লাচিত বৰফুকন " মুছলমান খেদা বীৰ " বনাম সম্প্ৰীতি— এক আলোচনা ✍টুনুজ্যোতি গগৈ

প্ৰতিবছৰে ২৪ নৱেম্বৰ দিনটোত সমগ্ৰ অসমজুৰি লাচিত দিৱস পালন কৰা হয় ৷ সিদিনা লাচিতৰ জীৱন আৰ্দশ, বীৰত্ব আদিক লৈ গুণানুকীৰ্তন কৰা হয় ৷ অসমৰ সৰ্বসাধাৰণ বুৰঞ্জীবিমুখ হৈ পৰাৰ মুহূৰ্তত জাতিৰ এজন বৰেণ্য বীৰক স্মৰণ কৰাটো নিশ্চয় এক শুভলক্ষণ ৷ এনে শুভ প্ৰচেষ্টাই অসমৰ জাতীয় জীৱনক উদ্দীপ্ত কৰা স্থল আছে ৷ ইমানলৈকে সকলো ঠিকেই আছিল যদিও এটা বিশেষ সৰ্বভাৰতীয় ৰাজনৈতিক দলেহে ' লাচিত দিৱস ' আয়োজনত আগভাগ লোৱাত আৰু লাচিতৰ বীৰত্বৰ আৰ্দশক বিকৃতকৰণৰ চেষ্টা চলোৱাত আমি স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছো ৷ শেহতীয়া ভাৱে ' সংঘ ' পৰিয়ালটিয়ে অসমৰ সাতামপুৰুষীয়া ঐক্য সংহতি বিনষ্ট কৰাৰ বাবেও উঠিপৰি লাগিছে ৷ দেখা গৈছে যে হিন্দুত্ববাদী সকলে অসমত মুছলমান বিদ্বেষ জগাই তুলিবৰ বাবে অসমৰ প্ৰাচীন আহোম আৰু কোচ ৰাজত্বৰ গৌৰৱময় ইতিহাসক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে ৷ হৈ যোৱা লাচিত দিৱস বোৰত আমি অবাক বিস্ময়েৰে প্ৰত্যক্ষ কৰি আহিছো যে স্বয়ম্ভু গেৰুৱা ইতিহাসবিদ সকলে অসমত মুছলমানসকলে কোচ, আহোম ৰাজ্যত লুণ্ঠন আৰু ধ্বংসলীলা চলাইছিল বুলি মিছাকৈ ক'ব খুজিছে ৷ বিগত বিজেপি ক্ষমতাধীন চৰকাৰখনেও সৰ্বভাৰতীয় পৰ্য্যায়ত বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত শিৱাজী, ৰাণা প্ৰতাপ সিংহ আদিৰ ওপৰত মাত্ৰাধিক মহত্ব আৰোপ কৰি মোগলৰ ইতিহাসক বিকৃত ৰুপত দাঙি ধৰাৰ অপচেষ্টা চলাইছিল ৷ শেহতীয়াকৈ অসমৰ লাচিত বৰফুকন, চিলাৰায় আদি বীৰ সকলক হিন্দু বীৰ সজাব বিচৰাটো, তেওঁলোকৰ মূৰ্তিৰ হাতত ত্ৰিশূল তুলি দিব বিচৰাটো, লাচিতৰ মূৰত পাগৰ সলনি হিন্দুত্বৰ কিৰীটি পিন্ধোৱাটো - মুঠৰ ওপৰত টাই আহোমসকলৰ লগতে থলুৱা জনগোষ্ঠীসমূহক হিন্দুত্ববাদী কৰি তুলিবলৈ চেষ্টা চলোৱাটো সাংঘাতিক পৰিতাপৰ বিষয় ৷ একাংশ বৰ্ণহিন্দু অসমীয়াৰ কান্ধত ভেজা দি ' সংঘ পৰিয়ালে ' প্ৰাচীন অসমৰ অসমীয়া আৰু মুছলমানসকলৰ ঐতিহাসিক দৈ-চিৰা সমন্ধক নাকচ কৰি অসমীয়াৰ সহনশীলতা, ধৰ্মনিৰপেক্ষতা, উদাৰতা আৰু ত্যাগক ধ্বংস কৰিবলৈ যি অপচেষ্টা চলাই আছে, তাক প্ৰতিৰোধ কৰাৰ প্ৰয়োজন আহি পৰিছে ৷ 
ইতিহাসে সোঁৱৰায় যে আহোম ৰাজত্বকালৰ বিভিন্ন সময়ত সাম্প্ৰদায়িক অপশক্তি সমূহে আহোমসকলক ধৰ্মীয়ভাৱে প্ৰৰোচিত কৰিছিল ৷ এনে ধৰ্মীয় গোড়ামি বৃদ্ধিৰ ফলতেই শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ ৰাজত্বকালত বলি বিধান নমনা মহন্ত সকলৰ কপালত বলিৰ ফোঁট দি তেওঁলোকৰ ধৰ্মীয় চেতনাত আঘাত সনা হৈছিল ৷ ইয়াৰ পৰিণতিতে মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈ আহোম ৰাজত্বক কঁপাই তুলিছিল ৷ বৰ্তমান ৰাজ্যখনত গা কৰি উঠা হিন্দুত্ববাদীৰ জাগৰণত আহোম সকলেও সহযোগ কৰিছে ৷ অৰ্থাৎ হিন্দুত্ববাদীৰ প্ৰৰোচনাত আহোম সকলেও ধৰ্মীয় গোড়ামি আঁকোৱালি লৈ পূৰ্বৰ দৰে ঐতিহাসিক ভুল কৰাৰ উপক্ৰম হৈছে ৷ অসম বুৰঞ্জীৰ বিজ্ঞানসন্মত অধ্যয়নে প্ৰমাণ কৰে যে দেশ ৰক্ষা কৰিবলৈ আহোমে মোগলৰ বিপক্ষে বাৰম্বাৰ যুদ্ধ কৰিলেও আহোমসকল কেতিয়াও মুছলমান বিদ্ধেষী নাছিল ৷ ১২২৮ চনত সৌমাৰ পীঠলৈ আহোমসকল অহাৰ সময়তে কামপীঠলৈ মুছলমান সকলো আহিছিল ৷ তেতিয়াৰ পৰাই অসমীয়াৰ লগত মুছলমানৰ সমন্ধ গঢ় লৈ উঠিছিল ৷ ১২৬৹ ত কুতুবুদ্দিনৰ সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলজিৰ নেতৃত্বত অসমলৈ প্ৰথম মুছলমানৰ আগমন ঘটিছিল ৷ পাছত বখতিয়াৰক পৰাজিত কৰি মুছলমান যোদ্ধাসকলক অসমত সংস্থাপিত কৰা হৈছিল আৰু তেওঁলোকে অসমক নিজ মাতৃভূমি ৰূপে গ্ৰহণ কৰিছিল ৷ এনেদৰে অসমত সংস্থাপিত হোৱা মুছলমান সকলেও অসমীয়া সংস্কৃতিলৈ বহুমূলীয়া অৱদান আগবঢ়াইছিল ৷ বৰ্তমান লাচিতক হিন্দু বীৰ ( মুছলমান খেদা বীৰ) সজাব বিচৰা সকলে এই কথা নকয় যে লাচিতৰ সহযোদ্ধা বাঘ হাজৰিকা ( ইছমাইল ছিদ্দিক) , লাইধন খাঁ, ভকুৱা, পেটুৱা মুছলমান সম্প্ৰদায়ৰ আছিল ৷ লাচিত বাহিনীৰ এই মুছলমান যোদ্ধাসকলে অসমক ৰক্ষা কৰাৰ স্বাৰ্থত মুছলমান সকলৰ বিৰুদ্ধেই যুঁজিছিল ৷ ইপিনে মোগলৰ সেনাপতি ৰামসিংহ আছিল হিন্দু ৰজা জয়সিংহক পুত্ৰ ৷ আহোম ৰাজত্বৰ অন্তিমজন সেনাপতি ৰামজান খাঁও মুছলমান আছিল ৷ ৰামজানৰ কন্যা গুলচী আইদেউক নগাঁৱলৈ বিয়া দিছিল আৰু এবাৰ ইংৰাজক কৰ দিবলৈ অস্বীকাৰ কৰি দুজন লোকক হেংদানেৰে দুছেও কৰিছিল ৷ অসমত ৰাজনৈতিক আধিপত্য আৰু অৰ্থনৈতিক শোষণ অব্যাহত ৰখাৰ স্বাৰ্থত লাচিত বৰফুকনক " মুছলমান খেদা বীৰ " সাজি সংঘ পৰিয়ালে আহোম ৰাজত্বৰ ঐতিহাসিক অৱমাননা কৰাটো, অসমীয়া জাতিক খণ্ড বিখণ্ড কৰিব বিচৰাটো কেতিয়াও ক্ষমাৰ যোগ্য নহয় ৷ সংঘ পৰিয়ালৰ গৈৰিক আগ্ৰাসন সময় থাকোতেই ৰোধ কৰিব নোৱাৰিলে অসমত পুনৰাবৃত্তি হ'ব পাৰে নেলী, ৰজাবাৰীৰ নৃশংস ঘটনালানী ৷ কাললৈ বিনষ্ট হ'ব পাৰে সাতামপুৰুষীয়া ঐক্য-সংহতি ৷