আহোম সকলৰ চমু ইতিহাস আৰু অসমীয়া জাতিৰ প্ৰথম বাটকটীয়া ( দ্বিতীয় খণ্ড) ✍চাও উদীত ফুকন

ইতিপূৰ্বে মই অলপ তথ্য Collection কৰি আহোম সকলৰ উপৰি পুৰুষ সকলৰ উৎপত্তিৰ আখ্যান আগবঢ়াইছিলো | আশা কৰো সকলোৱে পঢ়ি ভাল পাব
আহোম স্বৰ্গদেউ সকলক উপৰি পুৰুষ খুনলুঙ উত্তৰাধিকাৰী সকলে বহু হাজাৰ বছৰ ম্যুংৰি ম্যুংৰাম আৰু মাওলংত আহিছিল | এই মাওলং আছিল বিশাল টাই সাম্ৰাজ্য মংমাওৰ ৰাজধানী | প্ৰসিদ্ধ তাই ঐতিহাসিক প্ৰফেচাৰ জে.এন. ফুকনে বহু গবেষণা কৰি এই মংমাও চীনদেশৰ য়ুনান প্ৰদেশত আছিল বুলি মত প্ৰকাশ কৰিছে | উত্তৰ ব্ৰহ্মদেশৰ মুংখ্ৰাং ( নৰা )ৰজ্যও ত্ৰয়োদশ শতিকাত মংমাও সাম্ৰাজ্যৰে আছিল বুলি তেঁও মতপ্ৰকাশ কৰে | চুকাফা আৰু তেঁওৰ উত্তৰাধিকাৰী সকলে বহু দিনলৈ নিয়মিত কৰ-কাতল প্ৰেৰণ কৰি তেওঁৰ সাৰ্বভৌমত্ব স্বীকাৰ কৰি আছিল বুলি অসম বুৰঞ্জী পুথি বিলাকত উল্লেখ আছে বুলি গম পোৱা গৈছে |
হিন্দু ব্ৰাহ্মণ পণ্ডিত সকলে বিদেশী পৰাক্ৰমী বিজেতা জাতিৰ সকলক হিন্দু ধৰ্মৰ প্ৰভাৱলৈ আনিবলৈ নহ'লে তোষামোদ কৰিবলৈ কিছুমান কূটনীতি এই জাতিবোৰৰ সম্পৰ্কে দৈৱিক সূত্ৰসমূহৰ অৱতাৰণা কৰিছিল | আহোম ৰাজবংশৰ ক্ষেত্ৰত ব্ৰাহ্মণ পণ্ডিত সকলে ডাঙি ধৰা এখন উপন্যাস আছে নাম "শ্ৰী স্বৰ্গনাৰায়ণ মহাৰজা জন্ম চৰিত্ৰ" তাতে এটা কাহিনী আছে বুলি মই অসম বুৰঞ্জী কিতাপ এখনৰ পৰা জানিবলৈ পাইছোঁ | এই কাহিনী মতে এসময়ত সৌমাৰ পীঠৰ পূবে থকা কোনো এক পাহাৰীয়া অঞ্চলত মহামুনি বশিষ্ঠ আশ্ৰম আছিল এদিন স্বৰ্গৰজা ইন্দ্ৰ তেওঁ শচীয়ে এই আশ্ৰমত নৃত্য আমোদ আদিত বিভোৰ হৈ থকা দেখি বৈশিষ্ঠ মুনি ক্ৰোধিত হৈ দুয়োকে শাপ দিলে, আৰু শাপত শচীয়ে নীচকূল সম্ভূতা হৈ জন্ম হ'ব লগা হল
আৰু পিছত তেওঁৰ ভ্ৰষ্ট ইন্দ্ৰৰ লগত সম্পৰ্ক ঘটে| ইয়াৰ ফলত খুংনলুং আৰু খুনলাই প্ৰমূখ্যে ভালে সংখ্যাক সন্তান জন্ম হয় | এই খুনলং আৰু খুনলাই পৰাই আহোম ৰাজবংশৰ সৃষ্টি হৈছিল | যদি এটিয়া কথা খাৰ এনকৈ চোৱা যায়, ব্ৰাহ্মণ আৰু অামাৰ আহোম সকলৰ দুয়োটা কিংবদন্তী বা ধাৰণা মতে আহোম সকল হ'ল স্বৰ্গৰ ৰজা লেংদন বা ইন্দ্ৰৰ বংশধৰ |
যাইকি নহওক আমাৰ স্বৰ্গদেউ আৰু তেওঁ উপৰি পুৰুষ সকলে অসম অহা আগলৈকে এক বিশাল সাম্ৰাজ্য স্হাপন কৰি আমাৰ ইতিহাস বোৰ সবল কৰি থৈ গৈছে | দেওধাই আৰু বাইলুং সকলৰ মাজত প্ৰচলিত কিংবদন্তী মতে অসম বুৰঞ্জী কিতাপ খনত লিখা আছে যে.........
"খুনলং আৰু খুনলাই (খেনখামৰ পুত্ৰদ্বয়) পৃথিৱীলৈ আহি ম্যুৰি মুংৰাম নামে মুকলি অঞ্চলত অৱতৰণ কৰিলে আৰু তাতে নগৰ স্থাপন কৰি ৰাজত্ব কৰিলে | ম্যুংৰি ম্যুংৰাঙত কিছুদিন ৰাজত্ব কৰাৰ পিছত খুনলং আৰু খুংনলং আৰু খুনলাইৰ মাজত বিবাদ আৰম্ভ হ'ল | সৰু ভায়েক খুনলাযে ষড়যন্ত্ৰ কৰি ৰাজপাট অধিকাৰ কৰাত অসন্তুষ্ট হৈ খুনলুংঙে পশ্চিমলৈ যায় আৰু মুংখুংজাও নামে এক বিস্তীৰ্ণ এলেকাত এখন ৰাজ্য স্থাপন কৰিলে | ইয়াত খুনলুঙে ৪০ বছৰ ৰাজত্ব কৰিলে তাৰ পাছত সশৰীৰে স্বৰ্গৰোহণ কৰিলে | ইফালে খুনলাই ৭০ বছৰ ৰাজত্ব কৰাৰ পাছত মৃত্যুবৰণ কৰে আৰু খুনলায় পুত্ৰ তাওআইজেপত্যাওফা
ই প্ৰায় ৪০ বছৰ কাল. ৰাজত্ব কৰিছিল | আৰু তেওঁৱে 'আই জে পি' চন প্ৰৱৰ্তন কৰিছিল বুলি জনা যায় | এইজন ৰজাৰ পুত সন্তান নথকাত মুংখুমুংজাওৰ খুনলং আৰু খুনচ বংশৰ ৰজা ত্যাও খুঞ্জনে নিজ পুত্ৰ খাম্পংফাক প্ৰেৰণ কৰি ম্যুৰি মুংৰাঙ ৰ ৰাজপাট অধিকাৰ কৰে | প্ৰায় পঁছিশ বছৰ ৰাজত্ব কৰাৰ পিছত তেওঁ স্বৰ্গীয় হয় আৰু তেওঁ দুই পুত্ৰৰ মাজত ৰাজ্যখন ভাগ হয় | ডাঙৰ জনে ম্যুংৰিমুংৰাম আৰু সৰু জনে মাওলং ৰাজ্য লাভ কৰে | মাওলুঙৰ এজন ৰজা আৰু তেওঁৰ বংশধৰ সকলে একাদিক্ৰমে তেতিশ তেতিশ বছৰ কাল ৰাজত্ব কৰে | অৱশেষত এই ৰাজবংশৰ কোনো উত্তৰাধিকাৰী নহোৱা হল আৰু খুনলং -খুনচ বংশৰ ৰাজকোঁৱৰ এজন মাওলুঙৰ ৰজা হল | আৰু এইজনা লৰাৰ নাতিয়েক এ হল চুকাফা যি জনে ত্ৰয়োদশ শতিকাৰ আগ ভাগত ব্ৰহ্মপুত্ৰ উপত্যাকাত আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল" | নৃপেন ফুকনৰ বাটকটীয়া কিতাপ খনত উল্লেখ থকা মতে "ড: দয়ানন্দ বৰগোহাঁই দেৱৰ মতে চুক্যাফা খ্যুনলুঙৰ উনত্ৰিশ পুৰুষৰ পৰিনাতি" বুলি কৈছে | এক কথাত চাবলৈ গলে আহোম সকলৰ এই দিঘলীয়া ৰাজত্বই আহোম সকলৰ বীৰত্ব আৰু শাসন কৰিব পৰা ক্ষমতা সচাই বৰ প্ৰশংসাৰযোগ্য সেয়েহে হয়তো আজিও নিজকে আহোম বুলি গৌৰৱ অনুভৱ কৰোঁ | শ্ৰীযুত নৃপেন ফুকনে তেওঁ বাটকটীয়া পুথি খনত উল্লেখ কৰা মতে " চীনা সকলৰ অভ্যুত্থান আৰু উৰ্বৰ কৃষি ভূমিৰ অভাৱে বাৰুকৈয়ে তাই জনসাধাৰণৰ ওপৰত প্ৰভাৱ পেলাইছিল | সেয়েহে তাই সকলেও জন্মভূমি এৰি বিকল্প বাসস্থানৰ সন্ধানা কৰিছিল | তেনে কাৰণত একত্ৰিত তাই জনগোষ্ঠী বিলাক পুনৰ সৰু সৰু গোটত ভাহ হৈ অন্ন,বস্ত্ৰ, বাসস্থানৰ সন্ধানাত শ্যাম ৰাজ্য ত্যাগ কৰিছিল | তেনে ধুামখুমিয়াৰ মাজতো তাই আহোম সকলৰ চাওফা সকলে অতি বিচক্ষণতা আৰু সাহসেৰে ৰাজ্য শাসন কৰি আছিল |..........
আহোম সকলৰ মাজত পূৰ্বৰে পৰা এটি প্ৰবাদ আছিল যে, এদিন নহয় এদিন তেওঁলোকে পাটকাইৰ সিপাৰে থকা দেশ এখনলৈ যাব লাগিব (সেইটো বোলে লেংদনৰে নিৰ্দেশ আছিল)| যিখন ঠাই সোণেৰে গঢ়োৱা, য'ত আছে সুখ, শান্তি আৰু ভোগ, যাৰ নাম "ম্যুংদুন চুনখাম"| সেই কথা চ্যুকাফাৰ কাণতো নপৰাকৈ নাছিল| কাজেই খ্যুনলুঙৰ পৰিনাতী শিক্ষিত, অদম্য সাহযী, বুদ্ধিমান, দূৰদৰ্শী , আৰু চফল ডেকা ৰাজকোঁৱৰ চুক্যাফা দেৱে একাংশ উৎসাহী লোকক লগত লৈ যাত্ৰা আৰম্ভ কৰিছিল ১২২৬ খৃ:ৰ আঘোন মাহৰ কোনোবা এটা শুভ দিনত পাটকাই ফাললৈ | সেই অভিযান কালত তেওঁ লগত আহিছিল চোমচেং, হেংদাং, কাইচেংমুং, ক্কক,খেকেলাই পূজাবিধি আৰু নিজে উঠি আহিছিল লেংদনৰ প্ৰদত্ত বগা হাতীৰ বংশধৰ খাংখুমৰ ওপৰত |...........(. আগলৈ );