সপোন, শব্দৰ পৰা প্ৰতিশব্দলৈ ණ চাও অভিজিত কু কৈ

অজানা বাটত মাথো এটি সুৰ 
বুকুত বাজি উঠা সেই সুৰৰ নাই
আজি কোনো লেখ ,
কিমান যে ধুমুহা আহিল
আৰু কিমান যে থাম কাটিল
আজি নাই তাৰো লেখ ৷
সপোনৰ বাট বিচৰা বাটৰুৱা মই
পোহৰ নেদেখা এজন অন্ধ ,
তথাপি সোণালী সেই
অতীতক লৈ
জীয়াই থকাৰ দুৰ্বাৰ সাহস ৷৷
বাট ত ৰৈ থকা জনক বাটৰুৱা
কয় জানো বাটৰুৱা বুলি,
পোহৰ বিচাৰিব নজনাজনক
কয় জানো অন্ধ বুলি,
সাগৰৰ বুকুৰ গভীৰতাৰ
উৰ্ধত এই জীৱন ৷
আজিৰ দিনত কেৱল স্বাৰ্থপৰতা
বেচা কিনা হয় হৃদয়ৰ
চাও লুঙ ছ্যু কা ফা ৰ দেশত
আজি নিলাম হয় জাতিয়তাৰ
আৰু আমি হওঁ গ্ৰাহক ৷
আহিবনে সেই দিন
পু লিন পু থাওৰ সেই দেশ
য'ত নাছিল আজিৰ এই বেপাৰ ৷