হিয়াৰ দাপোনত মাদুৰি ✍মানস প্ৰতিম বৰগোহাঁই , মাদুৰি গোহাঁই গাঁও

ইতিহাসে ভৰপূৰ
আমাৰ অনুভূতিৰ নাম যাৰ মাদুৰি উজ্বলি আছে
বহুত ৰঙীন কল্পনাৰ এনাজৰী মাদুৰিতেই
জন্ম লৈছিল লাইথেপেনা বৰগোহাঁই
জীয়াৰী সতী জয়মতীয়ে।
সকলোৱে শুনিছে
জয়মতীৰ কৰুণ কাহিনী
বুকুৰ কোণত ৰৈ যোৱা স্মৃতি শেষ নহয় ৰৈ
যায়
নাম যাৰ মাদুৰি
নীল আকাশৰ তলত
সেউজীয়া আঁচল মেৰিয়াই বিচাৰি ফুৰিব মন যায়
ইতিহাস বুৰঞ্জী বৈচিত্ৰৰে ৰঙৰ এজাক ধুমুহা বৈ
যায় মেছাগড়, মেজেঙ্গা, মঠিয়াছিগাৰে আগুৰি
থাকে মাদুৰি
এক উদ্দীপনা শিখৰত
আছে মাদুৰি
নদীৰ গভীৰ সোঁতত ইতিহাসৰ সুগন্ধি বিচাৰি
সাহিত্য বুৰঞ্জীয়ে ভৰপুৰ সিঁচৰতি হৈ আছে
মাদুৰিত আমোল মোল গোন্ধ
তুমি আমাৰ হিয়াৰ মাদুৰি।