আহোম যুগৰ নাৰী ✍নাং মামণি গগৈ বৰগোহাঁই

ছশ বছৰীয়া আহোম যুগৰ বিস্তৃতিয়ে কেৱল বিশাল নহয় এই যুগৰ নাৰীৰ বিচৰণ ক্ষেত্ৰও বৰ্ণাঢ্য আৰু বিচিত্ৰ।ৰাজকাৰ্য,ৰণক্ষেত্ৰ,বৈদেশিক সম্পৰ্ক,গাৰ্হস্থ্য জীৱন, কলা-শিল্প,শিক্ষা-সাহিত্য আদি বিভিন্ন ক্ষেত্ৰত প্ৰতিফলিত হৈছিল নাৰীৰ দক্ষতা, মৰ্যাদা আৰু স্থিতি।আনহাতে আহোম যুগত চুতীয়া,মৰাণ ,বৰাহী আদিৰো সামাজিক তথা ৰাজনৈতিক স্থিতি নিঃশেষ হৈ যোৱা নাছিল।আহোম যুগৰ নাৰীৰ চিত্ৰণত এইসকল নাৰীৰ স্বৰূপো প্ৰতিফলিত হোৱা বাঞ্চনীয়। আহোম যুগত নৱবৈষ্ণৱ ধৰ্মৰ শক্তিশালী অভু্দ্যয়ে একশ্ৰেণী নাৰীৰ মাজত চমকপ্ৰদ পৰিবৰ্তন সূচনা কৰিছিল।এই সকলোবোৰ সাঙুৰি আহোম যুগৰ নাৰীৰ স্বৰূপ উদ্ ঘাটনৰ বাবে এক গুৰুত্বপূৰ্ণ গৱেষণা কাৰ্যৰ প্ৰয়োজন। এই লেখাত আহোম যুগৰ নাৰীৰ চমু আভাস দিয়াহে সম্ভৱ হ’ব।
ৰাজকাৰ্যত মহিলাঃৰাজপৰিয়ালৰ নাৰীঃ
পিতৃতান্ত্ৰিক আহোম ৰাজপৰিয়ালত কন্যাক কেতিয়াও সিংহাসনৰ অধিকাৰ দিয়া হোৱা নাছিল।কিন্ত আহোম ৰাজপৰিয়ালৰ কেইবাগৰাকীও ৰমণীয়ে বিশেষ পৰিস্থিতিত ৰাজদণ্ড হাতত লৈ ৰাজ্য শাসনৰ দক্ষতা দেখুৱাইছিল আৰু আন কেইবাগৰাকীমানে ৰাজ-ক্ষমতা নোপোৱাকৈ দেশৰ ইতিহাসৰ গতি সলনি কৰি দিছিল।ৰাজ্য শাসনৰ ক্ষমতা লাভ কৰা প্ৰথমগৰাকী নাৰী আছিল ৰজা ত্যাওখামটিৰ (খ্ৰী১৩৭৮-১৩৮৯) বৰকুঁৱৰী।ৰজা নিজে চুতীয়াৰ লগত হোৱা ৰণলৈ যাব লগা হোৱাত এই গৰাকী কুঁৱৰীয়ে ৰাজ্য শাসনৰ ক্ষমতা লাভ কৰিছিল আৰু সপত্নীৰ ঈৰ্ষাৰ বশৱতী হৈ সগৰ্ভা সৰু কুঁৱৰীক প্ৰাণে মৰাৰ পৰিবৰ্তে গোপনে ব্ৰক্ষ্মপুত্ৰত উটুৱাই দিছিল।ত্যাওখামটি মৃত্যুৰ পাছত সিংহাসনৰ অধিকাৰী নোহোৱাত সৰু কুঁৱৰীৰ পুত্ৰ চুডাংফা বা বামুণী কোঁৱৰক আনি ৰজা পতা হয়। প্ৰত্যক্ষভাবে বাজকাৰ্য পৰিচালনা নকৰাকৈয়ে ৰাজনৈতিৰ বিচক্ষণতাৰ পৰিচয় দিছিল স্বৰ্গদেউ চুক্লেংমুঙৰ পত্নী নৰীয়া ৰজাৰ কন্যা চাওচিং কুঁৱৰীয়ে। এইগৰাকী ৰাণীৰ পৰামৰ্শ মতে ৰজাই দিখৌৰ পাৰলৈ ৰাজধানী তুলি নি চাৰিওফালে গড় বন্ধাই গড়গাঁও নাম দিছিল।এইগৰাকী ৰাণীৰ পৰামৰ্শ মতে বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি হৈছিল বুলি জনা যায়।দেশৰ ৰাজনীতিৰ লগত জড়িত আহোম ৰাজপৰিয়ালৰ আটাইতকৈ প্ৰখ্যাত আৰু সন্মানিত ৰমণীগৰাকী হৈছে মাদুৰীৰ লাইথেপেনা বৰগোহাঞিৰ কন্যা আৰু গদাপানি কোঁৱৰৰ পত্নী জয়মতী কুঁৱৰী।ৰজাই অন্যায়ভাৱে অঙ্গ ক্ষত কৰিবলৈ বিচাৰি ফুৰা গদাপানিৰ বাতৰি দিবলা অস্বীকাৰ কৰা জয়মতিক অশেষ শাস্তি দি হত্যা কৰা হয়।জয়মতীক মৃত্যুৱে আহোম ৰাজবংশৰ ইতিহাসৰ গতিধাৰাক সলনি কৰি দিয়ে। গদাপাণি কোঁৱৰে ল’ৰাৰজাক পৰাস্ত কৰি ১৬৮১ খ্ৰী.ত সিংহাসনত আৰোহণ কৰে আৰু ফলত দেশলৈ সুস্থিৰতা ঘূৰি আহে। সাহস আৰু প্ৰতিবাদৰ জ্বলন্ত স্ফুলিঙ্গস্বৰূপ আন এগৰাকী আহোম ৰমণী হৈছে চুহুংমুং স্বৰ্গদেৱৰ কন্যা আৰু থাওমুংলুং বৰগোহাঞিৰ পত্নী নাংবক্ল গাভৰু। নাংবক্ল ১৫৮০ চনত পুতেকক কোঁচৰাজ্যলৈ জামিন স্বৰূপে পঠাবলৈ অমান্তি হৈ ৰজা আৰু বৰগোহাঁঞিক শুনোৱা নিৰ্ভীক তথা প্ৰতিবাদী উক্তি বুৰঞ্জীৰ পাতত জিলিকি আছে। তাৰ পাছতে তিনিগৰাকী বৰৰজাৰ কথা উল্লেখযোগ্য। ৰজা শিৱসিংহৰ ৰাজত্ব কালৰ অষ্টম বছৰত জ্যোতিষীসকলে ছত্ৰভঙ্গ যুগ পৰা বুলি কোৱাত বৰকুঁৱৰী ফুলেশ্বৰীক বৰৰজা উপাধি দি ৰজাৰ ক্ষমতা প্ৰদান কৰা হয়।তেওঁৰ ৰাজত্ব কালত বিভিন্ন প্ৰজাহিতকৰ কাম কৰা হয় যদিও তেওঁৰ ধৰ্মীয় অসহিষ্ণুতাকে মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ হৈ পৰে বুলি আঙুলিয়াই দিয়া হয়।তেওঁৰ পিছত ভনীয়েক অম্বিকা বা মদাম্বিকা কুঁৱৰী বৰৰজা হয় আৰু সাহিত্য-শিল্পৰ পৃষ্ঠপোষকতা কৰে। তৃতীয় গৰাকী বৰৰজা অনাদৰী বা সৰ্বেশ্বৰী কুঁৱৰীয়েও আগৰ দুগৰাকীৰ দৰেই প্ৰজাহিতকৰ কাম কৰে।বদন বৰফুকনৰ কন্য আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বোৱাৰী পিজৌ গাভৰু আহোম যুগৰ ইতিহাসৰ আন এটা উল্লেখযোগ্য নাম। পৰোক্ষভাবে ৰাজকাৰ্যত জড়িত হৈ বিচক্ষণতাৰ পৰিচয় দিয়া আন এটা উল্লেখযোগ্য নাম। পৰোক্ষভাৱে ৰাজকাৰ্যত জড়িত হৈ বিচক্ষণতাৰ পৰিচয় দিয়া আন এগৰাকী ৰমণী হৈছে কমলেশ্বৰ সিংহ(খ্ৰী ১৭৯৫-১৮১১) আৰু চন্দ্ৰকান্ত সিংহৰ (ফ্ৰী.১৮১১-১৮১৮)মাতৃ নুমলী ৰাজমাও। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ (খ্ৰী.১৮৫১-১৭৬৯) আৰু লক্ষ্মী সিংহৰ (খ্ৰী ১৭৬৯-১৭৮০) পত্নী মণিপুৰী কুঁৱৰী কুৰঙ্গনয়নীয়ে মোৱামৰীয়া বিদ্ৰোহৰ নেতা ৰাঘ মৰাণৰ হত্যাত আগভাগ লা অসমৰ ভাগ্যচক্ৰ নিয়ন্ত্ৰণ কৰিছিল।
উল্লেখিত তিনিওগৰাকী বৰৰজাই জনহিতকৰ কাম কৰি খ্যাতি লভিছিল।বৰৰজাৰ ফুলেশ্বৰীয়ে (খ্ৰী১৯২২-১৯৩১) গৌৰীসাগৰ পুখুৰী খান্দি পাৰত শিৱদ’ল, বিষ্ণুদদ'ল আৰু দেৱীদ'ল সজাইছিল। শিৱসাগৰৰ ধাই আলি তেওঁৰে কীৰ্তি। তেওঁ সংস্কৃত শিক্ষাৰ বাবে ৰাজধানী ৰংপুৰত বৰৰজাৰ টোল পাতি দিছিল। বৰৰজা অম্বিকাই(খ্ৰী১৭৩১-১৭৩৯)শিৱসাগৰ পুখুৰী খন্দাই পাৰত শিৱদ’ল, বিষ্ণুদ'ল দেবীদল সজাইছিল আৰু অমূল্য গ্ৰন্থ হস্তীবিদ্যাৰ্ণৱৰ পৃষ্ঠপোষকতা কৰিছিল। ফুলেশ্বৰী কুঁৱৰীৰ পৃষ্ঠপোষকতাত শুকুন্তলা কাব্য, শঙ্খচূড় বধ কাব্য আৰু আনন্দ লহৰী কাব্য ৰচিত হয়। বৰৰজা সৰ্বেশ্বৰীয়ে (খ্ৰী.১৭৩৯-১৭৪৪) কেঁৰী ৰাজমাওয়ে সাহিত্যৰ পৃষ্ঠপোষকতা কৰিছল।
আহোম যুগৰ আন এগৰাকী ইতিহাস প্ৰসিদ্ধ ৰাণী হৈছে চুতীয়া ৰজা ধৰ্মধ্বজৰ কন্যা আৰু নীতিপালৰ পত্নী সাধনী। পিতৃৰ অঙ্গিকাৰ ৰক্ষাৰ অৰ্থে সাধনীয়ে সাধাৰণ গৰখীয়া লৰা নিতাইক বিয়া কৰাব লগা হৈছিল।নিতায়ে নীতিপাল নাম লৈ ৰাজ্য শাসন কৰোঁতে সাধনীয়ে সহায় কৰিব লগাও হৈছিল। ১৫২৩ খ্ৰী.ৰ বহাগ মাহত সাত তাৰিখে চুহুংমুং দিহিঙ্গিয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰি চুতীয়াসকলক ৰণত পৰাস্ত কৰে আৰু ৰজা নীতিপাল ৰণত পৰে।ৰণী সাধনীয়ে চন্দনগিৰি পৰ্বতৰ ওপৰত আশ্ৰয় লৈ অন্যান্য নাৰীসকলৰ সৈতে পৰ্বতৰ শিল খহাই আহোম সৈন্যৰ প্ৰান নাশ কৰি কিছু পৰলৈকে আহোমক বাধা দি আছিল। অৱশেষত পৰাজয় সুনিশ্চিত বুলি জানি চুতীয়া ৰজাৰ পৰম্পৰাগত কুবেৰদত্ত সম্পত্তি সোণৰ মেকুৰী,ঢাল,তৰোৱাল আদি বুকুত বান্ধি পৰ্বতৰ ওপৰত পৰা জঁপিয়াই প্ৰাণ আহুতি দিলে আৰু সেইদৰেই নিজৰ সতীত্ব তথা পিতৃপুৰুষৰ কুবেৰদত্ত সম্পত্তি ৰক্ষা কৰিলে।সাধনীয়ে আত্মহত্যা কৰিছিল নে যুদ্ধত মৃত্যু হৈছিল সেই কথা লৈ ঐতিহাসিক সকলৰ মতভেদ থাকিলেও সাধনীৰ স্বদেশ প্ৰেম আৰু বীৰত্বই আজিও মানুহক অনুপ্ৰাণিত কৰে।
যুদ্ধক্ষেত্ৰত নাৰীঃ
১৯৩২ খ্ৰী.ত বঙ্গদেশীয় মুছলমান সেনাপকি তুৰ্বকৰ সৈতে হোৱা কচোৱাৰ ৰণত ফ্ৰাচেং মুঙ বৰগোহাঞিকে ধৰি আঠজন আহোম সেনাপতিৰ মৃত্যু হয় আৰু বৰগোহাঁঞিৰ পত্নী মূলা গাভৰুৱে নাৰী বাহিনী এটাৰ নেতৃত্ব বহন কৰি পৰাক্ৰমেৰে যুঁজি প্ৰাণ হেৰুৱালে।পদ্মনাথ গোহাইঞিবৰুৱাই পুৰণি আহোম বুৰঞ্জীৰ উদ্ধৃতি দি উল্লেখ কৰিছে যে ফ্ৰাচেংমুং বৰগোহাঞিয়ে ৰণলৈ ওলাই মুলাগাভৰুক কবচ কাপোৰ খুজিছিল আৰু গাভৰুৱে দিৱ নোৱাৰি গোহাঞিদেৱক ৰণলৈ যাবলৈ দিব নুখুজিছিল। পিছত গাভৰুৱে হত্যাৰ প্ৰতিশোধ লবলৈ প্ৰবল পৰাক্ৰমেৰে যুঁজি এক বিৰল নিদৰ্শন দেখুৱাই গ'ল। পিছে বুৰঞ্জীসমূহত এই বিষয়ে প্ৰায় নিমাত। আহোম যুগৰ আন দুগৰাকী বীৰাঙ্গনা আছিল মোৱামৰীয়া বিদ্ৰোহত প্ৰবল বীৰত্ব দেখুওৱা মৰাণ সেনাপতি বাঘ মৰাণৰ দুই পত্নী ৰাধা আৰু ৰুক্মিণী। হৰনাথ ভিতৰুৱাল ফুকনৰ বাহিনীৰ লগত ডিব্ৰু নৈৰ পাৰত মৰাণৰ যি ৰণ হৈছিল সেই ৰণত ৰাধা আৰু ৰুক্মিণীয়ে পুৰুষৰ লগত ধনু কাড় লৈ যুঁজিছিল।গোহাঞিবৰুৱাৰ অসমৰ বুৰঞ্জীৰ মতে এই তিৰোতা দুগৰাকী বৰ চতুৰা আছিল আৰু গুপুতে ৰণ কৌশল জনা ববে সিবিলাকৰ গাত কেৱে ধনু, কাড় কিম্বা হিলৈৰ গুলী লগাব নোৱাৰিছিল।সেই আপাহতে বিপক্ষৰ কোনো চোৰাংচোৱাই ৰাজকীয় সাম্যৰ মাজত জনৰৱ প্ৰচাৰ কৰি দিলে যে ৰাধা-ৰুক্মিনীয়ে উৰি অহা দন্দুকৰ গুলি আঁচল পাতি ধৰে।সাক্ষাত ৰণচণ্ডীয়েহে যেন ৰাধা-ৰুক্মিনী ৰূপত আহোম সেনাৰ লগত ৰণ দিছেহি। এই কথা বিয়পি পৰাৰ লগে লগে আহোম সেনা পলাবলৈ ধৰিলে আৰু নিঃসহায় সেনাপতি ভিতৰুৱাল ফুকন মৰাণৰ হাতত বন্দী হল।এনেদৰে নাৰীয়ে যুদ্ধত ভাগ লোৱাৰ উদাহৰণ কম যদিও এইবোৰে জৰুৰী প্ৰয়োজনত নাৰীয়ে যুদ্ধত জঁপিয়াই পৰাৰ উদাহৰণ দেখুৱাই।
বৈদেশিক সম্পৰ্ক ৰক্ষাৰ নাৰীঃ
চুকাফা দিনৰ পৰা মানৰ আক্ৰমণৰ সময়লৈকে আহোম ৰাজত্বৰ কালছোৱাত বৰাহী, কছাৰী, নৰা, মণীপুৰী,নগা আদি সৰু বৰ ৰাজ্যৰ পৰা আৰম্ভ কৰি দিল্লীৰ মোগল বাদছাহৰপৰা ব্ৰক্ষ্মদেশৰ মান ৰজা লৈকে বহুতৰ লগত আহোমৰ ৰজাই কন্যা অনা নিয়াৰে মিত্ৰতা স্থাপন কৰিছিল। সাধাৰণতে যদ্ধ এখনত পিছত পৰাজিত ৰজাই বিজয়ী ৰজাৰ লগত মিত্ৰতা স্থাপন কৰি এনেকৈ কন্যাদান কৰিছিল।স্বৰ্গদেউ চুকাফাই সৌমাৰত প্ৰবেশ কৰি মৰাণ আৰু বৰাহী ৰজাক যুদ্ধত পৰাস্ত কৰি তেওঁলোকৰ কন্যা বিবাহ কৰাই মিত্ৰতা স্থাপন কৰাৰ কথা বুৰঞ্জীত লিপিবদ্ধ হৈ আছে। কন্যা দুগৰাকীৰ নাম হলে কতো উল্লেখ নাই।স্বৰ্গদেউ চুখাংফাই(খ্ৰী.১২৯৩-১৩৩২) কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণক যুদ্ধত পৰাস্ত কৰি ৰজাৰ কন্যা ৰাজনী আৰু ভাজনিক বিয়া কৰাই মিত্ৰতাৰ সূত্ৰত আবদ্ধ হৈছিল। স্বৰ্গদেউ চুক্লেংমুং বা গড়গঞা ৰজাৰ নৰা কুঁৱৰী চাওচিঙৰ বিষয়ে আগত উল্লেখ কৰি অহা হৈছে। স্বৰ্গদেউ প্ৰতাপ সিংহৰ (খ্ৰী.১৬০৩-১৬৪১)ৰাজত্ব কালত কোঁচৰজা পৰীক্ষিত নাৰায়ণে মুছলমানৰ আক্ৰমণ আহোম ৰজাৰ সহায় পাবৰ উদ্দেশ্যে তেওঁৰ মঙ্গলদৈ নামৰ কন্যা আহোম ৰজালৈ বিয়া দি মিত্ৰতা স্থাপন কৰে ।সেই গৰাকী স্বৰ্গদেৱৰ দিনতে কছাৰী ৰজা প্ৰতাপ নাৰায়ণলৈ এগৰাকী আহোমকন্যা বিবাহ দি মিত্ৰতা স্থাপন কৰা হয়।
জয়ধ্বজ সিংহৰ(খী.১৬৪৭-১৬৬৩) দিনত মোগল সম্ৰাট ঔৰঙ্গজেৱৰ প্ৰতিনিধি হিচাপে বঙ্গৰ নৱাব মিৰজুমলাই আহোম ৰাজ্য আক্ৰমণ কৰে আৰু যুদ্ধত হাৰি আহোম ৰজাই মোগলৰ লগত সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায় আৰু সেই প্ৰস্তাৱ অনুসৰি স্বৰ্গদেৱে নিজৰ নাৱালিকা কন্যা ৰমণী গাভৰুক মোগল হেৰেমলৈ পঠাব লগা হয়। সময়ত তেওঁ ঔৰঙ্গজেৱৰ বোৱাৰী হয়গৈ।গদাধৰ সিংহ স্বৰ্গদেৱে নগা আক্ৰমণ প্ৰতিৰোধ কৰাৰ পিছত দুটি নাগিনী কুঁৱৰী স্বৰ্গদেৱলৈ আগবঢ়োৱা হয়।(গোহাঞী বৰুৱা,আসাম বুৰঞ্জী,পৃঃ৬৯)। ৰাজেশ্বৰ সিংহৰ বৰকুৱৰী কুৰঙ্গনয়নী আছিল মণিপুৰৰ ৰজা জয়সিংহৰ কন্যা।চন্দ্ৰকান্ত সিংহৰ দিনত মানৰ প্ৰথম আক্ৰমণত মানৰ দাবী অনুসৰি ৰাজকন্যা এটি মানৰজা বদোফা বা বদোপায়ালৈ দিব লগা হৈছিল।আইদেউ ৰজাৰ প্ৰিয়পাত্ৰী হৈ পৰিছিল।
নাৰীৰ শিক্ষাৰ আৰু চাল-চলন
আহোম ৰাজত্ব কালত নাৰীৰ লেখা পঢ়াৰ বাবে কানো শিক্ষানুষ্ঠান থকাৰ জনা নাযায়।সংস্কৃত আৰু আহোম ভাষাত পাঠশালাবোৰত কেৱল ছাত্ৰইহে শিক্ষা লাভ কৰিছিল।কিন্ত এই কথা সহজে অনুমান কৰিব পাৰি যে ৰজা আৰু ডাঙৰীয়াসকলৰ কন্যাৰ বাবে নিশ্চয় ঘৰতে কিছু বিদ্যা শিক্ষণৰ ব্যৱস্থা কৰা হৈছিল।আগতে উল্লেখ কৰা চাওচিংকুৱৰীৰ বিষয়ে বুৰঞ্জীত কোৱা হৈছে- কুঁৱৰী ৰূপ গুণে বৰ পণ্ডিতা, ভৰিয়েৰে আহোম আখৰকো লিখিছিল। আহোম যুগৰ নাৰীৰ মুক্ত চাল-চলনৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে। আহোম সকলৰ আৰু দেশখনৰ অন্যান্য পুৰণি অধিবাসীসকলৰ মাজত বাল্য বিবাহ আৰু সতী যোৱা প্ৰথা কোনো কালেই নাছিল।বিধবা বিবাহত বাধা নাছিল আৰু পৰ্দা প্ৰথা প্ৰচলন নাছিল। এই বিষয়ে the comprehendive history of assam নামৰ গ্ৰন্থত এইদৰে উল্লেখ আছে “Womenfolk of assam were comparatively freer then counterparts in other of india in the middle ages. The purdah was practically unknown. They could move freely and took equal share in planting and harvesting crops with the menfolk” ১৬৬২ খ্ৰী.ত মিৰজুমলা লগত অহা চিহাবুদ্দিন তালিচৰ মতে “wives of Rajas and peasants alike never veil their faces befor anybody and they move about the market places with bare heads” অৱশ্যে মৰ্য্যদাৰ প্ৰতীক স্বৰূপ দোলা,বৰজাপি আৰু ৰখীয়া-পহৰীয়াৰে বেষ্টিত হৈহে ৰাজপৰিয়ালৰ মহিলাই চলা-ফুৰা কৰিছিল।ৰাধিকা শান্তিৰ কাহানীৰপৰা জনা যায় যে কোনো সস্বন্ধীয় লোকৰ সন্মুখত তিৰোতাই সম্ভ্ৰমৰ চিন স্বৰূপে মূৰত কাপোৰ লৈছিল। কিন্ত গৰিষ্ঠ সংখ্যক নাৰীৰ ক্ষেত্ৰত সেই প্ৰযোজ্য নাছিল।
সম্পত্তিৰ অধিকাৰত নাৰীঃ
আহোম ৰাজপৰিয়ালত নাৰীয়ে মাটি-সম্পত্তিৰ অধিকাৰ পোৱাতো এটা বৰ গুৰুত্বপূৰ্ণ কথা।কুঁৱৰীসকলৰ স্থান মান স-সম্পত্তি পৰিচালনাৰ বাবে প্ৰত্যেকৰে বিষয়া বৰ্গও আছিল।এই সম্পৰ্কে ইতিহাসে সোঁৱৰা ছশটা বছৰত এইদৰে উল্লেখ আছে- বৰকুঁৱৰীয়ে ৰাইডঙীয়া মেল, পৰ্বতীয়া কুঁৱৰীয়ে পৰ্বতীয়ামেল, ৰজাৰ এনায়েকে বা বুঢ়ীমাকে এনাইঘৰীয়া মেল,ধাইমকে কলীচেঙৰ মেল আৰু ৰজাৰ জীয়াৰী আৰু গাভৰুবিলাকে গাভৰুমেল ভোগ কৰিছিল তেওঁলোকৰ মেলৰ বিষয়াসকলৰ দ্বৰাই তেওঁলোকৰ মাটি বাৰী চলাইছিল আৰু গোচৰ আদি সুধিছিল।কুঁৱৰীৰ সংখ্যা কম হ'লে এই মেল বিলাক ওচৰ সম্বন্ধীয় অন্যৰ ভিতৰত ভগাই দিছিল।কুঁৱৰীসকলে এনে মেল দিয়া প্ৰথা ওপৰ বৰ্মাৰ শ্যাম বিলাকৰ ওচৰ সমন্ধীয় অন্যৰ ভিতৰত ভগাই দিছিল।কুঁৱৰীসকলে মেল ভোগ কৰাৰ প্ৰথা ভাৰতৰ আন ঠাইত নাছিল। ৰাজ্যাভিষেকতত ৰজাৰ লগত হোলোং ঘৰত বৰকুঁৱৰী উঠিব পাৰিছিল আৰু বৰচৰাত ডা ডাঙৰীয়াসকলৰ অভিবাদন গ্ৰহণ কৰিব পাৰিছিল।
গাৰ্হস্থ্য জীৱনত নাৰীঃ
প্ৰজাঘৰীয়া
ঘৰ,পথাৰ,তাঁতশাল সমানে চম্ভালি থকা প্ৰজাঘৰীয়া আহোম যুগৰ নাৰীৰ বৰ প্ৰৰিশ্ৰমী।কৃষি কাৰ্যত ভাগ লোৱা,এৰী,মুগা পুঁহি সেইবোৰৰ লগতে কপাহৰো সূতা কাটি কাপোৰ বৈ লোৱা,পশুপালন কৰা আদিৰ যোগেদি আহোম তথা অন্যান্য গোষ্ঠীৰ নাৰী বহুলাংশে স্বাৱলম্বী আৰু পুৰুষপ্ৰধান সমাজত তেওঁলোকৰ স্থান পুৰুষৰ তলত হলেও কোনো গুণেই কম গুৰুত্বপূৰ্ণ নহয়।আহোমসকলে অসমত শালি খেতিৰ প্ৰচলন কৰা আৰু চুকাফাই চৰাইদেওৰ ওচৰত তিনিখন খাট প্ৰতিষ্ঠা কৰাৰ বুৰঞ্জীসন্মত থলুৱা নাৰীৰসকলৰ দৰেই আহোম নাৰীয়েও পথাৰত পুৰুষৰ সমানে কাম কৰিছিল। আহোম যুগৰ নাৰীৰ ৰেচম শিল্প আৰু তাঁত শিল্প গৌৰৱ কৰিৱলগীয়া। পাট পলু পোঁহা আৰু সূটা কটাৰ বাবে আহোম যুগত যুগী বা কাটনি নামে এক শ্ৰেনীৰ মানুহ আছিল যদিও মুগা শিল্পৰ লগত আহোম যুগৰ নাৰীৰ এৰাব নোৱাৰা সম্পৰ্ক।এৰী পোঁহা আৰু সূতা কটা কাপোৰে বোৱা নাৰীৰ একচেটিয়া কৰ্ম।আহোম যুগত ৰেচম আৰু বয়ন শিল্প উন্নতিৰ বাবে ৰজাঘৰীয়া প্ৰচেষ্টা দেখা গৈছিল।স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাৰ যোগেদি আদেশ জাৰি হৈছ্ল যে প্ৰতেক তিৰোতাই ৰাতি শুবলৈ যোৱাৰ আগতে দুটা সূতলাহী কাটিব আৰু প্ৰত্যেক মুনিহে একোটা খৰাহী ব’ব।গদাধৰ সিংহৰ(খ্ৰী.১৬৮১-১৬৯৫) দিনতো তদনুৰূপ আদেশ জাৰী কৰা হৈছিল।বৰৰজা ফুলেশ্বৰীয়ে ৰাজধানীত ছোৱালীহঁতক বোৱা-কটা শিকাবলৈ এটা শিক্ষানুষ্ঠান পাটি দিছিল।বৰ ৰজা সৰ্বেশ্বৰীয়েও ৰাজকাৰেঙত ছোৱালীহঁতক বোৱা-কটা আৰু সঙ্গীতৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল।স্বৰ্গদেউ স্বৰ্গনাৰায়ণ বা প্ৰতাপসিংহৰ মাতৃ আদেশত নৱবৈষ্ণৱ গুৰু গোপাল আতাৰ মাতৃ বজ্ৰঙ্গি আয়ে ৰজাৰ ঘৰৰ বাৰকুৰি তাঁত শালৰ দায়িত্ব লৈছিল। আহোম যুগত যুদ্ধলৈ যোৱা ৰণুৱাই পিন্ধিৱলৈ তিৰোতাই বৈ দিয়া ‘কবচ কাপোৰ’ বয়ন কলাৰ এক গৌৰৱোজ্জ্বল নিদৰ্শন। ৰাতিটোৰ ভিতৰতে তিৰোতাই সূতা কাটি বৈ উলিওৱা মন্ত্ৰপূত কবচ কাপোৰে ৰণুৱাৰ জীৱন ৰক্ষা কৰে বুলি বিশ্বাস। আহোম দিনতে ব্ৰক্ষ্মপুত্ৰ উপত্যকাত বসতি স্থাপন কৰিবলৈ লোৱা মিচিংসকলৰ বয়ন শিল্পও গৌৰৱ কৰিব লগীয়া।
ৰন্ধন কলা আৰু জা-জলপান প্ৰস্তত কৰোতা আহোম নাৰীৰ দক্ষতা আছিল।তেওঁলোকে ভাপত সিজোৱা সুগন্ধিটোপোলা ভাত সিজোৱা,বাঁহৰ চুঙাত জুইত পোৰা, পানীত সিজোৱা আৰু শুকান ভাত(খাও-হেং) সিজোৱাকে ধৰি পাঁচ প্ৰকাৰে ভাত ৰান্ধিব পাৰিছিল আৰু হুৰুম. আখৈ,চিৰা, পিঠাকে ধৰি বহুবিধৰ জলপান তৈয়াৰ কৰিছিল।বাঁহ গছৰ পৰা তৈয়াৰ কৰা বিভিন্ন ব্যঞ্জন তেওঁলোকৰ ৰন্ধন কলাৰ এক বিশেষত্ব। মাছ-মাংস শুকুৱাই সাঁচি ৰাখাতো তেওঁলোক পাকৈত। মানুহ আৰু দেৱতা উভয়ৰে বাবে লাও নামৰ পনীয়া প্তস্তত কৰাত গৃহিনীৰ দক্ষতা অপৰিহাৰ্য।
ঘৰ এখনৰ শুভাশুভৰ গৰাকী ডাম বা মৃত উপৰি পুৰুষ সকলৰ প্ৰতি সসন্মানেৰে সময়ে সময়ে নৈবেদ্য আগবঢ়াবলৈ গৃহিনীগৰাকীৰ সম্পূৰ্ণ কৃৰ্তৃত্ব আছে বুলি ধৰা হয়। মৃত পিতৃপুৰুষৰ লগতে মৃতা মাতৃ সকলো সমানে পূজিতা হয়। আহোম,চুতীয়া,দেউৰী,মিছিং,মৰাণ আদিত সকলো জনগোষ্ঠীৰ নাৰীয়েই কৃষিভিত্তিক বসন্ত উৎসৱ বিহুৰ গীত,নৃত্য,বাদ্য সকলোতে ভাগ লয়।
ৰাজাঘৰীয়া আৰু প্ৰজাঘৰীয়া আহোম ৰমনীৰ সাজ-পোছাক আ অলঙ্কাৰৰ পাৰ্থক্য আছিল। ৰজাঘৰীয়া আহোম ৰমনীয়ে পাট,মুগা,মেজাঙ্কৰী,গোমচেং আদিৰ মেখেলা,ৰিহা আৰু চেলেং পৰিধান কৰিছিল। মোগলৰ লগত সম্পৰ্ক হোৱাৰ বা ৰুদ্ৰসিংহৰ পিছৰ পৰা ঘোৰী,জাকিত চোলা আৰু পয়জাৰ ব্যৱহাৰ কৰিবলৈ লয় আৰু পোছাকত গুনাৰ বন কৰাই লবলৈ আৰম্ভ কৰে। প্ৰজাঘৰীয়া নাৰীয়ে ৰপাহী মেখেলা,চেলেং আৰু ৰিহা ব্যৱহাৰ কৰিছিল।বিশেষ বিশেষ ক্ষেত্ৰতহে পাট-মুগাৰ বস্ত্ৰৰ ব্যৱহাৰ কৰিছিল। ৰজাঘৰীয়া নাৰীয়ে সোনৰ বাখৰ খটাৱা,মীনা কৰা বা উকা গহনা ডিঙি,কাণ,হাত আৰু ভৰিৰ আঙুলি আৰু কপালত কৰিছিল।প্ৰজাঘৰীয়া নাৰীৰ হাতৰ,কাণৰ আৰু ডিঙিৰ অলংকাৰ আছিল সোণ বা ৰূপৰ। আহোম ৰজাই চুতীয়া সোণাৰীক দেশত সংস্থাপন দিয়ালৈ চাই চুতীয়া ৰমণীয়েও উন্নত মানৰ অলংকাৰ পৰিধান কৰাৰ কথা অনুমান কৰিব পাৰি।বস্ত্ৰ শিল্পত আগবঢ়া মিছিং,দেউৰী আদিৰো সাজ-পাৰ চকুত লগা আছিল।
বিবাহত নাৰীৰ স্থানঃ
বিবাহত নাৰীৰ স্থান জাতি এটাৰ নাৰীৰ প্ৰতি সন্মান নিৰূপণ কৰে।আহোমসকলৰ ঐতিহ্যপূৰ্ণ বিবাহ পদ্ধতিৰ নাম চকলং। এই মৰ্য্যাদাপূৰ্ণ পদ্ধতি অনুসৰি দৰাৰ ঘৰতকৈ কইনাৰ ঘৰক অধিক মান-সন্মান প্ৰদৰ্শন কৰা হৈছিল।দৰাৰ পক্ষই কইনা ঘৰত বিবাহৰ প্ৰস্তাৱ দিবলৈ আহোঁতে খাদ্য-সামৰ্গ্ৰীৰ ডাঙৰ ভাৰ এখন লৈহে আহিছিল। সেই ভাৰক সোধনী ভাৰ বোলা হৈছিল। কইনা ঘৰে দৰাৰ ঘৰলৈ গৈ আৰ্থিক,সামাজিক দিশবোৰ চাই খাই বৈ আহেগৈ, তাকো ঘৰ চাৱনি খোৱা বোলা হয়। তাৰ পাছতহে বন্দৱস্ত স্থিৰ বয়। এইবাৰ দৰাৰ ঘৰৰ মানুহ কইনাৰ ঘৰলৈ আহি বিবাহৰ তাৰিখ আলোচনা মৰ্মে কৰে। বিয়াত কইনাক দৰাই সাজ-পাৰ,সোণৰ গহনা আদিৰ জোৰণ দিব লাগে। তদুপৰি মূল বিয়াৰ দিনা কইনাৰ মাক-দেউতাকক
কাপোৰ কাণিৰ উপহাৰেৰে সন্মন জনোৱৰ উপৰি ৰাইজৰ বাবে কেইবাখনো তামোল-পানৰ শৰাই আৰু বিয়াৰ ভোজৰ বোবে খাদ্য-সামগ্ৰীৰে শকত চকলিভাৰ এখন দৰাৰ ঘৰৰপৰা অনাৰ নিয়ম। মূল চকলঙত দৰা-কইনা পক্ষৰে বুৰঞ্জী কোৱা হয়। চকলং কৰাৰ সামৰ্থ্য নথকা সকলে কইনাৰ ঘৰত সমবেত সমাজৰ পৰা আৰ্শীবাদ লৈয়েই লোকচাৰ সম্পৰ্ণ কৰে আৰু স্বনিৰ্বাচনেৰে গান্ধৰ্ব বিবাহ কৰিলে দৰাৰ ঘৰৰ মানুহ আহি দোষ স্বীকাৰ কৰি উপযুক্ত মাননী দিহে কইনা ঘৰৰ লগত মিতিৰৰ সম্পৰ্ক স্থাপন কৰিব পাৰে। এসময়ত গা-ধন লোৱা আৰু দৰাই কইনাৰ ঘৰত গা-খাটি দিয়াৰ নিয়ম আছিল ৷