ভাৰতীয় ঐতিহাসিক দৃষ্টিভংগীৰে জাই ম তি ( জয়মতী) ৰ মূল্যায়ন ✍সঞ্জীৱ বৰুৱা

অসম বুৰঞ্জীৰ কেইখিলামান পৃষ্ঠাত সিচৰিত হৈ থকা এটি মহীয়সী নাৰী চৰিত্ৰ হ’ল জাই ম তি ৷ কিন্তু সৰ্বভাৰতীয় পৰ্য্যায়ত এইগৰাকী নাৰীৰ মূল্যায়ন যেনেদৰে হ’ব লাগিছিল তেনেদৰে হোৱা নাই ৷ ঝান্সীৰ ৰাণী লক্ষ্মীবাই যি আসনত অধিষ্ঠিত সেই স্থানলৈ আমি জাই ম তিক কিয় নিব নোৱাৰোঁ ? জাই ম তিৰ আত্মত্যাগ ৰাষ্ট্ৰৰ কাৰণে নহ’ব পাৰে কিন্তু এটা বৃহৎ জাতিৰ বাবে সেইগৰাকী নাৰীৰ ত্যাগক আমি কিমান গুৰুত্ব দিছোঁ ? অসম বুৰঞ্জীত ১৬৭৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৮১ লৈকে এইকেইবছৰ আছিল চৰম ৰাজনৈতিক অস্থিৰতাৰ যুগ ৷ কেইবাজনো ক্ষমতাপিপাসু বিষয়াৰ ষড়যন্ত্ৰৰ ফলস্বৰূপে সেই আঠবছৰৰ ভিতৰত আঠজন ৰজাই অকালতে মৃত্যুক সাৱটি লব লগা হৈছিল ৷ এই ষড়যন্ত্ৰকাৰী বিষয়াসকলৰ ভিতৰত অন্যতম আছিল ডেবেৰা বৰবৰুৱা, আতন বুঢ়াগোঁহাই আৰু লালুকসোলা বৰফুকন ৷ বিশেষকৈ বৰফুকনে ক্ষমতালোভৰ বাবে মোগলৰ হাতত গুৱাহাটী গতাই দি চামগুৰীয়া ফৈদৰ ল’ৰামতীয়া চুলিক্‌ফা কোঁৱৰক ৰজা পাতি নিজে ৰজা হোৱাৰ সপোন দেখিছিল ৷ সেই সময়ত প্ৰাপ্তবয়স্ক কেইবাজনো ৰাজকোঁৱৰ থকা স্বত্বেও চুলিক্‌ফাক লালুকসোলাই ৰজা পাতিছিল ৷ চুলিক্‌ফাৰ সিংহাসন নিষ্কণ্টক কৰাৰ লোভ দেখুৱাই লালুকসোলাই আহোমৰ প্ৰতিটো ৰাজবংশৰ কোঁৱৰ সকলক নিধন বা অংগক্ষত কৰিবলৈ আদেশ দিয়ালে যাতে ভৱিষ্যতে কোনো ৰাজকোঁৱৰ সিংহাসনৰ দাবীদাৰ হ’ব নোৱাৰে ৷ ৰাজআজ্ঞা অনুসৰি আহোমৰ নামৰূপীয়া, দিহিঙ্গীয়া, চামগুৰীয়া আটাইকেইটা ৰাজবংশৰ কোঁৱৰ সকলক এফালৰ পৰা নিধন কৰাৰ লগতে যাক যতে পাই অংগক্ষত কৰিছিল ৷ সেই সময়ত শক্তিশালী ৰাজকোঁৱৰ আছিল তুঙ্‌খুঙীয়া ফৈদৰ গোবৰ ৰজাৰ পুত্ৰ লাঙি গদাপাণি ৷ এই গদাপাণিৰ পত্নী আছিল মাদুৰীৰ লাই থাপনা বৰগোঁহাইৰ জীয়ৰী জাই ম তি ৷ প্ৰকৃততে জাই ম তি শব্দটো তাই ভাষাৰ ৷ জাই মানে হ’ল ৪ৰ্থ সন্তান, ম মানে জ্ঞান আৰু তি মানে ঠাই বা পৃথিৱী অৰ্থাত পৃথিৱীৰ ৪ৰ্থ জ্ঞানী সন্তান ৷ ক্ৰমান্বয়ে অসমীয়া ভাষাৰ প্ৰভাৱত জাই ম তিৰ পৰা জয়মতী হ’ল বুলি তাঈ ভাষাবিদ সকলে কয় ৷ এতিয়া আহোঁ মূল বিষয়লৈ -
জনমানসত আমি সকলোৱে জয়মতীক সতী বুলি আখ্যা দিওঁ ৷ কিন্তু সতীৰ অভিধানিক অৰ্থ বিশ্লেষণ কৰিলে আমি পাওঁ যে জয়মতীয়ে সতীত্ব ৰক্ষাৰ বাবে প্ৰাণত্যাগ কৰা নাছিল ৷ নিজৰ ৰাজপাট নিষ্কণ্টক কৰি ৰাখিবৰ বাবে যেতিয়া ল'ৰা ৰজাই এফালৰ পৰা আহোম ৰাজকোঁৱৰ সকলক নিধন কৰি আহিছিল তেতিয়া জয়মতীয়ে অনুধাৱন কৰিছিল যে আহোম ৰাজত্ব অচিৰেই পতনৰ সন্মুখত , এনেদৰে থাকিলে ৰজা হ’বৰ উপযুক্ত কোঁৱৰ এজনো বাচি নাথাকিব ৷ সেইসময়ত জয়মতীয়ে বুজি পাইছিল ৰজা হ’বৰ উপযুক্ত খুনবাউ অৱশিষ্ট গদাপাণি । সেয়েহে লাঙি গদাপাণিক পলুৱাই পঠোৱাটোৱে আছিল জয়মতীৰ বাবে লেংদন প্ৰদত্ত পৱিত্ৰ কৰ্তব্য ৷ ফলত গদাপাণিৰ অৱস্থিতি জানিবৰ বাবেই জয়মতীক ৰজাৰ ফালৰ পৰা শাস্তি দিয়া হয় আৰু যাৰ ফলস্বৰূপে জয়মতীয়ে মৃত্যুবৰণ কৰিব লগা হয় ৷ গতিকে আমি দেখা পাওঁ জয়মতীয়ে নিজৰ সতীত্ব ৰক্ষাৰ স্বাৰ্থত মৃত্যুবৰণ কৰা নাছিল বা স্বামীৰ বাবেও কৰা নাছিল ৷ তেওঁৰ মৃত্যু হৈছিল দেশৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত, এজন উপযুক্ত খুনবাউক এজন চাও ফা হিচাপে আহোম ৰাজতন্ত্ৰৰ অস্তমিত সূৰ্য্যক জীয়াই ৰখাৰ স্বাৰ্থত ৷ সেয়েহে জয়মতী এগৰাকী সতী নহয়, তেওঁ এগৰাকী তাই তাং মুঙ্‌ যাক অসমীয়া ভাষাত কোৱা হয় শ্বহীদ ৷ সেয়েহে জয়মতীয়ে মৃত্যুৰ সময়ত স্বামীক মতা নাছিল, " চাও নু ৰূ চাও কাও " প্ৰাৰ্থনাৰে লেংদনৰ হাতত ৰাজ্যভাৰ দিহে তেওঁ মৃত্যুবৰণ কৰিছিল ৷ গতিকে জয়মতীক সতী বুলি আখ্যা দি তেখেতৰ সতীত্ব হৰণ কৰাতকৈ এক মহান ব্যক্তি আখ্যা দি তেখেতৰ শ্বহীদত্বক সন্মান কৰাটোহে জাতিটোৰ বাবে সমীচিন হ’ব ৷ ইয়াৰ উপৰিও জয়মতীৰ বিষয়ে বিস্তৃত্ব অধ্যয়ন নকৰাকৈ ভালেমান লিখকে অতিৰঞ্জিত কাহিনী সংযোগ কৰি জয়মতীৰ চৰিত্ৰটোক বিকৃত ৰূপ দি আহিছে ৷ তদুপৰি জয়মতীক হিন্দু নাৰীৰ ৰূপ দি(কঁপালত ফোট দি) আজিকালি অভিনয় প্ৰদৰ্শন কৰাও দেখাও যায়। উল্লেখ্য যে তাঈ-আহোম নাৰীয়ে কঁপালত ফোট নলয়। এইবোৰৰ সমালোচনা কৰি শুদ্ধ ৰূপটো প্ৰকাশ কৰাত আমাৰ নৱপ্ৰজন্মই গুৰুত্ব দিব লাগে ৷ তাৰ লগে লগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জয়মতীক দাঙি ধৰাৰ প্ৰচেষ্টা হাতত লব লাগে যাতে আন বহুতৰ দৰেই জয়মতীও যাতে আমাৰ মাজত চিৰদিন জিলিকি থাকে ৷
সহায়ক পুথি:-
১) জয়মতী মালিতা , কৃপানাথ ফুকন
২) কাৰ্শলা আৰু কাঠী চেলেকা বুৰঞ্জী - নগেন হাজৰিকা -