তাঈ আহোম— প্ৰথম অসমীয়া সমাজৰ বাটকটীয়া ( এক চমু অৱলোকন) ® চাও উদিত ফুকন ৷

আমাৰ পূৰ্বপুৰুষ সকল আছিল শ্যাম দেশৰ বাসিন্দা | শ্যাম দেশক বৰ্তমান থাইলেণ্ড নামেৰে জনা যায় | পূৰ্বতে শ্যাম দেশত বসবাস কৰা প্ৰায় বিলাক মঙ্গোলীয়ান জনগোষ্ঠীৰ লোক সকলে তাও ধৰ্ম পালন কৰিছিল | সেই বাবে উক্ত শ্যাম সকলক 'তায়ী' বা তাই বুলি কৈছিল | উক্ত তাই জনগোষ্ঠীয় লোক সকলৰ ভিতৰত তাই আহোম, তাই খামতি, তাই ম্যান, তাই তুৰুং , তাই খামিয়াং আৰু তাই ফাকে আদি | তাৰ ভিতৰত বিশেষকৈ তাই আহোমসকলে বাস কৰিছিল বৰ্তমান লাউচ আৰু কম্বোদিয়াৰ মাজৰ ম্যুংৰি ম্যুংৰাম নামৰ ঠাইত ৷ তাই আহোম সকলে পূৰ্বৰ পৰাই নিজকে আহোম বুলি চিনাকি দি ভাল পায় আৰু তেওঁ লোকে বিস্বাস কৰে যে আহোম সকল স্বৰ্গৰ ৰজা লেংদনৰ বংশধৰ | কিন্তু প্ৰবাদমতে পৃথিৱীত শাসন কৰিবলৈ স্বৰ্গৰ ৰজা লেংদনে পঠোৱা তেওঁৰ নাতি খুনলুং আৰু খুনলাইহে প্ৰকৃতত লেংদন বংশীয় আৰু বুৰঞ্জীয়েও তাকেই কয় | ধাৰণা কৰিব পাৰি যে আহোম স্বৰ্গদেউ সকলৰ উপৰি পুৰুষ দুজনাক লেংদনে স্বৰ্গৰ পৰা প্ৰেৰিত কোনো দিব্যযানৰ পৰা সোণালী ৰঙৰ শিকলি সদৃশ জখলাৰে পৃথিৱীত পদাৰ্পণ ঘটাইছিল | সেয়ে তেওঁলোকে সোণৰ জখলাৰে পৃথিৱীলৈ নামি অহা কথা বুৰঞ্জীয়ে নুই কৰা নাই | সকলোবোৰ কথা চালি-জাৰি চাই কিছু কথা ধাৰণা কৰিব পাৰি যে সেই সময়ত ম্যুংৰি মুংৰামকে ধৰি সমগ্ৰ শ্যাম দেশতে অসংগঠিত ভাবে তাই জনগোষ্ঠীয় লোক সকলে বাস কৰিছিল আৰু তাৰ সমান্তৰাল ভাৱে শ্বান জনগোষ্ঠীয় (বৰ্তমান চীনা ) লোক সকলেও সহাৱস্থান কৰি আছিল | উক্ত স্হানত তেওঁ লোকৰ মাজত আকস্মিক ভাৱে সোঁ-শৰীৰে অাৰ্ৱিভাব হোৱা লেংদন প্ৰেৰিত তেজস্বী দিব্য পুৰুষ দুজনাক বিনা দ্বিধাই তাই আহোম সকলে স্বৰ্গৰ প্ৰতিনিধি, স্বৰ্গদেউ ৰূপে আদৰি লৈছিল | পৰবৰ্তী সময়ত আহোম সকলে স্বৰ্গদেউ খুনলুংঙে যথা নিয়মেৰে চোমচেঙক প্ৰতিষ্ঠা কৰি ৰজা সিংহাসন আৰোহণ কৰিছিল আৰু উক্ত স্থানৰ পৰাই শ্যাম দেশীয় ভূমি পুত্ৰ সকলক সু-সংগঠিত কৰি ৰাজ্য শাসনৰ পাতনি মেলিছিল | প্ৰবাদ মতে স্বৰ্গদেউ খুনলুঙে দিব্য হস্তিত উঠি দিব্য অস্ত্ৰ হেংদাং সিফালে টোঁৱাইছিল সেই ফালে ৰাজ্য বিস্তাৰিত কৰিছিল বুলি বুৰঞ্জীত উল্লেখ পোৱা যায়| পৰবৰ্তী সময়টো স্বৰ্গদেউৰ উত্তৰ পুৰুষ সকলে বৰ্তমান চীন দেশৰ মধ্য অংশলৈকে ৰাজ্য বিস্তাৰিত কৰিছিল বুলি বুৰঞ্জীত উল্লেখ আছে | কালক্ৰমত শ্বান(চীনা) সকল বেছি শক্তিশালী, চতুৰ তাৰোপৰি অত্যাচাৰী হোৱাত শ্যাম দেশত তাই গোষ্ঠীয় লোক সকল তিস্থি থাকিবলৈ টান হৈছিল | তাৰ ফলত বহু তাই জনগোষ্ঠী যেনে খামটি, খামিয়াং, তৰুং, আইতনীয়া, ম্যান, ফাকে আদি পাটকাই ফাললৈ আঁতৰি আহিব লগা হৈছিল আৰু আহোম সকলেও সেই সময়তে পূৰ্বৰ ঠাই এৰি মাওলুঙৰ ফাললৈ স্হান পৰিবৰ্তন কৰিছিল |
তাও ধৰ্ম পৰিপন্থী কুনকুচিয়াচৰ মতবাদত বিশ্বাসী চীনা সকলে কালক্ৰমত সংগঠিত হৈ স্বকীয় ৰাজত্ব জাহিৰ কৰিছিল | আনহে নালাগে তেওঁ লোকৰ ভিতৰৰে কোনোবা এজন ৰজাই নিজকে স্বৰ্গৰ প্ৰতিনিধি Quing ক্যিং বুলি কোনোবা পৰ্ব্বতৰ পৰা সোণবৰণীয়া এডাল জখলাৰে নামি আহি ঘোষণা কৰিছিল আৰু ইতিহাসত স্বৰ্গৰ প্ৰতিনিধি হিচাপে আন কাৰোবাৰ নাম যাতে নাথাকে তাৰ বাবে ক্যিং সকলে তাই জাতিৰ বুৰঞ্জী দহনৰ কাৰ্যও সম্পন্ন কৰিছিল | (ড: দয়ানন্দ বৰগোহাঁই মতে চীনা সকলে কৃষি বুৰঞ্জী বিলাকৰ বাদে তাই জাতিৰ বুৰঞ্জী একেবাৰে পুৰি চাই কৰিছিল | ) সেয়েহে আহোম সকলে বুৰঞ্জী লিখিবলৈকে বাদ দিছিল, যাৰ বাবে আজিও পাটকাইৰ সিপাৰে তাই আহোমৰ বৰ্ণীল ইতিহাস লিখিত ৰূপত পোৱাৰ পৰিৱৰ্ত্তে মুখে মুখে প্ৰবাদৰূপে প্ৰচলিত হৈ আছে | তেনে এটা প্ৰবাদমতে খুনলুং আৰু খুনলাইক লেংদনে পৃথিৱীলৈ পঠোৱাৰ সময়ত তেওঁ লোকৰ প্ৰয়োজন হোৱাকৈ কিছুমান মূল্যবান সম্পদ লগত দি পঠাইছিল | সেই সম্পদ কেইটা হ'ল যেনে এটি বিগ্ৰহ ( চুম চেং ) এটা বগা হাতী, এখন দিব্য তৰোৱাল (হেংদাং) কেইযোৰ মান দেওলগা কুকুৰা (কাইচেংমং), এযোৰ ঢোল তাল (ক্কং) আৰু চোমচেঙৰ পূজাবিধ (খেকলাই ) | কোনো কোনো মতে উক্ত সম্পদ কেইটাৰ উপৰিও সোণৰ সিংহাসন, সোণৰ চত্ৰ, সোণৰ ৰাজদণ্ড, বুঢ়াগোহাঁই, মহন, দেওধাই ফুকন, বাইলুং আৰু লুখুৰাখন ফুকনকো স্বৰ্গৰ বীজ (মপ্লং) হিচাপে সম্বন্ধিতে পঠাইছিল আৰু সেয়ে হ'ল সাতঘৰীয়া আহোম |
পৃথিৱীত পদাপৰ্ণ কৰোতে খুনলুঙে চোমচেঙক হাতত লৈ আহিছিল যদিও বাকী বস্তু কেইপদ আদবাটতে এৰি থৈ আহিছিল | পিছত সেই বস্তু কেইপদ আনিবলৈ কাৰোবাক পঠাবলৈ বিচাৰিলে কিন্তু আহোম সকলৰ মাজৰ পৰা কোনোৱে সাহস নকৰিলে | পিছত 'খে' নামৰ বহতীয়া চীনা এটাই উপযাচি যাবলৈ ওলোৱাত স্বৰ্গদেউ খুনলুঙে সন্মতি প্ৰদান কৰিলে | চতুৰ চীনা খেই বস্তু কেইপদ আনি দিলেহি যদিও তাৰ প্ৰয়োগৰ আচল কৌশল বিলাক শিকি অহাৰ দৰে সকলো কথা বিবৰি নকলেহি | স্বৰ্গৰ লেংদনে কৈ পঠোৱা আচল উপদেশবিলাক আছিল " চোমচেঙক ধুৱাই-পখলাই খেকলাই পূজা ভাগ বিধিমতে বছৰত দুবাৰকৈ কৰিবি | তেতিয়া দেশৰ মংগল হ'ব আৰু অচলা লক্ষীৰ বসতি হা ধন, জন বৃদ্ধি হ'ব | কাইচেংমুং যাঁচি ৰাজ্য বঢাবি, যদি নামানে তেহে হেংদাং টোঁৱাবি আৰু হেংদাংখন পৰাপক্ষত পিঠি ফালে ৰাখি দুহাতেৰে শত্ৰুক দমন কৰিবি, প্ৰযোজন নহ'লে অসময়ত ক্কং নবজাবি, দেশৰ অমংগল হ'ব, কাইচেংমুঙৰ ঠেঙেৰে বাইলুংঙে ৰজাৰ প্ৰজাৰ মঙল (বানচেং) চাব আৰু কাইচেংমুং কাটি তাৰে ঠোঁটৰ সৈতে মূৰটো, পাখিৰ ডেউনা, নখ,পেটু তহঁত আহোম সকলে খাবি আৰু মঙহ বিলাক সিহতক (চীনা সকলক খাবলৈ দিবি | কিন্তু খে ওলোটাই আহোম স্বৰ্গদেউ আৰু আহোম সকলক মঙহ খাবলৈ দি গা গধুৰ কৰালে আৰু নিজৰ জাতি-ভাই হঁতৰ নখ, ঠেং, পেট, মুৰ, পাখি জেউনা খোৱাই গা পাতল কৰালে | সেয়েহ আহোম সকলতকৈ চীনা সকল কুকূৰাৰ দৰে ওপৰলৈ জপিয়াই যুদ্ধ কৰিব পৰা হ'ল | কংফু কেৰাটেৰ দৰে যুদ্ধ কৌশল আযত্ব কৰি হেংদাং সদৃশ নিনজা নামৰ তৰোৱাল পিঠিৰ ফালে ৰাখি খালি হাতে আৰু ভৰিৰে প্ৰতিপক্ষক ধৰাশায়ী কৰিব পৰা হ' ল |
সহায়ক গ্ৰন্থ— বাটকটীয়া, নৃপেন ফুকন
( আগলৈ)