একবিংশ শতিকা তুমি আৰু কিমান দিনলৈ নিৰ্লজ্জ" © চাও ৰাহুল চেতিয়া, বুৰঞ্জী বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়

একবিংশ শতিকা তুমি আৰু কিমান দিনলৈ নিৰ্লজ্জ ?
আৰু কিমান চিৎকাৰৰ পিছত তুমি সভ্যতাৰ পোহৰ পাবা ?
এফালে ধৰাশায়ী মানুহৰ আৰ্তনাদ,
আনফালে তুমি বজাইছা একবিংশ শতিকাৰ সফলতাৰ পাঞ্চজন্যৰ নিনাদ ৷
কাৰোবাৰ আৰ্তনাদে জানো শেষ কৰিব তোমাৰ নিৰ্লজ্জ প্ৰকৃতি ?
আৰু কিমান চাবা তুমি ?
তুমিয়েইটো সাক্ষী হৈ আছা ৰাজসভাত দ্ৰৌপদীৰ বিৱস্ত্ৰা আৰু সীতাৰ পাতাল গমনৰ কৰুণ দৃশ্যৰ ৷ তুমিটো দেখিছা যাজ্ঞাসেনীৰ চুলি বন্ধাৰ দৃশ্য ৷
হয়তো লগতে শুনিছা হাজাৰ দামিনীৰ দূখলগাকৰুণ বিননি ৷
তাৰ প্ৰতিশোধৰ সংকল্প নোলোৱা কিয়.?
নে তুমিও আপোচ কৰিছা ?
তুমি আপোচ কৰিব নোৱাৰা !
কব পাৰো আমি তোমাক নিৰ্লজ্জ বুলি,
তথাপিও তুমি ইমান হীন হ'ব নোৱাৰা ৷
তুমিটো প্ৰৱঞ্চনাকাৰী নহয় ৷
তোমাৰ আঁচলত ধৰিয়েই হয়তো আমি আগবাঢি় যাব লাগিব
কোনোবা দূৰ দিগন্তলৈ ৷
তুমি সাৰ পোৱা একবিংশ শতিকা,
তোমাৰ অজ্ঞাতেই আছে বৰ্বৰ মানুহৰ ইতিহাস ৷
তুমি আকৌ বল্কল পিন্ধিবা নি ?
নে আকৌ আৰম্ভ কৰিবা কেচাঁৰক্তৰ পান কৰাৰ ৷
একবিংশ শতিকা তুমি বৰ সৰল
তোমাক অভিশাপ দিয়াৰ অধিকাৰ হয়তো নাই ৷
তথাপিও তোমালৈ বহুত খং ৷
তুমি শুনা নাই কোনোবা সংঘৰ্ষ পীড়িতাৰ উন্মাদ কান্দোন ৷
তথাপিও তুমি নিৰুপায়,
আমি বাট চাইছোঁ সেই দিনলৈ
যিদিনাই হয়তো তুমি কুৰুক্ষেত্ৰৰ যুদ্ধৰ অৰ্জুনৰ বান
হাতত তুলি লবা !
আৰু সেই বাণ নিক্ষেপ কৰা তোমাৰ আত্মীয়লৈ ৷
সেইদিনা তুমি নৰবা
নহ'লে তোমাৰ সন্মুখতে হ'ব ধ্বংসৰ আৰম্ভণি ৷
নহ'লে তোমাৰ নিৰৱতা দেখি উচুপি উচুপি কান্দিব
বিধস্ত হোৱা তোমাৰ জননীও ৷
তুমি পাৰিবা একবিংশ শতিকা ৷
যিদিনাই তুমি নতুন আন্দোলিত আকাশত আকৌ
পাঞ্চজন্যৰ নিনাদ বজাবা
তেতিয়াই হয়তো শেষ হোৱাৰ ৰেঙনি দেখিব
তোমাৰ কলুষিত হোৱাৰ ইতিহাসবোৰে ৷
একবিংশ শতিকা তুমি সণ্ঢালনি কৰা বৰ্বৰ মানুহৰ কলংকিত ইতিহাস
৷ তেতিয়াই হয়তো আঁতৰিব তোমাৰ নিৰ্লজ্জ প্ৰকৃতি
তোমালৈ আকুল ,
আকৌ আৰম্ভ কৰা শৰ ,
হত্যা কৰা আমাৰ বৰ্বৰ মানুহবোৰক ৷
একবিংশ শতিকা তেতিয়াহে তুমি চিঞৰি চিঞৰি কব পাৰিবা
তোমাৰ দোষমুক্তৰ কথা ৷
আৰু সেইদিনাই নিৰ্লজ্জ বুলি কোৱা মানুহবোৰে তোমাক
বাধ্য হব ক্ষমা খুজিবলৈ ৷
পলম নকৰিবা, নহ'লে হাজাৰ বছৰ পিছত হয়তো
মানুহবোৰে তোমাৰ নাম দিব নিলাজ সভ্যতা ৷
তোমাৰ দোষমুক্তৰ দিনলৈ আৰু কিমান বাকী ?
আমি যে সেই দিনলৈ অধীৰ আগ্ৰহ ৷
আৰু সেইদিনাই হয়তো কোনোবা ব্যাধে মুকলি কৰি দিবলৈ
বাধ্য হ'ব বন্দী কৰি থোৱা কোনোবা মুক্ত বিহংগিনীক ৷