আহোম সৈন্যৰ সমৰ সজ্জা ® হিমজ্যোতি

সমৰ ইতিহাসত আহোম সৈন্যৰ বীৰত্বৰ কাহিনী পাতে পাতে। দৰাচলতে আহোম সৈন্যৰ বীৰত্বৰ বাবেই আহোম সকলে ছশটা বছৰ অসমখন শাসন কৰিব পাৰিলে। যুদ্ধত দেখুওৱা পৰাক্ৰম, বীৰত্ব আদিৰ বাবেই মোগলকে ধৰি বিভিন্ন আক্ৰমণৰ পৰা অসমখন ৰক্ষা কৰি আহিছিল আহোম সৈন্যই। কেনে আছিল আহোমৰ যুদ্ধৰ সমৰ সজ্জা?
আহোমসকলে যুদ্ধ আৰম্ভ হোৱাৰ পুৰ্বে ট্ৰেন নামৰ এক উপাস্য দেৱতাৰ পুজা অনুষ্ঠিত কৰিছিল। আহোম সকলৰ স্থলসেনাৰ বিভাগটোৰ বাহিৰেও নৌসেনা বিভাগ এটাও আছিল। স্থলযুদ্ধৰ মুল সেনাপতি গৰাকীক ফুকন আৰু নৌসেনা বিভাগৰ সেনাপতি গৰাকীক পানী ফুকন খিতাপ দিয়া হৈছিল। সেনাপতিৰ তলৰ সেনাপতি কেইগৰাকীক বৰ নেওঁগ আৰু নেওঁগ হিচাবে জনা গৈছিল।
আহোমে সেনাবাহিনীয়ে যুদ্ধলৈ কেইগৰাকী মান পণ্ডিত লগত লৈ গৈছিল। ইয়াৰ ভিতৰত বেজবৰুৱা, বাইলুং, দেওধাই আদিয়ে প্ৰধান। বেজবৰুৱা সকলে সাধাৰণতে যুদ্ধত আহত সৈনিক সকলৰ চিকিত্সা কৰিছিল আনহাতে বাইলুং, দেওধাই আদি সকলে গণকৰ কাম কৰিছিল। কোন দিশৰ পৰা কেনেকৈ অক্ৰমন কৰিব লাগে, অথবা কোন দিশৰপৰা শত্ৰুৱে আক্ৰমণ কৰাৰ সম্ভাৱনা বেছি ইত্যাদিৰ কথা গণক সকলে গণনা কৰি উলিয়াইছিল।
প্ৰয়োজন সাপেক্ষে আহোম ৰাজদৰবাৰৰ মুখ্য বিষয়াসকল যেনে বৰফুকন, বৰবৰুৱা আদিয়েও যুদ্ধক্ষেত্ৰত গৈ যুদ্ধ কৰিছিল। কেতিয়াবা স্বৰ্গদেউয়েও নিজেই গৈ যুঁজিছিল। প্ৰধান বিষয়া সকলে যুঁজিছিল মুলত: হাতীত উঠি।
আহোম যুঁজত কোনো আহোম সৈন্য যুদ্ধ আধাতে এৰি পলাই সাৰিব নোৱাৰিছিল। সেয়া লাগিলে সেনাপতিয়েই হওঁক অথবা সৈন্যয়েই হওঁক। কঠোৰতম শাস্তি বিহা হৈছিল এওঁলোকক। অইন সেনা সকলৰ সন্মুখত এওঁলোকক হত্যা কৰা হৈছিল যাতে ভৱিষ্যতে অইন সেনা সকল যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিবলৈ সাহ নকৰে।
প্ৰথমাৱস্থাত আহোমসকলৰ যুদ্ধৰ মুল অস্ত্ৰ আছিল কাঁড়, হেংদান, দা, যাঠি আদি। কিন্তু সময়ৰ লগে লগে পাছলৈ হিলৈ বৰতোপ আদিও ব্যৱহাৰ হ’বলৈ ধৰে। বিভিন্ন ধৰণৰ বৰতোপ যেনে, হাতীমুৰীয়া, টুবুকী, মিঠা হোলোং, বাঘমৰা আৰু বিভিন্ন প্ৰকাৰৰ হিলৈ যেনে- পহলংগী, ৰামচাঙী, কেঁচাই, খোকা, বছদাৰী আদি ব্যৱহৃত হৈছিল। অসমৰ কেইখনমান নিৰ্দিষ্ট স্থানত এইবোৰ তৈয়াৰ কৰা হৈছিল। ইয়াৰোপৰি বোমা বাৰুদত ব্যৱহৃত খাৰ নিৰ্মানতো অহোম সকল আগৰণুৱা আছিল। এই খাৰবোৰ নিৰ্মানাৰ তদাৰক কৰিছিল এগৰাকী আহোম বিষয়াই যাক খাৰঘৰীয়া ফুকন হিচাবে জনা গৈছিল।
এনেদৰেই প্ৰস্তুত হৈছিল আহোমৰ দেশ ৰক্ষাৰ সমৰ সজ্জা।