সমসাময়িক প্ৰেক্ষাপটত আহোমৰ দ্বায়িত্ব আৰু কৰ্তব্য ✍খুনলাই বৰগোহাঁই

যি আহোমে অসমত ৰাজত্ব কৰি ৰাজ্য খনক জয় জয় ময়-ময় অৱস্থালৈ আনিছিল, সেই আহোম সুপৰিকল্পিত মেৰপেঁচত পৰি পথৰ ভিক্ষাৰী হ’ল। আহোমৰ স্বাধীনতা যোৱা ডেশৰ বছৰতকৈ মাত্ৰ কেইটামান বেছি দিন অতিবাহিত হোৱাৰ লগে লগে আজি ৰংঘৰত ফাট মেলিল, কাৰেংঘৰৰ মুধচ খহি গ’ল, দৌল দেৱালয়ত বট গছে মেৰিয়াই ধৰিলে।তাত আজি শগুণৰ বাহ হ’ল সাগৰ সদৃশ পুখুৰী বহুত ইতিমধ্যে পোত গ’ল(উদাহৰণ স্বৰূপে ডিব্ৰুগড় জিলাৰ বববৰুৱা চাহ বাগিছা মাজত থকা বৰুবৰুৱা পুখুৰী)। গড়সমূহক খহাই দিয়া হ'ল। অন্যান্য নিৰ্মাণসমূহত শিয়ালে বাঁহ ল’লে। অসমৰ বাহিৰৰ অন্যান্য ঠাইৰ পুৰণি স্মৃতি চিহ্নসমূহক সযতনে সংৰক্ষণ কৰা হয়।কিন্ত আহোমৰ বিলাক সুপৰিকল্পিতভাৱে ধ্বংস কৰিবলৈ বিচৰা হৈছে। ৰংঘৰ, কাৰেংঘৰক গুৱনিত পৰিণত কৰা হ’ল। যি জেৰেঙা পথাৰত স্বৰ্গদেউসকলে সৈন্যক সামৰিক প্ৰশিক্ষণ দিয়াইছিল, সেই পথাৰখনৰ মাটি বন্দোবস্তি দি জোৰোঙাৰ সতীত্বক ধৰ্ষণ কৰা হ’ল। সেই জয়মতী নামৰ কোনো নাৰী নাছিল,ই এটা কাল্পনিক ঘটনা বুলি অভিহিত কৰাৰ উদ্দেশ্যে টুলুঙা যুক্তি দাঙি ধৰা হ’ল। মৈদামৰ মাটি আনৰ দখলত গ'ল(ডিব্ৰুগড় জিলা চেঁচা তিনিআলিত থকা বৰবৰুৱা মৈদামৰ মাটি এতিয়া নাম মাত্ৰহে আছে বুলি কব পাৰি তাকো ই ধ্বংস গতিত)।আহোমৰ পুৰণি কীৰ্তি চিহ্নসমূহ ভাঙি শেষ হৈ গ’লেই আহোমৰ অস্থিত শেষ হৈ যাব, তেনে মনোভাৱে বহুতৰ হৃদয়ত জহৰা গজিল। আহোমৰ শ্বহীদ সকলক পাহৰি গ’ল। আন নালাগে সতী জয়মতীৰ স্মৃতিক পাহৰি গল।বীৰ লাচিতক পাহৰি গ’ল(এবাৰ লাচিত দিবসত বন্তি প্ৰজলন কৰোতে এজন আহোমৰ জেষ্ঠব্যক্তিয়ে আমাক কৈছিল বাহ লাচিত উলাবলৈ আহিছ নেকি বুলি আমাক অপমানিত কৰিছিল) শ্বহিদ
পিয়লি ফুকন যি অসম মাতৃক বৃটিছৰ কবলৰ পৰা মুক্ত কৰিবলৈ পোন প্ৰথমে যত্ন কৰিছিল সেই শ্বহীদৰ ত্যাগ আজি সমাজত আদৰ নোহোৱা হ’ল। আহোম ৰমণী বিশ্ব বীৰাংগনা মূলাগাভৰুৰ স্মৃতি আজি হেৰাই গ’ল। ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথম অসমীয়া বিদ্ৰোহী গোমধৰ কোঁৱৰক আজি সোঁৱৰিব লাগে বুলি নজনা হ’ল। বিশ্ব বিখ্যাত কৃষ্ণকান্ত সন্দিকৈ, যিজনৰ পাণ্ডিত্যৰ সোৱাদ ল’বলৈ অসমতহে নালাগে সমগ্ৰ ভাৰতৰ উপযুক্ত লোক নাই, সেই পণ্ডিতজন হ’ব লাগিছিল অসমৰ ‘জাতীয় পণ্ডিত’। কিন্ত নহল, হ’ল ‘পণ্ডিত প্ৰৱৰ’। তোখেতৰ মৃত্যু দিনত অসম দম-দমাই চলি থাকিল, বন্ধ নহ’ল। অসম সাহিত্য সভাত প্ৰথম সভাপতি পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ প্ৰথম জন্ম শতবাৰ্শিক কেনে লেই লেই চেই চেই অৱস্থাত পতা গ’ল, সেইটো সকলো ৰাইজে দেখিলেই। আহোমৰ ৰাজত্ব পুনৰ ঘূৰি আহাৰ ভয়ত সুৰেন বুঢ়াগোহাঁইদেৱক সুপৰিকল্পিতভাৱে ঠেলা দি বৰশীৰ টোপসহ অসমৰ ৰাজনীতিৰ পৰা বাহিৰ কৰি দিয়া হ’ল।
আহোমৰ ৰাজত্ব অন্ত পৰা মাত্ৰ কেইদিন মানৰ পাছতেই আহোমসকল হ’ল অন্যান্য পিছ পৰা জাতি। বৰ্তমান আহোমসকলৰ থকা ঠাই নোহোৱা হ’ল, ৰাম হৰি গাই, এলেহুৱা হ’ল(ইয়াত মোৰ দেউতাক উল্লেখ কৰিব পাৰি আহিন মাহত কাম বন নকৰি গোটেই মাহটো নামঘৰত ৰাম হৰি গাই।যি আহোমে গোটেই অসম ৰাজত্ব কৰিছিল সেই আহোম আজি নিজৰ দেশত আজি লঘোণে মৰিছে(বৰ্তমান আহোমৰ বহু সংখ্য লোক আছে যি সকলৰ আৰ্থিক অৱস্থা তেনেই লৰিল, ভাল দৰে মন কৰিলে দেখা যায় যে আহোমৰ থকা ঠাই নোহোৱা হৈছে)। যি আহোমে ৰাজ্যৰ প্ৰজাক খুৱাইছিল, সেই আহোমৰ ৰাজত্ব যোৱাৰ আহোম প্ৰজাত পৰিণত হ’ল আৰু প্ৰজা হৈ নিজৰ দেশতেই ভোকত দিন কটাব লগা পৰিছে। ৰণত টাঙলি বন্ধা পৰিৰ্ৱতে আজি আহোমে পেটত গামোছা বান্ধে। নিজৰ ধৰ্মৰ পৰা আতৰি আহা হাস্তি ভূগিছে নাইবা পৱিত্ৰ ‘মে-দাম-মে-ফীৰ পৰা বিৰত থকা ফল পাইছে ।
শেষত হ’লগৈ আহোম বিদেশী। নিজ দেশ থাইলেণ্ডলৈ ঘূৰি যোৱা আহোম সকল, তোমালোক বিদেশী বুলি বহুতো প’ষ্টাৰ আজি কিছুদিনৰ আগতে অসমৰ বিভিন্ন ঠাইত উলাই গ’ল। আমি থাইলেণ্ডৰ পৰা, আহিলো য়ুন্নানৰ পৰা ।হে আহোম সকল, আমি কি আছিলো, কি হৈ গ'লো আৰু ডেৰশ বছৰৰ পাছত চাগে ইয়াত আমাৰ অস্তিত্ব নাথাকিব।হয় আমি আমাৰ এই দেশ এৰি গুচি যাব লাগিব, নহয় এই ঠাইতে কুকুৰ-মেকুৰী,কেঁচু-কুমতিৰ দৰে জীৰাই থকিব লাগিব। আহোম শব্দটো অভিধানতো নাথাকিব। আমি জীয়াই থাকিম নে শেষ হৈ যাম। নাই আমি শেষ নহও আমি জীয়াই থাকিম আৰু জীয়াই থাকিব লাগিব।আহক আমি আমাৰ সংস্কৃতি, ভাষা আৰু ধৰ্ম(ফুৰালুং) আমি ঘুৰাই আনো।
সংগ্ৰহ— চকৰী ফেটি বুৰঞ্জী ,
চাও নগেন হাজৰিকা