জয়মতী কুঁৱৰীৰ আত্মত্যাগ— এক চমু আলোকপাত ✍চাও মাধূৰ্য চাংমাই, যোৰহাট

জয়মতী কুঁৱৰী আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী।পতি আৰু দেশৰ হকে জীৱন ত্যাগ কৰাৰ বাবে জয়মতী অসম বুৰঞ্জীৰ উল্লেখনীয় চৰিত্ৰ।জয়মতীৰ পিতৃ আছিল আহোম ৰাজ্যৰ বিষয়ববীয়া লাইথেপেনা বৰগোঁহাই আৰু মাতৃ চন্দ্ৰদাৰু।শিৱসাগৰৰ পৰা ন কিলোমিটাৰ আঁতৰৰ মেচাগড় মাদুৰী গাঁৱত জয়মতীৰ জন্ম হৈছিল।
কিংবদন্তীমতে এদিন গোবৰ ৰজাৰ পুত্ৰ গদাপাণি কোঁৱৰ মাদুৰীত থকা লাইথেপেনা বৰগোঁহাই ঘৰত উপস্হিত হ'ল।শক্তিশালী যুৱক গদাপাণিৰ খোৱা-লোৱাৰ পৰিমাণো বেছি আছিল।দুপৰীয়া ভোক আৰু ভাগৰত গদাপাণিয়ে বৰগোঁহাইৰ ঘৰত সোমাই যি আছে খাবলৈ বিচাৰিলে।জয়মতী আছিল বৰগোঁহাইৰ জীয়ৰীকেইজনীৰ ভিতৰত ডাঙৰ।গতিকে আলহী সোধাৰ দায়িত্ব জয়মতী ওপৰত পৰিল।জয়মতীয়ে লৰালৰিকৈ গদাপাণিক পঁইতা ভাত আৰু ভাজি খাবলৈ দিলে।আহাৰ গ্ৰহণ কৰি গদাপাণি সন্তুষ্ট হ'ল আৰু জয়মতীৰ সেৱা-সৎকাৰ দেখি অভিভূত হ'ল।এই চিনাকীৰ আলমতে পিছলৈ পিতৃ,পৰিয়াল সকলোৰে অনুমতি সাপেক্ষে গদাপাণি আৰু জয়মতীৰ চকলং প্ৰথামতে বিবাহ সম্পন্ন হয়।
চক্ৰধ্বজ সিংহৰ মৃত্যু আৰু গদাধৰ সিংহৰ ৰাজভিষেকৰ মাজৰ সময়ছোৱাত ৰাজপাতত ছজন বেলেগ বেলেগ ৰজা অধিষ্ঠিত হৈছিল।ডেবেৰা বৰবৰুৱাই ষড়যন্ত্ৰ কৰি উদয়াদিত্য সিংহৰ হত্যা কৰোৱাৰ পিছত ৰাজ্যত কুশাসনৰ পাতনি মেলে।প্ৰতিদ্বন্দীসকলক হত্যা কৰা হ'ল,প্ৰভাৱশালী কোঁৱৰসকলৰ অংগক্ষত কৰা হ'ল আৰু ৰাজবিষয়াক ইচ্ছামতে আঁতৰায় পঠোৱা হ'ল।আন কিছুমান বিষয়াই ৰাজধানীলৈ গৈ ডেবেৰাক ধৰি মৃত্যুদণ্ড বিহে আৰু তেওঁলোকৰ পচন্দৰ কোঁৱৰ এজনক ৰাজপাটত বহুৱায়।প্ৰধান মন্ত্ৰী আতন বৰগোঁহাইয়ে ৰাজনৈতিক পৰিস্হিতি নিয়ন্ত্ৰণলৈ আনে।তেওঁক দুবাৰকৈ ৰজা হোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও অস্বীকাৰ কৰে।আতন বৰগোঁহাই আৰু গুৱাহাটীৰ ৰাজবিষয়া লালুকসোলা বৰফুকনৰ মাজত মতাদৰ্শ আৰু ৰাজনৈতিক প্ৰতিদ্বন্দিতা বাঢ়ি আহে।
লালুকসোলা বৰফুকনে ৰাজশক্তি অধিকাৰ ৰখাৰ স্বাৰ্থত বংগৰ শাসক চুলতান আজমতাৰ লগত গুৱাহাটী মোগলৰ হাতলৈ হস্তান্তৰ কৰাৰ চক্ৰান্ত কৰে।বিনিময়ত তেওঁক চাৰি লাখ টকা আৰু স্বৰ্গদেউ হোৱাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়া হয়।সেইমতেই তেওঁ ১৬৭৯ চনত গুৱাহাটী নবাব মনচুৰ খানৰ হাতত চমজায় দিয়ে যাক চুলতানে ফৌজাদাৰ পাতে।ইয়াৰ পিছত লালুকসোলাই দলেবলে গড়গাঁৱলৈ আহি আতন বৰগোঁহাইক হত্যা কৰে আৰু চৈধ্য বছৰীয়া চুলিকফা বা ল'ৰাৰজাক নামত স্বৰ্গদেউ পাতে।তেওঁ নিজৰ পাঁচ বছৰীয়া কন্যাক ল'ৰা ৰজালৈ বিয়া দিয়ে আৰু 'বুঢ়াফুকন' নামৰ নতুন পদ এটা সৃষ্টি কৰি ৰজাৰ হৈ শাসনভাৰ চম্ভালে।প্ৰতিদ্বন্দিতাৰ আশংকা কৰি তেওঁ অংগত খুঁত থকা কোঁৱৰ ৰজা হ'ব নোৱাৰা নিয়মৰ সুযোগ লৈ ৰজা হোৱাৰ উপযুক্ত কোঁৱৰসকলক শাস্তি বিহাত লিপ্ত হয়।
জয়মতীয়ে বিশ্বাস কৰিছিল যে লালুকসোলাৰ স্বেচ্ছাচাৰী শাসনৰ ওৰ পেলাই গদাপাণিয়ে এদিন ৰাজ্যলৈ শান্তি ঘূৰাই আনিব পাৰিব।সেইবাবে ৰজাৰ চোৰাংচোৱাই ধৰাৰ আগতেই তেওঁ গদাপাণিক ঘৰ এৰি পলাই যাবলৈ অনুৰোধ কৰে।ঘৰ এৰি যাওঁতে গদাপাণিয়ে পত্নী জয়মতী আৰু দুই পুত্ৰ লাই -লেচাইক এৰি গৈছিল।
ঘৰৰ পৰা পলাই গৈ গদাপাণিয়ে কেইদিনমান মেটেকাৰ বগী পোহাৰী ঘৰত আছিলগৈ। তাৰ পিছত তেওঁ নগা পাহাৰত আশ্ৰয় লয়।গদাপাণিক বিছাৰি নাপাই ৰজাৰ সৈন্যই জয়মতীকে ধৰি নিয়ে।ৰাজসভাত থিয় কৰাই সোধ পোচ কৰাৰ পিছতো গদাপাণিৰ ঠিকনা নাপাই লালুকসোলাই ভাবিলে যে পত্নীক ৰাজহুৱাকৈ অত্যাচাৰ কৰিলে গদাপাণিয়ে নিজেই আহি ধৰা দিবহি।সেইমতে জেৰেঙা পথাৰত কোটকৰা গছত বান্ধি লৈ চাউদাঙৰ হতুৱাই জয়মতীক নানা প্ৰকাৰৰ শাস্তি প্ৰদান কৰা হ'ল।ইয়াৰ পিছতো জয়মতীয়ে স্বামীৰ বাতৰি কবলৈ অমান্তি হয়।এই বাতৰি পাই গদাপাণিৰ কাণত পৰাত তেওঁ ছদ্মবেশেৰে নগা পাহাৰৰ পৰা জেৰেঙা পথাৰলৈ আহে।এজন অচিনাকী মানুহৰ ৰূপত তেওঁ জয়মতীক শাস্তি খোৱাতকৈ স্বামীৰ কথা কৈ দিবলৈ অনুৰোধ কৰে।কিন্তু জয়মতীয়ে তেওঁক চিনিব পাৰি আতঁৰি যাবলৈ কয়।১৪দিন নিৰ্যাতন সহ্য কৰি ১৬০১ শকৰ ১৩ চ'তত জয়মতীৰ মৃত্যু হয়।জয়মতীৰ মৃত্যুৰ দুবছৰৰ পিছত ল'ৰাৰজাৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পেলাই গদাপাণি আহোম ৰাজ্যৰ ৰজা হয়।তেওঁ টাই নাম চুপাতফা আৰু হিন্দু নাম গদাধৰ সিংহ গ্ৰহণ কৰে।১৬৮১ চনৰ পৰা ১৬৯৬ চনলৈ তেওঁৰ শাসনকালত অসমৰ শান্তি ঘূৰি আহে।প্ৰথমতে মনচুৰ খানক আঁতৰাবলৈ সৈন্য পঠিয়ায়।১৬৮২চনত ইটাখূলিৰ ৰণত আহোমসকলে মোগলৰ পৰা গুৱাহাটী পুনৰুদ্ধাৰ কৰে।
গদাধৰ সিংহৰ পিছত তেওঁৰ বৰপুত্ৰ লাই ৰাজপাটত উঠি চুখ্ৰুংফা বা ৰূদ্ৰসিংহ নাম লয়।তেওঁক আহোমৰ শ্ৰেষ্ঠ ৰজা বুলি অভিহিত কৰা হয়।মাকৰ স্মৃতি ৰক্ষাৰ্থে তেওঁ জেৰেঙা পথাৰত জয়সাগৰ পুখুৰী খন্দোৱায় আৰু তাৰ পাৰতে জয়দৌল নিমাৰ্ণ কৰোৱায়।
জয়মতী আত্মত্যাগে সমাজলৈ সুস্হিৰতা ঘূৰাই অনা লগতে জাতীয় জীৱনৰ প্ৰতিটো দিশলৈ সুস্হিৰতা আনে।অসমত প্ৰতি বছৰৰ ১৩চ'ত তাৰিখে(২৭মাৰ্চ)জয়মতীৰ এই মহান ত্যাগক স্মৰণ কৰি মহীয়সী জয়মতী স্মৃতি দিৱস পালন কৰা হয়।