বুৰঞ্জীৰ পম খেদি– চৰাইদেউ –দিলীপ কুমাৰ বুঢ়াগোহাঞি, গড়গাঁও

অতীজ কালত অসমক কামৰূপ নামেৰে শুনা গৈছিল। পুৰাণ আৰু তন্ত্ৰ মতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত কামৰূপক চাৰিটা খণ্ডত ভাগ কৰা হৈছে। এই খণ্ডকেইটাৰ প্ৰত্যেককে একোখন পীঠস্থান বুলি কোৱা হৈছিল। সেই অনুক্ৰমে দিকৰাই বা দিক্কৰ বাসিনী বা দিক্ৰং নদীৰ পৰা ভৈৰৱী বা ভৰলী নদীলৈকে সৌমাৰ পীঠ, ভৈৰৱীৰ পৰা ৰূপিকা বা ৰূপহী নদীলৈকে স্বৰ্ণ পীঠ, ৰূপিকাৰ পৰা সোণকোষ নদীলৈকে কামপীঠ আৰু সোণকোষৰ পৰা কৰতোৱা নদীলৈকে ৰত্নপীঠ বুলি কোৱা হৈছিল। পিছলৈ সৌমাৰ পীঠ হ'ল উজনি অসম, স্বৰ্ণ পীঠ হ'ল মধ্য অসম আৰু কামপীঠ হ'ল নামনি অসম। ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাৰুৱা সমতলভুমিত গঢ় লৈ উঠা অসম দেশৰ পূবে মিছিমি, চিংফৌ আদি পাহাৰীয়া জাতিয়ে বসবাস কৰা পৰ্বতবিলাক, পশ্চিমে মানাহ নদী, উত্তৰে ভোট, অকা, ডফলা, আবৰ আদি সকল থকা পৰ্বতশ্ৰেণী আৰু দক্ষিণে নগা, খাচীয়া, গাৰো আদি জাতি-জনজাতি সকল থকা পৰ্বতশ্ৰেণী।
ইয়াৰ সৌমাৰ পীঠতেই দক্ষিণ চীনৰ মং-মাও-লুঙৰ পৰা এক বৃহৎ অনুগামীৰ দল লৈ তাই বংশৰ এজন বাহুবলী বিচক্ষণ ৰাজকোঁৱৰ চাওলুং-ছু-কা-ফাই অতি বিপদ সঙ্কুল পাহাৰীয়া পথেৰে প্ৰবজন কৰি ১২২৮ খ্ৰীষ্টাব্দৰ ১৬ আঘোণৰ দিনা প্ৰথম পদাৰ্পন কৰিলেহি। নামৰূপ, তিপাম, অভয়পুৰ, শলগুৰি, হাবুঙ্গ, শিমলুগুৰি আদি ঠাইত তিনি-চাৰি বছৰকৈ থাকি ছুকাফাই ১২৫৩ চনত চৰাইদেউত স্থায়ী ৰাজধানী পাতি অসমত ছশ বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলে। ছুকাফাৰ উপৰিপুৰুষ আছিল স্বৰ্গাধিপতি লেংডন আৰু তেওঁৰ নাতি খুন-লুঙ্গ। অতীজতে দক্ষিণ পূব এচিয়াত মুঙ-ৰি-মুঙ-ৰাম নামেৰে এখন তাই বংশৰ লোকসকলৰ ৰাজ্য আছিল। এইখন ৰাজ্য আছিল মেকং নৈৰ পশ্চিম উপত্যকাত। ইয়ালৈ প্ৰবজন কৰি অহা তাই জাতিৰ লোকসকলক নেতৃত্ব দিছিল ৰাজফৈদৰ দুজন ককাই-ভাই খুন-লুঙ আৰু খুন-লাইয়ে। মুঙ-ৰি-মুঙ-ৰামক মঙ-মাও-লুঙ বুলিও কোৱা হৈছিল। ইয়াৰ ৰজা খুন-লুঙৰ বংশৰ পৰিনাতি চাও চাং-ন্যেউ বা ফু-চাং-কাংৰ পুত্ৰ হ'ল আহোম ৰাজ্যৰ প্ৰথম স্বৰ্গদেউ চাওলুং-ছুকাফা।
আহোম ভাষাৰ চে-ৰাই-ডয়ৰ পৰা চৰাইদেউ নাম প্ৰচলিত হয় বুলি সৰহসংখ্যক বুৰঞ্জীবিদ আৰু পণ্ডিতৰ মত। তাই আহোম ভাষাত চে-ৰ অৰ্থ নগৰ, ৰাই-ৰ জিলিকি থকা আৰু ডয়-ৰ অৰ্থ পাহাৰ; অৰ্থাৎ পাহাৰৰ ওপৰত জিলিকি থকা নগৰ। ইয়াক চে-তাম-ডয় চে-লুঙ-চে-খাম বুলিও কৈছিল। পিচত চে-ৰাই-ডয়ৰ পৰাই এই ঠাইৰ নাম চৰাইদেউ হ'ল। আহোম বুৰঞ্জী চে-ডয়-খাম, ডয়-চে, ডয়-চে-লুং বা কেৱল ডয় বুলিও চৰাইদেউক উল্লেখ কৰা দেখা যায়। বৰ্তমান শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ পূবত ধোদৰ আলিৰ কাষত ধোপাবৰ মৌজাৰ ভিতৰত চৰাইদেউ অৱস্থিত। বৰ্তমান নগা পাহাৰৰ উত্তৰ কাষে থকা চৰাইদেউ হ'ল কিছু সমতল আৰু কিছুমান সৰুবৰ টিলাৰ সমষ্টি মাথোন। ইয়াত আহোম সকলে ৰাজধানী স্থাপন কৰাৰ পূৰ্বে বৰাহীসকলৰ পূজা সেৱাৰ স্থান আছিল।
বৰ্তমান চৰাইদেউ বুলিলে এই স্থান মৈদাম নগৰী বুলিহে বিখ্যাত। ইয়াত পূবে নিমনাগড়ৰ পৰা দক্ষিণ পশ্চিমে লেঙিবৰ চণ্টকলৈকে প্ৰায় ছয় কিলোমিটাৰ জুৰি লানি পাতি পাহাৰৰ দৰে কেইবা শাৰীত কেইবাশ ৰাজপৰিয়ালৰ মৈদাম আছে। ছশ বছৰীয়া আহোম ৰাজত্ব কালত ৰজা, ৰাণী, ৰাজমাও, কোঁৱৰ, কুঁৱৰী, ৰজাৰ ককাই-ভাই আদি ৰাজপৰিয়ালৰ লোকসকলৰ প্ৰায় সকলোকেই ইয়াত মৈদাম দিয়া হৈছিল। সিংহাসনত বহা স্বৰ্গদেউজনৰ যতেই মৃত্যু নহওক কিয় তেওঁলোকৰ শৱদেহ অথবা [পিচলৈ] চিতাভস্ম আনি চৰাইদেউত মৈদাম দিয়া হৈছিল। এইবাবেই চৰাইদেউ একপ্ৰকাৰ আহোমসকলৰ জেৰুজালেম স্বৰূপ। ইয়াত থকা মৈদামসমূহৰ ভিতৰত বৰ্তমান কেন্দ্ৰীয় পুৰাতত্ব বিভাগে ৰুদ্ৰ সিংহ, ৰাজেশ্বৰ সিংহ, শিৱ সিংহ আৰু লক্ষ্মী সিংহৰ মৈদাম চাৰিটা সংৰক্ষণৰ আওতালৈ আনিছে আৰু ৰাজি্যক পুৰাতত্ব বিভাগে অন্য পোন্ধৰটা মৈদাম সংৰক্ষণ কৰিছে। চৰাইদেউত থকা বাকী সকলো মৈদাম অসংৰক্ষিত অৱস্থাত থাকি মানুহৰ চূড়ান্ত অৱহেলা আৰু অত্যাচাৰৰ বাবে ধ্বংশৰ ক্ষণ গণিব লগা হৈছে। উল্লেখযোগ্য যে ইয়াত লাংকুৰি দ'লৰ পশ্চিমলৈ থকা কুঁৱৰীসকলৰ মৈদাম লানিৰ ভিতৰতে ফুলেশ্বৰী কুঁৱৰীৰ মৈদামৰ ওপৰত চৰাইদেউ চাহ বাগিছা স্থাপনৰ সময়ৰ পৰাই মেনেজাৰৰ বাংলা সাজি অধিগ্ৰহণ কৰি আহিছে। ইয়াক আঁতৰাই সংৰক্ষণ কৰাৰ কোনো ব্যৱস্থা আজি পৰ্য্যন্ত গ্ৰহণ কৰা হোৱা নাই। আকৌ কেন্দ্ৰীয় পুৰাতত্ব বিভাগে ভ্ৰমণকাৰীক দেখুৱাবৰ কাৰণে ৰাজেশ্বৰ সিংহৰ মেদামটো আজিৰ পৰা দহ-বাৰ বছৰ আগতে খান্দি ইয়াৰ ভিতৰত থকা ৰুঙ-দাঙৰ পকী গাথঁনি উন্মোক্ত কৰি কোনো মেৰামতি বা সংৰক্ষণ নকৰাকৈ ৰ'দ বৰষুণত জাহ গৈ ধ্বংশ হবলৈ এৰি দি পুৰণি কীৰ্ত্তিচিহ্ন সংৰক্ষণৰ নামত ডূড়ান্ত ৱহেলা আৰু অৱজ্ঞাৰ পৰিচয় দিছে। মিচৰৰ বিখ্যাত পিৰামিড সদৃশ চৰাইদেউৰ মৈদামসমূহ প্ৰকৃতপক্ষে অসমৰ অতি আপুৰুগীয়া সম্পদ ।
মৃতদেহক মৈদাম দিয়াৰ ব্যৱস্থা হ'ল আহোম সকলৰ এক পুৰণি প্ৰথা। খৃষ্টপূৰ্ব তিনি হাজাৰ বছৰৰেই পৰা তেওঁলোকৰ মাজত এই মৈদাম দিয়াৰ প্ৰথা নিৰৱ¿চ্ছন্ন ভাৱে চলি আহিছে। মৈদাম দুই প্ৰকাৰৰ- এবিধ কাঠ, বাঁহ আৰু মাটিৰে সজা কেঁচা মৈদাম আৰু আনবিধ হ'ল শিল ইটাৰে পকীঘৰ সাজি তাৰ ওপৰত মাটি জাপি সজা পকী মৈদাম। কেঁচা মৈদামৰ ক্ষেত্ৰত শাল, শিঙৰি, উৰিয়াম আদি টান কাঠৰ খুটাৰে ১৫/১৬ হাত দীঘল আৰু জ্জ্বযজ্ঝ হাত বহল কৰি গঁৰাল মাৰি তাৰ ভিতৰত মৃতদেহ ৰাখি জীৱিত কালত ব্যৱহাৰ কৰা সা-সজুলি আৰু দ্ৰব্যসহ সকলো বস্তু যতনাই ৰাখে আৰু তাৰ পিচত গঁৰালৰ ওপৰত মাটি জাপি দ'ল যেন কৰি মৈদাম বান্ধে। পকী মৈদামৰ ক্ষেত্ৰত শিল আৰু ইটাৰে পকী ঘৰ সাজি তাৰ ভিতৰত মৃতদেহ আৰু মৃতকৰ বাবে লাগতীয়াল আৰু ব্যৱহাৰ্য সকলো বস্তু ৰাখি ঘৰৰ দুৱাৰ বন্ধ কৰি তাৰ ওপৰত দ'ল যেন কৰি মাটি জাপি মৈদাম বান্ধে। এনে পকী মৈদামত সাধাৰণতে পাঁচটা অংশ থাকে। এই অংশ কেইটা হ'ল– ৰ] গৰ্ভ বা গৰ্ভগৃহ [তল], 2] যটক [ওপৰ পহল], 3] টকৰ ওপৰত ঘট চূলাৰে সৰু মন্দিৰ, চ্ছ্ৰ] গড় আৰু প্ত] গা-মৈদাম। মৈদামৰ ওপৰ অংশত কেৱল স্বৰ্গদেউ সকলৰ মৈদামতহে মন্দিৰ বা দ'ল নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰ সাধাৰণতে ইটাৰে চাৰিচলী কৰি সজা হৈছিল। চৰাইদেউত এনে ঘট চূলাৰ ভগ্নাংশ বৰ্তমান এটা মৈদামতহে দেখিবলৈ পোৱা যায়। পকী মৈদাম দুই বা তিনি মহলীয়াকৈ নিৰ্মাণ কৰাৰ কথাও বুৰঞ্জীয়ে সাক্ষ্য দিয়ে। ইয়াৰ ওপৰ মহলালৈ যাবলৈ জখলা বা খটখটীও দিয়া হৈছিল। পকী মৈদামৰ তলৰ মহলা কেইটা শিল আৰু ইটাৰে গাঁথি ইয়াৰ ওপৰত মাটি জাপি দ'ল যেন কৰিছিল। গড় হ'ল ইটা আৰু শিলৰ জখলাৰে সৈতে মৈদামটো বেৰি ৰখা অংশ। গা মৈদাম হ'ল সমগ্ৰ মৈদামৰ গা অংশ। চৰাইদেউত থকা মৈদাম লানিত এনে গাঁথনিৰেই সমাহাৰ ঘটিছে।
আহোমসকলে মৃতকক মৈদাম দিওঁতে লগত কিছুমান নিত্য ব্যৱৰ্হায্য বস্তু দিয়াৰ নিয়ম। জীৱিত অৱস্থাত তেওঁলোকে যিবিলাক সা-সৰঞ্জাম, সোণৰ অয়-অলংকাৰ ব্যৱহাৰ কৰিছিল সেই সকলো বিলাক বস্তু মৃতকক লগত দিব লাগে। ৰাজ্যৰ ডা-ডাঙৰীয়া সকলতকৈ ৰজা, ৰাণী আৰু ৰাজমাও সকলৰ শৱদেহৰ লগত বহু বেছি বস্তু দিয়া হৈছিল। এই কাৰণৰ বাবেই ধন-সোণ বিচাৰি মোগলৰ মিৰজুমলা আৰু পিচত ধনলুৰুকাৰ হাতত পৰি চৰাইদেউৰ মৈদাম খন্দাৰ বাবে মৈদামৰ ওপৰ ভাগত বৰ্তমান দ গাঁত দেখা যায়। চৰাইদেউত ১২৫৩ চনৰ পৰা ১৩৮৯ চনলৈকে প্ৰায় ডেৰশ বছৰ আহোম ৰাজ্যৰ ৰাজধানী আছিল আৰু চুকাফা, ছুত্যেউফা, ছুবিনফাকে আদি কৰি সাতজনে ৰাজ্য শাসন কৰিছিল। পিচত চুদাংফা স্বৰ্গদেৱে ১৩৯৮ চনত ৰাজধানীখন চৰগুৱালৈ স্থানান্তৰ কৰিছিল।
চৰাইদেউ পাহাৰৰ আটাইতকৈ ওখ টিলাটোত আছিল আহোম স্বৰ্গদেউসকলৰ পূজা সেৱাৰ থলী দেওশালখন। পূৰ্বে এই স্থানত আছিল বৰাহী সকলৰ দেওঘৰ। ছুকাফা স্বৰ্গদেৱে চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰোতে ইয়াত এটা বগা ঘেঁাৰা উপৰিপুৰুষৰ উদ্দেশ্যে বলি দি অসমত আহোম ৰাজ্যৰ পাতনি মেলিছিল। এই দেওশালখন লক্ষ্মীসিংহ স্বৰ্গদেউৰ দিনত তেওঁৰ ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞিয়ে লাকুৱাৰ আমলখি ৰঙাগঢ়ালৈ তুলি নিয়ে। বৰ্তমান ইয়াত পুৰণি গেদওশালখনৰ দুটামান আঠসিৰীয়া শিলৰ খুটা আৰু তাৰ ওচৰত ধ্বংশস্তুপত পৰিণত হোৱা শিল ইটাৰ ভগা টুকুৰা সম্বলিত ভেটিটো মাত্ৰ আছে। দেওশালৰ ওচৰলৈ যাবলৈ একা বেকা পথত ব্যৱহাৰ কৰা চটীয়া শিল আৰু ইটাৰ খটখটীৰ চিহ্ন বৰ্তমান হেৰাই হৈছে।
চৰাইদেউ দেওশালৰ পশ্চিম কাষত থকা ওখ টিলাটোত গদাধৰ সিংহ স্বৰ্গদেৱে এটা দ'ল নিৰ্মাণ কৰিছিল। ইয়াৰ নাম লাংকুৰি দ'ল। ইংৰাজৰ শাসন কালত এই দ'লটোৰ ইটাৰে চাহ বাগিছাত চাহাবৰ বঙলা সজাত ব্যৱহাৰ কৰিলে। বৰ্তমান ইয়াত পূৰ্বৰ পেগুদা আকৃতিৰ দ'লৰ ভগ্নাংশ সমূহ মাথোন সিচৰতি হৈ পৰি আছে। সদ্য্যহতে এই স্থান পুৰাতত্ব বিভাগে অধিগ্ৰহণ কৰি উন্নয়ন কৰা দেখা গৈছে। ইয়াৰ এই দুই দেৱস্থানৰ নামনিলৈ উত্তৰ ফালে আছিল পূৰ্বৰ ৰাজধানীখন। বৰ্তমান ভগ্নাৱস্থাত থকা এটা গড়ৰ বাহিৰে পূৰ্বৰ চিহ্ন হেৰাই গৈছে। ইয়াৰ নামনিলৈ ধোদৰ আলিৰ উত্তৰ কাষে কলিয়ামাটিৰ চাৰিওফালে গড় মাৰি লোৱা ৰজাবাৰীখনে পূৰ্বৰ স্মৃতি বহন কৰি আছে।
চৰাইদেউত কেইবাটাও মজলীয়া আকাৰৰ পুৰণি পুখুৰী আছে। ছুকাফা নগৰৰ ওচৰত ধোদৰ আলিৰ দক্ষিণ কাষে প্ৰায় সাতপুৰা মাটি সামৰি থকা পুখুৰীটোৰ নাম শ' ধোৱা পুখুৰী। ৰজাঘৰীয়া লোকৰ শৱ দেহ মৈদামত গোৰ কৰাৰ পূৰ্বে এই পুখুৰীত ৰীতিমতে পুৰোহিতে মৃতকৰ গা ধুৱাইছিল। শ' ধোৱা পুখুৰীৰ উত্তৰ ফালে ধোদৰ আলিৰ কাষত থকা আন দুটা পুখুৰীৰ নাম চিৰিং পুখুৰী। আহোম যুগত চিৰিং ফুকন নামৰ এজন বিষয়াই মৈদাম নিৰ্মাণ আৰু মৈদামত দিয়া বস্তুৰ লেখ ৰাখিছিল। চৰাইদেউ আলি কেকুৰীৰ পৰা ৰমনী আলিয়েদি সোমাই গলে পোৱা যায় পোন্ধৰ বিঘা মাটি জুৰি থকা প্ৰথম পুখুৰীটোৰ নাম মিঠা পুখুৰী বা বৰগোহাঁই পুখুৰী আৰু চৰাইদেউ চাহবাগিছাৰ কলঘৰ পাৰ হৈ দক্ষিণ পশ্চিমে থকা প্ৰায় ২৮ বিঘা মাটি কালিৰ পুখুৰীটোৰ নাম বুঢ়াগোহাঁই পুখুৰী বা লেঙ্গীবৰ পুখুৰী।