ফাগুন তই আকৌ আহিলি ✍চাও আই জেপ চঙ কু কৈ

মদাৰ ফুলাৰ বতৰত
চৌদিশে ধূলি উৰুৱাই
শুকান পাতৰ বৰষুণ ঢালি
উতলা ফাগুন
তই আকৌ আহিলি।
তোৰ পচোৱাৰ বা লাগি
নাচি উঠিল কঁহুৱা জাৰণি
মন জুৰুৱা গান
তইয়েই শুনালিহি
উতলা ফাগুন
তই আকৌ আহিলি।।