আহোম ৰাজত্ব কালত শিল্পচৰ্চা আৰু এইসমূহ শিল্পৰ বৰ্তমান অৱস্থা ණ নাং পৰশা কোঁৱৰ বুঢ়াগোহাঁই

স্বৰ্গৰাজ লেংডনৰ নাতি খুনলুঙ খুনলাইৰ উ্ৰত্তৰপুৰষ ছ্যুকাফা পাটকাই পৰ্বত পাৰ হৈ সৌমাৰপীঠত ৰাজ্য স্থাপন কৰি বৃহত্তৰ অসম দেশৰ অধিপতি হোৱাৰ পৰাই কাৰ্যতঃএই ভূখণ্ডই ঐতিহাসিক মহত্ত্ব লাভ কৰে ।ছ্যুকাফাই তেওঁৰ পিতৃ প্ৰদেশৰ পৰা লগত অনা সা-সামগ্ৰী , বিষয়ববীয়া সাধাৰণ সৈনিকসকলৰ সৈতে লৈ আহিছিল সেই দেশৰ আহাৰ-বিহাৰ সংস্কৃতি। সম্ভ্ৰান্ত ঘৰৰ ৮ ঘৰ লোক(বুৰঞ্জী ভেদে ৯ ঘৰ বা ততোধিক) ৩০০০ হেজাৰৰ পৰা ৯০০০ ভিন্ন বয়সীয়া পুৰুষ নাৰী সম্বলিত প্ৰজা, এটা দঁতাল হাতী, হাতীৰ মাউত, ৩০০ ঘোঁৰা, অন্ততঃ তিনিজন মানুহে খাব পৰা ৩ শতাধিক ( বুৰঞ্জী ভেদে ততোধিক)
তামৰ টেকেলি, আৰাধ্য দেৱতা চোমদেও, দৈৱগুণসম্পন্ন হেংদান সহিতে ছ্যুকাফা আহি সৌমাৰপীঠত ৰাজ্য স্থাপন কৰিলেহি । এই অঞ্চলত পাটকাই পৰ্বতৰ পশ্চিমে থকা পাহাৰবিলাক্ত পূৰ্বৰে পৰা বসবাস কৰি থকা নগাসকল আৰু কাষৰীয়া ভৈয়ামৰ মৰাণ, বৰাহী আদি সকলে ছ্যুকাফাৰ বাহু বল কূটনৈতিক দক্ষতাৰ ওচৰত পৰাজয় বৰণ কৰি অকপটে স্বীকাৰ কৰিলে, ‘ছ্যুকাফা’ আৰু তেওঁৰ সৈন্য সকলৰ সমান কেও নাই। তেওঁলোক ‘অহম’। এই অহমৰ পৰাই ‘আহোম’ বা ‘অহম’ লোক সকলৰ ৰাজ্যই কালক্ৰমত ‘অসম’ হ’ল।
স্বৰ্গদেৱ ছ্যুকাফাৰ লগত অহা লোকৰ সংখ্যা আছিল সীমিত। তিৰোতাৰ সংখ্যা আছিল তেনেই তাকৰ। তদুপৰি নিজৰ অৱস্থিতি সবল কৰিবৰ অৰ্থে সৌমাৰ অঞ্চলত পূৰ্বাপৰ বসতি কৰি থকা লোক সকলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ মিতিৰালি কৰি আপোন ভাবেৰে এইসমূহ জাতিক পৰাভূত কৰিছিল।উপযুক্ত স্থানীয় লোকক বিভিন্ন ৰাজকীয় বাবত অভিষিক্ত কৰি মিত্ৰতাৰে বশ কৰিছিল। বৰাহী লোক সকলৰ মাজৰ পৰা কাঠকটীয়া,ৰান্ধনী চাংমাই, ভঁৰালী, বেজ ইত্যাদি নিয়োগ কৰিছিল। তদুপৰি কোনো কোনো দক্ষ লোকক আহোম জাতিৰ অন্তভুৰ্ক্ত কৰি লোৱা হৈছিল। চোমদেৱৰ সেৱাত নিযুক্ত কৰা জনৈক চুতীয়া লোকক ‘চোম চিৰিং’, মৰাণ সকলৰ মাজৰ পৰা বচা বচা লোকক হাতীমূৰীয়া,পাতৰ আদি বাব দিছিল।এনেদৰে বামুণৰ পৰা আহোম কৰা ; যেনে বামুণৰ ঘৰত ডাঙৰ হোৱা চুডাংফাই(১৩৯৭-১৪০৭০)সেই ব্ৰাহ্মণ পৰিয়ালৰ আত্মীয়জনক কোঁৱৰ উপাধি দি ৰজা উপাধি দি ৰজাঘৰীয়া লোক কৰি ৰাখিলে। আৰু ৰজা হৈ ব্ৰাক্ষণৰ লৰাহঁতক আপোনাৰ ককাই ভাই হেন বুলি কোঁৱৰ কৰি দিহিঙত পাতিলে(হৰকান্ত বৰুৱা সদৰামিনৰ অসম বুৰঞ্জী)। আকৌ, স্বৰ্গদেৱ চুহানফাৰ দিনত নাংচুঙে টংচু নগাৰ গাঁও খল কৰি খনা নামেৰে এটা নগা ধৰি আনিছিল। সেই নগাকে স্বৰ্গদেৱে আহোম পাতি বৰগোঁহাইৰ লগত দিলে। বুঢ়া ৰজাদেৱে সেই নগাৰ পুতেকক লিকচৌৱানৰ বৰা পাতে আৰু সেই ঘৰ বৰাক ন-বৰা বোলে (পুৰণি অসম বুৰঞ্জী) ইত্যাদি কৰি গাৰো,মিকিৰ,কছাৰী, মিৰি,ভূঞা আদিৰ পৰা আহোম ভূক্ত কৰাৰ অনেক উদাহৰণ বুৰঞ্জীত আছে।
এনেদৰে সাতৰাজ মাৰি একৰাজ কৰিবলৈ স্বৰ্গদেৱ চ্যুকাফাই গ্ৰহণ কৰা পন্থা আৰু সংস্কৃতিৰ ক্ষেত্ৰটো আদান প্ৰদানেৰে সমৃদ্ধ উমহতীয়া এক সংস্কৃতি গঢ় লোৱাৰ পথ সুগম কৰিলে। টাই-আহোম, কোঁচ,কছাৰী, বৰাহী আদি জাতি জনগোষ্ঠীৰ অৱদানেৰে লৈ উঠিল এক অসমীয়া সংস্কৃতিৰ। সাৰুৱা মাটি-পানী-জলবায়ুৰে সমৃদ্ধ অসমৰ আৰ্থ সামাজিক অবস্থা আহোম সৰ্গদেৱ সকলক তত্ত্বাৱধানত ঠন ধৰি উঠিছিল। ৰজাই বিভাজন কৰি দিয়া খেলত বিভিন্ন বৃত্তিৰ লোকে দেশৰ ৰাজ ভঁড়াল আৰু আৰ্থিক আৱস্থা টনকিয়াল কৰিবলৈ অহৰহ কাম কৰিছিল।
আহোম স্বৰ্গদেৱ সকলৰ ৰাজত্ব কালত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ উৎপাদন হৈছিল কুটিৰ শিল্পৰ পৰাই। শিল্প চৰ্চা আছিল বংশানুক্ৰনিক। পিতৃৰ পৰা পুত্ৰই লাভ কৰিছিল আৰু সেই শিল্প চৰ্চাকেই তেওঁলোকে বৃত্তি হিছাপে গ্ৰহণ কৰিছিল। লক্ষণীয়ভাৱে শিল্প চৰ্চাক কেন্দ্ৰ কৰিযেই সেই সময়ত জাতি বিভাজন হৈছিল। বিশেষ বিশেষ শিল্প চৰ্চা কৰা লোক বসবাস কৰা অনুসৰিয়েই ঠাই নামাকৰণও কৰা হৈছিল।যেনে লোৰ সামগ্ৰী তৈয়াৰ কৰা লোকসকলৰ বসবাস কৰা ঠাই টুকুৰা কমাৰ গাঁও, মাটিৰ সামগ্ৰী তৈয়াৰ কৰা লোক বসবাস কৰা ঠাই কুমাৰ গাঁও হিচাপে প্ৰখ্যত হোৱা ইত্যাদি।
সুষম আৰু অভিজাত জীৱন চৰ্যাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সা-সামগ্ৰী ভিতৰতে তৈয়াৰ কৰা হৈছিল। কুটিৰ শিল্পৰ ভিতৰত মাটিৰ সামগ্ৰী তৈয়াৰ, লো সা-সৰঞ্জাম তৈয়াৰ,কাঁহ-পিতলৰ সামগ্ৰী তৈয়াৰীকৰণ, সোন-ৰূপৰ আ অলংকাৰ গঢ়া, পিৰতিমা নিৰ্মাণ, শিলৰ সামগ্ৰী নিৰ্মাণ, কাঠৰ সা-সমগ্ৰী ,লা,চূণৰ ব্যৱসায়, হাতী দাঁতৰ কাম, তাঁতত বিভিন্ন কাপোৰ বোৱা ইত্যাদিয়েই প্ৰধানকৈ চৰ্চা কৰা হৈছিল ৷
সুন্দৰ আৰু ডিজাইন বৰ্তমানেও জনপ্ৰিয় যদিও আজিকলি অসমীয়া গহণা গঢ়োৱা সোণাৰীৰ অভাব। বৰ্তমান বিশ্বায়নৰ লগে লগে বাহিৰা আৰু অন্যান্য ধাতুৰ অলংকাৰে থলুৱা বজাৰ দখল কৰাত বংশানুক্ৰমিক ভাৱে সোণৰ গহনা বহোৱা স্থানীয় সোণাৰীসকলে বৃত্তিটো আগবঢ়াই নিবলৈ উৎসাহী নহয়।
প্ৰতিঘৰ অসমীয়া মানুহে নিজ ঘৰতে বৈ-কাটি কাপোৰ উলিয়াই পৰিধান কৰিছিল। অসমীয়া জীয়ৰী-বোৱাৰী তাঁত বব জনাটো বাধ্যতামূলক। একে ৰাতিতে সূতা কাটি,কাপোৰ বৈ সেই কাপোৰ যুদ্ধলৈ যৈৱা আপোনজনক কবচ হিছাপে পিন্ধাই পঠিওৱাৰ নিয়ম আছিল। কঁপাহী এৰী মূগা পাট সূটাৰ কাপোৰেই প্ৰধানতঃ ব্যৱহাৰ হৈছিল।সূতা প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা ৰঙৰ প্ৰয়োগ কৰি ৰং-বিৰঙৰ কাপোৰ তৈয়াৰ হৈছিল। ঘৰে ঘৰে তাঁত শাল আছিল যদিও জীৱিকা অৰ্জন অৰ্থে তাঁতী আৰু জোলাসকলে কাপোৰ বৈছিল। পাট-পলু পুঁহি পাট সূতাৰ ব্যৱসায় কৰা কাটনি বুলিও সম্প্ৰদায় এটা আছিল। অৱশ্য সকলো সম্প্ৰদায় লোকৰ বাবে পলু পুঁহি সূতা উৎপাদন কৰাটো মুকলি আছিল ।বৰ্তমান উত্তৰ লক্ষীমপুৰৰ ঢকুৱাখানাত পাট-মুগা ছেগা-চুৰুকীয়া চৰ্চা দেখিবলৈ পোৱা যায়।আহোম যুগত চূণৰ বিস্তৰ ব্যৱহাৰ আছিল।প্ৰচলিত শামুক চূণ আৰু শিল চূণৰ ব্যৱসায় কৰিছিল চমৰা বা মুখি সকলে।
এইদৰে বাঢ়ৈসকলে কাছৰ বিভিন্ন সা-সামগ্ৰী তৈয়াৰ কৰাৰ লগতে কাঠৰ মনোমোহা নক্সা খোদিত কৰিছিল। মহৰ শিঙৰ অথবা হাতী দাঁতৰ ফনী,বিচনী,নানান সজোৱা বস্ত বাঢ়ৈৰ নিপুণ হাতত প্ৰাণ পাই উঠিছিল। শিলকুটিয়াসকলে আকৌ শিলৰে বাতি, খুন্দুনা আদি নিত্য ব্যৱহাৰ্য সামগ্ৰী তৈয়াৰ কৰাৰ লগতে দৌল দেৱালয় আদিত মূৰ্তি খোদিত কৰিছিল। সেইখিনি সময়ত স্থাপত্য ভাস্কৰ্যৰ নিদৰ্শন বৰ্তমানেও বিভিন্ন মঠ-মন্দিৰ, দেৱালয় আদিত দেখিবলৈ পোৱা যায়।
মুচিয়াৰসকলে সেই সময়ত চামৰা প্ৰয়োগ হোৱা বাদ্য-যন্ত্ৰ যেনে-ঢোল,খোল,মূদং,দবা আদিহে চাইছিল। বৰ্তমানৰ দৰে জোতা চিলাই কৰা তেওঁলোকৰ কাম নাছিল।
আহোমসকলৰ ৰাজত্বকালত অসমীয়া লোকৰ আৰ্থ সামাজীক অৱস্থা আছিল অত্যন্ত টনকিয়াল।মাটিৰ সা-সামগ্ৰী তৈয়াৰীকৰণক বৃত্তি হিচাপে গ্ৰহণ কৰা কুমাৰ সকলে বাচন বৰ্তনকে আদি কৰি মূৰ্ত্তিও সাজিছিল। হীৰা সম্প্ৰদায় লোক সকলেও এই একেবিধ শিল্প চৰ্চা কৰিছিল যদিও দুয়োটা সম্প্ৰদায়ে দুটা বেলেগ পদ্ধতিৰে কাম কৰিছিল। বৰ্তমান মাটিৰ বাচন-বৰ্তনৰ ব্যৱহাৰ নিচেই কমি অহাৰ পৰিপ্ৰেক্ষিতত কুমাৰ আৰু হীৰা সকলে পিতৃপ্ৰদত্ত শিল্প চৰ্চা প্ৰায় নকৰাৰ দৰেই। উজনি অসমৰ মাজুলীৰ শালমুখ,ডিব্ৰুগড়ৰ ভঙামূৰ,জকাই আৰু নামনি অসমৰ বৰপেটা ইত্যাদি অঞ্চনত কুমাৰ সকনে বসতি কৰি আছে।
লোৰ আৱশ্যকীয় সা-সঁজুলি, অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰা কমাৰ সকলেও বৰ্তমান এই শিল্প এৰাৰ দৰেই। বৰ্তমান ডেৰগাঁৱত কমাৰ গাঁও থকাৰ উপৰিও চৰাইদেউ পৰ্বতৰ কাষত এঙেৰাখাতত ৰজাৰ কমাৰশাল আছিল বুলি প্ৰমাণ পোৱা যায়।
কাঁহৰ বাচন-বৰ্তন সমাদৰ অতিকোপটি অসমীয়া সমাজত লোপ পোৱা নাই যদিও ষ্টিলৰ বাচন-বৰ্তন আৰু চানা মাটিৰ ৰং-বিৰঙৰ বাচন বাচন বৰ্তনে অসমৰ বজাৰৰ সিংহভাগ দখল কৰাৰ ফলত এই শিল্প চৰ্চা কৰি থকা অসমীয়া লোকসকল নিৰুৎসাহিত হোৱাৰ লগে লগে কাঁহৰ ব্যৱসায়টোও বহু পৰিমাণে স্তিমিত হৈ আহিছে। পূৰ্বতে যোৰহাটৰ তিতাবৰত ভাল কাঁহৰ উৎপাদন হৈছিল বুলি জলা যায় যদিও বৰ্তমান কাঁহ শিল্প বুলিলে সৰ্থেবাৰীৰ কথাই মনলৈ আহে। সৰ্থেবাৰীৰ পৰাই সমগ্ৰ অসমতে কাঁহৰ সামগ্ৰী যোগান ধৰা হয়। কাঁহৰ শৰাই, বটা,বানকাঁহী,বানবাতি আদিয়ে এতিয়াও অসমীয়া সম্ভ্ৰান্ত লোকৰ পৰিচয় বহন কৰে।
পিতলৰ সা-সামগ্ৰী তৈয়াৰ কৰা মৰিয়া সকলক ডিব্ৰুগড় জিলাৰ খোৱাং মৌজাৰ গজপুৰ(বৰ্তমান গজপুৰীয়া গাঁও)ত বজাই ৰাখিছিল। মৰিয়াসকলৰ প্ৰকৃততে তুৰ্বকৰ লগত অহা যুদ্ধ বন্দী। ৰজাই এওলোকক অকৰ্মণ্য বুলি ভাৱিছিল আৰু হাতী ৰখীয়াৰ কামত মকৰল কৰিছিল।পিছত পিতলৰ সামগ্ৰীৰ তৈয়াৰ কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিল।
আ-অলংঙ্কাৰৰ ক্ষেত্ৰত আহোম যুগৰ পুৰুষ তিৰোতাই সোণ-ৰূপৰ গহণা বিস্তৰ ভাবে পৰিধান কৰিছিল।স্থানীয় সোণ বনোৱা পদ্ধতিৰে সোণোৱাল সকলে সোৱণশিৰি,ব্ৰক্ষ্মপুত্ৰ আদি নদীৰ পৰা সোণ কমাই ৰাজভঁৰাল চহকী কৰিছিল। কেৰু,মণি,থুৰীয়া,ডুগডুগী,বাখৰুৱা,শেণপটীয়া,জাপিসজীয়া আদি ভিন ভিন ডিজাইনৰ আঙুঠি আদি বিভিন্ন গহনা সোণ আৰু ৰূপেৰে গঢ়ৱা হৈছিল। এই গহণাসমূহৰ প্ৰয়োজনীয় সকলোবোৰ বস্তু স্বদেশতে উৎপাদনত হোৱাত কুটিৰ শিল্পৰেই আত্মা প্ৰতিষ্ঠিত আছিল আহোম যুগৰ অসম। পিছে, সেইখিনি সময়ত চৰ্চিত শিল্পক পৰিসৰ বৃদ্ধি কৰিব পৰাকৈ শিল্প চৰ্চাৰ উমৈহতীয়া কোনো প্ৰতিষ্ঠান নথকা বাবে পৰৱৰ্তী সময়ৰ বংশানুক্ৰমিকভাবে চলি অহা এই কুটিৰ শিল্প সমূহৰ চৰ্চা বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱান্বিত হৈ বৰ্তমান লুপ্তপ্ৰায় অৱস্থাত। গৃহ কন্দল, অ-দুৰদৰ্শী সিদ্ধান্ত,ষড়যন্ত্ৰ,উচ্চ পদস্থ আহোম বিষয়াৰ বিশ্বাসঘাটকতা আদি অনেক কাৰণত আহোম ৰাজত্বৰ বেলি মাৰ গ'ল। ইয়াণ্ডাবু সন্ধিৰ লগে লগে আগ্ৰাসী বৃটিছৰ কৱলত পৰা অসমত ৰুদ্ধ হৈ পৰিল বিকাশৰ পথ। শত বছৰীয়া পৰাধীনতাৰ শৃংখল ছিঙি দেশে মুকলি বতাহত উশাহ লয় মানে শিল্প-সংস্কৃতি-ভাষাৰ অস্থি-চৰ্মহে বাকী ৰ'ল।
এতিয়া আহোম ৰজাও নাই, সেই ৰাজত্বও নাই। ছশ বছৰ কাল ৰাজত্ব কৰা এই উত্তৰ পুৰুষে পুলিন-পুথাওৰ গৌৰৱ গাঁঠা গায়েই ক্ষান্ত নাথাকি তেজত বৈ থকা প্ৰতিভাৰাজি উদ্ভাসিত কৰাৰ প্ৰচেষ্টাত নিমগ্ন হ'লেহে বৰ্তমান বিচ্ছিন্ন হবৰ উপক্ৰম হোৱা অসম আৰু অসমীয়াৰ সত্বাটোক তুলি ধৰিবৰ বাবে চেষ্টা কৰিব পাৰিব।
এসময়ত এটি স্বচ্ছল অৰ্থনীতিক তুলি ধৰি থকা অসমৰ কুটিৰ শিল্পক নতুন ৰূপ দি বিশ্ব দৰবাৰত ঠিক কৰাবলৈ নৱপ্ৰজন্মই অহোপুষাৰ্থ কৰিলে সফল হোৱাটো নিশ্চিত। অন্ততঃ কাঁহ শিল্প,ভিন ভিন ডিজাইনৰ আ- অলংকাৰ কাপোৰ, বিভিন্ন জনজাতীয় খাদ্য সম্ভাৰ আদিৰ ব্যৱসায়ত নতুন মাত্ৰা দিব পৰাৰ যথেষ্ট সম্ভাৱনীয়তা আছে। এই সামগ্ৰী সমূহৰ উন্নত মানদণ্ড অটুত ৰাখি সঠিকভাৱে প্ৰচাৰ কৰিব পাৰিলে লুপ্ত প্ৰায় কুটিৰ শিল্পই পুনৰবাৰ দেশৰ অৰ্থনীতিৰ বৃহদাংশ ত্বৰাম্বিত কৰিবলৈ সক্ষম হব বুলি আশা কৰিব পাৰি।