে আহোতে যাওঁতে 
তোৰ কথাকে গায় ৷
বিপদৰ বাতৰি পালো মই লাহৰী 
উগুল থুগুল মনৰ ভাৱ,
মৰণলৈ আশ এৰিলো লাহৰী 
আগতে দিলোগৈ দেখা ৷ 
বুলিলো তেতিয়া হেৰ' মানুহজনী 
গিৰিয়েৰক দেখুৱাই দে ,
নিজে ৰক্ষা পৰ গিৰিয়েৰক দেখুৱা 
দুখৰ পৰক ওৰ ৷
নগাৰ বেশ ধৰি গৈছিলো লাহৰী 
তোক শাস্তি কৰা ঠাই,
আনে নেজানিলে ইংগিতত মাতিলি
মোৰ ফালে মুখলৈ চায় ৷
দুখৰ আঁউসীয়ে জয়মতীক ঢাকিলে 
গৰ্ভত লুকালে জোনে,
মোৰ স্বামীক চিনি পাই মই নেদেখুৱাও 
এইবোৰক মাতিছে কোনে ৷ 
হেৰা পেহাদেউ যোৱাগৈ আঁতৰি
এৰি যোৱা এইখন ঠাই,
সৰহ পৰ থাকিলে দুখৰ দোল গছি 
দুইলৈ লাগিব হায় ৷
তেতিয়া লাহৰী চাউদাঙে চিনিলে 
খেদা মাৰি নিলে মোক, 
সেয়েহে লাহৰী আৰু কিছু কথা 
কবলৈ নেপালো তোক ৷
অগত্যা চন্দ্ৰ সূৰ্য্য আৰু দশদিশ পাল 
সবাকো কৰিলো সাক্ষী, 
প্ৰতিজ্ঞা কৰিলো ইয়াৰ প্ৰতিকাৰ 
কৰিম সময়ত আহি ৷
পলাই গৈ লাহৰী নানা স্থানে ফুৰি 
শদিয়াত ললোহি ঠাই,
বিপদৰ সময়ত এৰি থৈ আহিলো 
কি দশা ঘটিলে হায় ৷
হে বিধি কি দুখ লিখিলা 
তুমি মোক কৃপা কৰা, 
দুখ সাগৰত পৰি তল গ'লো 
চৰণে মোক উদ্ধাৰা ৷
ফুৰা তাৰা ধৰ্ম নাৰায়ণ 
সত্য নাৰায়ণ তা ৰা ,
দুষ্ট ল'ৰাৰজাই মোক দুখ দিছে 
উদ্ধাৰা উদ্ধাৰা ফু ৰা ৷
হায় জয়মতী মৰমী লগৰী 
লাই লেচাই পুত্ৰ মোৰ, 
দুষ্ট ল'ৰাৰজাই মাৰিলেনে কাটিলে 
তাৰো গম নেপালো মই ৷ 
হে মোৰ বিধৱা সুভাগী আইতা 
নেদেখিলো মুখ তোমাৰ,
তোমাক এৰি হ'লো দেশান্তৰী 
দুখৰ সাগৰ ঘোৰ ৷ 
এই আদ্যোপান্ত ভাৱোতে ভাৱোতে 
মাটিত পৰিলে হালি, 
অধোমুখে পৰি গদাপাণি 
মুখত লাগিল বোকাপানী ৷
দুই চকুলোৰে দুচকু ঢাকিলে 
ধুঁৱলী কুঁৱলী হ'ল, 
ফুৰা ফুৰা বুলি স্মৰণ কৰ
গদাপাণি থিৰেৰে ৰ'ল ৷
তেনে সময়ত চেপাৰ ওচৰত 
খক্ খক্ শব্দ পায়, 
যখিনী এজনীয়ে চেপাৰ মাছ উলিয়াই 
কামুৰি চোবাই খায় ৷
ঔ টেঙা এটা মাৰি পঠিয়ালে 
যখিনীৰ মুখলৈ চাই ,
যখিনী জনীৱে গদাক কলে পাছে
মূৰ তুলি মুখলৈ চাই ৷
হ'বা নৰপতি আছে অল্পদিন 
এৰি যোৱা ইটো ঠাই,
এতেকে বুলি যখিনী জনীয়ে 
অন্তৰ্ধান হৈ যায় ৷
তেনে সময়তে লাঙি গদাপাণিয়ে 
উঠিলে আকাশীবাণী,
বন্দৰক সহায়লৈ হোৱা মহাৰজা 
চিন্তা এৰা মহামানী ৷
পাছে গদাপাণী চেপা চাই আনি 
বুঢ়া-বুঢ়ীক দিলেহি যাচি,
খিৰিংঅনী বুঢ়ীয়ে সিজাই পকাই দিলে
চেনেহে কাটি বাচি ৷
ভাত পানী খাই লাঙি গদাপাণীয়ে 
বুঢ়া-বুঢ়ীক বিদায় ললে,
গাত লুকাই থকা দোষ ক্ষমা খুজি 
নিজৰ পৰিচয় দিলে ৷
দিয়া মোক বিদায় যাওঁগৈ ভটিয়াই
সহায় সাৰথি খুজি, 
ফুৰাৰ সহায় লৈ সাৰথি বিচাৰি 
মাৰো ল'ৰাৰজাক খুচি ৷
বুঢ়া-বুঢ়ী বোলে শুনা গদাপাণি 
নকৰিবা আৰু ভয়,
শত্ৰুক সংহাৰি তুমি ৰজা হবা
জানিলো তোমাৰ জয় ৷
বুঢ়া-বুঢ়ী বাণী শুনা গদাপাণি
যেবে তুমি হবা ৰজা,
পো জী নাই দুখে আছো খায় 
আমাৰ মুখলৈ চাবা ৷
বোলে গদাপাণি কিনো বোলা বাণী 
তোমালোক মোৰ আই বোপাই,
তোমালোকৰ ধাৰ সুজিব নোৱাৰো 
যিমাম মৰম আছো পায় ৷
এই বুলি কৈ লাঙি গদাপাণি 
বুঢ়া-বুঢ়ীক বিদায় লৈ ,
ভাটিলৈ ভটিয়াই যাবলৈ ধৰিলে 
ফুৰা তাৰাক শিৰত লৈ ৷