ডিজিটেল ইণ্ডিয়া আৰু তাঈ আহোম ණ চাও নগেন হাজৰিকা

ডিজিটেল ইণ্ডিয়াৰ প্ৰথম সপোন দেখিছিল ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী, দেহত বোমা ফুটাই শত্ৰুৱে হত্যা কৰা ৰাজীৱ গান্ধী দেৱে।সেই সপোনক দিঠকত ৰূপায়িত কৰিবলৈ আগবঢ়োৱা প্ৰচেষ্টাৰ ফলস্বৰূপে আজি ইণ্ডিয়াৰ ১নং নাগৰিক, ভাৰত ৰাষ্ট্ৰৰ মহামান্য ৰাষ্ট্ৰপতিজনৰ পৰা আৰম্ভ কৰি দিনৰ সাজ খাই ৰাতিৰ সাজলৈ চিন্তা কৰিব লগা হোৱা অতিকৈ দৰিদ্ৰ জনেও মোবাইলফোন যোগে লাগতিয়াল যোগাযোগবোৰ অন্যৰ লগত কৰিব পৰা হ’ল।তাৰ পাচত প্ৰচেষ্টা গ্ৰহণ কৰিছিল চন্দ্ৰ বাবু নাইডুদেৱে হায়দৰাবাদখনক ইলেট্ৰনিক চিটি বনাবৰ বাবে।ইণ্ডিয়াৰ একালৰ মহামান্য ড° এ পি জে কালাম চাহাবে পৰৱৰ্তী কালত সপোন দেখি বাস্তৱত ৰূপায়িত কৰিবলৈ বিচাৰিছিল ডিজিটেল ইণ্ডিয়া এখন গঢ়ি তোলাৰ।এতিয়া ৰাজীৱ গান্ধী, চন্দ্ৰবাবু নাইডু, এ পি জে আব্দুল কালাম দেৱৰ সপোন, প্ৰচেষ্টা,পদক্ষেপ, নিষ্ঠতা আৰু আধুনিকীকৰণখিনিক লৈ সপোন দেখিছে বৰ্তমানৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে।নামাকৰণ কৰা হৈছে ডিজিটেল ইণ্ডিয়া বুলি।
এই সপোনটোৰ পথাৰখনৰ আওতাত ৰাখিব বিচৰা হৈছে ঘাইকৈ যুৱ প্ৰজন্মক। ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মক আগবাঢ়ি আহি প্ৰশাসনৰ বাঘজৰীদাল ধৰি দেশখনক আগুৱাই নিবলৈ আহবান কৰি আহিছে।কিন্তু কিছুমান সুবিধা অসুবিধা সমস্যাক প্ৰতক্ষ্য কৰি ডিজিটেল ইণ্ডিয়া নামটো হয়তো প্ৰকাশ কৰা নাছিল; কিন্তু ইণ্ডিয়াৰ সৰ্বত উন্নয়নৰ বাবে যুৱ সকলৰ আধুনিক বৌদ্ধিকতাৰ অতীৱ প্ৰয়োজন যে সেই কথা তেওঁ বুজি পাই এখন Most Modern India গঢ়াৰ উদ্দেশ্যে কাম কৰিছিল আৰু কাম কৰিছে।আজিৰ যুৱ ভাৰত হৈছে ‘ৰাহুল গান্ধীৰ যুৱ ভাৰত।’সেই কথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীদেৱে ভালদৰে বুজি পাই যুৱ ভাৰতক নিজ ফলীয়া কৰাৰ উদ্দেশ্যেৰে হওক বা প্ৰকৃতাৰ্থত ৰূপায়িত কৰাৰ মানসেৰে হওক ডিজিটেল ইণ্ডিয়াৰ কথা সজোৰে প্ৰকাশ কৰিছে।কিহৰ বা কাৰ গইনা লৈ এই কাম মোডীদেৱে কৰিবলৈ ওলাইছে সেই কথা তেখেত, মন্ত্ৰণাদাতা আৰু ছিয়ানা ৰাইজে বুজিহে, কিন্তু প্ৰকৃততেই যদি ডিজিটেল ইণ্ডিয়া কৰিব পৰা যায় তেন্তে তেখেত ভাৰতবৰ্ষৰ যুগমীয়া নায়কলৈ পৰিণত হ’ব।
এই ক্ষেত্ৰত সমস্যা বহুবোৰ আছে। ডিজিটেল ইণ্ডিয়াক আকাশচুম্বী হিচাবে নিৰ্মাণ কৰিবলৈ হ’লে এই নিৰ্মাণৰ ১০ টা ৰ প্ৰয়োজন হ’ব। সেই কেইটা এনেধৰণৰ হ’ব পাৰে-
১/সাৰ্বজনীন মোবাইল টেলিফোন সংযোগ ২/ সুলভ ইণ্টাৰনেট ছাৰ্ভিচ ৩/ ব্ৰডবেণ্ড হাইৱেৰ সংগঠন ৪/ইলেকট্ৰনিক সেৱা সুলভকৰণ ৫/ ইলেকট্ৰনিক সা সৰঞ্জাম প্ৰস্তুতকৰণ তথা সুলভ দামত বিক্ৰীকৰণ ৬/ সকলোৰে বাবে Information ৭/E-governance ৮/ নিয়োগৰ সুযোগ প্ৰদান(Job Opportunity) ৯/ ফলপ্ৰসূ ফলাফল লাভ ১০/ Zero corruption আদি।
অজীবৰ গৰীৱ যেন লগা এই ডিজিটেল ইণ্ডিয়া প্ৰজেক্টটো কৃতকাৰ্য হ’লে ইণ্ডিয়াখন এখন সম্পূৰ্ণৰূপে বিকাশপ্ৰাপ্ত( অসমৰ ইলেকট্ৰনিক মিডিয়াই ‘বিকশিত’ আৰু ‘বিকাশ প্ৰাপ্ত’ শব্দৰ পাৰ্থক্য নুবুজে যেনেকৈ VIP,VVIP তথা Z- category ৰ পাৰ্থক্যবোৰ বুজি নাপায় অথবা বুজি পালেও অবুজৰ ভাও ধৰে) ৰাষ্ট্ৰ যে হ’বগৈ ই ধুৰুপ।কিন্তু তাঈ আহোম সকল এই প্ৰকল্পৰ দ্বাৰা কিমান উপকৃত হ’ব, সেইটো এটা চিন্তা তথা আলোচনাৰ বিষয়।ডিজিটেল ইণ্ডিয়া তাঈ আহোমৰ বাবে নিষ্ট নে অনিষ্ট সেই বিষয়ে এক প্ৰাথমিক বিৱেচনা তথা আলোচনাৰ অতি প্ৰয়োজন। এই চিন্তা তাঈ আহোমৰ নতুন চামে( চাং মউ) হে কৰিব লাগিব। আগৰ চামৰ এই বিষয়ে কোনো ধাৰণা নাই; কৰিব লগা কৰ্তব্য কিবা আছে নেকি সেই সম্পৰ্কে কোনো ধৰণৰ চিন্তন নাইতো নায়েই বৰং চিন্তা কৰাৰ কোনো ক্ষমতাই নাই। পিছে তাঈ আহোম যুৱ প্ৰজন্মই এই কথা চিন্তা নকৰিলে জাতিটো সময়ত পিছ পৰি গৈ গৈ নিঃশেষ হ’বগৈ।
ডিজিটেল ইণ্ডিয়া এতিয়াও বহু দূৰ গৰাহত; প্ৰকল্প প্ৰস্তুত কৰা Stage ই আছে। বৰ্তমানে অতি প্ৰচলিত Social Media System টোক তাঈ আহোম আৰু তাঈ আহোম চাং মউ সকলে ভালদৰে ব্যৱহাৰ কৰিব পৰা আৰু জনা নাই। আজি আহোম সংগঠনে ঢেৰ পোৱালী পেদা কৰিছে। আটাছু কে ধৰি কোনো এটা সংগঠনৰ নিজা ৱেবচাইট আছে বুলি বিদিত নহও।‘ ডয় পাৎকাই’ নামৰ সমাজখনৰহে নামৰ এটা ৱেবচাইট আছে।সিটো যোগে প্ৰতি মাহে ‘খ্বন মৌং’ নামৰ আলোচনী এখন প্ৰতিমাহে প্ৰকাশ হৈ আছে। অৱশ্যে ফেচবুকত প্ৰায় সকলো ডেকা গাভৰুৱে আছে আৰু তাৰ যোগেদি ইজনে সিজনৰ লগত যোগাযোগ কৰাৰ উপৰিও তাঈ আহোমৰ ভাষা ধৰ্ম সংস্কৃতি সম্পৰ্কে ভাৱৰ আদান প্ৰদান হয়। সিখিনি ভাল কাম বুলি বিবেচিত নিশ্চয়।কিন্তু এই ক্ষেত্ৰত দুই এজনৰ বাহিৰে বাকী সকল বয়সত আগবঢ়া তাঈ আহোম ক’ত শুই আছে?
এতিয়া পক পাই কৰো ডিজিটেল ইণ্ডিয়া প্ৰসংগলৈ। ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ সংগঠনৰ কাৰ্য আৰু উদ্দেশ্য সম্পৰ্কে একা চেকাকৈ পঢ়িবলৈ পাইছিলো।বিশেষ এটাৰ মতে আৰ্য(আৰ্যেতৰবোৰ নহয়) তথা ইৰানীসকলহে প্ৰকৃত ভাৰতীয়।ভাৰতবৰ্ষখনৰ ওপৰত তেওঁলোকৰহে আধিপত্য থাকিব লাগে। মংগোলইড বোৰ ম্লেছ আৰু দ্ৰাবিড় সকল অসুৰ।এনেবোৰ সংস্কাৰৰ দ্বাৰা যদি কেন্দ্ৰীয় চৰকাৰখন প্ৰভাৱান্বিত হয় তেন্তে Condition apply তথা অনুৰূপ Deceitful Terminology কিছুমান আমিবোৰক বঞ্চনা কৰা অৱকাশ নুই কৰা নাযায়।এসময়ত তাঈ আহোমে কবলৈ লগা হ’ব পাৰে নেকি?- ক্যা কৰো ছজনী,আয়ে না বালম ।
দ্বিতীয়তে ৩৪ লাখ হিন্দূ বঙালীক যদি ভাৰতবৰ্ষলৈ অনা হয়, তেন্তে তেওঁলোকক বিশেষ কিছুমান সা সুবিধা দিব লাগিব।সেই সুবিধাসমূহৰ ভিতৰত ডিজিটেল ইণ্ডিয়াও থাকিব। সুবিধা পালেই সম্পূৰ্ণৰূপে সুযোগ আদায় কৰি ল’ব পৰা আৰু ল’ব জনা সদস্বভাৱটো বঙালী মানুহৰ আছেই আৰু আমদানিকৃত নতুন বঙালীখিনিৰ বুদ্ধি সত্তাই ডিজিটেল ইণ্ডিয়াক উত্তৰ পূৱত গ্ৰাস কৰি পেলাব। তাঈ আহোম চাং মউৱে সমসাময়িক ভাৱে ডিজিটেল ইণ্ডিয়াক আদৰি নললে বহু ক্ষেত্ৰত জাতিটো পিছ পৰি থাকিব( ৩৪ লাখ হিন্দু বঙালীক ভাৰতলৈ অনাৰ বিনিময়ত ৩৪ লাখ অবৈধ তথা ‘সীমা পাৰ হৈ অহা বাংলাদেশীক’ বাংলাদেশলৈ প্ৰেৰণ কৰিব, কিন্তু হিন্দু ভোটৰ স্বাৰ্থত সেই কাম নহয়গৈ)।আমদানিকৃত ৩৪ লাখ অসমতেই সোমাবহি আৰু খিলঞ্জীয়াক বাদ দি ‘আলহী’ সকলক Preference দিয়াটো ধুৰুপ। তব তেৰা ক্যা হোগা তাঈ আহোম?
তৃতীয়তে আগৰে পৰাই অসমত বসবাস কৰা টেঙৰ জনগোষ্ঠীৰ যুৱ সকলে তাঈ আহোমক লেংমাৰি নচুৱাই ফুৰিবলৈ চেষ্টা নকৰিব জানো? কুত্তো কে ছামনে নাচ বসন্তী নাচ?
মোৰ এই লিখনিটো বৰকৈ ‘আগতীয়া’ হৈছে। বহুতো ভুল ইয়াত হয়তো থাকি যাব পাৰে।Image generating হৈ থাকোতেই বা Software developer হলেহে প্ৰকৃত ৰূপটো ধৰা পৰিব। তাৰ আগতেই তাঈ আহোম যুৱ প্ৰজন্মই বা আহোমৰ বিভিন্ন সংগঠন সমূহে আলোচনা চক্ৰ আদিৰ জৰিয়তে বিষয়টোৰ ওপৰত বিস্তৃত আলোচনা কৰি উজ্জ্বল তথা উপকাৰ সাধক ভৱিষ্য পন্থা গ্ৰহণ কৰা প্ৰয়োজন।
“তুমহে অপনা বনানে কী কছম খায়ী হ্যেয়, খায়ী হ্যেয়”
ৰং বয় বয় ৷